আমাৰ যে কিমান আশা | অসমীয়া কবিতা

ৰবীন কুলি

কালিৰ কপৌ হত্যাকাৰীসকল যেন
আজি শ্মশানত থাকক
কাইলৈ তাত ফুল ফুলক
কপৌবোৰে আহি তাতেই সুৰীয়া গীত জোৰক
দিনবোৰ তেনেকৈ আহক
নতুনবোৰ তেনেকৈ আহক
কালিৰ পৰ আজি আপোন হওক
ঘৃণাবোৰ মৰম হওক
মানৱতাৰ ঢৌত উঠি বাহি যাওক অমানৱতা
দিনবোৰ তেনেকৈ আহক
নতুনবোৰ তেনেকৈ আহক
নিৰাশা ভেদি আশাৰ পোহৰ আহক
‘কাইলৈ’ যেন অপেক্ষাৰ নহওক
জীৱন্ত হৈ উঠক “আজি”
যাৰ অন্তৰ মণি-মুকুতাৰে ভৰা তেওঁলোক অতীত নহওক
যাৰ আছে ধন তেওঁলোক নিৰ্ধনী নহওক
দিনবোৰ তেনেকৈ পুৰণি হওক
নতুনবোৰ তেনেকৈ আহক

More Poem

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।