পাৰস্যত এভুমুকি class 10 assamese notes || class 10 assamese chapter 12 question answer

পাৰস্যত এভুমুকি class 10 assamese notes

ৰথীন্দ্রনাথ গােস্বামী

লেখকৰ পৰিচিতি

বিজ্ঞান, সাহিত্য, কল্পবিজ্ঞান, ভ্রমণ কাহিনী, শিশু সাহিত্যকে আদি কৰি বিবিধ বন্ধেৰে অসমীয়া সাহিত্যলৈ অৱদান যোগােৱা ৰথীন্দ্রনাথ গােস্বামীৰ জন্ম হয় যােৰহাটত।

পিতৃ সাহিত্যাচার্য যতীন্দ্রনাথ গােস্বামী। গােস্বামীয়ে ১৯৮৭ চনত ভূতত্ব। নেয়ত প্রথম শ্রেণীৰ প্রথম স্থানেৰে স্নাতক ডিগ্রী লাভ কৰে। ১৯৯২ চনত অসম প্রশাসনিক সেৱাৰ বিষয়।

হিচাপে যােগদান কৰে যদিও পৰৱৰ্তী কালত এই পদৰ পৰা ৪৪ফা দি তেল আৰু প্রাকৃতিক গেছ নিগমৰ ভূতত্ত্ববিদ হিচাপে যােগদান কৰে।

গােস্বামীদেৱৰ উল্লেখযােগ্য গ্রন্থসমূহ হল –

শিশু সাহিত্য – বিদেশী বন্ধুৰ দেশত, কিঙ্কিনীৰ বিদ্রোহ, Kinkin’s Story. ‘হবী’, বিজ্ঞানে আনিব জোৱাৰ’ ‘অঙ্ক জঙ্ক পঙ্ক’, ‘ৰথীন মামাৰ অংকৰ মজা’, ‘Universe and Solar Family
ভ্রমণ কাহিনী – ‘মহাসমুদ্রৰ সিপাৰে’, ‘সমুদ্রিকা’ ‘মুম্বাই সাগৰ সীমনাত বৈ’, হৃদয় শিখৰৰ প্রতিধ্বনি’, ‘ঈশ্বৰৰ উপত্যকাত।
চুটিগল্প সংকলন – সংগ্রাম ‘মহাসমুদ্ৰৰ সিপাৰে গ্ৰন্থৰ বাবে গােস্বামীয়ে হেমবৰুৱা সোঁৱৰণী বঁটা লাভ কৰে।
পাঠটিৰ তাৎপর্য – পাৰস্যত এভুমুকি পাঠটিৰ যােগেদি পাৰস্যৰ ইতিহাস, ভূপ্রকৃতি আৰু তৈল সম্পদৰ লগতে খাদ্য, সাজপাৰ, গৃহসজ্জা, স্থাপত্য ইত্যাদি সম্পর্কে শিক্ষার্থীয়ে জ্ঞান লাভ কৰিব।

শব্দার্থ আৰু টোকা

  • ক্রয় – কিনা।
  • খিতাপ – সন্মান।
  • গােলাকৃতি – ঘূৰণীয়া আকৃতি।
  • চিচা – আইন।
  • তটৰেখা – সাগৰ বা হ্রদৰ বৃহৎ জলভাগৰ কাষত থকা স্থলভাগ।[HSLC;17]
  • নীলিম – নীলা।
  • তৈল – তেল।
  • পহিলা – প্রথম।
  • প্রচণ্ড – প্রবল, ভয়লগা।
  • bhutoto – পৃথিৱীৰ অভ্যন্তৰ, পৃথিৱী:পৃষ্ঠৰ শিলাখণ্ড, জীৱময় আদিৰ বিষয়ে। অধ্যয়ন কৰা শাস্ত্র।
  • লেকেটা – লিকটা, সহজে ছিগি-ভাগি নােযােৱা।
  • সংকট – প্রতিকূল অবস্থা, বিপদ।
  • সেৰেঙা – মাজত বেছি ব্যৱধান থকা।
  • হিজাব – ইৰানী মহিলাই মূৰ ঢাকি লােৱা কাপােৰ।

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। চমুকৈ উত্তৰ দিয়া
(ক) লেখকে উল্লেখ কৰা মতে তেওঁলােকৰ ৰিগটো ক’ত অৱস্থিত ?
উত্তৰ – পাৰস্য উপসাগৰত।

(খ) বুশ্বেৰ কি?[HSLC.’17]
উত্তৰ – পাৰস্য উপসাগৰত অৱস্থিত বন্দৰ নগৰী।

(গ) বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল ?
উত্তৰ – লেখক গােস্বামীৰ লগত আৰু দুজন ব্যক্তি আছিল; তেওঁলােক হ’ল মেহদি আৰু ঘাছেম। তেওঁলােক তিনিও বৃশ্বেৰ বৰত অবতৰণ কৰে।

(ঘ) বৃশ্বেৰ বিমান বন্দৰটোক কিয় গুৰুত্বপূৰ্ণ বুলিছে? [HSLC.’17]
উত্তৰ – বৰটো হৈছে ইৰানৰ এটা সামৰিক ঘাটি। সেয়ে ইয়াৰ বিশেষ গুৰুত্ব আছে।

(ঙ) লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে?
উত্তৰ – লেখকে বুশ্বেৰত এটা নিউক্লিয় ৰিয়েক্টৰ থকাৰ কথাও উল্লেখ কৰিছে।

(চ) মেহদি আৰু ঘাছেম কোন?
উত্তৰ – লেখকৰ সহযাত্রী, দুয়ােজন ইৰানী যুৱক। তেওঁলােক তৈলনগৰী আহৱাজৰ বাসিন্দা।

(ছ) মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানিটোৰ নাম কি?
উত্তৰ – দুয়াে জিঅ’লগ নামৰ ইটালিয়ান কোম্পানিটোৰ ‘মাড়লগাৰ। তেলৰ বাবে চলােৱা খননকার্যত ‘মাডলগিং’ আহিলাসমূহৰ ভূমিকা গুরুত্বপূর্ণ।

(জ) ভেংকি ক’ত থাকে ?
উত্তৰ – ভেংকি লেখকৰ সহকর্মী আৰু তেওঁ বুশ্বেৰত থাকে।

(ঝ) ভেংকিয়ে কি কৰে ?
উত্তৰঃ ভেংকিয়ে বিগলৈ যাবলগীয়া হেলিকপ্টাৰ আৰু সামগ্রী যােগানকাৰী জাহাজৰ তদাৰক কৰে।
(ঞ) অবুজাৰ কোন ?
উত্তৰ – অবুজাৰ হৈছে ট্রেভেল এজেন্ট; তেওঁ লেখকৰ টেহৰাণ যাত্ৰাৰ বাবে টিকেট কিনিবলৈ গৈছে।

