অসমৰ মানুহ কৰ্কট ৰোগত কিয় সহজে আক্রান্ত হয়

যেতিয়া আমি পথাৰত খেতি কৰোঁ, সেই সময়ত প্ৰায়েই ৰাসায়নিক সাৰ-কীটনাশক আদি ব্যৱহাৰ কৰোঁ।

এতিয়া এনে এটা পৰ্যায় পাইছে যে ৰাসায়নিক সাৰ-কীটনাশক অবিহনে যেন কৃষিকার্য সম্ভৱেই নহয়।

সকলো খেতিতে মানুহে ৰাসায়নিক সাৰ – কীটনাশক ব্যৱহাৰ কৰে। আমি মাটিৰ স্বাস্থ্যৰ উৎকৰ্ষ সাধনৰ বাবে অলপো চিন্তা নকৰোঁ ।

কেৱল আমাক উৎপাদন লাগে। কার্যক্ষেত্ৰত তদনুৰূপ ফল পাওঁ সঁচা, কিন্তু মাটিডৰাৰ বিষয়হে নাভাবো-নিচিন্তো। তদুপৰি উৎপাদিত শাক-পাচলিৰ গুণাগুণৰ কথাও নিচিন্তো।

বৰ্তমান অসমত অধিকাংশ মানুহ যে প্রাণঘাতী ৰোগ কৰ্কটত আক্ৰান্ত হৈছে, ইয়াৰ অন্যতম কাৰণ হ’ল কীটনাশক দ্রব্য।

কেৱল ধূমপান মদকদ্রব্য সেৱন কৰিলেই যে কৰ্কট হয় তেনে নহয়। শৰীৰত সঘনাই দেখা দিয়া পুষ্টিগুণ একেবাৰে নাইকিয়া হৈ পৰে।

সাধাৰণতে খেতিপথাৰত অত্যধিক হাৰত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ-কীটনাশকৰ বাবেই মাটি বিষাক্ত হৈ পৰে আৰু ইয়াৰ লগে লগে মাটিৰ স্বাস্থ্য গুণাগুণো নাইকিয়া হয়। আনহাতে, কৃষি-মাটিৰ বন্ধু কেঁচুও মৃত্যুমুখত পৰে কীটনাশক দ্ৰব্যৰ বাবে।

এনেদৰে মৃত্যুবৰণ কৰা কেঁচু-পোক-পৰুৱা ভক্ষণ কৰি অকালতে মৃত্যুবৰণ কৰে আমাৰ চকুৰ সমুখত থকা বিনন্দীয়া চৰাই- চিৰিকটিবোৰো।

যেন কৃষিকার্যৰ নামত আমি পক্ষী নিধন যজ্ঞহে পাতিছোঁ! মাটিত ব্যৱহাৰ কৰা বিভিন্ন ৰাসায়নিক সাৰ- কীটনাশকৰ বাবে ভূগৰ্ভৰ জলপৃষ্ঠও বিষাক্ত হৈ পৰিছে। এটা সময়ত আমি যে বিষাক্ত পানী খাব লাগিব, সেয়া ধুৰুপ।

গতিকে সময় থাকোতেই সাৱধান হোৱা উচিত। সম্পূর্ণ জৈৱিক সাৰ ব্যৱহাৰ কৰি খেতি কৰক। গৰুৰ গোবৰ উত্তম সাৰ। পার্যমানে গৰুৰ গোবৰ, ছাই, ছাগলীৰ বিষ্ঠা আদি ব্যৱহাৰ কৰক।

আজিকালি জৈৱিক-কেঁচু সাৰ বজাৰত উপলব্ধ, সেয়াও ব্যৱহাৰ কৰিব পাৰে।

কীট-পতংগৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ মহানিম গছৰ পাতৰ ৰস স্প্রে’ কৰক আৰু মাটিৰ বাবে সৰিয়হৰ খলিহৈ ব্যৱহাৰ কৰক – নিশ্চয় আকাংক্ষিত ফল পাব।

শৰীৰৰ দৰে মাটিৰো স্বাস্থ্যৰ যত্ন ল’ব লাগিব, তেতিয়াহে পুষ্টিদায়ক তথা শৰীৰোপযোগী। শাক-পাচলি উৎপাদন কৰিব পাৰিম।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।