প্রাচীন ভাৰতীয় শিক্ষা lesson 16 class 10 assamese Online textbook
হেমচন্দ্র গােস্বামী
আর্য-শিক্ষাৰ মূলমন্ত্র মােক্ষ লাভ হ’লেও তাক কর্ম, ভক্তি আৰু জ্ঞানৰ ভিতৰেদি পােৱাৰহে বিধান কৰিছে।
প্রতি মানুহৰ পুৰুষাৰ্থক চাৰিভাগে ভাগ কৰিছিল, যেনেধর্ম, অর্থ, কাম আৰু মােক্ষ। মােক পৰম পুৰুষাৰ্থ বুলি ধৰিলেও তাৰ অধিকাৰী স্বভাৱতে কম হ’ব বুলি ভাবি সর্বসাধাৰণ মানুহৰ নিমিত্তে ধর্ম, অর্থ আৰু কাম এই তিনি বৰ্গৰ সাধনা বিধান কৰিছিল।
অনেকে ভুল কৰে যে হিন্দুৰ শিক্ষা আছিল মানুহক সংসাৰ ত্যাগী বা সংসাৰী কৰা। ত্যাগ কার্য শিক্ষাৰ চৰম উদ্দেশ্য হলেও অনাসক্ত ভােগকহে তেওঁবিলাকে ত্যাগী বুলি ধৰিছিল। প্রাচীন ভাৰতবৰ্ষত বিশ্ববিদ্যালয়বিলাক কেনেকৈ সৃষ্টি হ’ল সেই কথা ক’বলৈ গ’লে আৰু অনেক ক’ব লাগে।
সেইদেখি এইখিনিতে আমি সেইবিলাকৰ নাম আৰু তাত কেনেকৈ ছাত্ৰবিলাকক পঢ়াইছিল তাকেহে মাত্র উল্লেখ কৰিম।
আজিলৈ অনুসন্ধানৰ ফলত জানিব পৰা গৈছে যে প্রাচীন ভাৰতত এই ছটা বিশ্ববিদ্যালয় আছিল, যেনে—তক্ষশীলা, শ্রীধান্যকটক, নালন্দা, উদান্তপুৰী, দেৱবিহাৰ বা বিক্রমশীলা আৰু উজ্জয়িনী।
তক্ষশীলাত যি বিশ্ববিদ্যালয় আছিল, সি খ্রীষ্টপূর্ব এক শতিকালৈকে আছিল। এই বিশ্ববিদ্যালয়ৰ তলত কেইবাখনাে চতুষ্পঠী আছিল আৰু তাত ওঠৰ বিধ শিক্ষা দিয়া হৈছিল।
তাত ভাস্কৰ-বিদ্যা, চিত্রাংকন, মুর্তিকটা আৰু আন আন হাতেৰে কৰা বিদ্যা-শিক্ষা দিয়া হৈছিল।
ইয়াতে অত্রেয় ঋষিয়ে আয়ুর্বেদ শিক্ষা দিছিল। বুদ্ধদেৱৰ চিকিৎসক জীৱক’ এই অত্রেয় মুনিৰে ছাত্ৰ আছিল।
এই বিদ্যালয়তে জীৱকে সাত বছৰ পঢ়িছিল আৰু পাণিনি আৰু চাণক্যও এই বিদ্যালয়ৰে ছাত্ৰ আছিল। এই বিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা, পাৰস্য দেশৰ পৰা ছাত্র আহিছিল আৰু বেকট্রিয়া আৰু মগধ দেশৰ পৰাও ছাত্ৰ আহি পঢ়িছিল।
যেতিয়া ই হিন্দু বিশ্ববিদ্যালয় শুচি বুদ্ধ বিশ্ববিদ্যালয় হ’লতেতিয়া ইয়ালৈ চীনদেশৰ পৰাও বহুত ছাত্র আহি পঢ়িছিল।
শ্রীধান্যকটক বিশ্ববিদ্যালয় অম্ৰাৱতী নগৰৰ ওচৰত আছিল, ইয়াত হিন্দু আৰু বৌদ্ধ দুয়ােবিধ শিক্ষাকে দিয়া হৈছিল।
এই বিশ্ববিদ্যালয়ে খ্রীষ্টপূর্ব এক শতিকালৈ বর্তমান আছিল। এই বিশ্ববিদ্যালয়ৰ প্রধান শিক্ষক আছিল নাগার্জুন।
নালন্দা বিশ্ববিদ্যালয়ত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। এই বিশ্ববিদ্যালয় খ্রীষ্টপূর্ব এক শতিকাৰ পৰা আঠ খ্রীষ্টাব্দলৈকে বর্তমান হৈছিল।
