প্ৰাচীন ভাৰতীয় শিক্ষা class 10 assamese Notes || assamese class 10 chapter 16 question answer

প্ৰাচীন ভাৰতীয় শিক্ষা class 10 assamese Notes

হেমচন্দ্র গােস্বামী (১৮৭২-১৯২৮)

লেখক পৰিচিতি

হেমচন্দ্র গােস্বামীৰ জন্ম হয় ১৮৭২ চনৰ ৮ জানুৱাৰী তাৰিখে গােলাঘাটৰ ঢেকীয়াল মৗজাত গৌৰাং সত্ৰত। পিতৃ ডম্বৰুধৰ গােস্বামী আৰু মাতৃ ঘনকান্তি গােস্বামী।

১৮৮৮ চনত নগাঁও চৰকাৰী হাইস্কুলৰ পৰা প্রথম বিভাগত এঞ্চে পৰীক্ষা পাছ কৰি কলিকতাৰ প্রেছিডেন্সি কলেজত বি. এ. মহলালৈ পাঢ়ে যদিও বি. এ. পাছ নকৰাকৈয়ে অসমলৈ ঘূৰি আহে। অসমত চৰকাৰী চাকৰি কৰি ১৯২৫ চনত ই. এ. চি. ৰূপে ১৯২৬ চনত অৱসৰ গ্ৰহণ কৰে।

ইয়াৰ আগতে অৱশ্যে তেওঁ গুৱাহাটীৰ সােণাৰাম হাইস্কুলত প্রধান শিক্ষক হিচাপে আৰু শ্বিলঙৰ সচিবালয়তাে কিছুকাল চাকৰি কৰিছিল।

কলিকতাত পঢ়ি থকা অৱস্থাতে তেওঁ চন্দ্র কুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ সতে লগ লাগি অ. ভা, উ, সা, সভাৰ লগত জড়িত হৈ পৰে আৰু এই ত্রিমূর্তিয়ে ‘জোনাকী’ কাকতৰ জন্ম দিয়ে।

তেওঁ কিছুকাল ‘জোনাকী’কাকতৰ সম্পাদকো আছিল।‘জোনাকী’ কাকততেই প্রকাশিত তেওঁৰ ‘প্রিয়তমাৰ চিঠি’ নামৰ কবিতাটিয়েই প্রথম অসমীয়া চনেট কবিতা।

অসম সাহিত্য সভাৰ ১৯২০ চনত তেজপুৰত অনুষ্ঠিত অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল। ১৯২৮ চনৰ ২ মে’ তাৰিখে গােস্বামীদেৱৰ দেহাৱসান ঘটে।

হেমচন্দ্র গােস্বামীদেৱৰ উল্লেখযােগ্য প্রকাশিত গ্রন্থসমূহ হ’ল— কবিতা সংকলন ফুলৰ চাকি’ (১৯০৭), “অসমীয়া সাহিত্যৰ চানেকি’ (১৯২৯ ‘A Descriptive Catalogue of Assamese Manuscripts’ (১৯২৭); সম্পাদিত গ্রন্থ-হেমকোষ (১৯০০), ভট্টদেৱৰ কথাগীতা (১৯১৮), দৰং ৰাজবংশাৱলী’, ‘হস্তীবিদ্যার্ণৱ’, শ্রীহস্তমুক্তাৱলী’, ‘পুৰণি অসমীয়া বুৰঞ্জী (১৯২১), কামৰত্নতন্ত্র আদি। অসমীয়া সাহিত্যত প্রত্নতাত্ত্বিক গৱেষক আৰু প্রাচীন পুথি সম্পাদনাৰ অন্যতম পথ প্রদর্শক ৰূপে তেওঁ সুপৰিচিত আছিল।

ভাববিষয়ক প্রশ্নোত্তৰ

প্রশ্ন ১। চমু উত্তৰ লিখা

(ক) তক্ষশীলা বিশ্ববিদ্যালয়ৰ তিনিজন প্রখ্যাত ছাত্ৰৰ নাম লিখা।
উত্তৰ : বুদ্ধদেৱৰ চিকিৎসক জীৱক, পাণিনি আৰু চাণক্য।

(খ) তক্ষশীলালৈ কোন কোন দেশৰ পৰা ছাত্র আহিছিল ?
উত্তৰ – পাৰস্য, বেকট্রিয়া, মগধ আৰু চীন দেশ আদিৰ পৰা।

(গ) নাগার্জুন কোন ? ক’ত আছিল আৰু কি কৰিছিল ?
উত্তৰ – নাগার্জুন শ্রীধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল।

(ঘ) নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্রক কামৰূপ ৰাজছৈ। নিমন্ত্রণ কৰা হৈছিল? নিমন্ত্রণ কৰা ৰজাজন কোন?
উত্তৰঃ চীনা ছাত্রজন আছিল য়ুয়ানচাঙ আৰু নিমন্ত্রণ কৰা ৰজাজন আছিল ভাস্কৰ বর্মা।

(ঙ) উদান্তপুৰী বিশ্ববিদ্যালয়ত কি সম্পদ কোনে, কেতিয়া ধ্বংস কৰিলে ?
উত্তৰঃ উদান্তপুৰী বিশ্ববিদ্যালয়ৰ সেই সম্পদটো হ’ল—এটা বহুমূলীয়া পুথিভঁৰাল। এই পুথিভঁৰালটো ১২০২ খ্রীষ্টাব্দত মুছলমানবিলাকে ধ্বংস কৰিলে।

(চ) কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলনক্ষেত্র আছিল?
উত্তৰঃ মহাজাৰ বিক্রমাদিত্যৰ ৰাজত্বৰ দিনত ভাৰতবৰ্ষৰ সকলাে পণ্ডিতৰ মিলনক্ষেত্র আছিল উজ্জয়িনী বিশ্ববিদ্যালয়।

প্রশ্ন ২। প্রাচীন ভাৰতীয় শিক্ষা পাঠটিৰ কথাখিনি চমুকৈ লিখা।
উত্তৰঃ আর্য শিক্ষাৰ মূলমন্ত্র মােক্ষ লাভ হলেও তাক কর্ম, ভক্তি আৰু জ্ঞানৰ দ্বাৰাহে লাভ কৰাৰ বিধান আছে। প্রতি মানুহৰ পুৰুষাৰ্থক চাৰি ভাগত ভাগ কৰিছিল– ধর্ম, অর্থ, কাম, মােক্ষ।