(ট) আগা’ শব্দৰ অর্থ কি ?
উত্তৰ – আগা’ শব্দটো শ্ৰীযুতৰ সমার্থক সন্মানীয় শব্দ।

(ঠ) পােনতে ইৰাণৰ পাৰমাণৱিক কার্যসূচীৰ মূল পৃষ্ঠপােষক কোন আছিল ?[HSLC.’18]
উত্তৰ – ইৰাণৰ পাৰমাণৱিক কার্যসূচীৰ মূল কেন্দ্ৰ হৈছে উত্তৰ দিশত অৱস্থিতনটাঞ্জৰ ভূগৰ্ভত থকা প্রকল্প।

(ড) ইৰাণে কেতিয়া ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে?
উত্তৰ – ১৯৭৯ চনৰ বিখ্যাত ধর্মীয় বিপ্লৱৰ ফলস্বৰূপে পহিলা এপ্রিলৰ পৰা ইনে ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে।

(ঢ) ইৰাণৰ ইছলামিক গণতন্ত্র প্রতিষ্ঠাতা কোন? [HSLC.’19,20]
উত্তৰ – ইমাম আয়াতুল্লা খােমেনি এই গণতন্ত্র প্রতিষ্ঠাপক।

(ণ) ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতুহল বুদ্ধি কৰিছিল ?
উত্তৰ – বুশ্বেৰ চহৰৰ পাৰমাণৱিক গৱেষণাগৃহ থকা গােলাকৃতিৰ স্থাপত্যটোৱে লেখকককৌতূহলী কৰি তুলিছিল।

(ত) ইৰাণৰ ৰাজধানীৰ নাম কি ?[HSLC.’16]
উত্তৰ – টেহৰাণ।।

(থ) টেহৰাণত বিমান বন্দৰ কেইটা ?
উত্তৰ – দুটা। মেহৰাবাদ এয়াৰপ’ৰ্ট আৰু খােমেনি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট।

(দ) লেখক থকা টেহৰাণৰ হােটেলখনৰ নাম কি ?
উত্তৰ – হােমা হােটেল।

(ধ) ভাৰতৰ প্রায়বােৰ তৈলক্ষেত্র কেনেকুৱা শিলাস্তৰত অৱস্থিত ?
উত্তৰ – ভাৰতৰ প্ৰায়বােৰ তৈলক্ষেত্র নৱজীৱি মহাকল্পৰ শিলাস্তৰত অৱস্থিত।

(ন) স্লামবাজা’ কি ?
উত্তৰ – এটা বহুৰাষ্ট্রীয় কোম্পানীৰ কার্যালয়। এই কোম্পানীৰ কার্যালয় নাজিৰাৰ পৰা নাইজেৰীয়ালৈকে, দুলীয়াজানৰ পৰা ডুবাইলৈকে, টেহৰাণৰ পৰা টেক্সাছলৈকে পৃথিৱীৰ সকলাে তৈলক্ষেত্ৰৰ আশে-পাশে আছে।

(প) ইৰাণীসকলে নৱবষকি কি বােলে?
উওৰ – নৰেজ (নতুন দিন)

(ফ) বেহে৪ই জাহৰা কি?[M.Q. HSLC.’15,18]
উওৰ – টেইৰাণৰ এখন জনপ্রিয় স্থান বেহেক্ট-এই-জাহৰা। টেহণক জানিবৰ কাৰণে এই ই প্ৰমণ কৰা উচিত। ই এখন মুখ। সমাধিস্থান। ইয়াত খােৱা-বােৱাৰ পৰা খেলপথাৰলৈকে সকলাে আছে।

(খ) শ্বিৰিন ইবাডি কোন?[M.Q. HSLC.’15]
উওৰ – শ্বিৰিন ইবাডি এল ন’বেল বিজয়ী। তেওৰ পৰিয়ালৰ সদস্য এজনকো ইয়াতে সমাধি কৰা হৈছে।মানৱ অধিকাৰ প্ৰতিষ্ঠাৰ বাবে তেওঁ কঠোৰপন্থীসকলৰ বিৰুদ্ধে সংগ্রাম কৰিছিল। মানৱ অধিকাৰ সংগ্ৰামৰ বাবেই তেওঁ ন’বেল বঁটা পায়।

(ভ) চেনি কোনে আৱিষ্কাৰ কৰিছিল?
উওৰ – সম্রাট জামছেদে নৱৰােজৰ কোনাে এটা পবিত্র দিনত চেনি আৱিষ্কাৰ কৰিছিল।

(ম) লেখক ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল ?
উত্তৰ – লেখকে তেলৰ অন্বেষণত ইৰাণৰ চৰকাৰী তেল কোম্পানীৰ এগৰাকী মুখ্য বিষয়াক লগ ধৰিবৰ কাৰণে ইৰাণলৈ গৈছিল। তেওঁৰ নাম আগা আফজাদেক, কোম্পানীটোৰ এগৰাকী তেল অন্বেষক।

(য) ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি ?
উওৰ – খােমেনি ইণ্টাৰনেশ্যনেল বিমান বন্দৰ।

(ৰ) কেন্দ’ৰ অর্থ কি?
উওৰ – কেন্দ’ পাছি শব্দ, যাৰ অৰ্থ চেনি। ইংৰাজীত ইয়াক কেন্দি বােলে।

প্রশ্ন ২। তেলৰবাবেচলােৱা খননকার্যমাড়লগিং’আহ্নিসমূহৰভূমিকা কি? [HSLC.’19]
উওৰ – তেলৰ বাবে চলােৱা খনন কার্যত মাড়লগিং আহিলাসমূহৰ গুৰুত্বপূর্ণ ভূমিকা আছে।

এইবােৰৰ জৰিয়তে সংগ্রহ কৰা তথ্যই এখন নতুন তৈলক্ষেত্র আৱিষ্কাৰত আৰু কোনাে বিপজ্জনক পৰিস্থিতি নােহােৱাকৈ খনন কৰাত সহায় কৰিব। ভূতত্ববিদৰ বাবে ই এক গুৰুত্বপূৰ্ণ সঁজুলি।

প্রশ্ন ৩। বুশ্বেৰ চহৰৰ এটি বর্ণনা দিয়া। [M.Q. 2015]
উওৰ – বুশ্বেৰ হৈছে এখনি বন্দৰনগৰী। বুশ্বেৰৰ তাপমাত্রা ৪০ ডিগ্রী ছেণ্টিগ্রেডৰ ওপৰত। বন্দৰটো অধিক ব্যস্ত নহয় যদিও ইয়াৰ এটা বিশেষ গুৰুত্ব আছে। ই ইৰাণৰ এটা সামৰিক ঘাটি।

