ছাত্ৰ জীৱন আৰু সমাজ সেৱা class 10 assamese || assamese chapter 6 question answer

ছাত্ৰ জীৱন আৰু সমাজ সেৱা class 10 assamese

ডিম্বেশ্বৰ নেওগ

ডিম্বেশ্বৰ নেওগৰ পৰিচয়

ডিম্বেশ্বৰ নেওগ (১৮৯৯-১৯৬৬): অসমীয়া সাহিত্যৰ ইতিহাস প্ৰণেতা হিচাপে পৰিচিত। ডিম্বেশ্বৰ নেওগ একেৰাহে কবি,নিৰ্ভীক সমালোচক আৰু গৱেষক। অসমীয়া বৈষ্ণৱ সাহিত্যৰ এগৰাকী গুণগ্ৰাহী প্ৰবক্তা আৰু সমালোচক, লোক সাহিত্যৰ সংগ্ৰাহক আৰু প্ৰতিষ্ঠিত কবি তথা চিন্তাবিদ ডিম্বেশ্বৰ নেওগৰ জন্ম হয় ১৮৯৯ খ্ৰীষ্টাব্দত শিৱসাগৰ জিলাৰ কমাৰফদীয়া গাঁৱত।তেওঁৰ পিতৃ মানিকচন্দ্ৰ নেওগ।

শিৱসাগৰত স্কুলীয়া শিক্ষা সমাপ্ত কৰি গুৱাহাটীৰ কটন কলেজৰ পৰা বি.এছ. চি. পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ চৰকাৰী স্কুলত শিক্ষকতা কৰে। পাছলৈ এম. এ. আৰু বি.টি. পাছ কৰি অসমৰ বিভিন্ন ঠাইত শিক্ষকতা কৰি যোৰহাটৰ পৰা অৱসৰ গ্ৰহণ কৰে।

কলেজীয়া ছাত্ৰ অৱস্থাৰে পৰাই নেওগে’বাঁহী’ আলোচনীত কবিতা আৰু প্ৰৱন্ধ প্ৰকাশ কৰিছিল।তেওঁৰ কবিতাপুথিসমূহ হ’ল – মালিক, থুপিতৰা, মালতী, ইন্দ্ৰধনু, মুকুতা, শ্বহীদ, কাৰৱালা, থাপনা ইত্যাদি।আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী, অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভূমুকি, বৈষ্ণৱ ধৰ্মৰ আঁতিগুৰি, বৈষ্ণৱ ধৰ্মৰ ক্ৰমবিস্তাৰ, প্ৰাগঐতিহাসিক অসম, Growth of the Assamese Language আদিকে ধৰি কেইবাখনো সমালোচনাত্মক গ্রন্থ নেওগে ৰচনা কৰিছিল।

তেওঁৰ অন্যান্য গ্ৰন্থসমূহৰ ভিতৰত অসমীয়া সাহিত্যৰ জেউতি, অসমীয়া সাহিত্যৰ জিলিঙনি, New light on the History of Assamese Literature আদি বিশেষভাবে উল্লেখযোগ্য। তেওঁ একেধাৰে কবি, নাট্যকাৰ, ঔপন্যাসিক, চুটিগল্পকাৰ, প্ৰৱন্ধকাৰ , সমালোচক আৰু সাহিত্যৰ ইতিহাস প্ৰণেতা।

‘গাঁৱে-নগৰে’ তেওঁৰ একমাত্ৰ সামাজিক উপন্যাস। তেওঁৰ দ্বাৰা ৰচিত নাটকসমূহ হ’ল নৈবেদ্য, শ্ৰীকৃষ্ণলীলা , কুণ্ডিল কুঁৱৰী, কামৰূপ, অকাল বসন্ত ইত্যাদি। ১৯৬৬ খ্ৰীষ্টাবৰ ১২ নৱেম্বৰত তেওঁৰ মৃত্যু হয়। ডিম্বেশ্বৰ নেওগ অসমীয়া সাহিত্যত ইন্দ্ৰধনুৰ কবিৰূপে পৰিচিত।

মালিক তেওঁৰ প্ৰথম কাব্য সংকলন। তেওঁৰ কবিতাৰাজিত দুটা স্পষ্ট ধাৰা চকুত পৰে। এহাতে তেওঁ আৱেগত গা-ঢালি দিয়া কবি, আনহাতে তেওঁ স্বদেশপ্ৰেমিক কবি। নেওগ মুখ্যতঃ প্ৰেমৰ কবি। তেওঁৰ সৰভাগ কবিতাৰ উৎস প্ৰেম – স্বদেশপ্ৰেম নাইবা মানৱপ্ৰেম।তেওঁৰ কবিতাত উগ্ৰ ব্যক্তিপ্ৰেমৰ গোন্ধ নাই।

তেওঁৰ প্ৰেমৰ কবিতাৰাজিৰ অন্তৰালত মিষ্টিক ব্যঞ্জনা মন কৰিবলগীয়া। স্বদেশপ্ৰেমমূলক কবিতাৰাজিৰ বিষয়বস্তু উপস্থাপন ৰীতিত অভিনৱত্ব দেখা যায়। কবিতাৰাজিৰ প্ৰধান বৈশিষ্ট্য হল ভাব, ভাষা, শব্দ গাঁথনি, ছন্দ আৰু পৰিৱেশৰ অপূৰ্ব সমাবেশ। কবিয়ে বুৰঞ্জীৰ নিৰ্জীৱ সত্যক জীৱন্ত আৰু জাগ্ৰত কৰিব পাৰিছে স্বদেশপ্ৰেমৰ কবিতাৰাজিত।

শব্দাৰ্থ-টোকা

  • চেঁচুক – ৰ’দ নপৰা চেঁচা আৰু জেকা ঠাই। [HSLC;19]
  • ডেম ডেউকা – জেকা ঠাইত হোৱা এবিধ ৰসাল, বিজলুৱা ক্ষুদ্র গছ [HSLC;17]
  • পেন্দুকণা – নিচেই সৰু।
  • সহপাঠী – একেলগে শ্ৰেণীত পঢ়া।
  • নিচিন্ত – চিন্তা নকৰা।
  • হাত-সাৱটি – একো নকৰাকৈ
  • একাগ্ৰতা – একাণপতিয়া, পূৰ্ণ মনোযোগ।
  • দুৰ্দিন – বেয়া দিন।
  • নিষ্কর্মা – কৰ্ম বা পৰিশ্ৰমহীন।
  • ওপৰঞ্চি স্বৰূপে – অতিৰিক্তভাৱে।
  • পেটপোহা – কেৱল খোৱাৰ চিন্তাত থকা।
  • আশাশুধীয়াকৈ – অশেষ যত্ন সহকাৰে।

