নৱবৰ্ষলৈ অনুৰোধ | অসমীয়া কবিতা 2024

বিউটী হাজৰিকা

লক্ষ্যৰ ধাৰৰ অলকা বোৱাই
আমি এদল আশাবাদী,
নবীন সময়ক সোণালী প্রতীক ৰূপে
প্রতিপন্ন কৰি ছপা হোৱা কেলেণ্ডাৰ,
সলাই দৃঢ় হৈছোঁ স্বপ্নৰ পম খেদি
নৱ বছৰক অনুৰোধ কৰি
নৱপ্ৰস্তৰ যুগ হৈ পৰক
এই বৰ্ষ হওক শ্রেষ্ঠজনৰ জয়,
লুণ্ঠিত জনতাৰ ভঁৰাল ভৰক
অবহেলিতজন সমৃদ্ধিশালী হওক,
বৃদ্ধ মাতৃ-পিতৃৰ আদৰ হওক ।
চৰকাৰৰ ৰাজসভাত জনতাৰ
সুদিনৰ গান ৰচনা হওক,
দেশৰ ভিতৰতেই সংস্কৃতিৰ
বিকাশ আলোকিত হওক ।
ভাল হওক পৃথিৱীৰ পাৰিপাৰ্শ্বিকতা
সুস্থ হওক মানৱৰ মানসিকতা,
সংৰক্ষিত হওক ঐতিহাসিকতা
জাতীয় আপোন সকলোবোৰ ।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।