তাতে বুশ্বেৰত এটা নিউক্লীয় ৰিয়েক্টৰাে আছে। তেল অন্বেষণৰ কামত যােৱা লেখক গােস্বামীয়ে গম পাইছিল যে বুশ্বেৰৰ কোনােবা ।

এঠাইত পাৰমাণৱিক গৱেষণা চলি আছে। তেওঁ ডাটা ইঞ্জিনিয়াৰ জাভাদৰ মুখেদি বুশ্বেৰত এটা ৰিয়েক্টৰ থকা বুলি গম পাইছিল।

সেয়ে বুশ্বেৰত থকা গােলাকৃতিৰ স্থাপত্যটোৱে লেখকক আকর্ষিত কৰিছিল। বুশ্নেৰ এখন পৰিকল্পিত সৰ চহৰ। চাৰিলেন যুক্ত পৰিষ্কাৰ আৰু পৰিকল্পিত চহৰখনৰ গুৰুত্ব সৰু চহৰ হ’লেও যথেষ্ট।

প্রশ্ন ৪। ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ – ইৰাণ মানৱ সভ্যতাৰ প্রাচীন ইতিহাসৰ ধ্বজাবাহক। প্রত্নতাত্ত্বিক, ঐতিহাসিক, সংস্কৃতিক আৰু কীর্তিস্তম্ভৰ যােগেদি ইৰাণৰ প্রাচীন সভ্যতা আজিও সজীৱ হৈ আছে। প্রায় চাৰি হাজাৰ বছৰ পূর্বে ইৰাণলৈ আর্য গােষ্ঠীৰ লােকসকল বসবাস কৰিবলৈ আহিছিল। খ্রীষ্টপূর্ব ছশ শতিকামান পূর্বে বিখ্যাত ৰজা ছাইৰাছে উত্তৰ ইৰাণৰ মেডেছসকলক পৰাস্ত কৰি ইৰাণবাসীক একগােট কৰিছিল।

খ্রীষ্টপূর্ব ৫২৯ ত ছাইৰাছৰ মৃত্যু হােৱাত নতন ৰজা দাৰিয়াছে সাম্রাজ্য প্রসাৰৰ প্ৰয়াস কৰিছিল। পৰৱৰ্তী কালত (৪র্থ শতিকাত) আলেকজেণ্ডাৰৰ আগমনে ছাইৰাছৰ পাৰ্ছেপলিছ সাম্রাজ্যৰ পতন ঘটাইছিল। খ্রীষ্টপূর্ব দ্বিতীয় শতিকালৈকে গ্রীক শাসনৰ পাছত পার্থিয়াসকলে ইৰাণৰ শাসনভাৰ লৈছিল। তেওঁলােকৰ শাসনকালত জোৰাষ্ট্রিয়ান ধর্মই ৰাজধর্ম হিচাপে স্বীকৃতি লাভ কৰিছিল।

৩৫০ বছৰীয়া পার্থিয়ান শাসনৰ পাছত ছাজানিকসকলে চাৰিটা শতিকা ইৰাণ শাসন কৰিছিল। আৰৱসকলে ইৰাণীলৈ ইছলামধৰ্মৰ আগমন ঘটাইছিল আৰু কিছুকাল পাছত ইছলামক ইৰাণৰ মুখ্যধৰ্মৰূপে স্বীকৃতি দিয়া হৈছিল। কেইবা শতিকাজুৰি চলা আগৰ শাসনৰ পৰৱৰ্তী কালত বহুতাে বিদেশী শক্তিৰ আক্ৰমণত আৰব বিধ্বস্ত হৈছিল।

ছাফাভিদ বংশৰ শাসন কালত ইৰাণে পূর্বৰ খিয়াতি কিছু পৰিমাণে ঘূৰাই পাবলৈ সক্ষম হৈছিল। স্থাপত্যৰ প্রতি শ্বাহ তপধ্বজ(প্রথম)ৰ বিশেষ অনুৰাগ আছিল। তেওঁৰ দিনত ইছলাম ধৰ্মৰ ছিয়া সম্প্রদায়ে ৰাজধৰ্মৰ খিতাপ লাভ কৰিছিল। পৰৱৰ্তী কালত আফগানসকলৰ আক্ৰমণৰ বাবে ছাফাভিদ ৰাজত্বৰ পতন ঘটে।

ইৰাণৰ শাসকসকলৰ কথা আলােচনা কৰিলে মনলৈ ভাহি অহা শাসকজন হ’ল নাদিৰশ্বাহ। তেওঁ বেছিদিন ৰাজত্ব কৰা নাছিল (১৭৩৭-৪৭)। কিন্তু তেওঁৰ ৰাজত্বই আমাৰ দেশত বিভীষিকাৰ সৃষ্টি কৰিছিল। তেওঁ আফগানিস্তানৰ পাছত ভাৰত আক্রমণ কৰিছিল আৰু মােগল সম্রাট মহম্মদ শাহক পৰাস্ত কৰি (১৭৩৯) এটা বিশাল ৰাজভৰাল লুট কৰিছিল।
তেওঁ বহুতাে নাগৰিকক হত্যা কৰিছিল আৰু কহিনুৰ, হীৰা, মুক্তা আদিৰ উপৰি হাতী, ঘোঁৰা, উট লৈ গৈছিল। নাদিৰ শ্বাহৰ পিছত দুটা শাসকবংশৰ মাজত সংঘাত হয় আৰু ১৭৯০ খ্রীষ্টাব্দত ৰবংশ জয় হয় আৰু তেওঁলােকে প্রথম বিশ্বযুদ্ধলৈকে ৰাজত্ব কৰে।

কেইবা শতিকাজুৰি ৰাজত্বৰ অধীন হােৱাৰ বাবে ইৰাণৰ সম্পর্ক আন দেশৰ সৈতে নােহােৱাৰ দৰেই প্রথম বিশ্বযুদ্ধৰ পিছত ৰেহাশ্বহ পাহাভিয়ে ইৰানৰ শাসনভাৰ হাতত ল’লে আৰু ৰে পৰা আধুনিকীকৰণৰ প্রচেষ্টাই গতিশীলতা লাভ কৰে। ১৯৪১ চনত ছােভিয়েট ৰাছিয়া আৰু ইংলেণ্ড ইৰাণৰ আভ্যন্তৰীণ বিষয়ৰ সৈতে জড়িত হৈ পৰিছিল। আৰছ নদীৰ উত্তৰে থকা সকলাে অঞ্চল ছােভিয়েট ৰাছিয়াই দখল কৰিছিল। ইৰাণৰ তেলক্ষেত্ৰৰ ব্যৱসায়িক স্বত্ব ইংলেণ্ডে লাভ কৰিছিল। ইৰাণৰ শাসনতন্ত্র শক্তিহীন হৈ পৰিছিল।