পাঠভিত্তিক চমু প্ৰশ্নোত্তৰ

(ক) লিখকৰ মতে ছাত্ৰজীৱনৰ প্ৰকৃত উদ্দেশ্য কি কি? [HSLC;20]
উত্তৰ: ছাত্ৰজীৱন শিক্ষাৰ সময়। গতিকে জীৱন্ত সংসাৰৰ বিষয়ে শিক্ষালাভ কৰা ছাত্ৰৰ প্ৰকৃত উদ্দেশ্য হোৱা উচিত। ছাত্ৰসকলে জ্ঞান অৰ্জনতহে মূৰপুতি লাগিব লাগে।

(খ) বৰ্তমান প্ৰচলিত শিক্ষাৰ দোষ কি কি?
উত্তৰ: আমাৰ বৰ্তমান শিক্ষা কামৰ নহয়, এয়ে ইয়াৰ ঘাই দোষ।

(গ) ছাত্ৰসকলে কি কি বিষয়ৰ জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হব লাগে?
উত্তৰ: ছাত্ৰসকলে ছাত্র অৱস্থাত যিমান দূৰ পৰা হয় জ্ঞানকাৰী, অৰ্থকৰী আৰু কাৰ্যকৰী জ্ঞান লাভ কৰিব লাগিব আৰু পৰিপুষ্ট জ্ঞান আহৰণ কৰি দেশসেৱা ব্ৰতী হব লাগিব।

তেওঁলোকৰ মনৰ গতি মুকলি হবলৈ সুবিধা দি তেওঁলোকক পোহৰলৈ ওলাবলৈ দিব লাগিব। চেঁচুকৰ ডেমদেউকা কৰি ৰাখিলে ন’হব।

(ঘ) ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা ক’ৰ পৰা কিদৰে লাভ কৰিব পাৰে? [M.Q;HSLC;16;17]
উত্তৰ: ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা জ্ঞানৰ ক্ষেত্ৰ হিচাপে গাঁৱতে নিজৰ কাৰ্য ক্ষেত্ৰ বাছি লব পাৰে।

গ্রীম্য জীৱনৰ মাজত বৰ্তি থকা অন্ধসংস্কাৰ, অজ্ঞানতা দূৰ কৰি তেওঁলোকৰ মনবোৰ আধুনিক চিন্তাৰ উপযোগী কৰি তুলিব লাগিব।জ্ঞানৰ উৎকৰ্ষ সাধনৰ যোগেদিহে কাৰ্যকৰী শিক্ষালাভ সম্ভৱ।

(ঙ) লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে কিহৰ উন্নতি কৰা?
উত্তৰ: লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা।গাঁৱত শিক্ষা বিস্তাৰ কৰা, গাঁৱলীয়া লোকসকলৰ নিজ সন্মান আৰু দায়িত্বৰ কথা সোঁৱৰাই দিয়া।

প্ৰশ্ন ২/ ছাত্ৰজীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছোৱাত কোনবোৰ পন্থা অৱলম্বন কৰিব পাৰে?দেশ সেৱাত ব্ৰতী হ’বলৈ ছাত্ৰজীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা।
উত্তৰ: একাগ্ৰতা শিক্ষা জীৱনৰ সফলতাৰ ঘাই মন্ত্ৰ। অধ্যয়নৰ সময়ত শিক্ষাৰ্থীৰ মনৰ গতি একমুখী হব লাগিব।বহুমুখী হলে ছাত্ৰৰ একাগ্ৰতাত ব্যাঘাত জন্মে আৰু অধ্যায়নত সফলতা লাভ কৰাটো সম্ভৱ নহয়।

তেওঁলোকে ঘৰুৱা জঞ্জাল কিছুমানত বেছিকৈ মনোনিবেশ কৰিবলৈ নিজৰ অধ্যয়ন অনুশীলনত ব্যাঘাত জন্মিব পাৰে। তেওঁলোকে জ্ঞান অৰ্জনৰ দিশটোত অধিক গুৰুত্ব দিব লাগে।

ছাত্ৰসকলে ছাত্ৰজীৱনৰ সীমাত থাকিয়েই দেশৰ দুৰ্যোগৰ সময়ত প্ৰৌঢ়সকলৰ কান্ধৰ ভাৰখন দাঙি ল’বলৈ সাজু হব লাগিব।

শিক্ষাদানৰ উদ্দেশ্য জ্ঞান অৰ্জন দিশটো সম্পূৰ্ণ অটুত ৰাখি অতিৰিক্তভাবে সামাজিক দায়িত্ব পালন কৰিব লাগিব।দেশৰ ভবিষ্যতৰ স্বাৰ্থতেই ছাত্ৰসকলে নিজৰ ব্যক্তিত্ব বিকশাই তুলিব লাগিব।তেওঁলোকে জীৱনৰ বাবে প্ৰয়োজনীয় কাৰ্যকৰী জ্ঞানলাভ কৰি দেশসেৱাৰ কাৰণে নিজকে উপযুক্ত কৰি তুলিব লাগিব।

তেওঁলোকে মুকলি মনেৰে দেশ সেৱাৰ কাৰণে আগবাঢ়ি আহিবৰ বাবে সুযোগ আগবঢ়াই দিব লাগিব। সমাজৰ পৰা অজ্ঞান-আন্ধাৰ, অন্ধবিশ্বাস, কু-সংস্কাৰ দূৰ কৰিবৰ কাৰণে তেওঁলোকে গাঁৱসমূহত জাগ্ৰত প্ৰহৰীৰ দৰে কাম কৰিব লাগিব। তেওঁলোকে অশিক্ষিত লোকসকলক অন্ধসংস্কাৰৰ বিষয়ে সচেতন কৰি তেওঁলোকৰ মনবোৰ মুকলি কৰিব লাগিব।

প্ৰশ্ন৩/ ‘এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটা পাঠ মাথোঁ।’—– কোনখিনি কাম তেওঁলোকৰ ছাত্ৰ- ছাত্ৰী সকলৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ, বুজাই লিখা। [HSLC;18]
উত্তৰ: কাৰ্যকৰী শিক্ষাৰ ঠাইস্বৰূপে আমাৰ ছাত্ৰসকলে সম্প্ৰীতি গাঁৱতে নিজৰ কাৰ্যক্ষেত্ৰ কৰি লব পাৰে। এই কুৰি শতিকাৰ মাজভাগতো আমাৰ দেশত অজ্ঞানতাই নিৰ্বিবাদে ৰাজত্ব কৰিছে, ইয়াতকৈ আৰু ধিক্কাৰ কথা কয় হব পাৰে।আজিৰ স্বাধীন আৰু উন্নত দেশবোৰ।

তিনি চাৰিশ বছৰৰ আগেয়ে যি অৱস্থাত আছিল আমাৰ দেশৰ অধিকাংশ লোক আজিও এই অৱস্থাত। আমাৰ গাঁৱবোৰত মাথোন আমাৰ পুৰণি সভ্যতা, শিক্ষা আৰু সাধনাৰ অলপ অৱশেষ দেখিবলৈ পোৱা যায়; কিন্তু অনেক দিনৰ অজ্ঞানতাই সেই সভ্যতাক ম্লান কৰি সেই শিক্ষা আৰু সাধনাক অৰ্থহীন কৰি তুলিছে।

