প্ৰণীতা শইকীয়া বৰা
অখণ্ড ধাৰাবাহিকতাৰ সুবাদেৰে
সময়বোৰে সেতু বান্ধে
নতুন আৰু পুৰণিৰ
জীৱন আৰু বুৰঞ্জীৰ ।
জীৱনৰ গাত আউজি মেলা পাতে সময়ে
ভিন্ন ৰং আৰু স্বাদেৰে
বিষাদ আৰু আনন্দৰ
আন্ধাৰ আৰু পোহৰৰ ।
সময়ে চুই যোৱা আলসুৱা অনুভৱে
বাহৰ পাতে বুকুৰ চুকে কোণে
কেতিয়াবা উদ্দীপনা হৈ
নহ’লেবা অৱসাদৰ চিতাভস্ম হৈ।
জীৱনে ৰোপণ কৰা সোণালী সপোনে
সময়ৰ বুকুতে সাজে কাচে
সঁজাল ধৰা আহিনীয়া গোন্ধ এটাই
বুকুত গীতৰেই মেলা পাতে ।
অনুপম জীৱন এই সময়ৰ দান নে
সময়েই জীৱনৰ আন এক নাম
আহে আৰু যায় মাথোঁ বছৰ বাগৰি
নৱবৰ্ষ বুলি ধৰিছোঁ সাবটি।