প্ৰশস্তি দশম শ্ৰেণী
ৰঘুনাথ চৌধাৰী (১৮৭৯-১৯৬৮)
কবি পৰিচিত
অসমীয়া ৰোমাণ্টিক যুগৰ বিশিষ্ট কবি ৰঘুনাথ চৌধাৰীৰ জন্ম হয় কামৰূপ জিলাৰ লাওপাৰা গাওঁত। তেওঁৰ দেউতাক ভোলানাথ চৌধাৰ।
সৰু কালতেই পিৰালিৰ পৰা পৰি তেওঁ চিৰদিনৰ কাৰণে ঘুনিয়া হয়। পাৰিবাৰিক দুৰ্যোগৰ কাৰণে তেওঁ গাঁৱৰ ঘৰ এৰি গুৱাহাটীলৈ যায় আৰু এগৰাকী সম্পৰ্কীয় ককায়েকৰ তত্বাবধানত থাকি পঢ়া শুনা কৰে।
কিন্তু অষ্টম শ্ৰেণী লৈকে পঢ়ি তেওঁ স্কুলীয়া শিক্ষাৰ সামৰণি মাৰি ঘৰতে সংস্কৃত আৰু বাংলা কাব্যৰ সাধনা কৰিবলৈ লয়। পিছত কেইবছৰমান শিক্ষকতা কৰি নিজাকৈ খেতি বাতি কৰাৰ লগতে সাহিত্য চৰ্চাও অব্যাহত ৰাখে।
তেওঁ গুৱাহাটীৰ পৰা প্ৰকাশিত জোনাকী কাকতৰ সহকাৰী সম্পাদক আছিল। জোনাকীৰ বাহিৰেও তেওঁ শিশু আলোচনী আদিতো তেওঁৰ কবিতা প্ৰকাশ পায়। তেওঁৰ উল্লেখযোগ্য কাব্য সংকলন সমূহ হ’ল – কেতেকী (১৯১৮), সাদৰী (১৯২০), কাৰবালা (১৯২৩), দহিকতৰা (১৯৩১), নৱমল্লিকা (১৯৫৮)। তেওঁৰ মৃত্যুৰ পিছত ” মনাই বৰাগী ” নামৰ এখনি কবিতা পুথি আৰু ” পচতীয়া ” নামৰ এখনি গল্পৰ পুথি প্ৰকাশ পায়।
তেওঁ চৰাইক লৈ ভালেমান কবিতা ৰচনা কৰিছিল। সেইকাৰণে তেওঁ “বিহগী” কবি আখ্যা দিয়া হয়। চৌধাৰীৰ কবিতাত সংস্কৃত শব্দৰ লগে লগে আৰবী আৰু ফাৰ্চী শব্দৰ সাৰ্থক প্ৰায়োগ লক্ষ্য কৰা যায়।
ইংৰাজ ৰোমাণ্টিক কবিসকলৰ পোনপটীয়া প্ৰভাৱ তেওঁৰ কবিতাত দেখা নাযায়। তাৰ পৰিৱৰ্তে সংস্কৃত সাহিত্য তথা ভাৰতীয় উপনিষদীয় ঐতিহ্যৰ দ্বাৰাহে তেওঁ যথেষ্ঠ পৰিমাণে প্ৰভাম্বিত হৈছে।
শব্দ চয়ন আৰু উপমাদি অলংকাৰৰ প্ৰয়োগৰ ক্ষেত্ৰত তেওঁ সংস্কৃত সাহিত্যৰ দ্বাৰা প্ৰভাৱিত হোৱা বুলিব পাৰি। ১৯৩৫ চনত তেওঁ তেজপুৰ অধিৱেশনত অসম সাহিত্য সভাত সভাপতিত্ব কৰে।
শব্দৰ্থ আৰু টোকা
অন্তৰীক্ষ – আকাশ, যাক পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা যায়।
ঊষা – ধলপুৱা, ৰাতিপুৱাই অহা সময়, সূৰ্য।