বৰ্তমান গাঁওসমূহত অজ্ঞানতাৰ বশৱৰ্তী হৈ মানুৱে উদৰ পূৰণকে জীৱনৰ একান্ত কৰ্তব্য ৰূপে বিবেচনা কৰিবলৈ লৈছে। ফলত নিজৰ পৰিয়ালৰ সদস্যৰ বাহিৰে তেওঁলোকে আনৰ মৰম নুবুজে। এচিকতা মাটিৰ কাৰণে ভায়ে ভায়ে কাজিয়া কৰি কাছাৰী ঘৰলৈ দৌৰাদৌৰি কৰাটো অশুভ লক্ষণ।

উন্নতিৰ চিন্তা নকৰি তেওঁলোকে কোনোমতে পেটে-ভাতে খাই থকা চিন্তাতেই মগ্ন হৈ থাকে। ফলত কুৰ্চূট – কপট ভাৱে গাঁওবোৰ খুলি খুলি খাইছে। তেওঁলোকে নিজেও আগুৱাব নিবিচাৰে, আনকো উধাবলৈ নিদিয়ে।

শৈস্যৰ উৎপাদন বৃদ্ধি, উন্নত গো-প্ৰজনন, উৎপাদন বৃদ্ধি আদিৰ যোগেদি নিজৰ পাৰ্থিৱ অৱস্থা টনকিয়াল কৰাৰ চিন্তাত তেওঁলোকে মনোনিবেশ কৰা নাই। লিখকে দেখুৱাইছে যে ছাত্ৰ-ছাত্ৰীসকলে গাঁৱৰ নিৰক্ষৰ জনসাধাৰণক অন্ধবিশ্বাস , কু-সংস্কাৰ আদিৰ পৰা মুক্ত কৰি বাহিৰৰ জগতখনৰ সৈতে পৰিচয় কৰাই দিব লাগিব।
মানুহৰ মনৰ পৰা সংকীৰ্ণ ভাব দূৰ কৰিব লাগিব। নানা ধৰণৰ সদুপদেশেৰে তেওঁলোকৰ মনবোৰ বিকশাই তুলিবলৈ যত্ন কৰিব লাগিব। এনেদৰেই শিক্ষাৰ্থীয়ে কাৰ্যকৰী শিক্ষালাভ কৰিব পাৰে।

পশ্চিমীয়া সভ্যতা-সংস্কৃতিৰ ফলস্বৰূপে সামাজিক জীৱন পদ্ধতিলৈ অহা নিত্য নতুন পৰিবেশ পৰিস্থিতিৰ বিৰুদ্ধে নিৰক্ষৰ জনসাধাৰণক সচেতন কৰি স্বাস্থ্যসন্মত আৰু গতিশীল জীৱনবোধৰ প্রতি আগ্ৰহী কৰি তোলাত ছাত্ৰসকলে কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰিব পাৰে।

প্ৰশ্ন৪/ আমাৰ দেশৰ আধিকাংশ লোক আজিও কেনে অৱস্থাত আছে পাঠটোৰ আধাৰত বুজাই লিখা?[HSLC;20]
উত্তৰ: আমাৰ দেশৰ অধিকাংশ লোক আজিও অজ্ঞানতাৰ আন্ধাৰত ডুব গৈ আছে। গাওঁবোৰত মাথোঁন পুৰণি সভ্যতা, শিক্ষা আৰু সাধনাৰ অলপ অৱশেষ দেখিবলৈ পোৱা যায়; কিন্তু অনেক দিনৰ অজ্ঞতাই সেই সভ্যতাক অসভ্যতা; সেই শিক্ষণক অশিক্ষা আৰু সেই সাধনাক কপটতাত পৰিণত কৰিছে।

আজি গাঁও অজ্ঞানতা আৰু কু-সংস্কাৰৰ লীলাভূমি। গাহৰিৰ দৰে পেট পুহি থকাটোকে জীৱনৰ লক্ষ্য বুলি ভাবিছে। নিজৰ ঘৈণী আৰু ল’ৰা-ছোৱালীৰ বাহিৰে আনৰ মৰম নুবুজে; এচিকতা মাটিৰ কাৰণে ভায়ে ভায়ে কটা-কটি; মৰা-মৰি হৈছে। বহুতেই কানি, ভাং, মদ আদিও মজি আছে।চাৰিওফালে ফালে দেশত ক’ত কি ঘটিছে ধৰিব নোৱাৰে।

প্ৰশ্ন ৫/ ‘গাঁও একেধাৰে নগৰৰ জনক-জননী’ – কথাষাৰৰ তাৎপৰ্য বাখ্যা কৰা।
উত্তৰ: গাঁও একেধাৰে জনক -জননী। কাৰণ গাঁৱেই মাতৃৰূপে নগৰক জন্ম দি পিতৃৰূপে পালন কৰিছে।গাঁৱৰ মানুহেই শিক্ষিত, ধনী-মানি হৈ নগৰ সৃষ্টি কৰে, নগৰত সকলো সা-সুবিধা , ব্যৱস্থা আদি কৰি লয়।

আনহাতে গাঁৱৰ মানুহেই খেতি বাতি কৰি, গৰু-গাই পুহি নানা খাদ্যসম্ভাৰ নগৰক যোগান ধৰি লালন -পালন কৰে। সেই কাৰণে গাঁৱক একেধাৰে নগৰৰ জনক-জননী অৰ্থাৎ পিতৃ-মাতৃ বুলি কোৱা হয়।

বাখ্যা কৰা

(ক) পঢ়াই ,পঢ়ে, ৰোৱে পাণ,এই তিনি নিচিন্তে আন। [M.Q.2015,HSLC;10]

উত্তৰ: উদ্ধত পটন্তৰটি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগ বিৰচিত ‘ছাত্ৰজীৱন আৰু সমাজসেৱা’ শীৰ্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে।

উদ্ধৃত নীতি বচনটোত ‘পঢ়া’ শব্দটোৱে কেৱল কিতাপৰ পৰা দুটামান পাঠ আওঁৰোৱাকে বুজোৱা নাই। ইয়াত পঢ়া শব্দই শিক্ষালাভ কৰা কথাকে বুজাইছে। পঢ়োৱাসকল হৈছে শিক্ষক । তেওঁলোকো ছাত্ৰক পঢ়াবৰ কাৰণে নিয়মিত অধ্যায়ন কৰিব লাগিব। অধ্যয়ন আৰু অনুশীলনৰ ধাৰাবাহিকতাই শিক্ষসকলক জ্ঞানদানৰ কাৰণে প্ৰস্তুত কৰাৰ লগে লাগে শিক্ষাৰ্থীৰ সন্দেহ ভঞ্জনতো সহায় কৰে।