মােক্ষক পৰম পুৰুষাৰ্থ বুলি ধৰিলেও তাৰ অধিকাৰী স্বভাৱতে কম হ’ব বুলি ভাবি সর্বসাধাৰণ মানুহৰ বাবে বাকী তিনি বৰ্গৰ সাধনা বিধান কৰিছিল। ত্যাগ শিক্ষাৰ চৰম উদ্দেশ্য হলেও অনাসক্ত ভােগকহে প্রকৃত ত্যাগ বুলিছিল।

এনেবােৰ শিক্ষাৰ কাৰণে প্রাচীন ভাৰতত ছয়টা বিশ্ববিদ্যালয় আছিল। এই ছয়টা হ’ল— তক্ষশীলা, শ্রীধান্যকটক, নালন্দা, উদান্তপুৰী, দেৱবিহাৰ বা বিক্রমশীলা আৰু উজ্জয়িনী।

তক্ষশীলা বিশ্ববিদ্যালয় খ্রীষ্টপূর্ব এক শতিকালৈকে আছিল। এই বিশ্ববিদ্যালয়ৰ তলত কেইবাখনাে চতুষ্পঠী আছিল আৰু তাত ওঠৰবিধ শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰ-বিদ্যা, চিত্রাংকন, মূর্তিকটা আৰু আন আন হাতেৰে কৰা বিদ্যাৰ শিক্ষা দিয়া হৈছিল।

ইয়াত অত্রেয় ঋষিয়ে আয়ুর্বেদ শিক্ষা দিছিল। এই বিশ্ববিদ্যালয়ৰ তিনিজন প্রখ্যাত ছাত্র হলবুদ্ধদেৱৰ চিকিৎসক জীৱক, পাণিনি আৰু চাণক্য। এই বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ পাৰস্য, বেকত্রিয়া, মগধ, চীন আদি দেশৰ পৰাও ছাত্র আহিছিল। ই হিন্দু বিশ্ববিদ্যালয় গুচি বুদ্ধবিশ্ববিদ্যালয় হ’ল।

মীধান্যকটক বিশ্ববিদ্যালয়ত হিন্দু আৰু বৌদ্ধ দুয়ােবিধ শিক্ষা দিয়া হৈছিল। নাগার্জুন। আছিল ইয়াৰ প্রধান শিক্ষক। খ্রীষ্টপূর্ব একশতিকালৈ এই বিশ্ববিদ্যালয় আছিল।

নালন্দা বিশ্ববিদ্যালয়ত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। এই আগৰ বাহিৰে ভিতৰে দহ হাজাৰ ছাত্ৰ আছিল। দেশ-বিদেশৰ ছাত্ৰৰে বিশ্ববিদ্যালয়খন ছিল। ইয়াত ন-তলীয়া এটা পুথিভঁৰাল আছিল। পুথিভঁৰালটোৰ নাম আছিল দধি।

শিক্ষাগাৰটোত এশটা কোঠালিত এশটা শ্রেণী বহিব পাৰিছিল।এই বিশ্ববিদ্যালয়ত চীন দেশৰ পৰিব্রাজক য়ুয়ানচ্যাঙে যােগশাস্ত্র পঢ়ি আছিল তেতিয়া কামৰূপৰ ৰজা ৰ বৰ্মাই তেওঁক কামৰূপলৈ আমন্ত্রণ জনাইছিল। এই বিশ্ববিদ্যালয় খ্রীষ্টপূর্ব এক শতিকাৰ আঠ খ্রীষ্টাব্দলৈকে তিষ্ঠি আছিল। শীলভদ্র এই বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল।
উদান্তপুৰী বিশ্ববিদ্যালয় খ্রীষ্টীয় ৮ম শতাব্দীত বিখ্যাত হৈ পৰিছিল। এই বিশ্ববিদ্যালয়ত এটা অমলীয়া পুথিভঁৰাল আছিল। পিছত ১২০২ খ্রীষ্টাব্দত মুছলমানবিলাকে ইয়াক নষ্ট কৰিলে।

দেw বিহাৰ বা বিক্রমশীলা বিশ্ববিদ্যালয়ৰ তলত ছয়টা উচ্চ বিদ্যালয় আৰু ১০৮ জন অধ্যাপক আছিল। ছাত্র থাকিবৰ কাৰণে ইয়াত চাৰিখন সত্র বা ছাত্রাবাস আছিল। ৪০০ বছৰৰ পাছত এই বিশ্ববিদ্যালয় নষ্ট হয়।

উজ্জয়িনী বিশ্ববিদ্যালয় বিক্রমাদিত্যৰ দিনত ভাৰতবৰ্ষত সকলাে পণ্ডিতৰে মিলন ক্ষেত্র আছিল। ইয়াত বিশেষকৈ জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। বুদ্ধদেৱৰ দিনত ই প্রখ্যাত হৈ পৰিছিল।

আর্যশিক্ষা ৬৪ কলাবিদ্যাৰ শিক্ষা ১১ টা নির্দিষ্ট বিভাগত দিয়া হৈছিল। এই ১১ টা বিভাগ হলৈ– (১) সাহিত্য, (২) গৃহপাল বিদ্যা, (৩) ৰন্ধন বিদ্যা, (৪) সাজ-সজ্জা আৰু পৰিচ্ছদ বিদ্যা, (৫) হাতেৰে কাম কৰা বিদ্যা, (৬) শিল্প বিদ্যা, (৭) বিজ্ঞান, (৮) সংগীত বিদ্যা, (৯) নাট্য বিদ্যা, (১০) শিষ্টাচাৰ বিদ্যা, (১১) শাৰীৰিক ব্যায়াম বিদ্যা।

ওপৰৰ বৰ্ণনাৰ পৰা বুজা যায় আন সভ্য দেশত ছাত্ৰৰ শিক্ষাৰ কাৰণে যেনে ব্যৱস্থা। আছিল, আমাৰ ভাৰতবৰ্ষতাে তাতােকৈ কম ব্যৱস্থা নাছিল। আগৰ কালত এইবােৰ বিশ্ববিদ্যালয়ত ছাত্ৰই পঢ়ি-শুনি সত্য উদঘাটন কৰিছিল।

কিন্তু বর্তমান ভাৰতত শিক্ষা ব্যৱস্থাই তেনে ছাত্র-ছাত্রী খুব কমেহেউৎপাদন কৰিব পাৰিছে। আজিকালিৰ শিক্ষা চাকৰিমুখ। শিক্ষা হােৱাৰ কাৰণেই তেনে সত্যসন্ধানী ছাত্র বিশেষভাৱে সৃষ্টি কৰিব পৰা নাই।