১৯৭৯ চনৰ বিখ্যাত ধর্মীয় বিপ্লৱৰ ফলস্বৰূপে পহিলা এপ্রিলৰ গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে। বিপ্লৱৰ নেতা ইমাম আয়াত ল্লাৰ খে প্রতিষ্ঠাপক। ধর্মীয় বিপ্লৱে দেশখনৰ আভ্যন্তৰীণ ব্যৱস্থাত আমূল পৰি শাহৰ শাসন কালত যিখন দেশৰ আদৱ-কায়দা পশ্চিমীয়া দেশৰ দৰে সৈ সেইখন দেশৰ সম্বন্ধ বহুতৰে স’তে ছেদ হল। আমেৰিকা তেওঁলােক পৰিল। আৰৱৰ দেশবােৰৰ সৈতে বৈদেশিক নীতিগত পার্থক্যৰ বাসে বাণিজ্য হ্রাস পালে। তেনে সময়তে ইৰাকৰ সৈতে হােৱা দীঘলীয়া যুদ্ধত দল প্রচুৰ ক্ষতি হ’ল।

এই সময়ত এবছৰ জুৰি আমেৰিকাৰ নৌসেনাৰ সৈতে যুদ্ধ হ’ল। এনেবােৰ কাৰণত দেশখন বহুত পিছুৱাই গ’ল। প্রচুৰ তৈলভাণ্ডাৰ থকা সত্ত্বেও দেশখনে সম্পদসমূহ সঠিকভাৱে আহৰণ কৰি নিজৰ বিকাশত ব্যৱহাৰ কৰিব নােৱাৰিলে।

প্রশ্ন ৫। ইৰাণৰ ভূতত্ত্বৰ বিষয়ে লিখা।
উত্তৰ – ইৰানৰ ভূতত্ত্বৰ বিভিন্ন যুগৰ বিভিন্ন শিলাত তেল আৰু গেছ পােৱা যায়। সৰস্য উপসাগৰ আৰু উত্তৰ -পশ্চিম ahwbajor ওচৰে-পাজৰে বহুতো ৩লক্ষেত্র আছে। আৰু আনহাতে ইৰাণত কেইবাখনাে গেছ উৎপাদনকাৰী তৈলক্ষেত্র আছে।

পাৰস্য উপসাগৰীয় এলেকাত মধ্যজীৱী মহাকল্পৰ শিলাস্তৰত বৃহৎ পৰিমাণৰ তৈল সম্পদ মজুত আছে।

প্রশ্ন ৬। জাগ্ৰছ পর্বতমালাৰ বিষয়ে তােমাৰ পাঠ্যপুথিৰ সহায়ত লিখা।[HSLC.’18]
উত্তৰ – ডুবাইৰ পৰা বুশ্বেৰ অভিমুখে আকাশপথেৰে যাওঁতে যাত্রীসকলক জাগ্ৰছ পর্বতমালাই সততে আকর্ষণ কৰে।

এই পাঠৰ ৰচক গােস্বামীকো বিশেষভাৱে পর্বতমালাই আকৰ্ষণ কৰিছিল । জাগ্ৰছ আৰু হিমালয়ৰ জন্ম
কাহিনী একে। এই জাগ্ৰছৰ দক্ষিণ-পশ্চিম দিশত সঞ্চিত হৈ আছে বিৰাট তেল আৰু গেছৰ ভাণ্ডাৰ। ভূতত্ত্বৰ আশীর্বাদপুষ্ট পাৰস্য উপসাগৰীয় অঞ্চলত ডেৰশতকৈয়াে অধিক তৈলক্ষেত্র আছে আৰু এই অঞ্চলৰ ওপৰতে বিশ্বৰ বহুতাে দেশ নিৰ্ভৰশীল।

প্রশ্ন ৭। ইৰাণৰ কেইখনমান ঠাইৰ নাম লিখা।
উত্তৰ – তেলৰ অন্বেষণত ইৰাণলৈ অহাৰে পৰা কিছুমান শব্দ, কিছুমান ঠাইৰ নাম লেখকৰ চিনাকি হৈ পৰিছিল। কোনােবা মানুহক লগ পালেই তেওঁ জানিবলৈ বিচাৰে যে মানুহজন কোনলানি পাহাৰৰ ওচৰত থাকে জাগ্ৰাছৰ এই পাৰে নে সিপাৰে।

আনছিৰাজ, আহৱাজ, ইছফাহান, নাটাঞ্জ, মাছাদয়াজ, টাবৰিজ, হামাদান, কাৰমান, অৰ্দবিল আদি ঠাইত নামবােৰ তেওঁৰ চিনাকি হৈ পৰিছে। তাতােকৈ আদৰৰ হৈ পৰিছে কেইটামান ফার্চী শব্দ—খেলে মামনুন, মেচি, ছালাম, ছাব্বাখেৰ ইত্যাদি।

প্রশ্ন ৮।টেইৰাণৰ বিমানবন্দৰ কেইটা আৰু কি কি আৰু কোন কোন স্থানত অৱস্থিত?
উত্তৰ – টেইৰাণৰ দুটা বিমানবন্দৰ আছে— মেহৰাবাদ এয়াৰপৰ্ট আৰু খােমেনি কাৰনেশ্যনেল এয়াৰপট। মেহৰাবাদ বিমানবন্দৰটো চহৰত অৱস্থিত। আনহাতে খােমেনি বিমানবন্দৰটো চহৰৰ পৰা দূৰত।

প্রশ্ন ৯। টেহৰাণৰ প্রাকৃতিক অবস্থা কেনেকুৱা লিখা।[HSLC.’20]
উত্তৰ – টেহৰাণৰ মৃদু শীতল বতাহে লেখকক টেহৰাণলৈ আদৰণি জনালে। টেহৰাণ। এখন পৰিকল্পিত চহৰ। লেখকে পুৱাৰ টেহৰাণৰ দৃশ্য উপভােগ কৰিলে।
চহৰৰ কাষতে ওখ পাহাৰ, সুৰুষৰ চুমাত সেইবােৰ জ্বিলিকি উঠিছে। অতদিনে ইৰান বুলিলে মৰুভূমিৰ ধাৰণাটো প্রকট হৈ উঠিছিল। পাছত গম পােৱা গৈছিল যে টেহণক বহুতে পেৰিছৰ লগত। তুলনা কৰে। ওখ ওখ পবতেৰে পৰিবেষ্টিত হােৱা বাবে টেহণখন অতি সুন্দৰ।