ঋত্বিক – ঋতুযাজক, পুৰোহিত।
কাল ৰাত্ৰি – এন্ধাৰ ৰাতি।
কিশলয় – কুঁহিপাত, গজালি, কোঁহ।
কীচক বেণু – কীচক বাঁহৰ বাঁহী, কীচক বাঁহৰ বাদ্যৰ শব্দ।
কুসুম – ফুল।
ক্লেদ – বোকা, গেলা বস্তুযুক্ত পানী।
চামৰ – চোঁৱৰ, চুবুৰী পহুৰ নেজৰ মুঠা।
চিত্তহাৰি – মন – প্ৰাণ হৰি নিয়া।
তন্দ্ৰালস – শান্ত, ক্লান্ত, টোপনিয়ে ধৰা অৱস্থা।
তেজি – ত্যাগ কৰা।
তান – সুৰ, ৰাগ।
দীৰ্ণ – ভাগি – চিগি যোৱা, বিদাৰিত।
পৰিমল – সুগুন্ধ।
পুঞ্জীভূত – সঞ্চিত।
ফুল্ল – ফুলি উঠা, পাহি মেলা ফুল।
বসুধা – পৃথিৱী, বসুমতি।
বিহঙ্গ – চৰাই, বসুমতি।
মহামহিম – অতিকয় গৌৰম্বানিত, বৰ মান্য, খ্যাতিমান।
পাঠভিত্তক প্ৰশ্নোত্তৰ
১/ অতি চমু উত্তৰ দিয়া
(ক) ৰঘুনাথ চৌধাৰীক কি কবি ৰূপে জনা যায়?
উত্তৰ :- “বিহগী” কবি ৰূপে।
(খ) ৰঘুনাথ চৌধাৰীৰ দুখন কবিতা পুথিৰ নাম লিখা।
উত্তৰ :- ” কেতেকী, দহিতৰা “।
(গ) প্ৰকৃতিৰ কোনে সাদৰি আনিলে বুলি কৈছে?
উত্তৰ :- নৱ কিশলয় দলে।
(ঘ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে? [HSLC,20]
উত্তৰ :- ৰবাব ফুলে।
(ঙ) জল, স্থল আৰু ক’ত দেৱৱতাৰ মহা অভিযান চলিছে?
উত্তৰ :- অন্তৰীক্ষত।
(চ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে?
উত্তৰ :- মোহন কিচক বেণু অনাহত চন্দে।
২/ “প্ৰশস্তি” কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখা।
উত্তৰ :- “প্ৰশস্তি” কবিতাটোত কবিয়ে প্ৰকৃতিৰ প্ৰায় সকলো বস্তুকে টানি আনিছে।
ৰাতিপুৱাৰ সূৰ্যৰ মনোমোহা ৰ’দৰ পোহৰ, প্ৰাকৃতিক আদৰি অনা “নৱ কিশলয়”, মন প্ৰাণ হৰি নিয়া প্ৰস্ফুটিত ফুলসমূহ, “প্ৰেম পৰমল” যাচি দিয়া ৰবাব ফুল, গছৰ ডালে ডালে আনন্দতে জঁপিয়াই ফুৰি সুমধুৰ গীত গোৱা চৰাই – চিৰিকতিসমূহ, জল, স্থল, আকাশ, বোকা – পানী, প্ৰকৃতিৰ এই সকলো বস্তুকে কবিয়ে কবিতাটোত টানি আনিছে।
৩/ কবিয়ে কবিতাটোত কিয় আৰু কাৰ প্ৰশস্তি কৰিছে?
