ভঁৰাল || assamese poem

ড° ধ্ৰুৱজ্যোতি হাজৰিকা শালকাঠৰ দীঘলকৈ ঘূৰণীয়া ধামধামৰ ওপৰত গোৱৰে লেচা গাধৰীৰবাঁহৰ ৰোৱা কামি মালিৰে আৱৰাচাপৰিৰ খেৰেৰে চোৱাচিকুণকৈ দেউতাৰ ভঁৰাল । আয়ে নিতৌ আগবঢ়ায়আগলি কলপাতত মিঠাতেলৰ চাকিলখিমী আইক যে বসতি।।বাঁহৰ কাঠি কামিৰেএশাৰী মেৰ দুমোৰে…শাৰী শাৰী ডুলি গুটি ধানৰআইজুং, বৰা, চকোৱা আৰু জহাৰ।পথাৰৰ সোণগুটিবোৰচোতালৰ মৰণা গৰকিদেউতাৰ কাণ হৈ মেৰ আৰু ভুলিবোৰত সোমায়পুনৰ চোতাল হৈ ঢেঁকীশালেৰেআইৰ আখললৈ যায়জীৱনবোৰ … Read more

মেজিটো জ্বলাওঁতে || Assamese poem

হৰেকৃষ্ণ ডেকা সমূহীয়াকৈ মেজিটো জ্বলাওঁতে তোমালোকেজুইলৈ পিঠা দলিয়াইছিলা।দুই এখন বাহিৰত পৰিছিল।তোমালোকে সম্প্ৰীতিৰমিঠা উত্তাপ লৈঘৰে ঘৰে উভতি গৈছিলা।উৰি অহাৰ দৰে তাই থপিয়াই নিছিলমেজিৰ নজ্বলা পিঠা।তাই কাউৰী নাছিল।কিন্তু তোমালোকৰ উছৱৰ আনন্দতপেটৰ পোৰণি লৈ তাইঘৰে ঘৰে যাব পৰা নাছিল।সমজুৱাকৈ মেজিৰ সেক লওঁতেতাইৰ বাবে তোমালোকৰকতনো সময় আছিল!

নিয়ৰৰ ফুল বছা এটা পুৱা assamese poem 2024

এন হক পদুলিত নিশা যাপন কৰা স্নিগ্ধ জোনাকততিতি-বুৰি সৰি পৰা শেৱালিৰ সুবাসতসাৰ পাই উঠিল পূবৰ আকাশ,একাজলি ৰ’দৰ আমেজত মোহময় হৈ পৰেনিয়ৰৰ ফুলবছা এটি পুৱা । শালীন নয়নত শাশ্বত সৰগৰীয়া সপোনবোৰহৃদয়গমনৰ সৰণী বিচাৰিস্বীয় স্বৰ্গ হেনোতোমাক পোৱা হেতু হেঁহনিয়ায় বুকুৰ একোণত ।হৃদয় এখনি নৈ .প্ৰেম নিৰৱধি সোঁত ।কঁহুৱাৰ সুহুৰিত আলোড়ন তুলিনৈখন মাতাল হৈ পৰে নাৱৰীয়া ৰাগতশাৰদীয় অনুভৱত … Read more

অভিশপ্ত Assamese poem 2024

নিজৰা বৰ্মন ডেকা এক অজান আশংকাতচিঞৰি উঠিছিল তাইৰ সৰ্বশৰীৰ।অনাকাংক্ষিত সেই অভিশপ্ত দিনটোআকাশীলতাৰ দৰে মেৰিয়াই ধৰিছিল সৰ্বসত্তা ।পুখুৰীৰ পানীৰ দৰেই আবদ্ধতাইৰ জীৱনশৈলীকলিজাত আছে হেজাৰ দুখৰমেটমৰা ভাৰ এখনি।কংক্ৰিটৰ ভাৱনাৰ পাৰ ভাঙিপ্রবাহিত হ’ব বিচাৰে তাইবোৱতী নদীৰ বিশাল বুকুলৈ।পিছে নিষ্পেষিত সমাজৰসংকীর্ণতাৰ দুৱাৰদলিততাই এজনী অভিশপ্ত পতিতা নাৰী ।শালীনতাক ভৰিৰে মোহাৰিএতিয়া যে ৰাতিৰ আলহীৰ দুবাহুতসহবাস কৰিবলৈ শিকিছে তাই।অশ্লীলতাৰ হাহাকাৰত আজিপথভ্রষ্ট পথিকৰ … Read more

তোমাক এবাৰ চুই চাবৰ মন Assamese poem

মিতু গোস্বামী ৰৈ আছোঁ জুৰিটিৰ পাৰত,তোমাৰ চকুত চকু থৈতোমাক এবাৰ চুই চাবৰ মন। হিয়াৰ দাপোণত তোমাৰ ছবিমিচিকিয়া লাজৰ হাঁহি মাৰিতল মূৰ কৰি আহিবা তুমিমোৰ প্ৰেমৰ সাগৰখনতআহি সাঁতুৰিবা বুলি। তোমাক এবাৰ চুই চাবৰ মনতোমাৰ সেওঁতাত সেন্দূৰৰৰঙা ৰং বুলাই দিবলৈ,জুৰিৰ দাপোণত তোমাৰ মুখতজোনাকৰ হাঁহি বিৰিঙাইজিলমিল ৰ’দত আঁকোৱালি লবলৈ।

