সময় চক্র | অসমীয়া কবিতা 2024

স্বপ্না সৰকাৰ

সময়ৰ ঐক্যতান বজায় ত্ৰিপুৰাৰি
ৰুধিবও নোৱাৰি বধিবও নোৱাৰি।
মুঠিৰ ফাঁকেৰে সৰকা সময়ৰ চতুৰালি
এন্ধাৰৰ পিছত দিবই যে ফেঁহুজালি ।
দিন-মাহ-তাৰিখ মাথো একোটা সংখ্যা
গুৰুৱেহে বুজাব জীৱনৰ ব্যাখ্যা।
আগমন-বিসর্জন জগত খেলা
জানিও কৰিছোঁ কর্তব্যত হেলা ।
তিলতিলকৈ গোটোৱা সকলো ৰ’ব পৰি
যাবগৈ লাগিব যে মাতিলে মুৰাৰি ।
হেন জানি কিয় ভুল কৰোঁ পদে পদে,
কাইলৈ নহয়, আজিয়ে শুভাৰম্ভ হওক শুদ্ধ
পথে।
নতুন বছৰত হওক সমস্ত ভুলৰ অৱসান
নিজৰ দহৰ দেশৰ উন্নতিত সঁপি মনপ্রাণ
সকলোৰে কুশল হওক, দেশৰ মংগল হওক
স্বাগতম ২০২৪ বর্ষ, তোমাৰ প্ৰতিক্ষণ শুভ
হওক

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।