উত্তৰ :- কবিয়ে ঊষাৰ ” কুস্কুম ৰাগে ৰাতিপুৱা পৃথিৱীক সুন্দৰ কৰি তোলাৰ কাৰণে, নৱ কিশলয় দলে সেউজী সু আভাসেৰে প্ৰাকৃতিক আদৰি অনাৰ কাৰণে, ৰবাব ফুলেও ” প্ৰেম পৰিমল ” চতিওৱাৰ কাৰণে, বিভিন্ন ফুলে প্ৰাকৃতিক জাতিষ্কাৰ কৰি তোলাৰ কাৰণে কবিয়ে সেইবোৰৰ প্ৰশস্তি কৰিছে।
তাৰোপৰি গছে গছে চৰাইবোৰ সুললিত সুৰে ৰাতিপুৱা প্ৰাকৃতিক উৎফুল্লিত কৰি তোলাৰ কাৰণে, সূৰ্যৰ পোহৰে নিশাৰ এন্ধাৰ আঁতৰাই পঠিওৱাৰ কাৰণেও কবিয়ে প্ৰশস্তি কৰিছে।
কাৰণ প্ৰকৃতিৰ এনেকুৱা কাৰ্য সমূহে সৃষ্টি কৰা সুন্দৰ সময়চোৱাত ” অমৃতৰ পুত্ৰ ” ভক্ত প্ৰাণ মানুহক নিদ্ৰা ত্যাগ কৰি মহমহিমৰ অৰ্থাৎ পৰম ঈশ্বৰৰ গুণ গান কৰিবলৈ প্ৰেৰণা যোগায়। কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে।
৪/ কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিবৰি লিখা।
উত্তৰ :- কবিতাটোত কবিয়ে প্ৰকৃতিৰ সন্মহনী সুধাৰ মাজত সুন্দৰৰ সাধনা অৰ্থাৎ নেদেখাজনৰ অস্তৃত্ব দেখিবলৈ পাইছে।
সেই কাৰণেই কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সেই সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ বাৰে বাৰে আহ্বান জনাইছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে।
এক আধ্যাত্মিক সুৰে কবিতাটোক গভীৰ অনুভূতিৰ বাহক কৰি তুলিছে। সৃষ্টিকৰ্তাৰ সন্ধানে কবিতাটোক ৰহস্যবাদি ধাৰাৰ ওচৰ চপাই আনিছে।
৫/ “প্ৰশস্তি” কবিতাটোৰ মুলভাৱ লিখা।
উত্তৰ :- প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। প্ৰশস্তিৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা।
ৰাতিপুৱাৰ সূৰ্যৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছ বনে প্ৰাকৃতিক ন ৰূপত সজাই তুলিছে, চৌদিশে ফুলি থকা বিবিধ ৰঙৰ ফুলবোৰৰ প্ৰাণ আনন্দৰে ভৰি পৰিছে।
চৰাই – চিৰিকতিবোৰেও গছৰ ডালে – ডালে পৰি আনন্দত নানান সুৰত গীত গাই যেন দেৱতাৰহে সন্ধান কৰিছে, আমৃতৰ সন্ধান কৰিছে।
অমৃতৰ সন্ধানে মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰি যাবলৈ আহ্বান জনাইছে। কিচক বেনুৱে বতাহত স্ৰষ্টাৰ গান জুৰিছে। কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে।
প্ৰকৃতিৰ সন্মোহনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে। এক আধ্যাত্মিক সুৰ কবিতাটোত উপলব্ধ কৰিব পাৰি।
৬/ “উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ উঠা যত মুক্তি পঠযাত্ৰী।” – কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। [HSLC,20]
