জিকিৰ class 10 question answer || class 10 Assamese lesson 2 question answer

জিকিৰ class 10 question answer

জিকিৰ

আজান ফকিৰ

কবিৰ পৰিচয়

জিকিৰসমূহ ইছলামধৰ্মী সাধুপুৰুষ আজান ফকীৰৰ দ্বাৰা ৰচিত আধ্যাত্মিক গীত। তেওঁৰ আচল নাম শ্বাহ মিলান। তেওঁ সুদূৰ বাগদাদৰ পৰা আহি অসমত ইছলাম ধৰ্ম প্ৰচাৰ কৰা বুলি জনা যায়।

আজান ফকীৰৰ সময় সন্দৰ্ভত পণ্ডিতসকলৰ মাজত মত ভেদ দেখা যায়। ইতিহাসৰ তথ্যৰ ওপৰত ভিত্তি কৰি সূৰ্যকুমাৰ ভূঞাই তেওঁৰ সময় সপ্তদশ শতিকাৰ শেষভাগ বুলি অনুমান কৰিছে।

কাৰণ গদাধৰ সিংহৰ ৰাজত্বকালত (১৮৮১-৯৬) ৰূপাই – দা – ধৰা নামৰ এগৰাকী ব্যক্তিয়ে আজান ফকীৰৰ চকু কাঢ়িছিল।

গতিকে, সেই কথা সত্য হ’লে আজান ফকীৰৰ সময় কোনোপধ্যে সপ্তদশ শতিকাৰ শেষৰ দুই দশকৰ আগলৈ নিব নোৱাৰি। সৰ্বসাধাৰণৰ বিশ্বাস যে অসমৰ পৰম্পৰাগত দেহবিচাৰৰ গীত, টোকাৰী গীত আদিৰ সৈতে ইছলাম ধৰ্মীয় ৰীতি – নীতিৰ সমন্বয় সাধন কৰি আজান ফকিৰে এই গীতসমূহ ৰচনা কৰিছিল।

কিন্তু ৰূপাই – দা – ধৰাই চকু কঢ়াৰ পিছত পীৰজনৰ মাহাত্ম্য বুজি পাই আহোম ৰজাই দিখৌ নৈৰ পাৰৰ শৰাগুৰি চাপৰিত তেওঁক মাটি দান কৰি তাতেই ধৰ্ম প্ৰচাৰৰ কাৰণে সুযোগ আগবঢ়াই দিয়ে।

লগকীতৰ ধ্বনি – প্ৰতিধ্বনিৰে পৰিপুষ্ট জিকিৰসমূহ জাতি – ধৰ্ম সম্প্ৰদা়য় নিৰ্বিশেষে অতি জনপ্ৰিয়। অসমৰ ধৰ্মীয় আৰু সম্প্ৰদায়িক সম্প্ৰীতিৰ ক্ষেত্ৰত জিকিৰসমূহৰ গুৰুত্ব অনস্বিকৰ্য।

পাঠভিত্তিক প্ৰশ্নত্তোৰ

চমু উত্তৰ দিয়া

(ক) জিকিৰৰ ৰচক কোন? [HSLC,18]
উত্তৰ: জিকিৰৰ ৰচক আজান ফকীৰ।
(খ) জিকিৰ বোৰক কিহৰ লগত তুলনা কৰিব পাৰি? [HSLC:19]
উত্তৰ: জিকিৰবোৰক হিন্দুৰ ভক্তিমূলক বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি।
(গ) ‘জিকিৰ’ শব্দটো কি শব্দৰ পৰা ওলাইছে?
উত্তৰ: আৰবী ‘জিকৰ’ শব্দৰ পৰা ওলাইছে।

