ৰূপালী গগৈ চুতীয়া
ক’ব লগা কথাবোৰ
কবিতাৰ আকাৰে কিমান
প্ৰকাশ কৰিবা আৰু
শুনিছিলো ঘঁহিলে
বোলে শিল ক্ষয় যায়
প্রমাণ যেন হাততে ।
বৰ সংগোপনে ৰাখিছিলো
তাপলি মৰা জোলোঙাত
মোৰ কলিজাটি
তোমাৰ মৰমৰ আকুলতাত
খুলি দিলো গাঁঠি
ফুলিব দিয়া মন গহনত
শুভ্ৰ শেৱালি পাহি।
কোনোবাই আগবাটত যেন
ছিঙিব নোৱাৰে আহি।
আৰু নিলিখিবা বিষাদৰ কবিতা
সহিব নোৱাৰোঁ বুকু সী ধৰে
মোৰ সমস্ত ভালপোৱা
তোমাৰ নামত সঁপিলো
জীৱন-যুদ্ধত সাহস দি
আগুৱাই যোৱাৰ সুপথ দেখুয়ায়
নাম আজি তুমি
সুখে-দুখে লগত থকাৰ
প্ৰতিশ্ৰুতিৰে
কলিজাটি তোমাক সঁপিলো
সযতনে ৰাখিবা জীয়াই
ৰাখিবা জীয়াই ।