উত্তৰ :- ৰাতিপুৱা বেলিৰ পোহৰে গোটেই পৃথিৱীখনকেই সুন্দৰভাৱে পহৰাই সজাই তোলে।
প্ৰকৃতিৰ বুকুত ফুলি থকা নানাৰঙৰ ফুল, গছ – গছনিৰ ডালে – ডালে জঁপিয়াই বিবিধ ৰকমৰ চৰাই চিৰিকতিয়ে মাত মাতি সৃষ্টি কৰা সুন্দৰ তথা মনোমোহা পৰিৱেশত ঈশ্বৰৰ মহিমা তথা অস্তৃত্ব লুকাই থাকে।
এই অস্তৃত্ব উপলব্ধি কৰিবলৈ ভগবানৰ ধ্যানৰত অমৃতৰ সন্তান মানুহক তন্দ্ৰা ত্যাগ কৰিবলৈ আহ্বান জনাইছে।
ভক্তসকল মুক্তি পথৰ যাত্ৰী অৰ্থাৎ ভক্তসকলে তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ আৰাধনা কৰিবলৈ কবিয়ে আহ্বান জনাইছে।
৭/ সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বিৱৰি লিখা।
উত্তৰ :- প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে কবিয়ে সুন্দৰৰ আৰাধনা কৰিছে। এই সুন্দৰৰ আৰাধনাৰ জৰিয়তে সন্মোহনী সুধা লাভ কৰিব পাৰি আৰু মুক্তিৰ পথো বিচাৰি পায় বুলি কবিয়ে কৈছে।
সুন্দৰৰ ৰূপ ধ্যানৰ আৰত ঈশ্বৰ ভক্তিৰ স্বৰূপ নিহিত হৈ আছে। ঈশ্বৰৰ অস্তিত্ব তথা স্বৰূপ লাভ কৰি মুক্তি পাবলৈ ভক্তবৃন্দই অহৰহ স্তুতি কৰি আহিছে।
সেই কাৰণেই সুন্দৰৰ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক আহ্বান জনাইছে। এই সুন্দৰ “মহমহিম” পৰমপিতা পৰমেশ্বৰ।
৮/ বাখ্যা কৰা।
(ক) “উঠে তৰু শিৰে – শিৰে বন বিহঙ্গৰ ছন্দভৰা সুমধুৰ তান, জল, স্থল, অন্তৰীক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান।”
উত্তৰ :- উদ্ধৃত কবিতাফাকি বিহগী কবি ৰঘুনাথ চৌধাৰীৰ ৰচিত “প্ৰশস্তি” কবিতাটোৰ অন্তৰ্গত। ৰাতিপুৱাৰ সূৰ্যৰ পোহৰে আলোকিত কৰা প্ৰকৃতিৰ ৰূপ – সৌন্দৰ্যৰ কথা প্ৰকাশ কৰিবলৈ যাওঁতে কবিয়ে কবিতাটিত এনেদৰে উল্লেখ কৰিছে।
বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছ বনে প্ৰাকৃতিক ন ৰূপত সজাই তুলিছে।
চৰাই চিৰিকতিবোৰেও আনন্দৰে এই ৰূপত ৰূপ, চৰাই গছৰ ডালে – ডালে জঁপিয়াই ফুৰি এক সুমধুৰ তানত ছন্দ ভৰা গীত জুৰিছে।
এই গীতৰ চন্দে যেন জল, স্থল, আকাশ সকলোতে দেৱতাৰহে সন্ধান কৰিছে। প্ৰকৃতিৰ এনে ৰূপ সৌন্দৰ্যৰ মাজত কবিয়ে দেৱতা অৰ্থাৎ ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰা কথা প্ৰকাশ পাইছে।
(খ) “কাৰ দীৰ্ণ জৰজীৰ্ণ পুঞ্জিভূত ক্লেড শেষ হ’ল মহা কালৰাত্ৰি, উঠাহে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ উঠা যত মুক্তি পথযাত্ৰী।”
উত্তৰ :- উদ্ধৃত কবিতাফাকি বিহগী কবি ৰঘুনাথ চৌধাৰীৰ ৰচিত “প্ৰশস্তি” কবিতাটোৰ অন্তৰ্গত। ৰাতিপুৱাৰ সুন্দৰ পৰিৱেশত শুই নাথাকি কামে – কাজে নিয়োজিত হ’বলৈ অমৃতৰ পুত্ৰ মানুহক কবিয়ে আহ্বান জনোৱাৰ কথা কবিতাফাকিত প্ৰকাশ পাইছে। মানুহ হ’ল অমৃতৰ সন্তান, – তেওঁলোক মুক্তিপথৰ যাত্ৰী।
