জ্যোতির্ময়ী শর্মা
পুৰণি স্মৃতিৰ মেটমৰা ভাৰখন খুলি
আৰু দূৰ আগুৱাই যাওঁ ব’লা সমনীয়া
ডেকা-বুঢ়া সমস্বৰে মিলি গঢ়োঁ আহা নকৈ
জীৱন নাটঘৰখনি
জীৱনৰ খলা-বমা বাটত
ভাও দি ভাগৰি নপৰিবা হে সমনীয়া
গাই যাবা জীৱনৰ গান
বজাই জীৱনৰ বীণখন
পুৰণিক বিদায় দি নতুনক আদৰোঁ আহা
ন উদ্যমেৰে
নসাহসেৰে গাই যোৱা জীৱনৰ গান
জীৱন পথত জয়ী হোৱা হে সমনীয়া
ন উল্লাসেৰে সজোৱা নৱবৰ্ষক
পাৰ্যমানে পূৰণ কৰা সেউজীয়া সুখৰ
সপোনবোৰ
হৰণ কৰা দুখ-কষ্টবোৰ
যোগ কৰা নতুন আশাবোৰ
বিয়োগ কৰা নেতিবাচক চিন্তাবোৰ
আহা সবে মিলি গাওঁ জীৱনৰ ন ন গীত ।