‘ৰোৱা পাণ’ অর্থাৎ খেতিয়সকলেও নিষ্ঠাৰে কৃষিকৰ্মত আত্মনিয়োগ কৰিব লাগিব। তেতিয়াহে দেশৰ অৰ্থনৈতিক ভেটি টনকিয়াল হব। ছাত্ৰসকলে এনেদৰে অধ্যয়ন বাদ দি ঘৰুৱা জঞ্জাল কিছুমান মোৰ পাতি ল’লে অথবা বাহিৰৰ কোলাহলত মন দিলে এক প্ৰকাৰে পঢ়া-শুনা কৰিব নোৱাৰে। ছাত্ৰসকলৰ মনৰ গতি একমুখী হ’লেহে প্ৰকৃত শিক্ষালাভ সম্ভৱ। অনুৰূপভাৱে শিক্ষক আৰু কৃষক সকলেও অন্য চিন্তাৰ পৰা মুক্ত হৈ নিজ নিজ কৰ্তব্যত আগ্ৰহৰ হ’ব লাগিব।

(খ) কমাৰশালত গঢ়িবলৈ হ’লে অগতে জুইশালত গঢ়িব লাগিব। সাঁতুৰিবলৈ শিকিবলৈ হলে পানীত ননমাকৈ নহয়।

উত্তৰ: উদ্ধৃত পটন্তৰটি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগৰ ‘ছাত্ৰজীৱন আৰু সমাজসেৱা’ শীৰ্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে। ছাত্ৰজীৱনৰ শিক্ষা দৰাচলতে জীৱন্ত সংসাৰৰ বিষয়ে শিক্ষা।

কমাৰশালত গঢ়িবলৈ হলে আগতে জুইশালত গঢ়ি চাব লাগে। কাৰণ কমাৰশালত কঠোৰতা আৰু কঠিনতাৰ মুখামুখি হব পৰাকৈ জুইশালতেই প্ৰাৰম্ভিক ধৈৰ্য্য, কষ্টসহিষ্ণুতা আহৰণ কৰিব লাগিব। তেতিয়াহে কঠিন কামলৈ আগ্ৰহৰ হব পাৰিব।

শিক্ষাৰ্থীসকলে চাই চাই কোনো শিক্ষা লাভ কৰিব নোৱাৰে। শিক্ষা লাভৰ কাৰণে ব্যৱহাৰিক জ্ঞান লাভ কৰিব লাগিব। সাঁতুৰিবলৈ শিকিবলৈ হলে যেনেকৈ পানীত নমা আৱশ্যক, তেনেদৰে দূৰৈৰ পৰা চাই কোনোধৰণৰ শিক্ষা লাভ সম্ভৱ নহয়। বাস্তৱৰ ধৰাতললৈ নামি আহিবই লাগিব।

(গ) এই কালি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পিছত ফল মাতৃপুজাত লাগে । কাঁইট কলিতে এইসকলৰ পূজাৰ উপচাৰ স্বৰূপে মাতৃয়ে গ্ৰহণ নকৰে।’
উত্তৰ: উদ্ধৃত বাক্যাংশ অমৰ পাঠ্যপুথি’সাহিত্য সুবাস’ৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগ বিৰচিত ‘ ছাত্ৰজীৱন আৰু সমাজসেৱা’ শীৰ্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে।

ছাত্ৰসকলে নিজৰ সীমাবদ্ধতা সম্পৰ্কে সতৰ্ক হৈ কামত অগ্ৰসৰ হব লাগিব। ছাত্ৰসকলেই হৈছে দেশৰ ভৱিষ্যৎ, আশা ভৰসাৰ কলি। এই কলি সময়ত বিকশিত হৈ প্ৰথমে ফুল আৰু তাৰ পিছত ফল হৈ মাতৃপুজাত লাগে।

পূজাৰ কাৰণে যেনেদৰে ফুলৰ কলিৰ প্ৰয়োজন নহয়, ঠিক তেনেদৰে পৰিপক্ক জ্ঞান লাভ নকৰাকৈ ছাত্ৰসকলেও দেশৰ বিশেষ উন্নতি কৰিব নোৱাৰে। জ্ঞানবৃক্ষৰ কলিসমূহ পত্রে-পুষ্পে বিকশিত হৈ ফলত পৰিণত হলেহে সেই ফুল আৰু ফল দেৱতাৰ পূজাত অৰ্পিত হয়। দেশসেৱাৰ কাৰণে ছাত্ৰসকলেও নিজৰ জ্ঞান বিকশাই তুলিব লাগিব।

যেনেদৰে মাতৃয়ে কাঁইট-কলিতে পূজাৰ উপাচাৰ গ্ৰহণ নকৰে, তেনেদৰে ছাত্ৰসকলেও দেশসেৱাৰ কাৰণে জ্ঞানকাৰী, কাৰ্য্যকৰী জ্ঞান আহৰণ কৰি লোৱাটো বাঞ্ছনীয়। মুঠতে ছাত্ৰসকলে নিজকে দেশসেৱাৰ কাৰণে উপযুক্ত ৰূপে গঢ়ি তুলিবৰ কাৰণে উপযুক্ত জ্ঞান আহৰণ কৰিব লাগিব আৰু সেৱা অধ্যয়ন আৰু অনুশীলনৰ যোগেদিহে সম্ভৱ।

(ঘ) ‘নৰ সেৱাই প্ৰকৃত নাৰায়ণ সেৱা।’
উত্তৰ: উদ্ধৃত পটন্তৰটি আমাৰ পাঠ্যপুথি ‘ সাহিত্য সুবাসৰ’ অন্তৰ্গত ডিম্বেশ্বৰ নিয়োগৰ ‘ছাত্ৰজীৱন আৰু সমাজ সেৱা’ শীৰ্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে।ছাত্ৰসকলে গাঁৱত সোমাই নিজ ঘৰে ঘৰে গাঁৱৰ অশিক্ষিত লোকসকলক ককাই দাদাই বা দেউতা বুলি সম্বোধন কৰি তেওঁলোকক নিজ অৱস্থাৰ কথা শকোৰ আগত দাঙি ধৰি চকু মুকলি কৰিব লাগিব।

বাতৰি কাকত আৰু জ্ঞান আৰু জগতৰ বাতৰি থকা পুথি পঢ়ি তেওঁলোকৰ অজ্ঞানত দূৰ কৰিবলৈ যত্ন কৰিব লাগিব; তেওঁলোকৰ মাজৰ পৰা কুৰ্চূট-কপটত গুচাবলৈ চাব লাগিব, গাঁৱত কোনো নৰীয়া আদি হলে উপদেশেৰে বা আন উপায়েৰে সহায় কৰিব লাগিব, উপদেশেৰে আৰু উদাহৰণেৰে নিজৰ ঘৰ আৰু গাঁওখন একোখন আদৰ্শ গাঁও কৰিবলৈ চাব লাগিব।

