বিজয় চন্দ্ৰ শৰ্মা
শব্দবোৰ কেনি হেৰাল
বিচাৰি বিচাৰি ছলাথ কৰিলোঁ।
নাই, ক’তো উম্-ঘাম্ নাই।
বিস্মৃতিৰ মণিকোঠ
অলংকৃত কৰিবলৈ
সুৰ-সুৰকৈ সোমাই পৰিল।
প্রবল হেঁপাহ
জীবন-পদুলি
বাত্মায় শব্দৰে সজাই-পৰাই
তুলিবলৈ।
শব্দ-কাননত
ৰচঙীয়া পখিলাৰ সমাৰোহ।
চিন্তা প্রবাহত গুঞ্জৰিত
ভাষাৰ প্ৰাচুৰ্য্যময় শব্দৰ লালিত্যই
উত্তৰণ ঘটাব বিশ্বজনীন সাহিত্যলৈ।