২/তলৰ শব্দবোৰৰ অৰ্থ লিখা –

ৰছুল , মোমিন,ৰহম, কুটুব, বান্দা।
ৰছুল – দেৱদূত, আল্লাৰ দূত।
মোমিন – বিশ্বাসী মুছলমান। [HSLC,16]
ৰহম – দয়া
কুটুব – নক্ষত্ৰ
বান্দা – ভৃত্য ।
‘মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি। যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি।।’ – উল্লেখিত কবিতাফাকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা।
উত্তৰ: উদ্ধৃত কাব্যাংশ আজান ফকীৰৰ ৰচিত ‘জিকিৰ’ নামৰ কবিতাটিৰ পৰা দাঙি দিয়া হৈছে। উক্ত কাব্যাংশৰ অন্তৰ্নিহিত ভাৱ হল মনত বেয়া ভাব লৈ হেজাৰ বৰ মক্কা দর্শন কৰিলেও আশীৰ্বাদ লাভ কৰিব নোৱাৰি।

মানুহৰ অন্তৰত দয়া , প্ৰেম নাথাকিলে বা আমি যদি সকলো জীৱকে সমদৃষ্টিৰে চাব নাজানো আমি কেতিয়াও আল্লাহৰ প্রিয় পাত্ৰ হ’ব নোৱাৰো।এই দুনীয়াত মানুহে কিন্তু পাপ- পূণ্যৰ সঠিক বিচাৰ কৰিব নাজানে।বহুতে ভাবে মক্কা দৰ্শন কৰিলে পূণ্য অৰ্জন কৰি বেহেস্তত জীৱই স্থান পায়।

কিন্তু সেয়া এক ভ্ৰান্ত ধাৰণা।যিদৰে শাল মাছ এবিধ উত্তম মাছ আৰু শাল হল অভক্ষ বা অখাদ্য ঠিক একেদৰে গোটেই জীৱনটো পাপ কামত লিপ্ত থাকি শেষ সময়ত মক্কা দৰ্শন কৰি পূণ্য অৰ্জন কৰা ধাৰণাও অবাস্তৱ। সংসাৰৰ জটিল জীৱন যাত্ৰাত একমাত্ৰ আল্লাৰ ওপৰত বিশ্বাস ৰাখিহে মৃত্যু ভয় নেওচি মুক্তিৰ পথত অগ্ৰসৰ হোৱাটো সম্ভৱ।

সংসাৰ যাত্ৰাৰ ৰূপক স্বৰূপে শাল-শ’লৰ সৈতে দৰিকাৰ ৰিজনী দিয়া হৈছে। আল্লাৰ ওচৰত সৰু -বৰ , ধনী – দুখীয়া, পাপী-পূণ্যবান সকলো সমান। তেওঁ সকলোৰে কৰ্তা, সকলোৰে নিয়ন্তা।গতিকে মক্কাৰ দুৱাৰত জীবৰ সৰু- বৰ নাই, সকলো সমান।

ব্যাখ্যা কৰা

(ক) ‘পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত। খোদাৰ ৰছুল লুকাই আছে , মোমিনৰ আঁৰত।।’ [HSLC,16/18]
উত্তৰ:উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকিৰ বিৰচিত ‘জিকিৰ’ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

মানুহৰ তৃষ্ণা দূৰ কৰে পানীয়ে, দেহৰ শীতলতা দূৰ কৰে অগ্নিয়ে। কিন্তু, ইয়াত কবিয়ে দাঙি ধৰা বক্তব্য তাৰ সম্পূৰ্ণ বিপৰীত। যি পানীয়ে মানুহৰ তৃষ্ণা দূৰ কৰে সেই পানীয়েই নিজৰ তৃষ্ণা দূৰ কৰিব নোৱাৰা অগ্নিয়ে শীতলতা দূৰ কৰিব নোৱাৰা কথাটো ৰহস্যধৰ্মী।

