সবিতা বৰা কোঁৱৰ
নদী শান্ত হৈ বৈ থাকক
ফুলবোৰ কলিতে মৰহি নাযাওক
হত্যা, লুণ্ঠন, দুর্ঘটনা হ্রাস পাওক
ভোকৰ যাতনা দুৰ্ভিক্ষ নোহোৱা হওক
তুমি মই আমি হওঁ
গছৰ শিপা সুদৃঢ় হওক
আকাশ আৰু পৃথিৱীৰ গান-কবিতাৰ
ছন্দে ছন্দে ফুলি উঠক সময়
য’তেই শূন্যতাই নিৰলে উচুপি আছে
তাৰ আগত এক এটি আহি
পূর্ণতা আনক
এনেকৈয়ে দুঃসময়
নিপাত যাওক !