প্রশ্ন ৩। প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ চমু পৰিচয় দিয়া।
উত্তৰঃ প্রাচীন ভাৰতত ছয়খন বিশ্ববিদ্যালয় আছিল। এই ছয়খনৰ চমু পৰিচয় তলত দিয়া হ’ল –

১) তক্ষশীলা বিশ্ববিদ্যালয় – এই বিশ্ববিদ্যালয় খ্রীষ্টপূর্ব এক শতিকালৈকে আছিল। ধবদ্যালয়ৰ তলত কেবাখনাে চম্পাঠী আছিল। তাত ওঠৰ বিধ শিক্ষা দিয়া হৈছিল।

তাত ভাস্কৰ-বিদ্যা, চিত্রাংকন, মুর্তিকটা আৰু আন আন হাতেৰে কৰা বিদ্যাৰ শিক্ষা দিয়া। ইয়াতে অত্রেয় ঋষিয়ে আয়ুর্বেদ শিক্ষা দিছিল। এই বিশ্ববিদ্যালয়ৰ তুিনিজন প্রখ্যাত ছাত্র হ’ল— বুদ্ধদেৱৰ চিকিৎসক জীৱক, পাণিনি আৰু চানক্য।

এই বিশ্ববিদ্যালয়লৈ পাৰস্য, বেকত্রিয়া, মগধ, চীন আদি বিভিন্ন দেশৰ পৰাও ছাত্র আহিছিল। ই প্রথমে হিন্দু বিশ্ববিদ্যালয় আছিল যদিও পিছলৈ ই বুদ্ধবিশ্ববিদ্যালয় হ’ল।

(২) শ্রীধান্যকটক বিশ্ববিদ্যালয় – অম্ৰাৱতী নগৰৰ ওচৰত এই বিশ্ববিদ্যালয় আছিল। ই খ্রীষ্টপূর্ব এক শতিকালৈ বৰ্তি আছিল। ইয়াত হিন্দু আৰু বৌদ্ধ এই দুয়ােবিধ শিক্ষাকে দিয়া হৈছিল। নাগার্জুন আছিল ইয়াৰ প্রধান শিক্ষক।

(৩) নালন্দা বিশ্ববিদ্যালয় – খ্রীষ্টপূর্ব এক শতিকাৰ পৰা আঠ খ্রীষ্টাব্দলৈকে এই। বিশ্ববিদ্যালয় বৰ্তি আছিল। ইয়াত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। শীলভদ্র এসময়ত এই বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল। বিশ্বৰ বিভিন্ন দেশৰ ছাত্ৰৰে এই বিশ্ববিদ্যালয় ভৰি আছিল।

ইয়াত একেলগে দহহাজাৰ ছাত্ৰই অধ্যয়ন কৰিছিল। পাঠাগাৰটোৰ এশটা কোঠাত এশটা শ্রেণী বহিছিল। ভাৰতৰ বৃহৎ পুথিভঁৰালটো ইয়াতেই আছিল। নতলীয়া এই পুথিভঁৰালটোৰ নাম আছিল ৰত্নাদধি। চীন পৰিব্রাজক য়ুয়ানচ্যাঙে ইয়াত অধ্যয়ন কৰি থকা অৱস্থাত ৰজা ভাস্কৰ বৰ্মনে তেওঁক কামৰূপলৈ আমন্ত্রণ জনাইছিল।

যুয়ানচ্যাঙে এই বিশ্ববিদ্যালয়ত যােগশাস্ত্ৰ পঢ়িছিল। এই বিশ্ববিদ্যালয়ত ছাত্রক কোনাে খৰচ নােলােৱাকৈ শিক্ষাদান কৰা হৈছিল।

(৪) উদান্তপুৰ বিশ্ববিদ্যালয় – পাল ৰজাসকলৰ আগৰ পৰাই এই বিশ্ববিদ্যালয় আছিল যদিও খ্রীষ্টীয় ৮ম শতিকাতহে ই খ্যাতি লাভ কৰে। ইয়াত থকা বহুমূলীয়া পুথিভঁৰালটো ১২০২ খ্রীষ্টাব্দত মুছলমানবিলাকে নষ্ট কৰিলে।

(৫) দেৱৰিহাৰ বা বিক্রমশীলা বিশ্ববিদ্যালয় – এই বিশ্ববিদ্যালয়ৰ তলত ছয়টা উচ্চ বিদ্যালয় আৰু ১০৮ জন অধ্যাপক আছিল।

ইয়াত কোনাে খৰচ নােহােৱাকৈ ছাত্রক শিদান কৰা হৈছিল আৰু খাবলৈ, থাকিবলৈ দিয়া হৈছিল। ছাত্ৰ থাকিবৰ বাবে ইয়াৰ গাতে লগাকৈ মনিন সর বা চাকাবাস আচিল। ৪০০ বছৰৰ পাছত এই বিশ্ববিদ্যালয় নষ্ট হয়।

(৬) উজ্জয়িনী বিশ্ববিদ্যালয় – উজ্জয়িনীত অৱস্থিত এই বিশ্ববিদ্যালয় ৰজা বিক্রমাদিত্যৰ ৰাজত্বৰ সময়ত ভাৰতবৰ্ষৰ সকলাে পণ্ডিতৰ মিলন ক্ষেত্র আছিল।

ইয়াত ঘাইকৈ জ্যোতিশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। বুদ্ধদেৱৰ দিনতাে ই প্রখ্যাত হৈ পৰিছিল। ১১ টা বিভাগত আর্যশিক্ষাত ৬৪ কলাবিদ্যাৰ শিক্ষা ইয়াত দিয়া হৈছিল।

এই ১১ টা বিভাগ হ’ল– (১) সাহিত্য, (২) গৃহপাল বিদ্যা, (৩) ৰন্ধন বিদ্যা, (৪) সাজ-সজ্জা আৰু পৰিচ্ছদ বিদ্যা, (৫) হাতেৰে কাম কৰা বিদ্যা, (৬) শিল্পবিদ্যা, (৭) বিজ্ঞান, (৮) নাট্য বিদ্যা, (৯) সংগীত বিদ্যা, (১০) শিষ্টাচাৰ বিদ্যা, (১১) শাৰীৰিক ব্যায়াম বিদ্যা।

