শস্য ফুলা সময় | অসমীয়া কবিতা 2024

প্রদীপ দাস ঠাকুৰ

শস্য ফুলা
দুপৰীয়া এটাত
লগ পাইছিলোঁ
তোমাক।

সৰিয়হ হালধীয়াৰে
ৰাঙলী হৈ
আছিলা
তুমি।

মুখত
গুঁজি লৈছিলা
কেইটামান
গীতৰ কলি।

চকুত বিৰিঙি
উঠিছিল
শস্য ফুলা
সময়ৰ হাঁহি।

0Shares

Leave a Comment

Exit mobile version