আজি অন্তিম টি-২০ ভাৰতৰ লক্ষ্য ক্লীন ছুইপ

টি-২০ আফগানিস্তানৰ বিৰুদ্ধে ইতিমধ্যে টি-টুরেন্টী শৃংখলা হস্তগত কৰিছে ভাৰতীয় ক্রিকেট দলে। দ্বিতীয় টি-টুৱেন্টীত জয়ৰ পাছত শৃংখলাত ভাৰতৰ অগ্ৰগতি ২-০। শৃংখলাৰ অন্তিম তথা তৃতীয় মেচত ভাৰত বুধবাৰে অৱতীৰ্ণ হ’ব চিন্নাস্বামী ষ্টেডিয়ামত। জয়ৰ ধাৰা অব্যাহত ৰাখি বুধবাৰে শৃংখলাত ক্লীন ছুইপ কৰায়েই প্রধান লক্ষ্য হ’ব ভাৰতৰ। জুনত অনুষ্ঠিত হ’ব লগা টি- টুরেন্টী বিশ্বকাপৰ পূৰ্বে বুধবাৰে অন্তিম টি-টুরেন্টীত অৱতীৰ্ণ … Read more

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্টত নেখেলে ছামিয়ে

আঘাতৰ পৰা এতিয়াও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই ভাৰতীয় বেগী বলাৰ মহম্মদ ছামি। সেয়েহে ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া আসন্ন শৃংখলাৰ প্ৰথম দুখন টেষ্টত অংশ ল’ব নোৱাৰিব পাৰে তাৰকা বলাৰ্জনে। ইংলেণ্ডৰ বিৰুদ্ধে প্রথম টেষ্ট আৰম্ভ হ’ব ২৫ জানুৱাৰীৰ পৰা। কিন্তু গোৰোহাৰ আঘাতৰ পাছত ছামিয়ে এতিয়াও পুনৰ বলিং অনুশীলন আৰম্ভ কৰা নাই। টেষ্ট শৃংখলাত ছামিৰ অংশ গ্ৰহণ নিৰ্ভৰ … Read more

ৰঞ্জি ট্ৰফীত দ্বিতীয় দ্রুততম শতকৰ অভিলেখ ৰিয়ান পৰাগৰ

ছত্তীশগড়ৰ বিৰুদ্ধে অংশ লোৱা ৰঞ্জি ছীজনৰ প্রথমখন মেচত অসম পৰাস্ত হ’লেও মেচখনৰ দ্বিতীয় ইনিংছত কৰা প্ৰদৰ্শনেৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৰিয়ান পৰাগে। ৰায়পুৰত সোমবাৰে ৰঞ্জি ক্ৰিকেটৰ ইতিহাসত দ্বিতীয় দ্রুততম শতকটো অর্জন কৰে ৰিয়ানে। ৰঞ্জি ক্রিকেটত দ্রুততম শতক অৰ্জনৰ তালিকাত শীৰ্ষত আছে উইকেটৰক্ষক-বেটাৰ ঋষভ পন্ট। 2016 চনৰ ৰঞ্জি ছীজনত ঝাৰখণ্ডৰ বিৰুদ্ধে দিল্লীৰ হৈ খেলি পণ্টে ৪৮ … Read more

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ত ভাৰতীয় মহিলা দলৰ বৃহৎ জয়

ভাৰতীয় মহিলা দলে তিতাস সাধু (৪১৭) ৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ বলিং প্ৰদৰ্শনৰ পিছত অপেনাৰ স্মৃতি মান্ধানা (৫৪ ৰান) আৰু শ্বাফালী বার্মাই (৬৪ নট আউট) প্রথম উইকেটৰ বাবে ১৩৭ ৰানৰ অংশীদাৰীত্বৰ সহায়ত শুকুৰবাৰে নিশা ইয়াত অনুষ্ঠিত প্ৰথমখন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত অষ্ট্ৰেলিয়াক ৯ উইকেটত পৰাস্ত কৰে। সাধুৰ সুন্দৰ বলিং প্ৰদৰ্শনৰ বাবে ভাৰতে অষ্ট্ৰেলিয়াক ১৯.২ অভাৰত ১৪১ ৰানত অলআউট … Read more

ক্ৰিকেটত নিয়মৰ সাল-সলনি

আই চি চিয়ে কেতবোৰ গুৰুত্বপূৰ্ণ নিয়মৰ সাল-সলনি ঘটাইছে। সেই অনুসৰি ডি আৰ এছৰ (DRS) নিয়ম, কনকাছন পৰিৱৰ্তিত নিয়ম সলনিৰ যো-জা চলাইছে আই চি চিয়ে। ষ্টাম্পিঙৰ নিয়মো সলনি হ’ব। অৱশ্যে ১২ ডিচেম্বৰৰ পৰাই এই নিয়ম প্রচলিত হোৱা বুলি জানিব পৰা গৈছে। ষ্টাম্পিং আৰু কট বিহাইণ্ডৰ ক্ষেত্ৰত ইমানদিনে ফিল্ডিং কৰা দলে অতিৰিক্ত সুবিধা পাইছিল। উইকেটকীপাৰে ষ্টাম্পিঙৰ আৱেদন … Read more