প্রশ্ন ৪। আর্য শিক্ষাৰ কলাবিদ্যা কিমানটা ? প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয় সমূহত আর্যশিক্ষাৰ কলা বিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল ?
উত্তৰ – আর্যশিক্ষাৰ কলাবিদ্যা আছিল ৬৪ টা। সাহিত্য, গৃহপাল বিদ্যা, ৰন্ধন বিদ্যা, সাজ-সজ্জা আৰু পৰিচ্ছদ বিদ্যা, হাতেৰে কাম কৰা বিদ্যা, শিল্পবিদ্যা, বিজ্ঞান, নাট্য বিদ্যা, xongeet বিদ্যা, শিষ্টাচাৰ বিদ্যা আৰু শাৰীৰিক ব্যায়াম বিদ্যা — এই এঘাৰটা বিভাগত এই। ৬৪ টা কলাবিদ্যাৰ শিক্ষা দিয়া হৈছিল।

প্রশ্ন ৫। আজিকালিৰ শিক্ষাৰ লগত প্রাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পার্থক্য কথা বহলাই আলােচনা কৰা।
উত্তৰ ও প্রাচীন কালত ভাৰতত শিক্ষা লাভ কৰি নানা বিষয়ত সিদ্ধি লাভ কৰি নতুন মতন তত্ত্ব আৰু সত্য আৱিষ্কাৰ কৰিব পাৰিছিল। এই কাম সেই সময়ত প্ৰায়বােৰ ছাত্ৰই কৰিব পাৰিছিল।

কিন্তু আজিকালিৰ সকলাে ছাত্রই সেইবােৰ ছাত্ৰৰ দৰে শিক্ষা লাভ কৰি তেনেদৰে নতুন নতুন তত্ত্ব আৰু সত্য আৱিষ্কাৰ কৰিব পৰা নাই। অৱশ্যে তাৰে মাজতে নিচেই নগণ্য সংখ্যক ছাত্রকেইজনে প্রতিভা দেখুৱাব পাৰিছে।

ইয়াৰ প্ৰধান কাৰণ হ’ল আগৰ দিনত আজিকালিৰ দৰে শিক্ষাৰ উদ্দেশ্য চাকৰি নাছিল। আগৰ কালৰ শিক্ষাৰ উদ্দেশ্য আছিল মানুহ সজ বৃত্তিবােৰক ফুলাই তুলি অসৎ বৃত্তিবােৰক দমাই বা দলিয়াই পেলাই তেওঁক প্রকত মানুহ হিচাপে গঢ়ি তােলা আৰু তেওঁক জীৱন যুদ্ধৰ নিমিত্তে ভালকৈ সাজু কৰা।

প্রশ্ন ৬। চমুটোকা লিখা

তক্ষশীলা বিশ্ববিদ্যালয়, বিক্রমশীলা বিশ্ববিদ্যালয়, নালন্দা বিশ্ববিদ্যালয়।

উত্তৰ – তক্ষশীলা বিশ্ববিদ্যালয় – বিশ্ববিদ্যালয় খ্রীষ্টপূর্ব এক শতিকালৈকে বর্তি আছিল। এই বিশ্ববিদ্যালয়ৰ তলত কেবাখনাে চতুষ্পদী আছিল। তাত ওঠৰ বিধ বিষয়ৰ শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰ-বিদ্যা, চিত্রাংকন, মূর্তিকটা আৰু আন আন হাতেৰে কৰা বিদ্যাৰ শিক্ষা দিয়া হৈছিল।

এই বিশ্ববিদ্যালয়ত অত্রেয় ঋযিয়ে আয়ুর্বেদ শিক্ষা দিছিল। ইয়াত অধ্যয়ন কৰা প্রখ্যাত ছাত্ৰ কেইজনমান হ’ল—বুদ্ধদেৱৰ চিকিৎসক জীৱক, পাণিনি আৰু চাণক্য।

এই বিশ্ববিদ্যালয়লৈ পাৰস্য, বেকত্রিয়া, মগধ, চীন আদি বিভিন্ন দেশৰ পৰা পঢ়িবলৈ ছাত্র আহিছিল। ই প্রথমে হিন্দু বিশ্ববিদ্যালয় আছিল যদিও পিছলৈ বুদ্ধবিশ্ববিদ্যালয় হ’ল।

বিক্রমশীলা বিশ্ববিদ্যালয় – বিক্রমশীলা বা দেৱৰিহাৰ বিশ্ববিদ্যালয়ৰ তলত ছয়টা উচ্চ বিদ্যালয় আৰু ১০৮ জন অধ্যাপক আছিল। ইয়াত কোনাে খৰচ নােলােৱাকৈ ছাত্রক পিঢ়বলৈ, খাবলৈ আৰু থাকিবলৈ দিয়া হৈছিল।। ছাত্র থাকিবৰ বাবে বিশ্ববিদ্যালয়ৰ গাতে চাৰিখন সত্র বা ছাত্রাবাস আছিল। ৪০০ বছৰৰ পাছত বিশ্ববিদ্যালয়খন নষ্ট হৈ গৈছিল।

নালন্দা বিশ্ববিদ্যালয় – খ্রীষ্টপূর্ব এক শতিকাৰ পৰা খ্রীষ্টাব্দ ৮ম শতিকালৈ এই দ্যালয়খনি বৰ্তি আছিল। ইয়াত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল।

এসময়ত এই বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল। বিশ্বৰ বিভিন্ন দেশৰ ছাত্ৰৰে এই বিদ্যালয় ভৰি আছিল। ছাত্ৰৰ পৰা কোনাে খৰচ নােলােৱাকৈ পাঠদান কৰা হৈছিল। একেলগে দহহাজাৰ ছাত্ৰই অধ্যয়ন কৰিছিল। পাঠাগাৰটোৰ এশটা কোঠাত এশটা। শ্ৰেণীত একে সময়তে পাঠদান হৈছিল।

ভাৰতৰ আটাইতকৈ বৃহৎ পুথিভঁৰালটো ইয়া আছিল। নতলীয়া এই পুথিভঁৰালটোৰ নাম আছিল ৰত্নাদধি’। চীন পরিব্রাজক ময়ানা ইয়াত যােগশাস্ত্র পঢ়ি থকাৰ সময়ত কামৰূপৰ পৰা ভাস্কৰ বৰ্মনে তেওঁক কামক আমন্ত্রণ জনাইছিল।