এই বিশ্ববিদ্যালয়ৰ বাহিৰে-ভিতৰে দহ হাজাৰ ছাত্ৰ আছিল। শীলভদ্র নামে এজন উদাসীন পণ্ডিত এই বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষ আছিল।
ইয়াত কোনাে খৰচ নােলােৱাকৈ শিক্ষাদান কৰিছিল আৰু ইয়াত ব্যাকৰণ, তর্কশাস্ত্র, চিকিৎসাশাস্ত্র, দর্শনশাস্ত্ৰ আৰু আধ্যাত্মবিজ্ঞানৰ শিক্ষা দিয়া হৈছিল।
ইয়াৰ যিটো পুথিভঁৰাল আছিল সি ভাৰতবৰ্ষৰ সকলাে পুথিভঁৰালতকৈ ডাঙৰ আছিল।
সেই পুথিভঁৰালটো ন-তলীয়া আছিল আৰু তাৰ নাম আছিল ৰঙ্গোদধি। শিক্ষাগাৰটোত এশটা কোঠালিত এশটা শ্ৰেণী বহিব পাৰিছিল।
এই বিশ্ববিদ্যালয়ৰ ছাত্ৰবিলাক ভাৰতবৰ্ষৰ সকলাে ঠাইৰ ছাত্ৰৰ আদৰ্শ আছিল। সাতশ বছৰৰ ভিতৰত এজন ছাত্রৰাে অশিষ্টাচাৰৰ কথা উল্লেখ নাই।
দেশ-বিদেশৰ ছাত্ৰ আহি নালন্দা ভৰি পৰিছিল, কিন্তু তাৰ শিক্ষাৰ আদর্শ ইমান ওখ আছিল যে কম ছাত্ৰইহে তাত প্ৰৱেশ লাভ কৰিছিল।
এই বিশ্ববিদ্যালয়ত যেতিয়া চীনদেশৰ পৰিব্রাজক য়ুয়ানচ্যাঙে যােগশাস্ত্র পঢ়ে তেতিয়া আমাৰ দেশৰ ৰজা ভাস্কৰ বৰ্মাই তেওঁক এই দেশলৈ আহিবলৈ অনুৰােধ কৰি চিঠি লিখে।
নালন্দাৰ বিহাৰৰ ঠাইখন এতিয়া আর্কিয়ােলজিকেল ডিপার্টমেন্টে খানি চোৱাত ভাস্কৰ বৰ্মাৰ চিঠিৰ লগত যােৱা এটা পােৰা-মাটিৰ মােহৰ পােৱা গৈছে।
কোনে ক’ব যে এই মােহৰটো ভাস্কৰ বৰ্মাই যুয়ানচ্যাক নিমন্ত্রণ কৰা পত্ৰৰ মােহৰ নহয় ?
উদান্তপুৰৰ বিশ্ববিদ্যালয় পাল ৰজাবিলাকৰ আগৰে পৰা আছিল; কিন্তু খ্রীষ্টীয় ৮ম শতাব্দীতহে ই বিশেষ খ্যাতি লাভ কৰে।
এই বিশ্ববিদ্যালয়ৰ এটা বহুমূলীয়া পুথিভঁৰাল আছিল, যাক মুছলমানবিলাকে ১২০২ খ্রীষ্টাব্দত নষ্ট কৰিলে। বিক্রমশীলা বা দেৱবিহাৰ বিশ্ববিদ্যালয়।
খ্রীষ্টীয় ৮ম শতাব্দীত ধর্মপাল ৰজাই ৰাজত্ব কৰে। এই বিশ্ববিদ্যালয়ৰ তলত ছটা উচ্চ বিদ্যালয় আৰু ১০৮ জন অধ্যাপক আছিল।
এই বিদ্যালয় ৪০০ বছৰৰ পাছত নষ্ট হয়। ছাত্র থাকিবৰ নিমিত্তে বিদ্যালয়ৰ গাতে লগা চাৰিখন সত্র অর্থাৎ ছাত্রাবাস আছিল; তাত ছাত্রবিলাকে বিনা খৰচে খাবলৈ আৰু থাকিবলৈ পাইছিল।
উজ্জয়িনীত যি বিশ্ববিদ্যালয় আছিল তাত একালত অর্থাৎ বিক্রমাদিত্যৰ ৰাজত্বৰ সময়ত ভাৰতবৰ্ষৰ সকলাে পণ্ডিত লােকসকলৰ মিলনক্ষেত্র আছিল।
এই বিশ্ববিদ্যালয়ত বিশেষকৈ জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। এই বিশ্ববিদ্যালয় বুদ্ধদেৱৰ দিনতাে প্রখ্যাত আছিল।
আর্যশিক্ষাৰ ৬৪ কলাবিদ্যাৰ শিক্ষা এই বিশ্ববিদ্যালয়বিলাকত তলত দিয়া ১১ টা বিভাগত দিয়া হৈছিল। (১) সাহিত্য, (২) গৃহপাল বিদ্যা, (৩) ৰন্ধন বিদ্যা, (৪) সাজ-সজ্জা আৰু পৰিচ্ছদ বিদ্যা, (৫) হাতেৰে কাম কৰা বিদ্যা, (৬) শিল্প বিদ্যা, (৭) বিজ্ঞান, (৮) সংগীত বিদ্যা, (৯) নাট্য বিদ্যা, (১০) শিষ্টাচাৰ বিদ্যা, (১১) শাৰীৰিক ব্যায়াম বিদ্যা।