গ্রীষ্মৰ দটা মাহৰ বাহিৰে বাকী সময়ছােৱাত ইয়াৰ জলবায় অতি আৰামদায়ক। শীতকালত ইয়াত। বৰফ পৰে। টেহৰাণকএই সুন্দৰ জলবায়ু প্ৰদান কৰিছে এলব্রন পৰ্বতৰাশিয়ে। মহানগৰীৰ বাবে খােৱাপানী আহে পৰ্বতৰ ওপৰৰ হিমপ্রবাহৰ পৰা।

প্রশ্ন ১০। স্লামবার্জাৰ কোম্পানি কার্যালয় কত কত আছে?
উত্তৰ – স্লামবাজাৰ এটা বহুৰাষ্ট্রীয় কোম্পানি আৰু এই কোম্পানিৰ কার্যালয় নাজিৰাৰ পৰা নাইজেৰিয়ালৈকে, দুলিয়াজানৰ পৰা ডুবাইলৈকে, টেহৰাণৰ পৰা টেক্সাছলৈকে পৃথিৱীৰ সকলাে তৈলক্ষেত্ৰৰ ওচৰে-পাজৰে আছেই।

এক অর্থত তৈল উদ্যোগৰ সৈতে এই কোম্পানি অতি ঘনিষ্ঠভাৱে জড়িত। তেল উদ্যোগৰ বিকাশত এই কোম্পানিৰ গুৰুত্বপূৰ্ণ বৰঙণি আছে।

প্রশ্ন ১১। ইৰাণীসকলৰ নৱবর্ষ উৎসৱৰ বিৱৰণ দিয়া। [HSLC.’16]
উত্তৰ – বসন্তৰ মনােৰম দিনৰ আৰম্ভণিতে ইৰাণীসকলে তেওঁলােকৰ নৱবর্য নৰােজ (নতুন দিন) উদযাপন কৰে। দুসপ্তাহ জুৰি উদযাপন কৰা এই উৎসৱ আৰম্ভ হয় বসন্তৰ প্রথম দিনত। যেতিয়া সূর্যই বিযুৱ ৰেখা অতিক্রম কৰে (মার্চ মাহৰ ২০-২২ তাৰিখৰ ভিতৰত)।

সেই সময়ত বুশ্বেৰৰ হােটেলৰ কথা বাদেই স্কুল-কলেজৰ পৰা আৰম্ভ কৰি চৰকাৰী কার্যালয়লৈকে সকলােতে শিবিৰ স্থাপন কৰা হয়, যাতে ইৰাণীসকলে নৱবর্য উদযাপন কৰিব পাৰে। আমাৰ বিহুৰ দৰে এওঁলােকেও নতুন কাপােৰ লয়, পিঠা-পনা খায়।

নৱবৰ্ষৰ এই আনন্দোৎসৱত বহুতাে বিষয় সামৰি লােৱা হয়— পৰিৱেশ আৰু নিজকে চাফ-চিকুণকৈ ৰখা, শত্রুভাব দূৰ কৰি বন্ধুত্ব গঢ়া, অগ্নিশিখা প্রজ্বলন কৰা, সীমান্ত, নদী বা সাগৰ অভিমুখে যাত্রা কৰা ইত্যাদি।

সাধাৰণতে উৎসৱৰ সময়ত যিকোনাে পাৰ্ছি গৃহত টেবুল বা কার্পেটৰ ওপৰত এখন সুন্দৰ কাপােৰ পাৰি সাতবিধ খাদ্যবস্তু সজোৱা হয়।

প্রতিটো বস্তুৰে এটা প্রতীকী অর্থ আছে, বস্তুবােৰ হ’ল– ছবজে (ঘেঁহু বা দাইল, পুনর্জন্মৰ প্রতীক), চামানু (ঘেহুৰ কঠীয়াৰ payokh – notun জীৱনৰ প্রতীক), ছিব (আপেল-স্বাস্থ্য আৰু সৌন্দর্য প্রতীক), ছেnjebh bonoriya xukaan জলফাই— প্রেমৰ প্রতীক), ছিৰ (নহৰু-ঔষধ), ছমাক (এবিধ বগৰী সর্যোদয়ৰ বৰণ বুজায়) আৰু ছেৰকেহ – ভিনেগাৰ বয়স আৰু ধৈর্যৰ প্রতীক)

এই সাতবিধ খাদ্যৰ কাষত থাকে পৱিত্ৰ কোৰাণ আৰু হাফেজ কবিতাপথি। নৈবেদ্যত থােৱা আন কেইবিধমান বস্তু হ’ল মুদ্রা (ধন-সম্পত্তি), খৰাহি ভর্তির (উৰ্বৰতা বা প্রজনন ক্ষমতা), গােলাপজল (যাদুকৰী চাফাই শক্তি), গাখীৰ (শিশুবাবে), ভেটফুল আদি।

এটা পাত্ৰত পানী থৈ তাত এটা সুমথিৰা ওপঙাই থােকা ইয়াৰ অৰ্থ হ’ল যে পৃথিৱী মহাকাশত ওপঙি আছে। আন এটা সােণালী পাত্ৰত সােজ মাছ এৰি দিয়া হয়, ই পানী আৰু উৰ্বৰতা সূচায়। নৈবেদ্যৰ কাষত এখন আইনা থােৱা হয় আৰু এই আইনাৰ দুয়ােকাষে মমবাতি সজোৱা হয়- পৰিয়ালৰ প্রতিটো শিশুৰ বাবে।

‘ তিনিহাজাৰ বছৰীয়া এটা কিম্বদন্তি মতে সম্রাট জামছেদে নৱৰােজৰ কোনাে এটা পরিত্র। দিনত চেনি আৱিষ্কাৰ কৰিছিল।

সেয়ে এই আৱিষ্কাৰৰ লগত সংগতি ৰাখি পাছিসকলে সাতবিধ মিঠাই প্রস্তুত কৰে। বছৰৰ শেষ বুধবাৰে ৰাজহুৱা স্থানত মেজি জ্বলাই আৰু জুইৰ ওপৰেদি পাৰ হৈ তেওঁলােকে চিঞৰি চিঞৰি গায়— মােৰমােৰ লৈ যােৱা আৰু মােক তােমাৰ সুন্দৰ ৰঙা বৰণ দিয়া।