প্রশ্ন ৭। প্রাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধটোৰ ৰা তুমি কি কি মূল্যবান কথা শিকিল। চমুকৈ লিখা।
উত্তৰ – প্রাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধটো পঢ়ি এই কেইটা মূল্যবান কথা শিকি লো—
(ক) আন আন উন্নত আৰু সজ দেশত শিক্ষাৰ যি সুবিধা আছিল সেই সুবিধা প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়বােৰতাে আছিল।

(খ) আজিকালিৰ শিক্ষাৰ লগত প্রাচীন ভাৰতীয় শিক্ষাৰ যথেষ্ট পার্থক্য আছিল। উদ্দেশ্যও বেলেগ বেলেগ আছিল।
আজিৰ শিক্ষাৰ উদ্দেশ্য ছাত্রক মানুহ হিচাপে গঢ়ি তােলাতকৈ চাকৰিৰ উপযুক্ত কৰি গঢ়ি তােলাহে; কিন্তু প্রাচীন শিক্ষাৰ উদ্দেশ্য চাকবিমুখী নাছিল; উদ্দেশ্য আছিল মানুহৰ সজবৃত্তিবােৰক ফুলাই তুলি অসৎ বৃত্তিবােৰক দমাই বা দলিয়াই পেলাই ছাত্ৰক জীৱন যুদ্ধৰ নিমিত্তে ভালকৈ সাজু কৰা।

(গ) আগৰ ছাত্ৰৰ দৰে আজিকালিৰ বেছিভাগ ছাত্র-ছাত্রীয়ে নতুন নতুন তত্ত্ব আৰু সত্য আবিষ্কাৰত ব্ৰতী নহয়। নতুন নতুন তত্ত্ব আৰু সত্য সন্ধানী হ’লেহে ছাত্র-জীৱন সার্থক হয়, – এই কথাও শিকিলোঁ।

ভাব বিষয়ক প্রশ্নোত্তৰ

বাক্য ৰচনা কৰা

(ক) স্বাধীন চিন্তা, (খ) জ্যোতিষশাস্ত্র, (গ) পােৰামাটি (ঘ) বাহিৰে-ভিতৰে

(ক) স্বাধীন চিন্তা – স্বাধীন চিন্তা কৰিব পাৰিলেহে মন মুকলি হয়।
(খ) জ্যোতিষ শাস্ত্র – প্রাচীন ভাৰতৰ উজ্জয়িনী বিশ্ববিদ্যালয়ত জ্যোতিষ শাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল।
(গ) পােৰামাটি – অর্কিয়ােলজিকেল বিভাগে খনন কার্য কৰাত ভাস্কৰ বৰ্মাই য়ুয়ানচাঙলৈ দিয়া চিঠিৰ লগতে এটা পােৰামাটিৰ মােহৰ উদ্ধাৰ কৰিছিল।
(ঘ) বাহিৰে ভিতৰে – নালন্দা বিশ্ববিদ্যালয়ত বাহিৰে-ভিতৰে দহ হাজাৰ ছাত্ৰ আছিল।

তলৰ শব্দকেইটাৰ সন্ধি ভাঙা

শিক্ষাগাৰ, বিদ্যালয়, পুৰুষাৰ্থ

  • শিক্ষাগাৰ = শিক্ষা + আগাৰ
  • বিদ্যালয় – বিদ্যা + আলয়
  • পুৰুষাৰ্থ = পুৰুষ + আর্থ।

শব্দার্থ আৰু ভাষাচর্চা

  • মােক্ষ – সংসাৰ বন্ধনৰ পৰা মুক্ত পােৱা অৱস্থা, নির্বাণ, মুক্তি।
  • puruxatho – ধর্ম, অর্থ, কাম, আৰু মােক্ষপুৰুষৰ প্ৰয়ােজনীয় এই চাৰি বৰ্গ, চেষ্টা বা যত্ন।
  • paণিনি – সংস্কৃত ভাষাৰ প্রথম ব্যাকৰণ প্রণেতা। এওঁৰ সংস্কৃত ব্যাকৰণখন আঠটা অধ্যায় সম্পূর্ণ বাবে নামাে হৈছে ‘অষ্টাধয়ী। আদিৰ পৰা অন্তলৈকে ব্যাকৰণখন সূত্ৰৰে বন্ধা।
  • চাণক্য – মৌযবংশীয় ৰজা চন্দ্রগুপ্তৰ ব্ৰাহ্মণ মন্ত্রী। ৰাষ্ট্র বিজ্ঞানৰ এগৰাকী অতি বিচক্ষণ বুদ্ধিৰ লােক। এওঁৰেই অন্য দুটি নাম হ’ল– বিষ্ণুগুপ্ত আৰু কৌটিল্য। অর্থশাস্ত্র হ’ল এওঁৰ বিশ্ব বিখ্যাত গ্রন্থ।
  • অর্থ – ধন।
  • কাম – কামনা, বাসনা।
  • বিধান – উপায়, ব্যৱস্থা, বীজ, কঠিয়া, সঁচ।
  • বর্গ – শ্রেণী।
  • চৰম – শেয়, অন্তিম।
  • অত্রেয় – এজন ঋষি বা মুনি। তেওঁ তক্ষশীলা বিশ্ববিদ্যালয়ত ছাত্ৰক আয়ুর্বেদ শিক্ষা দিছিল। বুদ্ধদেৱৰ চিকিৎসক জীৱক এওঁৰেই ছাত্র আছিল।
  • নাগার্জুন – শ্রীধান্যকটক বিশ্ববিদ্যালয়ৰ এওঁ আছিল প্রধান শিক্ষক।
  • শীলভদ্র – এজন উদাসীন পণ্ডিত আছিল। নালন্দা বিশ্ববিদ্যালয়ৰ তেওঁ এটা সময়ত।
  • অক্ষ্যক্ষ আছিল।
  • ৰত্নোদধি – প্রাচীন ভাৰতবৰ্ষৰ সকলােতকৈ ডাঙৰ পুথিভঁৰালটোৰ নাম ৰত্বেদধি। এই পুথিভঁৰালটো আছিল নালন্দা বিশ্ববিদ্যালয়ত। পুথিভঁৰালটো-ন তলীয়া আছিল।
  • য়ুয়ানচাঙ – নালন্দা বিশ্ববিদ্যালয়ত ‘যােগশাস্ত্র’ পঢ়িবলৈ অহা এগৰাকী চীনা ছাত্র
  • আৰু পৰিব্রাজক।

অতিৰিক্ত প্রশ্নোত্তৰ

(ক) অতি চমু উত্তৰ দিয়া –

প্রশ্ন ১। প্রাচীন ভাৰতীয় শিক্ষা প্রবন্ধটিৰ লিখক কোন?
উত্তৰ – হেমচন্দ্র গােস্বামী।