ওপৰত কোৱা কথাৰ পৰা আপােনাসকলে ভালকৈ দেখিছে যে অন্যান্য সভ্যদেশত ছাত্ৰৰ শিক্ষাৰ নিমিত্তে যি বন্দৱ কৰিছিল, এই দেশতাে তাতকৈ কোনােমতে কম বন্দৱ কৰা নাছিল।
আগৰ কালৰ ছাত্ৰবিলাকে শিক্ষা লাভ কৰি নানা বিষয়ত যেনেকৈ সিদ্ধি লাভ কৰি নতুন নতুন তত্ত্ব আৰু সত্য আৱিষ্কাৰ কৰিছিল, এতিয়ানাে ভাৰতবৰ্ষৰ ছাত্ৰই কিয় তেনে সত্য আৱিষ্কাৰ কৰিবলৈ সমর্থ নহয়?
যদিওবা দুই-এজনে ক’ৰবাত দুই-এক তত্ত্ব আৱিষ্কাৰ কৰিছে, সি ধর্তব্য নহয়। তেনেহ’লে কি ছাত্র কি অভিভাৱক সকলােৱে এবাৰ ভাবি চোৱা উচিত নহয় নে যে এনে হ’বৰ কাৰণ কি?
যদিওবা গৱৰ্ণমেণ্ট বছৰি কোটি কোটি টকা আমাৰ ল’ৰাৰ শিক্ষাৰ নিমিত্তে খৰচ কৰিছে আৰু যদিও লাখে লাখে ল’ৰাই শিক্ষা লাভ কৰিব লাগিছে তথাপি কিয় আজিকালি স্বাধীন চিন্তা কৰি নতুন তত্ত্ব বাহিৰ কৰিব পৰা ছাত্ৰৰ সংখ্যা ইমান কম?
মােৰ ক্ষুদ্র বুদ্ধিয়ে যিমান ঢুকি পাইছে, এনে হ’বৰ প্ৰধান কাৰণ হৈছে আগৰ দিনত আজিকালিৰ দৰে শিক্ষাৰ উদ্দেশ্য চাকৰি নাছিল।
আগৰ কালৰ শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ সজ বৃত্তিবােক ফুলাই তুলি অসৎ বৃত্তিবােৰক তুলি বা দলিয়াই পেলাই তেওঁক জীৱন যুদ্ধৰ নিমিত্তে ভালকৈ সাজু কৰা।
লেখক পৰিচয়
হেমচন্দ্র গােস্বামী : ১৮৭২ চনত গােলাঘাটৰ ওচৰৰ ঢেকিয়ালত জন্ম। পিতৃ ডম্বৰুধৰ গােস্বামী। নগাঁৱত স্কুলীয়া শিক্ষা লৈ কলিকতাৰ প্রেচিডেন্সি কলেজত বি. এ. পর্যন্ত পঢ়ে।
অসমত চৰকাৰী চাকৰি কৰি ই. এ. চি. ৰূপে অৱসৰ লয় ১৯২৫ চনত।
অ, ভা, উ. সা. সভাৰ লগত জড়িত হৈ থকা কালতে ‘জোনাকী’ৰ সম্পাদক হৈছিল। এওঁৰ ‘প্রিয়তমাৰ চিঠি’ প্রথম অসমীয়া ছনেট। কবিতা সংকলন ‘ফুলৰ চাকি’।
কথা-গীতা’, ‘পুৰণি অসমৰ বুৰঞ্জী’, ‘অসমীয়া সাহিত্যৰ চানেকি, কামৰত্নতন্ত্র আদি উল্লেখযােগ্য ৰচনা। অসম সাহিত্য সভাৰ তেজপুৰ অধিবেশনৰ (১৯২০) সভাপতি।
এওঁৰ বিশেষ যত্নত ‘হেমকোষ’ অসমীয়া অভিধান ছপা হয়।
অসমীয়া সাহিত্যত প্রত্নতাত্ত্বিক, গৱেষক আৰু প্রাচীন পুথি সম্পাদনাৰ অন্যতম পথ প্রদর্শক ৰূপে সুপৰিচিত। ১৯২৮ চনত মৃত্যু হয়।
পাঠবােধ : পাঠটিত ভাৰতবৰ্ষৰ প্রাচীন কালৰ শিক্ষা ব্যৱস্থাৰ আভাস দিয়া হৈছে। বিশেষকৈ সেইসময়ৰ শিক্ষাৰ উদ্দেশ্য, বিশ্ববিদ্যালয়ৰ পাঠ্যক্রম, শিক্ষক-ছাত্ৰৰ আচৰণৰ আভাস দিয়াৰ লগতে বৰ্তমানৰ শিক্ষাৰ ব্যৱস্থাৰ সৈতে প্রাচীন ভাৰতীয় শিক্ষাৰ এটি তুলনাও কৰা হৈছে।