প্ৰকৃততে দেশৰ উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা; গাঁৱত শিক্ষা বিস্তাৰ কৰা; গাঁৱলীয়া লোকসকলক নিজ সন্মান আৰু দায়িত্বৰ কথা সোঁৱৰাই দিয়া। পশ্চিমৰ শিক্ষা আৰু সভ্যতাৰ লগত এটি পবিত্ৰ সাম্য ভবাৰ ঢৌ আহিছে; সেই সাম্য ভবা এতিয়া সকলোৱে প্ৰচাৰ কৰিব লাগিব।

খোৱা-বোৱা , থকা – মেলা সকলো বিষয়ে যে গৰু-পহুৰ জীৱনতকৈ মানুহৰ জীৱন ওখ ভাবে নিয়াব লাগে সেই কথাও দেখুৱাব লাগিব। এনবোৰেই ছাত্ৰসকলৰ আহৰি সময়ৰ উপযুক্ত বন আৰু কাৰ্যকৰী দেশ সেৱাৰ শিক্ষা হব। এই সমাজ সেৱা আৰু দেশসেৱাৰ শিক্ষাই প্ৰকৃত শিক্ষা। এই নৰ সেয়াই প্ৰকৃত নাৰায়ণ সেৱা।

প্ৰশ্ন ১/ বিপৰীত শব্দ লিখা।

নিষ্কর্মা, ক্ৰুটি, সহযোগিতা, দেশহিতৈষীতা , প্ৰৌঢ়।

নিষ্কর্মা – কৰ্মী
ক্ৰুটি – ক্ৰুটিহ
সহযোগিতা – প্ৰতিযোগিতা।
দেশহিতৈষীতা – দেশদ্ৰোহীতা।
প্ৰৌঢ় – অপ্ৰৌঢ়, কিশোৰ।

সমাৰ্থক শব্দ লিখা:

কাৰ্যকৰী, সাম্য,প্ৰকৃত, আনমনা, অৰ্থকৰী, দুৰ্দিন , কাপ,কাকত।

কাৰ্যকৰী – কাৰ্যক্ষম, সক্ৰিয়।
সাম্য – সমান।
প্ৰকৃত – আচল।
আনমনা – অন্যমনস্ক।
অৰ্থকৰী – মূল্যৱান।
দুৰ্দিন – বেয়াদিন।
কাপ – কলম।
কাকত – কাগজ।

বাক্য ৰচনা কৰা:

নীতি- বচন, কাপ-কাকত, কুৰ্চূট-কপট, জনক-জননী, লোণ-তেল।

নীতি-বচন – মহৎ লোকৰ নীতি-বচন মানি চলিব লগে।
কাপ-কাকত – শিক্ষকে পাঠদান কৰা সময়ত কাপ-কাকত সাজু কৰি ৰাখিব লাগে।
কুৰ্চূট-কপট – অন্তৰত কাৰোবাৰ প্ৰতি কুৰ্চূট-কপট ভাব ৰখিব নালাগে।
জনক-জননী – গাঁও একেধাৰে জনক-জননী।
লোণ-তেল – লোণ-তেল কণেহে ভাতৰ জুতি বঢ়াই।

প্ৰশ্ন১/ অজ্ঞানতাই মানুৱৰ জীৱন কেনেদৰে দুখেৰে পৰিপূৰ্ণ কৰি তুলিছে?
উত্তৰ: সকলো অজ্ঞানত অচেতন, গাহৰিৰ দৰে পেট পুহি থকাকে বহুতে জীৱনৰ লক্ষ্য বুলি ভাবিছে। নিজৰ ঘৈণী, লৰা-ছোৱালীৰ বাহিৰে আনৰ মৰম নুবুজে। এচিকতা মাটিৰ কাৰণে ভায়ে ভায়ে কটা কটি, মৰা- মৰি কৰি কাছাৰী ঘৰলৈ আহি পাপৰ বেহা বেহাইছে।

প্ৰশ্ন২/ ছাত্ৰসকলে গ্রীম্যজীৱনত শিক্ষাৰ প্ৰসাৰ কেনেদৰে কৰিব পাৰে?
উত্তৰ: ছাত্ৰসকলে গাঁৱত সোমাই গাঁৱে গাঁৱে অশিক্ষিত লোকসকলক শিক্ষিত কৰি তুলিব লাগিব। তেওঁলোকৰ মাজৰ পৰা কুৰ্চূট-কপট গুচাবলৈ চাব লাগিব। গাঁৱত কোনো নৰীয়া আদি হলে উপদেশেৰে বা আন উপায়েৰে সহায় কৰিব লাগিব। এনেবোৰ কাম ছাত্ৰৰ কৰ্তব্যৰ ভিতৰুৱা।

প্ৰশ্ন ৩/ গাঁও আৰু নগৰৰ অন্তৰ্নিহিত সম্পৰ্ক কেনে ধৰণৰ?
উত্তৰ: গাঁও একেধাৰে নগৰৰ জনক-জননী। গাঁৱেই মাতৃৰূপে নাগৰক জন্ম দি পিতৃস্বৰূপে পালন কৰিছে।

প্ৰশ্ন৪ / কি কাৰণে খেতিয়কসকলৰ প্ৰতি যত্নশীল হোৱা বাঞ্চনীয়?
উত্তৰ: নগৰ যেনেকৈ একে উশাহে সৃষ্টি হৈছে, সেইদৰে একে উশাহে ধ্বংস হ’ব; কিন্তু গাঁও অৰ্থাৎ খেতিয়ক জাতিটো এবাৰ ধ্বংস পালে তাক সহজে পুনৰ জন্মাব নোৱাৰিব।

প্ৰশ্ন ৫/ প্ৰকৃত দেশৰ উন্নতি কিহৰ ওপৰত নিৰ্ভৰশীল?
উত্তৰ: প্ৰকৃত দেশৰ উন্নতি মানে গাঁৱৰ উন্নতি কৰা, গাঁৱত শিক্ষা বিস্তাৰ কৰা, গাঁৱলীয়া লোকসকলক নিজৰ সন্মান আৰু দায়িত্বতৰ কথা সোঁৱৰাই দিয়া।

প্ৰশ্ন৬/ ছাত্ৰসকলে কেনেদৰে কাৰ্যকৰী দেশসেৱাত নিয়োজিত হ’বা পাৰে?
উত্তৰ: খোৱা লোৱা ,থকা-মেলা সকলো বিষয়তে গৰু-পশুৰ জীৱনতকৈ মানুহৰ জীৱন যে বহু ওপৰৰ সেই কথা দেখুৱাব লগে। এনবোৰেই ছাত্ৰসকলৰ উপযুক্ত বন আৰু কাৰ্যকৰী দেশসেৱা শিক্ষা হ’ব।