প্রশ্ন ২। হেমচন্দ্র গােস্বামীৰ জন্ম কত হৈছিল ?
উত্তৰ – গােলাঘাটৰ ওচৰত ঢেকিয়ালত।

প্রশ্ন ৩। হেমচন্দ্র গােস্বামীৰ পিতৃৰ নাম কি?
উত্তৰ – ডম্বৰুধৰ গােস্বামী।

প্রশ্ন ৪। প্রথম অসমীয়া চনেট কবিতা কোনে লিখিছিল ?
উত্তৰঃ হেমচন্দ্র গােস্বামীয়ে।

প্রশ্ন ৫। প্রথম অসমীয়া চনেট কবিতাটোৰ নাম কি?
উত্তৰঃ ‘প্রিয়তমাৰ চিঠি’।

প্রশ্ন ৬। হেমচন্দ্র গােস্বামীৰ ৰচিত প্রথম অসমীয়া চনেট কবিতা ‘পি। প্রথমে কত প্রকাশ পাইছিল?
উত্তৰঃ জোনাকী কাকতত।

প্রশ্ন ৭। হেমচন্দ্র গােস্বামীয়ে কি কাকতৰ সম্পাদকৰ দায়িত্বত আছিল?
উত্তৰঃ জোনাকী কাকতৰ।

প্রশ্ন ৮। ফুলৰ চাকি’ কবিতা সংকলনখনৰ কবি কোন?
উত্তৰঃ হেমচন্দ্র গােস্বামী।

প্রশ্ন ৯। হেমচন্দ্র গােস্বামীৰ যত্নত ছপা হােৱা অভিধানখনৰ নাম কি?
উত্তৰঃ হেমকোষ।

প্রশ্ন ১০। অসম সাহিত্য সভাৰ কোন অধিৱেশনত হেমচন্দ্র গােস্বামীয়ে সভাপতিত্ব কৰিছিল?
উত্তৰ – ১৯২০ চনত তেজপুৰত অনুষ্ঠিত হােৱা অধিৱেশনত।

প্রশ্ন ১১। হেমচন্দ্র গােস্বামীৰ জন্ম আৰু মৃত্যু চন দুটা উল্লেখ কৰা।
উত্তৰ – জন্ম চন– ১৮৭২, মৃত্যু চন – ১৯২৮

প্রশ্ন ১২। পুৰণি অসমৰ বুৰঞ্জী গ্রন্থখনিৰ লেখক কোন?
উত্তৰ – হেমচন্দ্র গােস্বামী।

প্রশ্ন ১৩। আর্যশিক্ষাৰ মূলমন্ত্র কি ?
উত্তৰ – মােক্ষলাভ।

প্রশ্ন ১৪। মােক্ষলাভ কিহৰ ভিতৰেদি পােৱাৰ বিধান আছে?
উত্তৰঃ কর্ম, ভক্তি আৰু জ্ঞানৰ ভিতৰেদি।

প্রশ্ন ১৫। প্রতি মানুহৰ পুৰুষাৰ্থক কেইভাগত ভাগ কৰিছিল ? ভাগবােৰ কি?
উত্তৰ – চাৰি ভাগত ভাগ কৰিছিল। ভাগবােৰ হ’ল ধর্ম, অর্থ, কাম আৰু mhyookh

প্রশ্ন ১৬। প্রাচীন ভাৰতৰ কেইখন বিশ্ববিদ্যালয় আছিল ?
উত্তৰঃ ছয়খন।

প্রশ্ন ১৭। প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়কেইখনৰ নাম লিখা।
উত্তৰঃ বিশ্ববিদ্যালয়কেইখনৰ নাম হ’ল- তক্ষশীলা, শ্ৰধান্যকটক, নালন্দা, বিক্রমশীলা আৰু উজ্জয়িনী বিশ্ববিদ্যালয়।

প্রশ্ন ১৮। তক্ষশীলা বিশ্ববিদ্যালয়ত কিমান বিধৰ শিক্ষা দিয়া হৈছিল?
উত্তৰ – ওঠৰ বিধ শিক্ষা।

১৯। তক্ষশীলা বিশ্ববিদ্যালয়ত কি কি বিদ্যাৰ শিক্ষা দিয়া হৈছিল ?
উত্তৰ – ভাস্কৰবিদ্যা, চিত্রাংকণ, মূর্তিকটা আৰু আন আন হাতেৰে কৰা বিদ্যাৰ শিক্ষা। দিয়া হৈছিল।

প্রশ্ন ২০। অত্রেয় মুনি কোন বিশ্ববিদ্যালয়ৰ শিক্ষক আছিল? তেওঁ তাত কিহৰ শিক্ষাদান কৰিছিল ?
উত্তৰঃ অত্রেয় মুনি তক্ষশীলা বিশ্ববিদ্যালয়ৰ শিক্ষক আছিল। তেওঁ তাত আয়ুর্বেদ শিক্ষা দিছিল ।

প্রশ্ন ২১। জীৱক’ কাৰ ছাত্ৰ আছিল?
উত্তৰ – অত্রেয় মুনিৰ।

প্রশ্ন ২২। বুদ্ধদেৱৰ চিকিৎসক কোন আছিল ?
উত্তৰ – অত্রেয় মুনিৰ ছাত্ৰ জীৱক’ |

প্রশ্ন ২৩৷ তক্ষশীলা বিশ্ববিদ্যালয়খন প্রথমে কি বিশ্ববিদ্যাল আছিল আৰু পিছত কি বিশ্ববিদ্যালয় হ’ল ?
উত্তৰ – তক্ষশীলা বিশ্ববিদ্যালয় প্রথমে হিন্দু আৰু পিছলৈ বুদ্ধবিশ্ববিদ্যালয় হ’ল।

প্রশ্ন ২৪। তক্ষশীলা বিশ্ববিদ্যালয়ত পঢ়িবলৈ ক’ৰ ক’ৰ পৰা ছাত্র আহিছিল?
উত্তৰ – তক্ষশীলা বিশ্ববিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা, পাৰস্যৰ পৰা, বেকত্রিয়া, মগধ, চীন আদি দেশৰ পৰা ছাত্র আহিছিল।

