বিৰাট কোহলীৰ জনা-নজনা কথা Fact Birat Kohli

বিৰাট কোহলীৰ জনা-নজনা কথা

  • বিৰাট কোহলী সম্পূৰ্ণ নিৰামিষভোজী আৰু ভেগান। মাছ, মাংস, কণীৰ উপৰি গাখীৰ আৰু দুগ্ধজাত কোনো খাদ্যই বিৰাটে গ্ৰহণ নকৰে।
  • বিৰাট কোহলীৰ কুকুৰ বৰ প্ৰিয়। তদুপৰি তেওঁ জন্তু ভাল পায় আৰু প্ৰাণী সুৰক্ষা সংস্থা ‘পেটা’ৰ হৈয়ো কাম কৰে।
  • বিৰাট কোহলীৰ শৰীৰত সৰ্বমুঠ ১০টা পৃথক পৃথক টাটু আছে। এই টাটুসমূহে তেওঁৰ প্ৰিয়জন, বিশ্বাস আৰু কৃতিত্ব প্রকাশ কৰে।
  • ‘ৰণ’ নামৰ কাপোৰ আৰু এছেচ’ৰিৰ ব্ৰেণ্ডটোৰ স্বত্বাধিকাৰ হ’ল বিৰাট কোহলী। তদুপৰি এফ চি গোৱা দল আৰু বেংগালুৰু যোদ্ধা দল দুটাতো বিৰাটৰ অংশীদাৰিত্ব আছে।
  • বিৰাট কোহলীৰ ভাৰতীয় দলত উপনাম হ’ল ‘চিকু’। দিল্লী ৰঞ্জি দলৰ প্ৰশিক্ষক অজিত চৌধুৰীয়ে বিৰাটক ‘চিকু’ বুলি মাতিছিল আৰু সেই নামেই দলত জনপ্ৰিয় হৈ পৰে।
  • বিৰাট কোহলী ছ’চিয়েল মিডিয়াত যথেষ্ট সক্রিয়, ইনষ্টাগ্ৰামত প্ৰতিটো স্পনচৰত প’ষ্টৰ বাবত বিৰাটৰ আয় হয় ৮.৯ কোটি টকা।
  • ২০১২ চনত বিশ্বৰ ১০ জন ‘বেষ্ট ড্ৰেছড মেন’ৰ তালিকাত বাৰাক অ’বামাৰ লগত বিৰাট কোহলীয়েও স্থান পাইছিল।
  • বিৰাট কোহলীয়ে অনুষ্কা শর্মাক প্রথম লগ পাইছিল ২০১৩ চনত ক্লিয়েৰ চেম্পুৰ বিজ্ঞাপন এটাৰ শ্বুটিঙৰ সময়ত।
  • বিৰাট কোহলীৰ ‘ভি কে এছ’ নামৰ এটা দাতব্য সংস্থা আছে। মুম্বাইৰ দৰিদ্ৰ শিশুৰ শিক্ষাত এই সংস্থাই সহায় কৰে।
  • আই চি চিৰ বৰ্ষশ্রেষ্ঠ ক্রিকেটাৰৰ সন্মান লাভ কৰা বিৰাট আছিল সর্বকনিষ্ঠ। ২০১৩ চনত ২৩ বছৰ বয়সত বিৰাটে প্রথম এই সন্মান লাভ কৰিছিল।
  • বিৰাট কোহলী টি-২০ ইতিহাসৰ একমাত্ৰ খেলুৱৈ যি শূন্য বলত উইকেট লৈছিল। ইংলেণ্ডৰ বিৰুদ্ধে ২০১১ চনত বলিং কৰিবলৈ গৈ প্ৰথম বলটো ৱাইড কৰে যদিও কেভিন পিটাৰচেন ক্ৰীজৰপৰা ওলাই যোৱাত ধোনীয়ে ষ্টাম্পড্ আউট কৰে।
  • বিৰাট কোহলীয়ে পিতৃৰ মৃত্যুৰ দিনটোতো দিল্লীৰ হৈ ৰঞ্জি ট্ৰফীত বেটিং কৰিছিল আৰু সেই ইনিংছত ৯০ ৰান কৰিছিল।
  • বিশ্বকাপৰ অভিষেক মেচত শতক কৰা বিৰাট কোহলী একমাত্র ভাৰতীয় খেলুৱৈ। ২০১১ চনৰ বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে এই কৃতিত্বৰ অধিকাৰী হয় বিৰাট।
  • বিৰাট কোহলীৰ কোনোদিনে আই পি এলত নিলাম হোৱা নাছিল। ২০০৮ চনৰ উদ্বোধনী আই পি এলত বিৰাটক ড্রাফ্‌ট খেলুৱৈ হিচাপে ৰয়েল চেলেঞ্জাৰ্ছে দলত লৈছিল আৰু তেতিয়াৰপৰা বিৰাট সেই একে দলৰ হৈ আছে।
  • ধোনীৰ অধিনায়কত্বৰ সময়ত বিৰাট কোহলীয়ে দুখন মেচত দক্ষিণ আফ্রিকা আৰু বাংলাদেশৰ বিপক্ষে উইকেট কিপিং কৰিছিল। তাৎপর্যপূর্ণভাৱে সেই দুখন মেচত ধোনীয়ে বলিং কৰিছিল।
  • অধিনায়ক হিচাপে বিৰাট কোহলীয়ে টেষ্টত ৭টা দ্বি-শতক কৰিছে। এনে কৃতিত্ব থকা তেওঁ বিশ্বৰ একমাত্ৰ খেলুৱৈ।
  • এদিনীয়া ক্রিকেটত সমাগত তিনিখন মেচত শতক কৰা বিৰাট কোহলী প্রথম ভাৰতীয়। ২০১৮ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তেওঁ এই ইতিহাস ৰচে।
0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।