ইয়াত কবিয়ে পাৰ্থিৱ মায়াৰ বশৱৰ্তী হলে যে মানুহৰ ভোগতৃষ্ণা কেতিয়াও দূৰ নহয়, বৰঞ্চ বাঢ়েহে, তাৰ ইংগিত দিছে। পাৰ্থিৱ মায়াত বন্দী হৈ আল্লাৰ দূত ৰছুলৰ কথা পাহৰি থকা, আল্লাৰ স্মৰণ কৰিবলৈ পাহৰি থকাটো অন্যায়।

কাৰণ, ইছলামধৰ্মত বিশ্বাসী লোকসকলৰ মাজতেই নৱৰূপত উভয়ে অৱস্থান কৰি আছে। তেওঁলোকৰ বাহিৰত সন্ধান কৰা প্ৰয়োজন নাই ।

(খ) মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট। বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।। [HSLC,17]
উত্তৰ: উদ্ধৃত কবিতাফাঁকি অমৰ পাঠ্যপুথিৰ অন্তিৰগত অজান ফকিৰ বিৰচিত ‘জিকিৰ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। মক্কা হজৰত মহম্মদৰ স্মৃতি বিজৰিত ইছলামধৰ্মীসকলৰ পৱিত্ৰ তীৰ্থস্থান। আৰৱ দেশৰ পৰাই তীৰ্থস্থানলৈ এবাৰ হলেও যোৱাৰ আগ্ৰহ প্ৰতিজন ইছলামধৰ্মী লোকৰ থাকে।

এইটো তেওঁলোকৰ কাৰণে অতি পৱিত্ৰ কৰ্ত্যব ৰূপে বিবেচিত। মক্কাৰ দুৱাৰতেই পৱিত্ৰ তীৰ্থস্থান অৱস্থিত। হিন্দুসকলৰ কাৰণে ত্ৰিবেণী – অৰ্থাৎ গংগা, যমুনা, সৰস্বতীৰ সংগমস্থলৰ লেখীয়াকৈ মক্কাৰ দুৱাৰো ইছলামধৰ্মীসকলৰ কাৰণে অতি পৱিত্ৰ। ঘাটত নাৱৰীয়াই যাত্ৰী পাৰ কৰাৰ দৰে এই ত্ৰিবেণী ঘটতেই জীৱই পাৰ্থিৱ মায়া বন্ধনৰ পৰা মুক্তি লাভ কৰি মুক্তিৰ পথত অগ্ৰসৰ হোৱাৰ প্ৰয়াস কৰে।

অৱশ্যে মায়াৰ প্ৰভাৱে মানুহক সংসাৰৰ প্ৰতি অত্যাধিক আকৰ্ষণ কৰি ৰখাৰ কাৰণে পাপ পুণ্যৰ দোমোজাত পৰি মায়াধীন জীৱই পথ হেৰুৱায় আৰু পুনৰ মায়াত আবদ্ধ হয়। মুক্তিৰ দুৱাৰত উপস্থিত হৈয়ো মুক্তিলাভৰ পৰা বঞ্চিত হয়।

(গ) সজাৰ মইনাটিৰ অনেক যুগুতি। দেও মাৰি পাৰ হ’ল এৰিলে পিৰীতি।। [HSLC:19]
উত্তৰ: উদ্ধৃত কবিতাফাঁকি অমৰ পাঠ্যপুথিৰ অন্তিৰগত অজান ফকিৰ বিৰচিত ‘জিকিৰ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিতাফকিৰ মাজেদি মানৱ দেহৰ অন্তৰ্নিহিত আত্মাৰ আবিনস্বৰতাৰ কথা ক’বলৈ প্ৰয়াস কৰা হৈছে। সজাত পুহি ৰখা মইনা চৰাইৰ দৰেই দেহৰূপি সঁজাত জীৱ বা আত্মাই বিচৰণ কৰি থাকে।