প্রশ্ন ২৫। শ্রীধান্যকটক বিশ্ববিদ্যালয় ক’ত আছিল ?
উত্তৰ – অম্লাৱতী নগৰৰ ওচৰত।

প্রশ্ন ২৬। নাগার্জুন কোন বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল ?
উত্তৰ – শ্রীধান্যকটক বিশ্ববিদ্যালয়ৰ ।

প্রশ্ন ২৭। নালন্দা বিশ্ববিদ্যালয়ত কিহৰ শিক্ষা দিয়া হৈছিল ?
উত্তৰঃ বেদ চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল।

প্রশ্ন ২৮। নালন্দা বিশ্ববিদ্যালয়ত ভিতৰে বাহিৰে কিমানজন ছাত্র আছিল ?
উত্তৰ – দহ হাজাৰ ছাত্ৰ আছিল।।

প্রশ্ন ২৯। নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ কোন আছিল?
উত্তৰ – পণ্ডিত শীলভদ্র।

প্রশ্ন ৩০। নালন্দা বিশ্ববিদ্যালয়ত কি কি বিষয়ৰ শিক্ষা দিয়া হৈছিল ?
উত্তৰ – নালন্দা বিশ্ববিদ্যালয়ত ব্যাকৰণ, তর্কশাস্ত্র, চিকিৎসা শাস্ত্র, দর্শনশাস্ত্ৰ আৰু আধ্যাত্মবিজ্ঞানৰ শিক্ষা দিয়া হৈছিল।

৩১। প্রাচীন ভাৰতবৰ্ষৰ সকলােতকৈ ডাঙৰ পুথিভঁৰালটো ক’ত আছিল?
উত্তৰ – নালন্দা বিশ্ববিদ্যালয়ত।

প্রশ্ন ৩২। নালন্দা বিশ্ববিদ্যালয়ত থকা পুথিভৰালটোৰ নাম কি আছিল?
উত্তৰঃ ৰত্নোদধি।

প্রশ্ন ৩৩। নালন্দা বিশ্ববিদ্যালয়ত থকা ৰত্নোদাধ’ নামৰ পুথিভঁৰালটো তলীয়া আছিল?
উত্তৰ ন-তলীয়া।
প্রশ্ন ৩৪। চীন দেশৰ কোন পৰিব্রাজক ছাত্রই নালন্দা বিশ্ববিদ্যালয়ত পঢ়িছিল?
উত্তৰঃ য়ুয়ানচাঙ নামৰ ছাত্ৰজনে।

প্রশ্ন ৩৫। চীন দেশৰ পব্রিাজক ছাত্র য়ুয়ানচাঙে নালন্দা বিশ্ববিদ্যালয়ত কি পঢ়িছিলহি?
উত্তৰঃ যােগশাস্ত্র পঢ়িছিলহি।

প্রশ্ন ৩৬। কামৰূপৰ পৰা কোন ৰজাই নালন্দা বিশ্ববিদ্যালয়ত পঢ়ি থকা কোন ছাত্রক কামৰূপলৈ আমন্ত্রণ জনাই চিঠি লিখিছিল?
উত্তৰ – কামৰূপৰ পৰা ভাস্কৰ বৰ্মাই চীন পৰিব্রাজক ছাত্র য়ুয়ানচাঙ আমন্ত্রণ জনাই চিঠি লিখিছিল।

প্রশ্ন ৩৭। উদান্তপুৰ বিশ্ববিদ্যালয়ৰ বহুমূলীয়া পুথিভঁৰালটো কেতিয়া কোনে নষ্ট কৰিছিল?
উত্তৰ – ১২০২ খ্রীষ্টাব্দত মুছলমানসকলে নষ্ট কৰিছিল।

প্রশ্ন ৩৮। বিক্রমশীলা বিশ্ববিদ্যালয়ৰ আন এটা নাম কি ?
উত্তৰ – দেৱবিহাৰ বিশ্ববিদ্যালয়।

প্রশ্ন ৩৯। বিক্রমশীলা বিশ্ববিদ্যালয়ৰ তলত কেইটা উচ্চ বিদ্যালয় আছিল?
উত্তৰ – ছয়টা উচ্চ বিদ্যালয় আছিল।

প্রশ্ন ৪০। বিক্রমশীলা বিশ্ববিদ্যালয়ত কিমানজন অধ্যাপক আছিল?
উত্তৰ – ১০৮ জন অধ্যাপক আছিল।

প্রশ্ন ৪১। বিক্রমশীলা বিশ্ববিদ্যালয়ত ছাত্ৰ থাকিবৰ কাৰণে কেইখন সত্র বা ছাত্রাবাস। আছিল ?
উত্তৰ চাৰিখন।

প্রশ্ন ৪২। বিক্রমাদিত্যৰ ৰাজত্বৰ সময়ত কোনখন বিশ্ববিদ্যালয় ভাৰতবৰ্ষৰ সকণে পণ্ডিত লােকসকলৰ মিলন ক্ষেত্র আছিল?
উত্তৰঃ উজ্জয়িনী বিশ্ববিদ্যালয় ।

প্রশ্ন ৪৩। উজ্জয়িনী বিশ্ববিদ্যালয়ত বিশেষকৈ কিহৰ শিক্ষা দিয়া হৈছিল?
উত্তৰ – জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল।

প্রশ্ন ৪৪। আর্যশিক্ষাৰ কিমানবিধ কলাবিদ্যাৰ শিক্ষা বিশ্ববিদ্যালয়বিলাক হৈছিল ?
উত্তৰ – ৬৪ বিধ কলাবিদ্যাৰ শিক্ষা দিয়া হৈছিল।

৪৫। আর্যশিক্ষাৰ ৬৪ বিধ কলাবিদ্যাৰ শিক্ষা কেইটা বিভাগত দিয়া হৈচিল ? বিভাগকেইটা কি কি?
উত্তৰ – আর্যশিক্ষাৰ ৬৪ বিধ কলাবিদ্যাৰ শিক্ষা এঘাৰটা বিভাগত দিয়া হৈছিল। বিভাগকেইটা হ’ল- (১) সাহিত্য, (২) গৃহপাল বিদ্যা, (৩) ৰন্ধন বিদ্যা, (৪) সাজ-সজ্জা যে পৰিচ্ছদ বিদ্যা, (৫) হাতেৰে কাম কৰা বিদ্যা, (৬) শিল্পবিদ্যা, (৭) বিজ্ঞান, (৮)সংগীত বিদ্যা, (৯) নাট্য বিদ্যা, (১০) শিষ্টাচাৰ বিদ্যা, (১১) শাৰীৰিক ব্যায়াম বিদ্যা।