বর্তমান শিক্ষা ব্যৱস্থাত দেখা দিয়া কোেণসমূহৰ চমু আভাসাে পাঠটোত আছে। শিক্ষাৰ যি চিৰন্তন উদ্দেশ্য সেই উদ্দেশ্যৰ বিষয়ে চমুকৈ লিখি লিখকে ছাত্রসমাজক সেয়া উপলব্ধি কৰিবলৈ আহ্বান জনাইছে।
শব্দার্থ আৰু টোকা
মােক্ষ : সংসাৰ বন্ধনৰ পৰা ৰেহাই পােৱা অৱস্থা অর্থাৎ নির্বাণ, মুক্তি।
পুৰুষাৰ্থ : ধর্ম, অর্থ, কাম আৰু মােক্ষ – পুৰুষৰ প্ৰয়ােজনীয় এই চতুর্বর্গ; চেষ্টা বা যত্ন।
পাণিনি : সংস্কৃত ভাষাৰ প্রথম ব্যাকৰণ প্রণেতা। এওঁৰ সংস্কৃত ব্যাকৰণখন আঠটা অধ্যায়ত সম্পূর্ণ বাবে নামাে ‘অষ্টাধ্যায়ী’। আদিৰ পৰা অস্তলৈকে ব্যাকৰণখনি সূত্ৰৰে বন্ধা।
চাণক্য : মৌর্য বংশীয় ৰজা চন্দ্রগুপ্তৰ ব্ৰাহ্মণ মন্ত্রী। ৰাষ্ট্র বিজ্ঞানৰ এগৰাকী অতি বিচক্ষণ বুদ্ধিৰ
লােক। এওঁৰ আন দুটি নাম বিষ্ণুগুপ্ত আৰু কৌটিল্য। অর্থশাস্ত্র’ হ’ল তেওঁৰ বিশ্ববিখ্যাত গ্রন্থ।
প্রশ্নাবলী ভাববিষয়ক
১। চমু উত্তৰ লিখা
(ক) তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্রখ্যাত ছাত্ৰৰ নাম লিখা।
(খ) তক্ষশীলালৈ কোন কোন দেশৰ পৰা ছাত্র আহিছিল?
(গ) নাগার্জুন কোন? ক’ত আছিল আৰু কি কৰিছিল?
(ঘ) নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্রক কামৰূপ ৰাজ্যলৈ নিমন্ত্রণ কৰা হৈছিল? নিমন্ত্রণ কৰা ৰজাজন কোন?
(ঙ) উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে, কেতিয়া ধ্বংস কৰিলে?
(চ) কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলনক্ষেত্র আছিল?
২। প্রাচীন ভাৰতীয় শিক্ষা পাঠটিৰ কথাখিনি চমুকৈ লিখা।
৩। প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ চমু পৰিচয় দিয়া।
৪। আর্য শিক্ষাৰ কলাবিদ্যা কিমানটি? প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আর্য শিক্ষাৰ কলা-বিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল?
৫। আজি কালিৰ শিক্ষাৰ লগত প্রাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পার্থক্যৰ কথা বহলাই আলােচনা
কৰা।
৬। চমুটোকা লিখা
তক্ষশীলা বিশ্ববিদ্যালয়, বিক্রমশীলা বিশ্ববিদ্যালয়, নালন্দা বিশ্ববিদ্যালয়।
৭। প্রাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধটোৰ পৰা তুমি কি কি মূল্যৱান কথা শিকিলা চমুকৈ লিখা।
ভাব-বিষয়ক
১। বাক্য ৰচনা কৰা
(ক) স্বাধীন চিন্তা (খ) জ্যোতিষশাস্ত্র (গ) পােৰা মাটি
(ঘ) বাহিৰে-ভিতৰে।
২। তলৰ শব্দকেইটাৰ সন্ধি ভাঙা :
শিক্ষাগাৰ; বিদ্যালয়; পুৰুষাৰ্থ।