এন্ধাৰ বিনাশি বেলিৰ পোহৰ পৃথিৱীত পৰাৰ লগে লগে প্ৰকৃতি ন – ৰূপত আলোকিত হৈ উঠে। এনে পৰিৱেশত সুন্দৰৰ অৰ্থাৎ পৰমপিতাৰ আৰাধনা কৰা মনোৰম সময়।
এই পৰিবেশতে সুন্দৰৰ অস্তৃত্ব উপলব্ধি কৰিব পাৰি। সেয়ে এনে পৰিৱেশত শুই নাথাকি এই সুন্দৰৰ ধ্যান কৰিবলৈ ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ মানুহক কবিয়ে আহ্বান জনাইছে।
(গ) ” মোহন কীচক বেণু অনাহত ছন্দে গায় মহামহীমৰ গান, মোহ তন্ত্ৰলস তেজি উঠাহে ভক্তবৃন্দ সুন্দৰৰ কৰা ৰূপধ্যান।”
উত্তৰ :- উদ্ধৃত কবিতাফাকি বিহগী কবি ৰঘুনাথ চৌধাৰীৰ ৰচিত “প্ৰশস্তি” কবিতাটোৰ অন্তৰ্গত। ৰাতিপুৱা মনোমোহা পৰিৱেশত শুই নাথাকি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃণ্ডক আহ্বান জনোৱাৰ কথা কবিতাফাকিত প্ৰকাশ পাইছে। সূৰ্যদয়ৰ লগে লগে সূৰ্যুৰ পোহৰেৰে প্ৰকৃতিৰ গছ – গছনি আলোকিত হৈ পৰে।
চৰাই চিৰিকতিয়ে আনন্দত গছৰ ডালে – ডালে পৰি ছন্দভৰা সুমধুৰ গীত গাবলৈ ধৰে। কিচক বাঁহৰ মোহন বাঁহীয়েও বতাহত সুৰ তুলি পৰিৱেশত অতি সুন্দৰ কৰি তোলে।
সেই মোহন বাঁহীয়েও যেন মহামহিম অৰ্থাৎ পৰম পিতাৰহে গুণ গানৰ সুৰ তোলে। এনে এটা মোহনীয় পৰিৱেশত ভক্তবৃন্দই তন্দ্ৰালস ত্যাগ কৰি সুন্দৰৰ অৰ্থাৎ ভগবানৰ ৰূপ ধ্যান কৰিবলৈ উঠি আহক – এই কথাকেই কবিয়ে আশা কৰিছে। কাৰণ এনে পৰিৱেশতহে সুন্দৰৰ অস্তিত্ব উপলব্ধি কৰিব পাৰি।
ভাষা বিষয়ক প্ৰশ্নোত্তৰ
১/ অৰ্থ লিখা।
কিশলয় – কুঁহিপাত, গজালি, কোঁহ।
চিত্ত হাৰী – মন – প্ৰাণ হৰণ কৰিব পৰা।
অন্তৰীক্ষ – আকাশ, যাক পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা যায়।
তন্দ্ৰালস – শান্ত, ক্লান্ত, টোপনিয়ে ধৰা অৱস্থা।
২/ বাক্য ৰচনা কৰা/
দশোদিশ – বেলিৰ পোহৰে পৃথিৱীৰ দশোদিশ পহোৰাই তুলিছে।
উপেক্ষিত – কোনেও কাৰো প্ৰতি উপেক্ষিত ভাৱ ল’ব নালাগে।
জৰাজীৰ্ণ – প্রতিপাল আৰু মেৰামতিৰ অভাৱত ঘৰ দুৱাৰবোৰৰ অৱস্থা জৰাজীৰ্ণ হৈ পৰে।
৩/ সমাৰ্থক শব্দ লিখা/
তৰু – বৃক্ষ,গছ, পাদপ।
মুক্তি – স্বাধীনতা, মুকলি।
সুমধুৰ – অতি মিঠা, সুন্দৰ।
অভিযান – যাত্ৰা।
ধ্যানী – ধ্যানৰত, তপস্বী।
অতিৰিক্ত প্ৰশ্নোত্তৰ
১/ শব্দর্থ লিখা
প্ৰশস্তি – আৰাধনা, প্ৰসংগ, গৌৰৱ।
দশোদিশ – চাৰিওফালে।
ধুলাই – বিচি, বা দি।
টলমল – অস্থিৰ।
উপেক্ষিত – অৱহেলিত।
তৰু – গছ।
অভিযান – কোনো এক উদ্দেশ্যৰে কৰা যাত্ৰা।
জৰাজীৰ্ণ – ভাগি – চিগি যাবলৈ ধৰা অৱস্থা।
২/ চমু উত্তৰ দিয়া
(ক) ” প্ৰশস্তি ” কবিতাটোৰ কবি কোন?