সঁজাত মইনাই নানা ধৰণৰ মাত মাতি গৃহস্থক সন্তোষ দিয়াৰ দৰে জীৱৰ আচৰণে মানুহক সুখী কৰে যদিও জীৱৰ অনুপস্থিতিত মইনাবিহীন সজাৰ দৰেই দেহৰ কোনো গুৰুত্ব নাথাকে। দেহৰ সৈতে আত্মাৰ সম্পৰ্ক ক্ষন্তেকীয়া। জীৱৰ কৰ্মবন্ধন দূৰ হ’লেই নিত্য বিচৰণশীল আত্মাই দেহত্যাগ কৰে, মানুহে জীৰ্ণ বস্ত্ৰ ত্যাগ কৰাৰ দৰেই আত্মাই জীৰ্ণ দেহ ত্যাগ কৰি আঁতৰি যায়। তেতিয়া আৰু দেহৰ সৈতে তাৰ কোনো সম্পৰ্ক নাথাকে, সজাত্যাগী মইনাৰ দৰেই ই তেতিয়া মুক্ত।

৪/ সমাৰ্থক শব্দ লিখা।
চিন্তো – চিন্তা কৰোঁ।
ঘটি – নৈ বা সাগৰৰ পাৰ।
পিৰীতি – প্রেম।
অচমান – আকাশ ।[HSLC:19]

অতিৰিক্ত প্ৰশ্নোত্তৰ

১/ ‘জিকিৰ আৰু জাৰী’ গীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া। [HSLC,16]
উত্তৰ :- জিকিৰসমূহ ইছলামধৰ্মী সাধুপুৰুষ আজান ফকীৰৰ দ্বাৰা ৰচিত আধ্যাত্মিক গীত। তেওঁৰ আচল নাম শ্বাহ মিলান।

তেওঁ সুদূৰ বাগদাদৰ পৰা আহি অসমত ইছলাম ধৰ্ম প্ৰচাৰ কৰা বুলি জনা যায়। আজান ফকীৰৰ সময় সন্দৰ্ভত পণ্ডিতসকলৰ মাজত মত ভেদ দেখা যায়। ইতিহাসৰ তথ্যৰ ওপৰত ভিত্তি কৰি সূৰ্যকুমাৰ ভূঞাই তেওঁৰ সময় সপ্তদশ শতিকাৰ শেষভাগ বুলি অনুমান কৰিছে।

কাৰণ গদাধৰ সিংহৰ ৰাজত্বকালত (১৮৮১-৯৬) ৰূপাই – দা – ধৰা নামৰ এগৰাকী ব্যক্তিয়ে আজান ফকীৰৰ চকু কাঢ়িছিল। গতিকে, সেই কথা সত্য হ’লে আজান ফকীৰৰ সময় কোনোপধ্যে সপ্তদশ শতিকাৰ শেষৰ দুই দশকৰ আগলৈ নিব নোৱাৰি।

সৰ্বসাধাৰণৰ বিশ্বাস যে অসমৰ পৰম্পৰাগত দেহবিচাৰৰ গীত, টোকাৰী গীত আদিৰ সৈতে ইছলাম ধৰ্মীয় ৰীতি – নীতিৰ সমন্বয় সাধন কৰি আজান ফকিৰে এই গীতসমূহ ৰচনা কৰিছিল। কিন্তু ৰূপাই – দা – ধৰাই চকু কঢ়াৰ পিছত পীৰজনৰ মাহাত্ম্য বুজি পাই আহোম ৰজাই দিখৌ নৈৰ পাৰৰ শৰাগুৰি চাপৰিত তেওঁক মাটি দান কৰি তাতেই ধৰ্ম প্ৰচাৰৰ কাৰণে সুযোগ আগবঢ়াই দিয়ে।

লগকীতৰ ধ্বনি – প্ৰতিধ্বনিৰে পৰিপুষ্ট জিকিৰসমূহ জাতি – ধৰ্ম সম্প্ৰদা়য় নিৰ্বিশেষে অতি জনপ্ৰিয়। অসমৰ ধৰ্মীয় আৰু সম্প্ৰদায়িক সম্প্ৰীতিৰ ক্ষেত্ৰত জিকিৰসমূহৰ গুৰুত্ব অনস্বিকৰ্য।