জুইৰ পােহৰত তেওঁলােকে থালবাটি বজায় আৰু মানুহৰ ঘৰে ঘৰে গৈ আতিথ্য গ্রহণ কৰে। নৱবৰ্ষৰ আৰম্ভণিতে সকলােৱে পৱিত্ৰ কোৰাণ আৰু হাফেজৰ কবিতা পড়ে। এইদৰেই যথেষ্ট ধুমধামেৰে পাৰস্যৰ তীৰৰ এই জনজীৱনে নতুন বছক আদৰি লয়।

প্রশ্ন ১২। বেহেক্টই-জাহৰাৰ লগত টেহৰাণবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা।[HSLC.’18]
উত্তৰ : বেহেক্ট-ই-জাহৰা টেহৰাণৰ এখন অতি জনপ্রিয় চহৰ। টেহণক জানিব বা অনুভৱ কৰিবৰ কাৰণে হেনাে বজাৰ বা আলিবাটত ঘূৰিব নালাগে।

তাতােকৈ বেহেষ্ট-ইজাহৰা ভ্রমণ কৰা উচিত। টেহৰাণৰ মুখ্য সমাধিস্থল এই বেহেক্ট-ই-জাহৰাই কেইবা কিলােমিটাৰ জুৰি আছে। হয়তাে ই একমাত্র সমাধিস্থল যত খােৱা-বােৱাৰ দোকানৰ পৰা খেল।

পথাৰলৈকে সকলাে আছে। এই জাহৰাতেই ন’বেল বিজয়ী শ্বিৰীণ ইবাডিৰ পৰিয়ালৰ এজনক সমাধিস্থ কৰা হৈছিল।

প্রশ্ন ১৩। শ্বিৰীণবাডি কেমন? [HSLC.’16]তেওঁৰ সংগ্ৰামৰ বিষয়েপাঠপৃথিৰসহয়ত লিখা।[M.Q.HSCC.’15]
উত্তৰঃ শ্বিৰীণ ইবাডি এগৰাকী মানৱ অধিকাৰ কৰ্মী আৰু এগৰাকী সংগ্রামী ব্যক্তি। কঠোৰপন্থীসকলৰ অমানৱীয় কার্যকলাপৰ বিৰুদ্ধে তেওঁ কঠোৰ সংগ্ৰাম কৰিছিল।

তেওঁক বিচাৰপতি হােৱাৰ পৰা বঞ্চিত কৰা হৈছিল আৰু হিজাব পৰিধান কৰিবলৈ জোৰ দিয়া হৈছিল। তেনে এটা কঠিন পৰিৱেশত তেওঁ এটা অত্যৎসাহী পদক্ষেপ লৈছিল মানৱ অধিকাৰ।

তেওঁ সেইবােৰ লােকৰ বাবে যুঁজিছিল যত যুৱতীক ধর্ষণ কৰা হৈছিল, শাসনবিৰােধী বুলি যুবককে শাস্তি দিয়া হৈছিল, পতিৰে পত্নীক বেয়।

ব্যৱহাৰ কৰিছিল। শতিয়া তেওঁ বিজয়ৰ মুখ দেখিলে তেতিয়া তেওঁ মানৱ অধিকাৰৰ অগ্ৰণী ৰণুৱাৰূপে সমগ্র বিশ্বতে পৰিচিত হৈ পৰিল। তেনে সময়তে তেওঁক ন’বেল বঁটাৰে সন্মানিত কৰা হয় । লােকে চমকিত কৰি ইৰাণবাসীয়ে তেওঁক টেহৰাণৰ বিমানবন্দৰত বিপুল আদৰণি জনালে।

প্রশ্ন ১৪। তলত দিয়া শব্দকেইটা কি ভাষাৰ লিখা। কেঁচি, দোৱাত, চিয়াঁহী, চিচা, কেন্দি
উত্তৰ – কেচি – অসমীয়া ভাষাত ব্যৱহাৰ হােৱা এই শব্দবােৰ ফার্চী ভাষাৰ পৰা অহা। এই শব্দবােৰ কেবা শতিকা আগেয়ে আহি অসমীয়া ভাষাত প্ৰৱেশ কৰে।
দোৱাত,চিয়াঁহী,চিচা,কেন্দি – পাৰ্চী ভাষাৰ

প্রশ্ন ১৫৷ তলত দিয়া শব্দকেইটাৰ অৰ্থ লিখা
খেলে মামনুন, মিৰছি ছালাম ।
উত্তৰ – খেলে মামনুন – ফার্চী ভাষাৰ ধন্যবাদসূচক শব্দ

প্রশ্ন ১৬। তলত দিয়া শব্দকেইটাৰ প্রতীকী অর্থ কি লিখা ?
চবজে, চামানু, ছিব, ছেজেভ, ছিৰ, ছমাক ছেৰকেহ

চবজে – ঘেঁহু বা দাইল – পুনর্জন্মৰ প্রতীক।
চামানু – ঘেঁহুৰ কঠীয়াৰ পায়স নতুন জীৱনৰ প্রতীক।
ছিব— আপেল – স্বাস্থ্য আৰু সৌন্দর্যৰ প্রতীক।
ছেনজেভ – বনৰীয়া শুকান জলফাই— প্রেমৰ প্রতীক।
ছিৰ – নহৰু – ঔষধ।
ছমাক – এবিধ বগৰী— সূর্যোদয়ৰ বৰণ বুজায়।
ছেৰকেহ – ছেকেহ – ভিনেগাৰ — বয়স আৰু ধৈৰ্যৰ প্রতীক

১৭। তলত দিয়া শব্দকেইটাত য’ আৰু ‘ণ’ কিয় প্রয়োেগ হৈছে লিখা।

সম্ভাষণ, অন্বেষণ, গৱেষণা, অৱতৰণ

সম্ভাষণ- যৰ পিছত থকা দন্ত্য ন মধূণ্য ‘ণ হয়।।
অন্বেষণ। গৱেষণা, অৱতৰণ পদৰ ভিতৰত ঋ, ৰ, যৰ পিছত থকা দন্ত্য ন মধূণ্য ‘ণ’ হয়।

প্রশ্ন ১৮। তলৰ শব্দকেইটাত কি প্রত্যয় যােগ হৈছে লিখা ।

ইৰাণী, আবাসিক, বাণিজ্যিক, শেহতীয়া, সােণালী, খৰচী

ইৰাণ + ঈ = ইৰাণী = ঈ প্রত্যয়।
আবাস + ই = আবাসিক = ইক প্রত্যয়
ইৰাণ + ঈ = ইৰাণী = ঈ প্রত্যয়।
বাণিজ্য + ইক = বাণিজ্যিক, ইক প্রত্যয়
সােণ + আলী = সােণালী = আলী প্রত্যয়
খৰচ + ঈ = খৰচী = ঈ প্রত্যয়

