সৰি পৰিব পাৰে বছৰটো | অসমীয়া কবিতা 2024

কিশোৰ কুমাৰ দাস

সৰি পৰিব পাৰে বছৰটো
স্তব্ধ হৈ ৰ’ব পাৰে জীৱনটো

যাব পাৰে সলনি হৈ পথটো
এতিয়াও যে যোজন বাট গন্তব্যস্থললৈ
সেতু নালাগে হেতু বিচাৰিবলৈ

নকৰো হিচাপ
অনানুষ্ঠানিক সকীয়নিৰ ভেঙুচালিৰ
প্ৰত্যুত্তৰত মধ্যমা আঙুলি

এদিন আপোনাৰ
এদিন মোৰ

বৈ ৰ’ব এই সত্তা
স্বাধিকাৰৰ জুই লগা দগমগীয়া সত্তা

বছৰটো ৰৈ ৰৈ
বাজীত লগাওঁ জীৱনটো
লটাৰীৰ টিকটৰ মূল্যত
এদিন আপোনাৰ
এদিন মোৰ

তথাপিও
বৈ ৰ’ব সত্তা
স্বাধিকাৰৰ জইলগা এই সত্তা।

0Shares

Leave a Comment

Exit mobile version