চমু উত্তৰ দিয়া

(ক) আজিৰ চৰকাৰে শিক্ষাৰ কাৰণে কোটি কোটি টকা খৰচ কৰিছে, লাখে লাখে ছাত্রই শিক্ষা লাভ কৰিছে, তথাপি স্বাধীন চিন্তা কৰি নতুন তত্ত্ব বাহিৰ কৰিব পৰা ছাত্ৰৰ সংখ্যা ইমান কম বুলি লিখকে কিয় ধাৰণা কৰিছে?
উত্তৰ – লিখকে এই বুলি ধাৰণা কৰিছে যে আগৰ দিনত আজিকালিৰ দৰে শিক্ষাৰ উদ্দেশ্য চাকৰি নাছিল।

আগৰ কালৰ শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ সজ বৃত্তিবােৰক ফুলাই তুলি অসৎ বৃত্তিবােৰক দমাই বা দলিয়াই পেলাই তেওঁক জীৱন যুদ্ধৰ নিমিত্তে ভালকৈ সাজু কৰা।

(খ) প্রতি মানুহৰ পুৰুষাৰ্থক চাৰিভাগত ভাগ কৰিছিল যদিও সর্বসাধাৰণ মানুহৰ নিমিত্তে তিনি বৰ্গৰহে সাধনা বিধান কৰিছিল। – বুজাই লিখা।
উত্তৰ – আর্য শিক্ষাৰ মূলমন্ত্র মতে প্রতি মানুহৰ পুৰুষাৰ্থক ধর্ম, অর্থ, কাম, মােক্ষ এই চাৰিভাগে ভাগ কৰিছিল।

ইয়াৰে মােক্ষক পৰম পুৰুষাৰ্থ বুলি ধৰিলেও তাৰ অধিকাৰী স্বভাৱতে কম হ’ব বুলি ভাবি সর্বসাধাৰণ মানুহৰ নিমিত্তে মােক্ষক বাদ দি ধর্ম, অর্থ, কাম– এই তিনি বৰ্গৰ সাধনা বিধান কৰিছিল।

(গ) হিন্দুৰ শিক্ষা সম্পর্কে আগতে মানুহৰ কি ভুল ধাৰণা আছিল?
উত্তৰঃ হিন্দুৰ শিক্ষা সম্পর্কে আগতে মানুহৰ এটা ভুল ধাৰণা আছিল যে এই শিক্ষাই মানুহক সংসাৰ ত্যাগী বা সংসাৰী কৰে।

ত্যাগ কার্য শিক্ষাৰ চৰম উদ্দেশ্য হলেও অনাসক্ত ভােগকহে তেওঁবিলাকে ত্যাগী বুলি ধৰিছিল। ধন-সম্পদ সৎ পথেৰে আহৰণ কৰিব লাগে, সংসাৰী কামত নিয়ােজিত হ’ব লাগে, কিন্তু সেইবােৰত নিজকে আসক্তত শপত খাই পৰিব নালাগে। ইয়াকে অনাসক্ত ভােগ আৰু তাকেই প্রকৃততে ত্যাগী বােলে।

(ঘ) তক্ষশীলা বিশ্ববিদ্যালয় কোন শতিকালৈ আছিল ? তাত কেনেধৰণৰ শিক্ষা দিয়া হৈছিল?
উত্তৰঃ তক্ষশীলা বিশ্ববিদ্যালয় খ্রীষ্টপূর্ব এক শতিকালৈ আছিল বুলি কোৱা হৈছে।

এই লয়ৰ তলত কেইবাজনাে চতুষ্পঠী আছিল আৰু তাত আয়ুর্বেদ আদি চিকিৎসা ববিদ্যা, চিত্রাংকন, মুর্তিকটা আৰু হাতেৰে কৰা বিদ্যা শিক্ষাকে ধৰি ওঠৰ বিধ শিক্ষা দিয়া হৈছিল।

(ঙ) তক্ষশীলা বিশ্ববিদ্যালয়ত পঢ়া বিখ্যাত ছাত্ৰ কেইজনমানৰ নাম উল্লেখ কৰা। জীৱক’ কোন ? তেওঁ কাৰ-ছাত্ৰ আছিল ?
উত্তৰ – তক্ষশীলা বিশ্ববিদ্যালয়ত পঢ়া বিখ্যাত ছাত্ৰ কেইজনমান হ’ল জীৱক, বেপাণিনি আৰু চাণক্য। জীবক হ’ল বুদ্ধদেৱৰ চিকিৎসক। অত্রে৷ মুনিৰ তুলত এই বিশ্ববিদ্যালয়ত তেওঁ সাত বছৰ পঢ়িছিল।

(চ) তক্ষশীলা বিশ্ববিদ্যালয় আগতে কি বিশ্ববিদ্যালয় আছিল? পাছলৈ কি হল? ইয়ালৈ কোন কোন দেশৰ পৰা পঢ়িবলৈ ছাত্র আহিছিল ?
উত্তৰঃ তক্ষশীলা বিশ্ববিদ্যালয় আগতে হিন্দু বিশ্ববিদ্যালয় আছিল। পাছলৈ ই বুদ্ধ বিশ্ববিদ্যালয় হ’ল। এই বিশ্ববিদ্যালয়ত পঢ়িবলৈ পাৰস্য, বেকট্রিয়া, মগধ, চীন আদি দেশৰ পৰা ছাত্র আহিছিল।

(ছ) নালন্দা বিশ্ববিদ্যালয়ৰ বিশেষত্বসমূহ উল্লেখ কৰা।
উত্তৰ – নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল বিখ্যাত উদাসীন পণ্ডিত শীলভদ্র। বাহিৰে-ভিতৰে ইয়াৰ ছাত্র সংখ্যা আছিল দহ হাজাৰ। ইয়াত বেদ, চিকিৎসা, অংক শাস্ত্র, তর্কশাস্ত্র, ব্যাকৰণ, দর্শনশাস্ত্র, আধ্যাত্মিক আদি শিক্ষা বিনামূলীয়াকৈ দিয়া হৈছিল। ৰত্নেদধি। নামৰ ইয়াৰ এটা নতলীয়া পুথিভঁৰাল আছিল। দেশ-বিদেশৰ শ শ ছাত্ৰই ইয়াত পঢ়িছিল। চন পব্রিাজক য়ুয়ানচিঙে ইয়াৰ ছাত্ৰ আছিল। তেওঁ ইয়াত যােগশাস্ত্র পঢ়িছিল।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।