প্ৰশ্ন৭/ প্ৰকৃত শিক্ষা কি? [HSLC;17]
উত্তৰ: সমাজসেৱা আৰু দেশ সেৱাৰ শিক্ষাই প্ৰকৃত শিক্ষা। এই নৰসেৱাই প্ৰকৃত নাৰায়ণৰ শিক্ষা।

প্ৰশ্ন৮/ একাগ্ৰতা ছাত্ৰজীৱনৰ বাবে কিয় প্ৰয়োজনীয়?
উত্তৰ: একাগ্ৰতা উন্নতিৰ ঘাই মন্ত্ৰ। এই অৱস্থাত মনৰ গতি একমুখী হ’ব লাগে, বহুমুখী হলে তেওঁলোকৰ অধ্যয়ন বিঘ্নিত হ’ব পাৰে।

প্ৰশ্ন৯/ জীৱনত উন্নতি কৰিবলৈ হলে ছাত্ৰসকলে কেনেদৰে আগবাঢ়িব লাগিব?
উত্তৰ: ছাত্ৰ হৈ ঘৰুৱা জঞ্জাল কিছুমান মূৰত জাপি ল’লে নাইবা বাহিৰত হৈ চৈ কোলাহল আদিত গা ঢালি দিলে তেনে ছাত্ৰই জীৱনত উন্নতি কৰিব নোৱাৰে। এনেবিলাক কথাত কাল আৰু পাত্র ভেদে বিচাৰ কৰি চলিব লাগিব।

প্ৰশ্ন১০/ অভ্যাসে কেনেদৰে কাৰ্য্যকৰী শিক্ষালাভত সহায় কৰে?
উত্তৰ: কমাৰশালত গঢ়িবলৈ হ’লে আগতে জুইশালত গঢ়ি চাব লাগিব। সাঁতুৰিবলৈ হ’লে পানীত ননমাকৈ নহয়।

প্ৰশ্ন১১/ শিক্ষালাভত অনুশীলনে কেনেদৰে সহায় কৰে?
উত্তৰ: ছাত্ৰসকলে শালিধানৰ বোকামাটিত নেনামিব পাৰে কিন্তু কঠীয়াতলিত হাল জুৰি চাব লাগিব, নহলে তেওঁলোকৰ কোনো শিক্ষাই হ’ব নোৱাৰে। অনুশীলন হৈছে শিক্ষাৰ প্ৰথম আৰু প্ৰধান আহিলা।

প্ৰশ্ন১২/ ছাত্ৰসকলে সমাজসেৱা কৰোঁতে কি কি দিশত ধ্যান দিয়া উচিত?
উত্তৰ: ছাত্ৰসকলে সকলোবোৰ কাম ছাত্ৰজীৱনৰ সীমনাত থাকি কৰিব লাগিব, অৰ্থাৎ শিক্ষালাভ আৰু পঢ়া শুনা অটুত ৰাখি তেওঁলোকে সুবিধা উলিয়াই সমাজৰ উন্নতিৰ চিন্তা কৰিব লাগিব।

প্ৰশ্ন১৩/ বাক্য ৰচনা কৰা:

কৃতকাৰ্য, একাগ্ৰতা,অনুশীলন,তিৰস্কাৰ,পুতৌ,হাত-সাৱটি, আশা-ভৰসা কলি, চেঁচুকৰ ডেমদেউকা, পেট পুহি থকা।

কৃতকাৰ্য: গভীৰ অধ্যয়নৰ যোগেদিহে ছাত্ৰ জীৱনত কৃতকাৰ্য হ’ব পাৰি।
একাগ্ৰতা: একাগ্ৰতা উন্নতিৰ ঘাই মন্ত্ৰ।
অনুশীলন: অনুশীলনে সু-অভ্যাস গঠনত সহায় কৰে।
তিৰস্কাৰ: দুখীয়াক তিৰস্কাৰ নকৰিবা।
পুতৌ: মগনীয়াক পুতৌ কৰিবা।
হাত-সাৱটি: হাত-সাৱটি বহি থাকিলে কোনো কাম নিসিজে।
আশা ভৰসাৰ কলি: ছাত্ৰই দেশৰ আশা ভৰসাৰ কলি।
চেঁচুকৰ ডেমদেউকা: আজিৰ দিনত চেঁচুকৰ ডেমদেউকা হৈ থাকিলে জীৱনত উন্নতি কৰিব নোৱাৰি।
পেট পুহি থকা: গাহৰিৰ দৰে পেট পুহি থকাটোৱেই জীৱনৰ লক্ষ্য হোৱা উচিত নহয়।

তলত দিয়া কথাখিনিৰ ভাব সম্প্ৰসাৰণ কৰা

(ক) ‘পঢ়াই পঢ়ে, ৰোৱে পাণ।
এই তিনিয়ে নিচিন্তে আন।[M.Q2015, HSLC;”16,”19]
উত্তৰ: শিক্ষক, যিয়ে পঢ়ায় আৰু ছাত্ৰ, যিয়ে পঢ়ে আৰু খেতিয়ক, যিয়ে ৰোৱে অৰ্থাৎ খেতি কৰে, তেওঁলোকে নিচিন্ত মনে সেই কামত ব্ৰতী হৈ থাকিলেহে একোখন দেশৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিব পাৰি। পঢ়োৱা কাৰ্যটো অতি টান– বিশেষকৈ শিশুৰ শিক্ষাদান।

শিশু মনস্তত্ত্বৰ উপযোগীকৈ শিক্ষাদান নকৰিলে সি ফলপ্ৰয়োস নহয়। বয়স অনুপাতে শিক্ষাৰ্থীৰ চিন্তা আৰু অভিজ্ঞতা বেলেগ বেলগ ।

গতিকে তেওঁলোকক শিক্ষা প্ৰদান কৰোঁতেও বয়সোপযোগি চিন্তাৰ লগত খাপ খুৱাই শিক্ষা দিব লাগিব। এই তিনিও শ্রেণীৰ লোক সকলো ধৰণৰ বাহ্যিক চিন্তাৰ পৰা মুক্ত হৈ নিজৰ কৰ্তব্যত মনোনিবেশ কৰিব পাৰিলেই দেশৰ মঙ্গল।
বৰ্তমান সময়ত বিভিন্ন আৰ্থ-সামাজিক আৰু ৰাজনৈতিক কাৰণত শিক্ষক, ছাত্ৰ আৰু কৃষক কোনোৱেই মনপুতি কৰ্তব্যত লাগিব পৰা নাই। তাৰ কাৰণ যিয়েই নহওঁক, দেশৰ বিকাশ বাধাগ্ৰস্ত যে হৈছে সেইটো ধুৰূপ।