২/ ‘জিকিৰ আৰু জাৰী’ গীতটিৰ অন্তৰ্নিহিত উদ্দেশ্য বাখ্যা কৰা।
উত্তৰ: অসমত নৱবৈষ্ণব ভক্তি ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে হৰিনাম শ্ৰৱণ কীৰ্তনত অধিক গুৰুত্ব আৰূপ কৰিছিল।

বৰগীত আৰু অন্যান্য আধাত্মিক ভাবসম্পন্ন লোকগীত বিশেষকৈ , দেহ বিচাৰৰ গীত, টোকাৰী গীত, গোঁসাই নাম, আদিয়ে জনজীৱনৰ ওপৰত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। আজান ফকিৰে অসমৰ পৰম্পৰা গীত লোকগীতকেই আৰ্হি হিচাপে লৈ জিকিৰসমূহ ৰচনা কৰাত ধৰ্মীয় আৰু সাম্প্ৰদায়িক সম্প্ৰীতিত ই গুৰুতপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ।

ছাত্র- ছাত্ৰীসকলৰ মাজত ধৰ্মীয় সহিষ্ণুতা, সাম্প্ৰদায়িক সম্প্ৰীতিত আৰু সমন্বয়, উদাৰ মানৱীয় দৃষ্টিভংগী, দয়া, প্ৰেম, প্ৰভৃতিভাবৰ সম্প্ৰসাৰণৰ প্ৰতি লক্ষ্য ৰাখি জিকিৰ পাঠটো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে।

৩/ তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা।
আচমান – আকাশ [HSLC:19]
আদম – আদি মানৱ, আল্লাৰ সৃষ্ট প্ৰথম মানুহ।
কুটুব – ধ্ৰুৱ নক্ষত্ৰ [ HSLC:19]
তিৰবেণী – ত্ৰিবেণী! গংগা, যমুনা আৰু সৰস্বতীৰ সংগম স্থল।
দৰিয়া – সাগৰ নদী
মোমিন – বিশ্বাসী মুছলমান
পাৱত – চৰণত, ভৰিত
বেহাব – বেপাৰ কৰিব
ৰছুল – দেৱদূত, আল্লাৰ দূত
ৰহম – দয়া
সঞ্চাৰ – ঢলা, সিঁচা ।
ভেল – দেহ , শৰীৰ।
মইনা – এবিধ চৰাই, দেহৰূপী সজাত বন্দী আত্মা।
ভজো – ভজন কৰা।
অগ্নি – জুই
খোদা – ঈশ্বৰ।
দৰিকা – মাছ
আমান – আকাশ
কেনে – কেনেকৈ , কেনেদৰে।

৪/ ‘জিকিৰ’ শব্দৰ অৰ্থ বিচাৰ কৰা। [HSLC:15]
উত্তৰ: ‘জিকিৰ’ শব্দটো ‘ জিকৰ’ পৰা ওলাইছে। যাৰ অৰ্থ স্মৰণ কৰা, আল্লাৰ নাম আৰু গুনাৱলী পুনৰাই উচ্চাৰণ কৰা। জিকিৰসমূহ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতি গীত, যাক ইছলাম ধৰ্মীসকলৰ ভকতীয়া গীত আখ্যা দিব পাৰি। ‘জিকিৰ’সমূহত ইছলাম ধৰ্মৰ মূল তত্ত্বমূহ সন্নিবিষ্ট হৈ আছে ।

