আপোনাৰ ঘৰখনক বিনামূলীয়া বিদ্যুৎ আৰু সৌৰশক্তি উপহাৰ দিয়ক | প্রধানমন্ত্রী সূৰ্য ঘৰ

প্রধানমন্ত্রী সূৰ্য ঘৰ : বিনামূলীয়া বিজুলী যোজনাখন প্ৰতিখন ঘৰলৈ বহনক্ষম শক্তিৰ যোগান নিশ্চিত কৰাৰ ক্ষেত্ৰত এক সুদূৰপ্ৰসাৰী পদক্ষেপৰূপে পৰিগণিত হ’ব।

সৌৰশক্তি ব্যৱহাৰৰ এই পদক্ষেপে খৰচৰ অতিৰিক্ত বোজা নিদিয়াকৈ আটাইৰে জীৱন আলোকিত কৰাৰ লগতে সকলোৰে উজ্জ্বল আৰু সেউজ ভৱিষ্যৎ নিশ্চিত কৰিব।

  1. ৰাজ্যিক চৰকাৰী কৰ্মচাৰীৰ বাবে এছবিআইৰ পৰা ৩ কিলোৱাট পর্যন্ত ঋণত ১% সুদত চৰকাৰী সাহায্য
  2. ঘৰৰ ছাদৰ ওপৰত সৌৰ পেনেল স্থাপন কৰি ৩০০ ইউনিট পর্যন্ত বিদ্যুৎ ৰাহি কৰক
  3. ৰেহাইযোগ্য বেংক ঋণৰাষ্ট্ৰীয় পর্টেল (pmsuryaghar.gov.in) ত পঞ্জীয়ন, আবেদন, অনুমোদন আৰু ৰাজসাহায্য মুকলিৰ বাবে ১০০% অনলাইন প্রক্রিয়া

আৱাসিক পৰিয়ালৰ ক্ষেত্ৰত সৌৰশক্তি উৎপাদনৰ বিপৰীতে আগবঢ়োৱা ৰাজসাহায্যৰ পৰিমাণ

ছাদৰ ওপৰৰ সৌৰ প্ৰকল্পৰ ক্ষমতাএমএনআই, ভাৰত চৰকাৰৰ পৰা কেন্দ্ৰীয় ৰাজসাহায্য (টকা)অসম চৰকাৰৰ পৰা ৰাজ্যিক ৰাজসাহায্য (টকা) সৰ্বমুঠ ৰাজসাহায্য (টকা)আনুমানিক প্রকল্প ব্যয় (টকা)আনুমানিক হিতাধিকাৰীৰ অংশীদাৰিত্ব (টকা)
১ কিলোৱাট৩০,০০০১৫,০০০8৫,০০০৫০,০০০৫,০০০
২ কিলোৱাট৬০,০০০৩০,০০০৯০,০০০১,০০,০০০১০,০০০
৩ কিলোৱাট আৰু অধিক৭৮,০০০8৫,০০০১,২৩,০০০১,৫০,০০০২৭,০০০

প্রধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনা ২০২৪ৰ বাবে কেনেকৈ অনলাইন আবেদন কৰিব

  • প্রধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনাৰ বিভাগীয় ৱেবছাইট pmsuryaghar.gov.in চাওক
  • মুখ্য পৃষ্ঠাত পঞ্জীয়ন অপশ্বনটো ক্লিক কৰক
  • আৱশ্যকীয় তথ্যসমূহ বাছনি কৰক আৰু আৱশ্যকীয় তথ্য সন্নিৱিষ্ট কৰক
  • লগ ইন কৰিবলৈ আপোনাৰ উপভোক্তা নম্বৰ আৰু মোৱাইল নম্বৰ সন্নিবিষ্ট কৰক

বিক্ৰেতাৰ পঞ্জীয়ন প্রক্রিয়া

  • এপিডিডিএল ৱেবছাইট https://www.apdcl.org চাওক
  • বর্তমান চলি থকা প্রকল্প আৰু আঁচনিসমূহৰ অধীনত, পিএম সূৰ্য ঘৰৰ বাবে বিক্ৰেতাৰ পঞ্জীয়নত ক্লিক্ কৰক
  • প্ৰ-পত্ৰত মূল বিৱৰণ দি পঞ্জীয়ন কৰক

প্রধানমন্ত্রী ফচল বীমা যোজনা || PMFBY || फसल बीमा पॉलिसी 2024

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।