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। চমু উত্তৰ দিয়া ।

(ক) ভেংকি ক’ত থাকে আৰু তেওঁ কিহৰ তদাৰক কৰে?
উত্তৰ – লেখকৰ সহকর্মী ভেংকি (ভেংকটৰমণী) বুশ্বেত থাকে আৰু তেওঁ ৰিগলৈ। যাবলগা হেলিকপ্টাৰ আৰু সামগ্রী যােগানকাৰী জাহাজৰ তদাৰক কৰে।

(খ) নিৰাপত্তাৰক্ষীসকলৰ সৈতে কথা-বতৰাত হুছেইনে কেনে উদ্যোগ লৈছিল ।
উত্তৰ – ভেংকিয়ে নিৰাপত্তাৰক্ষী কেইগৰাকীৰ সৈতে কথা-বতৰা আৰম্ভ কৰিলে। হুছেইনে ফার্চীৰ পৰা ইংৰাজীলৈ আৰু ইংৰাজীৰ পৰা ফার্চীলৈ অনুবাদ কৰিবাৰ্তালাপত সহায় কৰিলে।

(গ) হুছেইন আৰু অবুজাব কোন আছিল ?
উত্তৰ – হুছেইন হৈছে অবুজাৰৰ সহযােগী। অবুজাৰ লেখকৰ ট্ৰেভেল এজেন্ট।

(ঘ) ইৰাণীসকল কেনে প্রকৃতিৰ? তেওঁলােকৰ বার্তালাপ কেনেধৰণৰ ?
উত্তৰ : ইৰাণীসকল নম্ৰ। তেওঁলােকে সুন্দৰ সম্ভাষণেৰে বার্তালাপ কৰে, উচ্চস্তৰত কথা নকয় আৰু কথা-বতৰাত বিনয়ী স্বভাৱৰ প্রতিফলন ঘটে।

তেওঁলােকে যে এটা ঐতিহ্যময় সভ্যতাৰ শিখা কঢ়িয়াই আনিছে তাৰ পৰিচয় পােৱা যায় তেওঁলােকৰ বাৰ্তালাপত।

(ঙ) ইৰাণীসকলৰ চেহেৰা আৰু সাজপাৰ কেনেধৰণৰ ?
উত্তৰ – ইৰাণীসকল যথেষ্ট ধুনীয়া চেহেৰাৰ, সাজ-পােছাক আধুনিক। চহৰত ভ্রমণ কৰােতে বহুতাে ইৰাণী মহিলাই বােখা নিপিন্ধাকৈয়ে ফুৰা দেখা গ’ল ।

যুৱতীবােৰে টি ছাট, জিনছ, কেডছ আদি পিন্ধিছে, মাথােন একোখন স্কার্ফেৰে মূৰটো ঢাকি লৈছে। সেই স্কার্ফখনক তেওঁলােকে হিজাব বােলে।

(চ) ইৰাণত শুকুৰবাৰে কেনেধৰণৰ পৰিৱেশ হয়?
উত্তৰ – ইৰাণত শুকুৰবাৰে আমাৰ ইয়াৰ দেওবাৰৰ দৰে পৰিৱেশ হয়। তাৰ মাজতাে দুই এখন দৈনন্দিন প্রয়ােজনীয় দোকান খােলা থাকে।

(ছ) ফল-মূলৰ দোকানবােৰত কি সজাই থােৱা হৈছিল ?
উত্তৰ – ফল-মূলৰ দোকানত ৰঙা ছেৰিৰ পৰা আৰম্ভ কৰি তৰমুজলৈকে বিভিন্ন ফলমূল সজাই থােৱা আছে।

(জ) বুশ্বেৰৰ খেজুৰৰ জুতি কেনেধৰণৰ ?
উত্তৰ – বুলেৰ খেজুৰ বিখ্যাত। মিঠা আৰু সতেজ। পবা খেজৰৰ পৰা যিদৰে ৰস নয়, নাজানিলে ধাৰণা হ’ব যেন কোনােবাই ৰস ঢালি আনিছে।

(ঝ) পাৰস্যৰ কি কথাই লেখকক বিশেষভাবে আকর্ষণ কৰিছিল ? [HSLC.’17)
উত্তৰ – পাৰস্যৰ এটা কথাই লেখকক বিশেষভাবে আকর্ষণ কৰিছিল, সেয়া হৈছে। অসমীয়া ভাষাত ব্যৱহাৰ হােৱা ফাচ। ভাষাৰ শব্দবােৰ। কেশতিকা ধৰি কিছুমান ব্যক্তিয়ে সদৰ পাৰস্যৰ পাৰৰ পৰা আনি ভাৰতৰ উত্তৰ-পূব দিশত এই শব্দবােৰ বিলাই দিছিল।

(ঞ) জাগ্রছৰ পৰত শৃংখলাটো ক’লৈকে বিয়পি আছে? [HSLC.18]
উত্তৰ : জাগ্রছ পর্বত শৃংখলা ইৰাণৰ উত্তৰ-পশ্চিমৰ পৰা দক্ষিণ-পূবলৈকে বিয়পি। আছে। ইয়াৰ সর্বোচ্চ শৃংগুৰ উচ্চতা প্রায় ৪৫,০০ মিটাৰ। জাগ্রছৰ উপৰি দেশখনত আৰু কেইবাটাও পর্বত শৃংখলা আছে।

(ট) ইৰাণৰ কাৰ্যালয়ৰ কোম্পানিটোৰ সঞ্চালক কোন আৰু তেওঁ কেনেদৰে কথাবতৰা কয় ?
উত্তৰঃ ইৰাণৰ কাৰ্যালয়ৰ কোম্পানিটোৰ সঞ্চালক এম এফ আলাবিৰ বয়স সত্তৰৰ ওপৰত। তেওঁ যথেষ্ট লাহে-ধীৰে কথা কয়। ইৰাণৰ তৈল উদ্যোগ আৰু এই অঞ্চলৰ ভূতত্ত্বৰ বিষয়ে তেওঁৰ বিস্তৃত জ্ঞান আছে।

(ঠ) টেহৰাণত কিমান পুৰণি অট্টালিকা আছে?
উত্তৰ – টেহৰাণত বহুতাে দর্শনীয় স্কুল আছে। ইয়াত বহুতাে সংগ্রহালয় আৰু পুৰণি অট্টালিকা আছে।

