আদিত্য এল-১ পইণ্ট গৈ পালেগৈ

৫০ হাজাৰ কোটি টকাৰ অৰ্ধশতাধিক কৃত্ৰিম উপগ্ৰহক দিব সুৰক্ষা

ভাৰতৰ প্ৰথমটো সূৰ্য অভিযান আদিত্য এল-১ যানখন কাইলৈ বিয়লি চাৰি বজাত ইয়াৰ লক্ষ্য স্থান এল-১ পইণ্টত উপনীত হ’বগৈ।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ’) নাছাই এই কথা প্ৰকাশ কৰে। ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে কয় যে আদিত্য এল-১ যানখন ৬ জানুৱাৰীৰ বিয়লি ৪ বজাত নিজৰ গন্তব্য স্থান এল-১ বিন্দুত উপনীত হ’ব।

তেওঁ কয় যে যানখনক কাইলৈ এল-১ পইণ্টৰ চৌদিশে থকা ছ’লাৰ হেল’ কক্ষপথত স্থাপন কৰা হ’ব। সেই সময়ত আদিত্য এল-১ৰ সূৰ্যৰ পৰা দূৰত্ব হ’বগৈ ১৫ লাখ কিল’মিটাৰ।

যানখনে সূৰ্যক অধ্যয়ন কৰি থকা কক্ষপথত স্থাপন কৰিবলৈ কিছুসময়ৰ কাৰণে কৃত্ৰিম উপগ্ৰহটোত থকা থ্রাষ্টাৰ সক্ৰিয় কৰা হ’ব। উল্লেখযোগ্য যে আদিত্য এল-১৩ মুঠ ১২টা থ্রাষ্টাৰ আছে।

ইয়াৰ ভিতৰত কেইটা সক্ৰিয় কৰা হ’ব সেইটো প্ৰকাশ কৰা হোৱা নাই। ইয়াৰ লগতে লিকুইড এপ’জী ইঞ্জিন অন কৰা হ’ব নে নহয়, সেই বিষয়েও কাইলৈহে সিদ্ধান্ত লোৱা হ’ব।

উল্লেখযোগ্য যে আদিত্যক এল-১ পইণ্টলৈ নিয়াটো যথেষ্ট প্রত্যাহবানমূলক। ইয়াৰ কাৰণে ইছৰ’ই যানখন ক’ত আছিল, বৰ্তমান ক’ত আছে আৰু ক’লৈ যাব তাৰ সম্পূৰ্ণ তথ্য জানি ল’ব লাগিব ।

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ আন চাৰিটা কৃত্রিম উপগ্রহ গোটৰ সৈতে চামিল হ’ব। কাইলৈ বিয়লি আদিত্য এল-১ক হেল’যানখনৰ সঠিক স্থানৰ তথ্য লাভ কৰাৰ বাবে কৰা প্ৰক্ৰিয়াটোক অর্বিট ডিটাৰমিনেশ্যন বুলি কোৱা হয় ।

ইয়াৰ পাছত কেই বাবাৰো যানখনৰ কক্ষপথ সলনি কৰি অৱশেষত নিজৰ প্ৰকৃত কক্ষপথত স্থাপন কৰা হ’ব।

এই কক্ষপথত যানখন সদায় থাকি সূৰ্যক প্রদিক্ষণ কৰি থাকিব। আদিত্য এল-১ অভিযানৰ সঞ্চালক নিগাৰ শ্বাজীয়ে কয় যে এই অভিযানটোৱে কেৱল সূর্যক অধ্যয়ন কৰাত সহায় কৰাই নহয়, প্রায় ৪০০ কোটি টকাৰ এই প্রকল্পই সৌৰ ধুমুহাৰ সম্পর্কতো তথ্যৰ যোগান ধৰিব।

ইয়াৰ ফলত প্রায় ৫০ হাজাৰ কোটি টকাৰ অর্ধশতাধিক কৃত্রিম উপগ্রহক সুৰক্ষিত কৰিব পৰাও যাব। ইয়াৰ লগতে এই দিশত সহায় বিচৰা দেশকো ভাৰতে সহায় কৰিব।

উল্লেখযোগ্য যে এল পইণ্ট অর্থাৎ লাগ্রাঞ্জ পইণ্টত কোনো গ্রহ বা নক্ষত্ৰৰ মাধ্যাকর্ষণ শক্তিৰ প্রভাৱ শূন্য।

আদিত্য এল-১ যানখনে সৌৰ ধুমুহাৰ কাৰণ আৰু পৃথিৱীৰ বায়ুমণ্ডলত ইয়াৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰিব।

ইয়াৰ উপৰি যানখনে সূৰ্যৰ জ্যোতির্বলয়ৰ পৰা ওলোৱা গৰম বতাহৰ লগতে সৌৰ বায়ুমণ্ডলৰ বিষয়ে অধ্যয়ন কৰিব

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।