নৱবৰ্ষলৈ অনুৰোধ | অসমীয়া কবিতা 2024

বিউটী হাজৰিকা লক্ষ্যৰ ধাৰৰ অলকা বোৱাইআমি এদল আশাবাদী,নবীন সময়ক সোণালী প্রতীক ৰূপেপ্রতিপন্ন কৰি ছপা হোৱা কেলেণ্ডাৰ,সলাই দৃঢ় হৈছোঁ স্বপ্নৰ পম খেদিনৱ বছৰক অনুৰোধ কৰিনৱপ্ৰস্তৰ যুগ হৈ পৰকএই বৰ্ষ হওক শ্রেষ্ঠজনৰ জয়,লুণ্ঠিত জনতাৰ ভঁৰাল ভৰকঅবহেলিতজন সমৃদ্ধিশালী হওক,বৃদ্ধ মাতৃ-পিতৃৰ আদৰ হওক ।চৰকাৰৰ ৰাজসভাত জনতাৰসুদিনৰ গান ৰচনা হওক,দেশৰ ভিতৰতেই সংস্কৃতিৰবিকাশ আলোকিত হওক ।ভাল হওক পৃথিৱীৰ পাৰিপাৰ্শ্বিকতাসুস্থ হওক মানৱৰ … Read more

নান্দনিক সৌন্দর্য | অসমীয়া কবিতা 2024

ৰাজশ্ৰী সেনাপতি গগৈ গোলাপ ফুল প্ৰায়েপ্ৰেম আৰু সৌন্দৰ্যৰ প্ৰতীকগোলাপ আৰু ব্যক্তিৰ মাজৰ তুলনাপ্রায়ে সৌন্দর্য, বিষয়বস্তু অন্বেষণহিচাপে ব্যৱহাৰ কৰা হয় ।ফুল ফুলি থকা প্রেম।গোলাপৰ ৰং, প্ৰকৃতিৰ মাষ্টাৰপিচ।কালজয়ী সৌন্দর্য।গোলাপৰ বাগিচানান্দনিক সৌন্দর্য।সৌন্দর্যই আৰু ইন্দ্ৰিয়বোৰেআকৰ্ষণ কৰে আমাৰ জীৱনলৈআনন্দ আৰু কঢ়িয়াই আনেনতুনত্ব, নতুনত্ব আৰু নতুনত্ব ।

মোৰ কলিজাটি | অসমীয়া কবিতা 2024

ৰূপালী গগৈ চুতীয়া ক’ব লগা কথাবোৰকবিতাৰ আকাৰে কিমানপ্ৰকাশ কৰিবা আৰুশুনিছিলো ঘঁহিলেবোলে শিল ক্ষয় যায়প্রমাণ যেন হাততে ।বৰ সংগোপনে ৰাখিছিলোতাপলি মৰা জোলোঙাতমোৰ কলিজাটিতোমাৰ মৰমৰ আকুলতাতখুলি দিলো গাঁঠিফুলিব দিয়া মন গহনতশুভ্ৰ শেৱালি পাহি।কোনোবাই আগবাটত যেনছিঙিব নোৱাৰে আহি।আৰু নিলিখিবা বিষাদৰ কবিতাসহিব নোৱাৰোঁ বুকু সী ধৰেমোৰ সমস্ত ভালপোৱাতোমাৰ নামত সঁপিলোজীৱন-যুদ্ধত সাহস দিআগুৱাই যোৱাৰ সুপথ দেখুয়ায়নাম আজি তুমিসুখে-দুখে লগত থকাৰপ্ৰতিশ্ৰুতিৰেকলিজাটি … Read more

দূৰৈত কোনোবা এটা কেঁকুৰিত | অসমীয়া কবিতা 2024

দ্বিজেন কাকতি এনেকৈয়ে এদিন এই মাটিৰ বুকুতফুটি ওলাইছিল এটি বীজ।ৰ’দৰ উত্তাপ লৈ পোখা মেলিছিল,নোৱাই খুৱাই বৰষাই সাবটিছিল।বিজুলী-ঢেৰেকণি মাৰিছিল,ধুমুহাই কঁপাইছিল বুকু।সি গৈ আছিল ইটোৰ পিছত সিটোকৈআলি কেঁকুৰি পাৰ হৈপিতাইৰ ফটা ধুতীখনত তাৰপ্রতিচ্ছবি চাই চাই।দিনৰ পোহৰবোৰে তাকবৰকৈ জোকাইছিল।ভয়ত সি মূৰ তুলিসূৰুযটোলৈ চাইছিল ।সন্ধিয়াটোৱে তাক ঘেৰি ধৰিছিল।মানুহবোৰৰ কলিজাত যিৰস বিচাৰি সি হাবাথুৰি খাইছিল।জন-অৰণ্যত বাট কুৰি বাইসি দিহিঙে দিপাণ্ডে … Read more

আদৰণি | অসমীয়া কবিতা 2024

জ্যোতির্ময়ী শর্মা পুৰণি স্মৃতিৰ মেটমৰা ভাৰখন খুলিআৰু দূৰ আগুৱাই যাওঁ ব’লা সমনীয়াডেকা-বুঢ়া সমস্বৰে মিলি গঢ়োঁ আহা নকৈজীৱন নাটঘৰখনিজীৱনৰ খলা-বমা বাটতভাও দি ভাগৰি নপৰিবা হে সমনীয়াগাই যাবা জীৱনৰ গানবজাই জীৱনৰ বীণখনপুৰণিক বিদায় দি নতুনক আদৰোঁ আহান উদ্যমেৰেনসাহসেৰে গাই যোৱা জীৱনৰ গানজীৱন পথত জয়ী হোৱা হে সমনীয়ান উল্লাসেৰে সজোৱা নৱবৰ্ষকপাৰ্যমানে পূৰণ কৰা সেউজীয়া সুখৰসপোনবোৰহৰণ কৰা দুখ-কষ্টবোৰযোগ কৰা … Read more

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।