( খ) ” উদৰ সাতপুৰুষ মৰিল কেঁচা মাছ খাই, বান্দৰৰ সাত পুৰুষ মৰিল ডাল কোবাই।”
উত্তৰ: উদৰ প্রিয় খাদ্য হৈছে মাছ। এই প্ৰাণীবিধে মাছ চিকাৰ কৰে আৰু উদৰ পুৱাই মাছ ভক্ষণ কৰে।পুৰুষানুক্ৰমে উদে এই বৃত্তিকেই পালন কৰি আহিছে।

কেঁচা মাছ খোৱাটো উদৰ পুৰুষানুক্ৰমিক প্ৰবৃত্তি, গতিকে তাৰ পৰিৱৰ্তন কেতিয়াও সম্ভৱ নহয়। আনহাতে বান্দৰে গছৰ ডালত থাকিয়েই জীৱন অতিবাহিত কৰে।

ডালে ডালে বগাই ফল-মূল খাই জীৱন ধাৰণ কৰাই বান্দৰৰ স্বভাৱ। এই স্বাভাৱিক ধৰ্মৰ বাবেই বান্দৰৰ জীৱনত কোনো পৰিৱৰ্তন নাই । মানুহৰ দৰে হাত-ভৰি থাকিও বান্দৰে নিজে থকাৰ কাৰণে কোনো ধৰণৰ সা-সুবিধা তৈয়াৰ কৰি ল’ব নোৱাৰে।

গতিকে যাৰ যি বংশানুক্ৰমিক প্ৰবৃত্তি, সেয়া ধাৰাবাহিকভাৱে চলি থাকে, তাৰ কোনো পৰিৱৰ্তন নহয়।

প্ৰশ্ন১৫/ পাঠটোত থকা খণ্ডবাক্যসমূহ বাছি উলিওৱা।

মন বুৰি থকা ( মন মগ্ন হৈ থকা)
পেটে কলমলোৱা ( খুব ভোক লগা )
হাত উজান দিয়া ( সহায় সহযোগিতা আগবঢ়োৱা )
হাত সাৱটি বহি থকা ( নিষ্কর্মা হৈ থকা,একো কাম নকৰা)
আশা-ভৰসাৰ কলি( ভৱিষ্যতৰ সম্ভাৱনা, ভৱিষ্যৎ)
পেট পুহি থকা( কেৱল খোৱাৰ চিন্তাত থকা)
লাজ নিবাৰণ কৰা( কাপোৰ পিন্ধা,কোনোমতে দেহ ঢাকি ৰখা)
লোকৰ হাত মুখলৈ চোৱা( দিব খাম বুলি বাট চাই থকা)

প্ৰশ্ন১৬/ পাঠটিৰ পৰা প্রবচন যুক্ত বাক্যবোৰ বাছি উলিওৱা।

বাক্য: কমাৰশালত গঢ়িবলৈ হ’লে আগতে জুইশালত গঢ়ি চাব লাগিব।
উত্তৰ:

(১) জুইশালত গঢ়িলেহে কমাৰশালত গঢ়িব পাৰি।
(২) উদৰ সাতপুৰুষ মৰিল কেঁচা মাছ খাই।
(৩) বান্দৰৰ সাতপুৰুষ মৰিল ডাল কোবাই।

প্ৰশ্ন১৭/ “গাঁও একেধাৰে নগৰৰ জনক- জননী” – লিখকে গাঁৱক কিয় নগৰৰ জনক-জননী বুলি কৈছে বুজাই লিখা। [HSLC,”16]
উত্তৰ: লেখকৰ মতে গাঁও হৈছে নগৰৰ জনক-জননী। কিয়নো নগৰৰ সৃষ্টি গাঁৱৰ লোকসকলৰ দ্বাৰাই হৈছে। গাঁৱৰ লোকেই মাতৃস্বৰূপে নাগৰিক জন্ম দি পিতৃস্বৰূপে পালন কৰিছে।

গাঁৱৰ কৃষসকলে খেতি-বাতি কৰি নগৰলৈ খাদ্যৰ যোগান ধৰে। সেয়ে কব পাৰি গাঁৱেই হৈছে নগৰৰ পিতৃ আৰু মাতৃ।

প্ৰশ্ন১৮/ অতি চমু উত্তৰ দিয়া:
(ক) আমাৰ শিক্ষাৰ বৰ্তমান দুখ কি?
উত্তৰ:আমাৰ বৰ্তমান শিক্ষা কামৰ শিক্ষা নহয়।

(খ) দেশৰ দুৰ্দিনত ডেকাসকলে কি কৰা উচিত?
উত্তৰ: দেশৰ দুৰ্দিনৰ সময়ত ডেকাসকলে প্ৰৌঢ়সকলৰ কান্ধৰ ভাৰখন দাঙি ল’বলৈ সাজু থাকিব লাগিব।

(গ) কাৰ্যকৰী শিক্ষাৰ কাৰণে ছাত্ৰই কি কৰা উচিত?
উত্তৰ: কাৰ্যকৰী শিক্ষাৰ বাবে ছাত্ৰসকলে গাঁৱৰ নিৰক্ষৰতা দূৰীকৰণ, অন্ধবিশ্বাস-কুসংস্কাৰ ইত্যাদিৰ নিৰ্মূলত অংশগ্ৰহণ কৰিব লাগে।

উপদেশ আৰু উদাহৰণেৰে গাঁৱলীয়া জীৱনৰ সংস্কাৰমুক্ত কৰাত আগভাগ লব পাৰে।

(ঘ) ডিম্বেশ্বৰ নেওগে ৰচনা কৰা সাহিত্যৰ বুৰঞ্জীবোৰ কি কি?
উত্তৰ: আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী, অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুকি, নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী, ইত্যাদি।

(ঙ) ডিম্বেশ্বৰ নেওগৰ জন্ম কেতিয়া আৰু ক’ত হৈছিল?
উত্তৰ: ১৮৯৯ খ্ৰীষ্টাব্দত শিৱসাগৰৰ ওচৰৰ কমাৰফদীয়া গাঁৱত নেওগৰ জন্ম হয়।

(চ) ডিম্বেশ্বৰ নেওগৰ পিতৃৰ নাম কি?
উত্তৰ: মানিকচন্দ্ৰ নেওগ।

(ছ) নেওগে কৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে?
উত্তৰ: গুৱাহাটীৰ কটন কলেজৰ পৰা ১৯২৪ চনত নেওগে বিজ্ঞান স্নাতক (বি.এছ.চি.) ডিগ্ৰী লাভ কৰে।

(জ) ডিম্বেশ্বৰ নেওগে কেতিয়াৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে?
উত্তৰ: অসমৰ বিভিন্ন ঠাইৰ চৰকাৰী হাইস্কুলত শিক্ষকতা কৰি শেষত যোৰহাট নৰ্মাল স্কুলৰ পৰা নেওগে ১৯৫১ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।

