মৌ-মাখিয়ে কামুৰিলে এইদৰে ৰক্ষা পাওক

মৌ-মাখি

মৰিগাঁও জিলাত অলপতে মৌ-মাখিৰ আক্ৰমণত এজন লোকে শোকাৱহভাৱে প্ৰাণ হেৰুৱাব লগাত পৰে। এই ঘটনাত আনক কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়।

মৌ-মাখিৰ আক্ৰমণ অতি ভয়াৱহ । সঠিক সময়ত সতর্ক হ’ব নোৱাৰিলে। ইয়াৰ পৰিণতি হিতে বিপৰীত হয়। মৌ-মাখি বা বলক ভয় নকৰা লোক নাই বুলি ক’লেও ভুল নহ’ব।

গ্রীষ্ম তথা বাৰিষা কালত বৰলৰ উপদ্ৰৱ বাঢ়ে। বিশেষকৈ যিসকলৰ ঘৰৰ আশে-পাশে বাগিচা বা ফল-মূলৰ গছ থাকে তেওঁলোকৰ চৌহদত বৰল প্ৰায় থাকেই।

একেদৰে ফুলৰ পৰা মৌ সংগ্ৰহ কৰিবলৈও ফল-মূলৰ গছ বা ফুলৰ বাগিচাত মৌ-মাখি দেখিবলৈ পোৱা যায়। মৌ-মাখি বা বৰলে কামুৰিলে ইয়াৰ যন্ত্ৰণা অতি কষ্টদায়ক হয়।

অৱশ্যে কিছুমান ক্ষেত্ৰত মৌ-মাখি অথবা বৰলে কামুৰিলে তাৎক্ষণিকভাৱে ইয়াৰ যন্ত্রণা অনুভৱ নহয় যদিও পৰৱৰ্তী সময়ত বহুতৰে এলাৰ্জি হোৱা দেখা যায়।

মৌ-মাখি বা বৰলে কামুৰিলে কেইটামান ঘৰুৱা উপায়েৰে যন্ত্ৰণাৰ পৰা সকাহ পাব পৰা যায়। উল্লেখ কৰা হ’ল তেনে কেইটামান ঘৰুৱা উপায়-

  • বৰল বা মৌ-মাখিয়ে কামুৰিলে লগে লগে কামোৰা অংশত সোমাই থকা শৃংডাল উলিয়াওক। শৃংডাল সাধাৰণতে ছালৰ সৈতে সমান হৈ থাকে। সেয়ে লাহে লাহে কামোৰা অংশত আঙুলিৰে বোলাই এটা সময়ত হঠাৎ উলিয়াই
    আনক।
  • শৃংডাল উলিয়াই অনাৰ পাছত সেই স্থানত গৰম অনুভৱ বা জ্বলাপোৰা কৰাৰ লগতে ৰঙা হৈ ফুলি উঠে। সেয়ে কামোৰা স্থানৰ পৰা শৃংডাল উলিয়াই অনাৰ পাছত বৰফ ঘহঁক। কিছুসময় ঠাণ্ডা সেক দিয়াৰ পাছত এণ্টিবায়টিক লগাই দিয়ক।
  • কিছুমানৰ ক্ষেত্ৰত শৃংডাল উলিয়াই অনাৰ পাছত মূৰৰ বিষ, বমিভাব অথবা শ্বাস-প্রশ্বাসত কষ্ট অনুভৱ হয়। আনকি শৰীৰ ফুলা বা পেটৰ বিষত আক্রান্তও হয়। এনেকুৱা হ’লে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক।
    চন্দন আৰু হালধিৰ গুৰি মৌ-মাখি আৰু বৰলে কামোৰাৰ ক্ষেত্ৰত অতি কার্যকৰী উপায়।
  • বৰলে কামোৰা স্থানত লগে লগে কেইটোপালমান লেভেঙাৰ তেল লগালে যন্ত্রণা কমি আহে। মৌ-মাখিয়ে কামুৰিলে তুলসী পাতৰ ৰস, ইউকেলিপটাছ গছৰ তেল অথবা এল’ভেৰা জেল লগালে যন্ত্ৰণাৰ পৰা সকাহ পোৱা যায়।
  • বেকিং ছড়া আৰু আপেল ছিডাৰ ভিনেগাৰ মিহলাই এটা পেষ্ট তৈয়াৰ কৰক। ইয়াৰ পাছত বৰল বা মৌ-মাখিয়ে কামোৰা স্থানত পেষ্টখিনি লগাওক। কপাহত ভিনেগাৰ লগাই কামোৰা স্থানত সেক দিলেও যন্ত্ৰণাৰ পৰা সকাহ পোৱা যায়।
  • মৌ-মাখিয়ে কামুৰিলে কামোৰা স্থানত অকণমান মৌ লগাই দিয়ক। মৌত থকা এণ্টিবেক্টেৰিয়েল উপাদানে সংক্ৰমণৰ আশংকা কমায়।
0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।