উত্তৰ :- “বিহগী” কবি ৰঘুনাথ চৌধাৰী।
(খ) ৰঘুনাথ চৌধাৰীক “বিহগী কবি” কিয় বোলা হয়?
উত্তৰ :- বিহগ মানে চৰাই। ৰঘুনাথ চৌধাৰীয়ে সাধাৰণতে চৰাইৰ সম্বন্ধে অধিক কবিতা ৰচনা কৰাৰ কাৰণে তেওঁক “বিহগী কবি” বোলা হয়।
(গ) ৰঘুনাথ চৌধাৰীৰ পিতৃৰ নাম কি?
উত্তৰ :- ভোলানাথ চৌধাৰী।
(ঘ) ৰঘুনাথ চৌধাৰীৰ সম্পাদিত শিশু আলোচনীখনৰ নাম কি?
উত্তৰ :- “মইনা”।
(ঙ) ৰঘুনাথ চৌধাৰীৰ প্ৰথম প্ৰকাশিত কবিতা পুথিখনৰ নাম কি?
উত্তৰ :- ” সাদৰী”।
(চ) ৰঘুনাথ চৌধাৰীৰ মৃত্যুৰ পাছত তেওঁৰ প্ৰকাশিত গ্ৰন্থ দুখনি কি কি?
উত্তৰ :- ” মণাই বৰাগী ” আৰু ” পচতীয়া “।
(ছ) ৰঘুনাথ চৌধাৰীৰ কোন কোন আলোচনীত কবিতা প্ৰকাশ পাইছিল।
উত্তৰ :- “জোনাকী”,”আলোচনী”,”বাঁহী” আদিত।
(জ) ৰঘুনাথ চৌধাৰীয়ে অসম সাহিত্য সভাৰ কোন চনত ক’ত অনুষ্ঠিত সভাত সভাপতিত্ব কৰিছিল?
উত্তৰ :- ১৯৩৫ চনত তেজপুৰত অনুষ্ঠিত সভাত।
(ঝ) “নৱ কিশলয় দলে চামৰ ধূলাই” কাক সদৰি আনিলে?
উত্তৰ :- প্ৰাকৃতিক।
(ঞ) “আনন্দত প্ৰাণ টলবল” – কাৰ?
উত্তৰ :- চিত্বহাৰী যত ফুল্লো কুসুমৰ।
(ট) মন্দিৰৰ উপেক্ষিত ফুল কি?
উত্তৰ :- ৰবাব ফুল।
(ঠ) ৰবাব ফুলক কিয় “মন্দিৰৰ উপেক্ষিত” বুলি কোৱা হৈছে?
উত্তৰ :- কোনো পূজা পাতলত ৰবাব ফুল নালাগে বাবে।
(ড) বন বিহঙ্গৰ ছন্দভৰা সুমধুৰ তান ক’ত উঠে বুলি কৈছে?
উত্তৰ :- গছ – গছনীৰ ডালে – পাতে।
(ঢ) “ঋত্বিক ধ্যানী অমৃতৰ সন্তান” বুলি কাক কোৱা হৈছে?
উত্তৰ :- মানুহক।
(ণ) মুক্তি পথ যাত্ৰী কোন?
উত্তৰ :- ভক্তসকল।
(ত) “কীচক বেণু” কি?
উত্তৰ :- কীচক বাঁহৰ পৰা সজা এবিধ বাঁহী।
(থ) কোনে মহমহিমৰ গান গায়?
উত্তৰ :- মোহন কীচক বেণুৱে।
(দ) সুন্দৰৰ ৰূপধ্যান কৰিবলৈ কাক আহ্বান জনাইছে?
উত্তৰ :- মুক্তিকামী ভক্তবৃন্দক।