(ঝ) ডিম্বেশ্বৰ নেওগে কেতিয়া আৰু ক’ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে?
উত্তৰ: ডিম্বেশ্বৰ নেওগে ১৯৪০ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম স্থান অধিকাৰ কৰি অসমীয়াত স্নাতকোত্তৰ ডিগ্ৰী(এম. এ) পৰীক্ষাত উত্তীৰ্ণ হয়।

(ঞ) অসমীয়া সাহিত্যত নেওগ কি ৰূপে পৰিচিত?
উত্তৰ: ডিম্বেশ্বৰ নেওগ অসমীয়া সাহিত্যত কবি, সমালোচক আৰু সাহিত্যৰ ইতিহাস প্ৰণেতা হিচাপে পৰিচিত।

(ট) ডিম্বেশ্বৰ নেওগৰ দ্বাৰা ৰচিত অসমীয়া সাহিত্যৰ বুৰঞ্জী কেইখন কি কি?
উত্তৰ: অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুকি, আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী, অসমীয়া সাহিত্যৰ চমু বুৰঞ্জী আৰু অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ লগতে তেওঁ ইংৰাজী ভাষাত New Light on the History of Asamiya Literature শীৰ্ষক গ্রন্থ ৰচনা কৰে।

(ঠ) ডিম্বেশ্বৰ নেওগৰ সমালোচনামূলক দুখন গ্ৰন্থৰ নাম লিখা?
উত্তৰ: নেওগৰ সমালোচনামূলক গ্ৰন্থসমূহৰ ভিতৰত ‘অসমীয়া সাহিত্যৰ জিলিঙনি’ , ‘অসমীয়া সাহিত্যৰ জেউতি’ , ‘অসমীয়া সাহিত্যৰ অধ্যয়ন’ ইত্যাদি গ্ৰন্থ গুৰুত্বপূৰ্ণ।

(ড) ডিম্বেশ্বৰ নেওগৰ শংকৰদেৱ বিষয়ক গ্ৰন্থ দুখন কি কি?
উত্তৰ: ‘বৈষ্ণৱ ধৰ্মৰ আঁতিগুৰি’,’যুগনায়ক শংকৰদেৱ’ প্ৰভৃতি গ্ৰন্থত শ্রীশংকৰদেৱ আৰু নৱবৈষ্ণৱ ধর্মৰ বিষয়ে বিজ্ঞানসন্মত আলোচনা দাঙি ধৰা হৈছে।

(ঢ) নেওগৰ প্ৰতিভাৰ প্ৰধান দিশসমূহ কি কি ?
উত্তৰ: নেওগ একেধাৰে কবি, নাট্যকাৰ, সমালোচক, সাহিত্যৰ ইতিহাস প্ৰণেতা, শিক্ষাবিদ আৰু সংগঠক।

(ণ) নেওগৰ একমাত্ৰ গল্পপুথিখনৰ নাম কি?
উত্তৰ: ‘দিপাৱলী’ নেওগৰ একমাত্ৰ চুটিগল্পৰ সংকলন।

(ত) নেওগৰ একমাত্ৰ উপন্যাসখনৰ নাম কি?
উত্তৰ: ‘গাঁৱে-নগৰে’ নেওগৰ একমাত্ৰ সামাজিক উপন্যাস।

(থ) নেওগে কেতিয়া মৃত্যুক আঁকোৱালি লয়?
উত্তৰ: ১৯৬৬ খ্ৰীষ্টাব্দৰ ১২ নৱেম্বৰ তাৰিখে অসমীয়া সাহিত্যৰ অন্যতম সাধক ডিম্বেশ্বৰ নেওগে মৃত্যুক আঁকোৱালি লয়।

(দ) অসমীয়া সাহিত্যত ডিম্বেশ্বৰ নেওগ কি কবিৰূপে পৰিচিত?
উত্তৰ: অসমীয়া কাব্য সাহিত্যত ডিম্বেশ্বৰ নেওগ ‘ ইন্দ্ৰধনু’ৰ কবিৰূপে পৰিচিত।
(ধ) ডিম্বেশ্বৰ নেওগৰ কবিতা পুথিসমূহৰ নাম কি?
উত্তৰ: ডিম্বেশ্বৰ নেওগৰ কবিতা পুথিসমূহ হ’ল—– মালিকা, অসমা, বিচিত্ৰা, থুপিতৰা, মালতী , থাপনা, মেঘদূত, মুকুতা ইত্যাদি।

(ন) নেওগৰ কবিতাৰ প্ৰধান ধাৰা দুটি কি কি?
উত্তৰ: নেওগৰ কবিতাৰাজিত সাধাৰণতে দুটা ধৰা চকুত পৰে। এহাতে তেওঁ আৱেগত গা ঢালি দিয়া কবি, আনহাতে স্বদেশপ্ৰেমিক কবি।

মূখ্যত তেওঁ প্ৰেমৰ কবি আৰু তেওঁৰ সৰহভাগ কবিতাৰ উৎস হ’ল প্ৰেম।

(প) নেওগৰ অনুবাদ কবিতাসমূহ কেনে ধৰণৰ?
উত্তৰ: নেওগে কেইবাটাও ইংৰাজী কবিতাৰ সৰল অসমীয়া ভাঙনি কৰে। শ্যেলী, টেনিচন আদিৰ কবিতাৰ ভাঙনিতো নেওগে দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।

(ফ) “Growth of Assamese Language” গ্ৰন্থৰ ৰচক কোন? [HSlC; 16]
উত্তৰ: সাহিত্যিক – সমালোচক ডিম্বেশ্বৰ নেওগ।

(ব) ‘অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুকি’ গ্ৰন্থৰ ৰচক কোন?[HSLC;18,20]
উত্তৰ: ডিম্বেশ্বৰ নেওগ।

প্রশ্ন১৯/ ছাত্ৰজীৱন আৰু সমাজসেৱা পাঠটিৰ গুৰুত্ব সম্পৰ্কে লিখা?
উত্তৰ: ছাত্ৰজীৱন আৰু সমাজ সেৱা পাঠটি ডিম্বেশ্বৰ নেওগৰ এটি অতি গুৰুত্বপূৰ্ণ প্ৰৱন্ধ। ছাত্ৰজীৱনৰ প্ৰধান কাম অধ্যয়ন আৰু জ্ঞানলাভ যদিও তাৰ মাজেৰেই ভৱিষ্যৎ সমাজৰ বাবে প্ৰয়োজনীয় দক্ষতা আহৰণ কৰিব লাগিব।

গতিকে, দেশ আৰু জাতিৰ প্ৰয়োজনত ছাত্ৰ-ছাত্ৰীয়ে অগ্রজসকলৰ লগত খোজ মিলাই চলিব লাগিব। কিন্তু , অধ্যয়ন বাদ দি নহয়। নিজ গাঁৱৰ অন্ধবিশ্বাস, কুসংস্কাৰ দূৰীকৰণৰ যোগেদি তেওঁলোকে সমাজসেৱাৰ পাঠ আহৰণ কৰিব পাৰে।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।