(ড) ইৰাণীসকলে কেতিয়া ন’ৰােজ পালন কৰে ?
উত্তৰঃ বসন্তৰ মনােৰম দিনৰ আৰম্ভণিতে ইৰাণীসকলে তেওঁলােকৰ নৱবর্ষ নৰােজ (নতুন দিন) পালন কৰে । দুসপ্তাহ জুৰি এই উৎসৱ পালন কৰা হয়।

(ঢ) কোনে কেতিয়া চেনি আৱিষ্কাৰ কৰিছিল ?
উত্তৰ – তিনি হাজাৰ বছৰীয়া এটা কিম্বদন্তি মতে সম্রাট জামছেদে নৱৰােজৰ কোনাে এটা পৱিত্ৰ দিনত চেনি আৱিষ্কাৰ কৰিছিল। সেয়ে এই আৱিষ্কাৰৰ লগত সংগতি ৰাখি পাছিসকলে সাতবিধ মিঠাই প্রস্তুত কৰে।

(ণ) ইমাম আয়াতুল্লা খােমেনিৰ মৃত্যুৰ দিনটো ইৰাণীসকলে কেনেদৰে পালন কৰে ?
উত্তৰ – ইমাম আয়াতুল্লা খােমেনিৰ মৃত্যু দিনটো ইৰাণবাসীৰ বাবে আটাইতকৈ গুৰুত্বপূর্ণ সেই উদ্দেশ্যে টেহেৰাণত এটা বিৰাট গণ-সমাৱেশৰ আয়ােজন কৰা হয় আৰু সেই ৰাজহুৱা সভালৈ ধর্মীয় নেতাসকলাে আহে।

(ত) ৰথীন্দ্রনাথ গােস্বামীৰ জন্ম কত হয়?
উত্তৰঃ ৰথীন্দ্রনাথ গােস্বামীৰ জন্ম হয় যােৰহাটত।

(থ) ৰথীন্দ্রনাথ গােস্বামীৰ পিতৃ কোন?
উত্তৰঃ ৰথীন্দ্রনাথ গােস্বামীৰ পিতৃ সাহিত্যাচার্য যতীন্দ্রনাথ গােস্বামী।

(দ) ৰথীন্দ্রনাথ গােস্বামী ৰচিত শিশু সাহিত্যসমূহৰ নাম লিখা।
উত্তৰঃ ৰথীন্দ্রনাথ গােস্বামীৰ দ্বাৰা ৰচিত শিশু সাহিত্যসমূহ হ’ল ‘বিদেশী বন্য দেশত’, ‘কিংকিনীৰ বিদ্রোহ’, ‘Kinkini’s story ‘হবী’, ‘বিজ্ঞানে আনিব জোৱাৰ অংক জংক পংক’, ‘ৰথীন মামাৰ অংকৰ মজা’, ‘Universe and Solar family’ ইত্যাদি।

প্রশ্ন ২। নাদিৰ শ্বাহ কেনে প্রকৃতিৰ শাসক আছিল?[HSLC.’19]
উত্তৰ – ইৰাণৰ শাসকসকলৰ ভিতৰত নাদিৰ শ্বাহে অতি কম দিন ৰাজত্ব কৰিছিল (১৭৩৭-৪৭) যদিও তেওঁৰ শাসনকালত ভাৰতত বিভীষিকাৰ সৃষ্টি হৈছিল।

তেওঁ আফগানিস্তানৰ পিছত ভাৰত আক্ৰমণ কৰিছিল আৰু মােগল সম্রাট মহম্মদ শাহক পৰাস্ত কৰি (১৭৩৯) এটা বিশাল ৰাজভঁৰাল লুট কৰিছিল। তেওঁ বহুতাে নাগৰিকক হত্যা কৰিছিল আৰু কহিনুৰ, হীৰা, মুকুতা আদিৰ উপৰি হাতী, ঘোঁৰা, উট আদি লৈ গৈছিল।

ভাৰতবৰ্ষৰ পৰা তেওঁ ইমানবােৰ -সম্পত্তি লুট কৰি নিছিল যে পৰৱর্তী তিনিবছৰ তেওঁ দেশবাসীৰ পৰা কোনাে কৰ সংগ্ৰহ কৰা নাছিল।

প্রশ্ন ৩। লেখকে বুশ্বেৰ চহৰৰ বৰ্ণনা কেনেদৰে দাঙি ধৰিছে?
উত্তৰ – বুশ্বেৰ এখন সৰু চহৰ যদিও অতি সুপৰিকল্পিত। চাৰিটা লেনৰ ৰাস্তা, মাজত ডিভাইদাৰ। চহৰখন যথেষ্ট চাফা। নগৰ পৰিকল্পনাই যে বুশ্বেৰ চহৰখনত গুৰুত্ব লাভ কৰিছে সেই কথা লেখকে আকাশমার্গৰ পৰাই অনুমান কৰিব পাৰিছিল।

প্রতিটো ঘৰ দেৱালেৰে ঘেৰা। প্রৱেশদ্বাৰত এখন মজবুট লােহাৰ গেট। আবাসিক অঞ্চলৰ ঘৰবােৰ দুই বা তিনি মহলীয়া।

তেল অন্বেষণৰ উদ্দেশ্যে ইৰাণত উপস্থিত হােৱা লেখকে বুশ্বেৰ চহৰৰ মাজেদি যাত্রা কৰোঁতে এক অজান পুলক অনুভৱ কৰিলে। বুশ্বেৰ চহৰত কোনােবা এঠাইত পাৰমাণৱিক গৱেষণা চলি আছে। ডাটা ইঞ্জিনিয়াৰ জাভাদৰ যােগেদি তেওঁ গম পালে যে বুশ্বেৰত এটা ৰিয়েক্টৰ আছে।

এই ঠাইতেই এটা গােলাকৃতিৰ স্থাপত্যৰ ভিতৰত পাৰমাণৱিক গৱেষণাৰ কাম চলি আছে বুলি তেওঁ জানিব পাৰিলে।

প্রশ্ন ৪। নুন কি ? কেনেকৈ পস্তুত কৰে?
উত্তৰঃ ইৰাণত প্রস্তুত কৰা ডেৰফুটমান দীঘল এখন ৰুটী। এই ৰুটী মেচিনত তৈয়াৰী। আমাৰ দেশত যিদৰে ব্লেড বা পাওৰুটী বিক্রী হয় সেইদৰে ইৰাণত নুন (হিন্দীত নান) অতি জনপ্রিয়। এইবােৰ সাধাৰণতে ঘৰত তৈয়াৰ নকৰে। মানুহে দোকানৰ পৰা নি খায় । এইবােৰ শুকান আৰু লেকেটা।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।