অতি চমু উত্তৰ দিয়া

(ক) ‘জিকিৰ’ৰ ৰচক কোন?
উত্তৰ: অজান ফকিৰ বা শ্বাহ মিলন।
(খ) ‘জিকিৰ’ শব্দটো ক’ৰ পৰা ওলাইছে? [HSLC:15]
উত্তৰ: ‘জিকিৰ’ শব্দটো ‘জিকৰ’ৰ পৰা ওলাইছে , যাৰ অৰ্থ স্মৰণ কৰা।
(গ) জিকিৰসমূহৰ অন্তৰ্নিহিত বিষয় কি?
উত্তৰ: ইছলাম ধৰ্মীয় ৰীতি-নীতি আৰু তত্বই ইয়াৰ অন্তৰ্নিহিত বিষয়। ভালেমান গীতত সংসাৰৰ অনিত্যতাৰ বৰ্ণনাও দাঙি ধৰা হৈছে।
(ঘ) জিকিৰসমূহৰ সৈতে কোনবিধ গীতৰ সাদৃশ্য দেখা যায়?
উত্তৰ: জিকিৰসমূহত প্ৰকাশিত সংসাৰৰ অনিত্যতা, ক্ষণভঙ্গুৰতা আদিৰ সৈতে দেহবিচাৰৰ গীতৰ সাদৃশ্য লক্ষ্য কৰা যায়।
(ঙ) জাৰী গীতত কিহৰ ঘটনা বৰ্ণিত হৈছে। ‘জাৰী’ শব্দৰ প্ৰকৃত অৰ্থ কি?
উত্তৰ: জাৰীসমূহ মূলত কৰুণ ৰসাত্মক গীত। ইয়াৰ মূল অৰ্থ হৈছে বিলাপ ।ইয়াত কাৰৱালাত ঘটা হাছান-হুচেনৰ মৃত্যুৰ ঘটনা বৰ্ণিত হৈছে।
(চ) জিকিৰসমূহৰ ৰচনাকাল কিমান বুলি ধৰা হৈছে?
উত্তৰ: জিকিৰসমূহ সপ্তদশ শতিকাৰ শেষ আৰু অষ্টাদশ শতিকাৰ আদি ভাগত ৰচিত হৈছিল বুলি অনুমান কৰিব পাৰি।
(ছ) জিকিৰসমূহৰ যোগেদি কেনেধৰণৰ শব্দ অসমীয়া ভাষাত প্ৰৱেশ কৰে?
উত্তৰ: জিকিৰসমূহৰ যোগেদি অসমীয়া ভাষালৈ ভালেমান আৰৱী আৰু ফাৰ্চীমূলীয় শব্দৰ প্ৰৱেশ ঘটে।

(জ) আজান ফকিৰৰ আচল নাম কি? [HSLC:20]
উত্তৰ: শ্বাস মিলান।
(ঝ) কোনে আজান ফকিৰৰ চকু কাঢ়িছিল?
উত্তৰ: ৰূপাই দাধৰাই চকু কাঢ়িছিল।
(ঞ) আজান ফকিৰক ক’ত সংস্থাপিত কৰা হৈছিল?
উত্তৰ: স’ৰাগুৰি চাপৰিত।
(ট) স’ৰাগুৰি চাপৰি ক’ত অৱস্থিত?
উত্তৰ: দিখৌ নৈৰ কাষৰ চাপৰিত।

৬/ চমু উত্তৰ দিয়া:

(ক)চুফী বাদ কি?
উত্তৰ: চুফীবাদ বা ৰহস্যবাদ পৰমাৰ্থ বিষয়ক জ্ঞান আৰু আধ্যাত্মিক চিন্তাৰ এক বিশেষ ধাৰা । ইছমাল ধৰ্মত তত্ত্বজ্ঞান লাভ কৰি ঐশ্বৰিক প্ৰেমৰ মাধ্যমদি মুক্তি লাভ সমম্ভৱ বুলি বিশ্বাস কৰা হৈছে।

