বিকাশ শর্মা
তোমাক বিদায় দিয়াৰ পৰত
বতৰৰ ফচলত পুখুৰীটোৱে সলনি কৰিব পৰা নাই পানী
গাঁওখনে ওঁঠত ফুটাব পৰা নাই তীব্ৰ প্ৰেমৰ শব্দ
আইৰ ওপজা দিনত ৰোৱা গছপুলিটোৱে বৰষুণৰ গানত তিতি থকা নাই
মোৰ দুৰ্ভাৱনাৰ আঙুলিত ধৰি দিনবোৰে পোহৰৰ কথা ভাবিব পৰা নাই
দুঃস্বপ্নৰ চকুলোত কুকুৰবোৰে চোবাই থাকিব পৰা নাই হাড়ৰ হাবিয়াস
চৰাইবোৰে নাচনী বেলিৰ পোহৰত পদুলিটোক কোৱা নাই কৰুণাময়
তোমাক বিদায় দিয়াৰ পৰত
নাৰীৰ পদূলিত শিশুবোৰে বন্ধা নাই ভালপোৱাৰ তাবিজ
সাপবোৰে ভোকত গিলিব পৰা নাই শিল মিহলি হৈ থকা এটি গধূলি
শোৱাপাটীত সৰা নাই বৰফৰ গুৰি যেন সপোন
তোমাক বিদায় দিয়াৰ পৰত
মালীবোৰে কোৱা নাই ফুলৰ কথা
বতাহজাকে কোৱা নাই এবাটি মৰম হেৰাই যোৱাৰ কথা
ভাৱনাত পূৰ্ণ হৈ উঠিব পৰা নাই বগা পৰুৱাৰ বাহ
তোমাক বিদায় দিয়াৰ পৰত
সকলোবোৰ মানুহে বুকু ফালি দেখুৱাব পৰা নাই আনন্দ
অন্ধকাৰত মুক্ত কৰি দিব পৰা নাই দুখন হাত
যেন দুখৰ মাজত উৰি অহা দুখন গোলাপহীন চহৰ।