আজিৰ পৰা দ্বিতীয় টেষ্ট, টীম ইণ্ডিয়াৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান

চেঞ্চুৰিয়নৰ প্ৰথম টেষ্টত শোচনীয় পৰাজয়ৰ পাছত কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া দ্বিতীয় তথা অন্তিম টেষ্টত পূৰ্বৰ ভুলৰ শুধৰণিৰে শৃংখলাত সমতা স্থাপন কৰাৰ লগতে বিশ্ব টেষ্ট চেম্পিয়নশিপৰ পইণ্ট তালিকাত নিজৰ স্থান উত্তৰণৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব টীম ইণ্ডিয়া । বর্তমান টেষ্ট চেম্পিয়নশিপ ২০২০-২৫ ছীজনৰ পইণ্ট তালিকাত দক্ষিণ আফ্রিকা আছে শীৰ্ষস্থানত। তাৰ বিপৰীতে ভাৰত আছে ষষ্ঠ স্থানত। প্রথম টেষ্টৰ … Read more

উইজডেনৰ বৰ্ষশ্রেষ্ঠ এদিনীয়া দলত ভাৰতৰ ৭জন

2023 বৰ্ষৰ এদিনীয়া ক্ৰিকেটৰ শ্ৰেষ্ঠ দলটো ঘোষণা কৰিছে ক্ৰিকেটৰ বাইবেলখ্যাত উইজডেনে। দলটোৰ সাতজন সদস্যই হৈছে ভাৰতৰ। বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াৰ আছে দুজন। নিউজীলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ আছে এজনকৈ ক্রিকেটাৰ। বৰ্ষশ্রেষ্ঠ এদিনীয়া দলটোৰ অধিনায়ক হিচাপে নিৰ্বাচন কৰা হৈছে ৰোহিত শর্মাক। উল্লেখ্য, ২০২৩ বৰ্ষত ভাৰতত অনুষ্ঠিত ৫০ অভাৰৰ বিশ্বকাপ ক্রিকেটত ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলেটোৱে ক্রমাগত দহখন খেলত … Read more

আঘাত, দ্বিতীয় টেষ্টত অনিশ্চিত শ্বাদুল ঠাকুৰ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত অংশ লোৱাৰ পূৰ্বে আঘাত সমস্যাই দেখা দিছে ভাৰতীয় শিবিৰত। নেট অনুশীলনৰ সময়ত শনিবাৰে কান্ধত আঘাত পাইছে শ্বাদুল ঠাকুৰে। অনুশীলনৰ সময়ত বলে খেলুৱৈজনৰ কান্ধত আঘাত কৰে। কেপ টাউনত অনুষ্ঠিত হ’ব লগা দ্বিতীয় টেষ্টত শ্বাদুলে খেলিব নোৱাৰিব পাৰে। এনে পৰিস্থিতিত মুকেশ কুমাৰে দলত সুযোগ পাব পাৰে। দ্বিতীয় টেষ্ট আৰম্ভ হ’ব তিনি জানুৱাৰীৰ … Read more

প্রত্যেক দিনাই বেজি লৈ বিশ্বকাপত খেলিছিল ছামিয়ে

এদিনীয়া বিশ্বকাপত খেলাৰ সময়ত প্রতিদিনে বেজি লৈছিল ভাৰতীয় দলৰ বলাৰ মহম্মদ ছামিয়ে। খেলুৱৈজনৰ এক ঘনিষ্ঠ সূত্রই এই কথা প্রকাশ কৰিছে। সেয়ে দক্ষিণ আফ্রিকা ভ্রমণত খেলুৱৈজনে ভাগ ল’ব নোৱাৰিলে। বিশ্বকাপৰ ফাইনেলত পৰাস্ত হোৱাৰে পৰাই ছামি ভাৰতীয় দলৰ পৰা বাহিৰত আছে। পুৰণা এক বিষৰ বাবে ছামি যন্ত্ৰণাৰ সন্মুখীন হৈছিল। সেয়ে বিশ্বকাপৰ সময়ত সদায়ে তেওঁ বেজি ল’ব লগা … Read more

অথলে গ’ল ৰিচা ঘোষৰ ৯৬ ৰানৰ ইনিংছ

অষ্ট্ৰেলিয়া মহিলা দলৰ হাতত দ্বিতীয় এদিনীয়াতো পৰাস্ত ভাৰত মুম্বাই, ৩০ ডিচেম্বৰ ৰিচা ঘোষৰ ৯৬ ৰান আৰু স্মৃতি মান্ধানা, জেমিমা ৰড়িগজৰ মূল্যবান বৰঙণি সত্ত্বেও অষ্ট্ৰেলিয়াৰ মহিলা ক্রিকেট দলৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়াত ভাৰতীয় মহিলা দলটো পৰাস্ত হয় তিনি ৰানত। শনিবাৰৰ খেলখনত ভাৰতক জয়ৰ বাবে প্ৰয়োজন আছিল ২৫৯ রান। কিন্তু দলটোৱে ৫০ অভাৰত আঠটা উইকেট হেৰুৱাই ২৫৫ ৰান … Read more

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।