(খ) চুফী শব্দটোৰ উৎপত্তিৰ সম্পৰ্কে কি কি মত পোৱা যায়?
উত্তৰ: ‘চুফী’ শব্দৰ উৎপত্তি সম্পৰ্কে বিভিন্ন মত পোৱা যায় ।
(ক) কোনো কোনোৰ মতে ‘চফচ’ শব্দৰ পৰা ‘চুফী’ শব্দৰ উৎপত্তি হৈছে।
(খ) ফাৰ্চী ভাষাত বগা উলক ‘সুফ’ বোলে। গতিকে যিসকলে নিজকে পাৰ্থিৱ অপবিত্ৰতাৰ পৰা নিজকে মুক্ত কৰিছে, তেৱেঁই চুফী।
(গ) আন এটা মত অনুসৰি যি ভোগবিলাস পৰিহাৰ কৰি সহজ -সৰল জীৱন -যাপন কৰিছে, সেয়ে চুফী।

(গ) চুফীকাব্যৰ মূল প্ৰেৰণা কি?
উত্তৰ: ভাৰতীয় প্ৰেমভক্তিত চুফীবাদৰ আধ্যাত্মিকতা আৰু নৈতিকতাৰ প্ৰভাৱ পৰিছে। গজল গীতিয়ে এসময়ত ভাৰতীয় সংগীত জগতত বিশেষভাৱে প্ৰভাৱিত কৰিছিল। পিছত হিন্দু আৰু মুছলমান উভয় কবিয়েই এই মতবাদৰ আধাৰত কাব্য ৰচনা কৰিবলৈ ধৰে।

(ঘ) চুফীপ্ৰেম কেনেধৰণৰ?
উত্তৰ: চুফিসকলৰ প্ৰেম একনিষ্ঠ। তেওঁলোকে জগতৰ প্ৰতি অণু-পৰমাণুৰ মাজতেই প্ৰিয়তমাৰ মুখৰ সৌন্দৰ্য্য উপলব্ধি কৰে।

(ঙ) চুফিসকলে কোনটো দিশৰ ওপৰত অধিক গুৰুত্ব দিয়ে?
উত্তৰ: চুফিসকলে ইছলামৰ সিদ্ধান্ত মানি চলিলেও ৰহস্যবাদী দিশটোৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা দেখা যায়।

(চ) চুফিসকলৰ প্ৰতীক প্ৰয়োগৰ গুৰুত্ব কোনখিনিত?
উত্তৰ: চুফিসকলে পৰআত্মাৰ সৈতে আত্মাৰ আকুল কামনাক বিবিধ উপমা প্ৰতীক আদিৰ জৰিয়তে সুন্দৰৰভাৱে ফুটাই তোলাৰ ওপৰত অধিক গুৰুত্ব দিয়া দেখা যায়।

(ছ) চুফী সাহিত্যৰ প্ৰকৃতি কেনেধৰণৰ?
উত্তৰ: চুফী সাহিত্য প্ৰেমৰ সাহিত্য; নাৰী সুন্দৰ্য্যই এনে প্ৰেমৰ ঘাই আধাৰ। চুফী সাহিত্যত সংঘৰখনক মদিৰালয় আৰু মদিৰাক প্ৰেমৰ সৈতে তুলনা কৰা হৈছে।

পাৰ্থিৱ প্ৰেমৰ মাজেদি অপাৰ্থিৱ প্ৰেমৰ স্তৰত উপনীত হোৱাই এনে কাব্যৰ মূল বিষয়।

(জ) অসমত কোনে ইছলাম ধৰ্ম প্ৰচাৰ কৰে?
উত্তৰ: আজান ফকিৰেই অসমত ইছলাম ধৰ্মৰ প্ৰবৰ্তক। অৱশ্যে তেওঁৰ ধৰ্মত কোৰাণৰ প্ৰভাৱতকৈ পুৰাণৰ প্ৰভাৱ অধিক। অসমৰ পৰম্পৰাগত লোকগীতৰ তেওঁৰ জিকিৰসমূহ ৰচনা কৰি উলিয়াইছে।

