আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰৰ পৰা বাহিৰ বিবেক ৰামস্বামী

উপ-ৰাষ্ট্ৰপতি নিযুক্তি দিবলৈ দাবী অনুৰাগীৰ

চলিত বৰ্ষত হ’বলগীয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিৰোধী ৰিপাব্লিকান দলৰ প্রার্থিত্বপ্ৰত্যাশীৰ মাজত যুঁজ চলি থকাৰ মাজতে ভাৰতীয় মূলৰ ব্যৱসায়ী বিবেক ৰামস্বামীয়ে নিজৰ নাম প্ৰত্যাহাৰ কৰে।

ইয়ে তেওঁৰ অনুৰাগী আৰু সমর্থকক ডাঙৰ আঘাত দিয়ে। আইঅ’বা ক’কাছত ড’নাল্ড ট্রাম্পে জয় সাব্যস্ত কৰাৰ পাছতে বিবেক ৰামস্বামীয়ে ট্রাম্পক শুভেচ্ছা জ্ঞাপন কৰি মঙলবাৰে প্রতিদ্বন্দ্বিতাৰ পৰা নাম প্ৰত্যাহাৰ কৰে।

নিউ হেম্পশ্বায়াৰৰ এটকিনছনত তেওঁ এই ঘোষণা কৰাৰ সময়ত কাষতে আছিল প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ৰিপাব্লিকান দলৰ প্রার্থিত্বপ্রত্যাশী ডনাল্ড ট্রাম্প।

বিবেক ৰামস্বামীয়ে দিয়া বিদায়ী ভাষণ ইমানেই তীক্ষ্ণ আছিল যে সকলোৱে তেওঁক ‘উপ-ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি’ বুলি শ্লোগান দিয়ে।

সকলোৱে ডনাল্ড ট্রাম্পক অনুৰোধ জনায় বিবেক ৰামস্বামীক উপ-ৰাষ্ট্ৰপতি পদৰ বাবে বিবেচনা কৰিবলৈ। ট্রাম্পেও প্রতিশ্রুতি দিয়ে যে যদিহে এইবাৰ তেওঁ জয়ী হয়, তেন্তে বিবেক ৰামস্বামী তেওঁ চৰকাৰত থাকিব।

বিবেক ৰামস্বামীয়েও কয় যে এইবাৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ড’নাল্ড ট্রাম্পেই জয়ী হ’ব। তেওঁ আমেৰিকাৰ জনতাক অনুৰোধ জনায় ট্রাম্পক জয়ী কৰাবলৈ।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।