ৰূপা বড়া
নিজম বাকৰিত এতিয়া অচিন-চিনাকি সুৰ
লহৰ।
আই মোৰ, উৰুখা মূধচেৰে মৌসৰা নিশা…..
লেখিছিল নে এটি দুটি তৰাঃ
উজাই যাওঁ ভটিয়াই চাওঁ ইকৰাৰ ফাঁকেৰে
সৰকি অহা কাঁচিয়লি ৰ’দৰ সঁফুৰা
নিকা হৈ পৰা হেঁপাহৰ সপোনবোৰ
চোতালখনতেই চোন গঢ় লৈ উঠিছিল বৰঘৰ।
এন্ধাৰতে আই মুখৰ লাবনি হাঁহি
কৃষক পিতাই হালধীয়া হেঁপাহ।
চোতাল এখনেই ৰ’দৰ চেলেং লৈ অ-ফলা
ক-ফলাবোৰ আখৈ ফুটাদি ফুটে কুমলীয়া
ওঁঠত।
উলাহতে এঠেঙীয়া কালী লৰি ফুৰে
ইমূৰৰ পৰা সিমূৰলৈ নঙলাত ওলোমা
বাদুলি…..
গোবৰ লিপা চোতাল আগলতি কলাপাতেৰে
গা নুৰিয়াই লখিমী আহে…
মাজে মাজে আমনি কৰে অবিশেষ কথা
কেতবোৰে……
শৈশৱৰ কৈশোৰৰ ধেমালি চোতাল,
‘ইটা বালি চিমেণ্টৰ চেপাত নিশ্চিহ্ন হ’ল।
খীনাই শুকাই নিশকটীয়া….
অসূয়া-অপ্ৰীতিৰ জোৱাৰত হাতোৰা লাগি
ক্ষত-বিক্ষত হ’ল হেঁপাহ।
কংক্ৰিটৰ নগৰীত সাতামপুৰুষীয়া
চোতালত আবর্জনা ভৰি ৰ’ল ।
বুকুৰ চোতালো ঠেক হৈ হৈ চিন মোকাম
নোহোৱা হ’ল।