(ঝ) জিকিৰবোৰত কি কি থলুৱা উপাদান নিহিত হৈ আছে?
উত্তৰ: আজনপিৰে শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত নৱবৈষ্ণৱ ভক্তিধৰ্মৰ প্ৰভাৱৰ পৰা মুক্ত থলুৱা লোকসকলক ইছলাম ধৰ্মত সামৰি ল’বৰ কাৰণে চেষ্টা কৰিছিল যদিও তেওঁ পাৰিপাৰ্শ্বিকতাৰ পৰা সম্পূৰ্ণ মুক্ত হব পৰা নাছিল।

সেয়েহে হিন্দু ধর্মৰ থলুৱা আচাৰ-নীতিৰ লগতে বিহুগীত, দেহবিচাৰৰ গীত, টোকাৰী-গীত আদিৰ আৰ্হিত ইছলাম ধৰ্মৰ কেতবোৰ নীতি নিয়ম সন্নিবিষ্ট কৰি জিকিৰ নামৰ এক শ্ৰেণীৰ গীত ৰচনা কৰিছিল।

(ঞ)অসমৰ সাংস্কৃতিক জীৱনত জিকিৰসমূহৰ গুৰুত্ব কেনেধৰণৰ?
উত্তৰ: অসমৰ সাংস্কৃতিক জীৱনত জিকিৰ আৰু জাৰীসমূহৰ গুৰুত্ব সৰ্বাধিক। হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ লোকেই এই গীতসমূহ আনন্দেৰে গায়।

(ট) আজান পীৰৰ আচল নাম কি?
উত্তৰ: আজান পীৰৰ আচল নাম শ্বাহ মিলন আৰু তেওঁ সুদূৰ বাগদাৰৰ পৰা হাজো হৈ শিৱসাগৰলৈ আহে আৰু গদাধৰ সিংহৰ দিনত তেওঁক দিখৌ নৈৰ পাৰৰ সৰাগুৰি চাপৰিত আশ্ৰয় দিয়া হয়।

(ঠ) আজান পীৰৰ কোনে চকু কঢ়াইছিল আৰু কোনে তেওঁক সৰাগুৰি চাপৰিত প্ৰতিষ্ঠা কৰে?
উত্তৰ: আজান পীৰৰ প্ৰভাৱত প্ৰভাৱগ্ৰস্ত হৈ ৰূপাই দাধৰাই চক্ৰান্ত কৰি তেওঁৰ চকু কঢ়াইছিল যদিও তেওঁৰ মহিমাত ভয় খাই পিছত গদাধৰ সিংহই তেওঁক সৰাগুৰি চাপৰিত স্থাপন কৰে।

(ড) জিকিৰসমূহত কি কি গীতৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা যায়?
উত্তৰ: জিকিৰসমূহৰ সৈতে বৈষ্ণৱ ধর্মৰ কেতবোৰ দিশত সাদৃশ্য দেখা যায় অনেক জিকিৰত বৈষ্ণৱ সাহিত্যৰ লগতে লোকগীতৰ সুৰ শুনিবলৈ পোৱা যায়।

দুই এটি গীতত দেহ বিচাৰৰ গীত আৰু টোকাৰী গীতৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে –

দুনিয়াই এদিনৰ দুনিয়াই দুদিনৰ
দুনিয়াই ফুলনিবাৰী
কত যে চলে বলে কৰ তই দুনিয়াই
ধৰিবি খেৱালি মাৰি। ইত্যদি।

(ণ) জিকিৰৰ ৰচনা আৰু গায়ন পদ্ধতিৰ সৈতে কি অনুষ্ঠানৰ সাদৃশ্য দেখা যায়? ইয়াত কিহৰ মহিমা ঘোষিত হৈছে?
উত্তৰ :- জিকিৰৰ ৰচনা আৰু গায়ন পদ্ধতিৰ সৈতে নাম কীৰ্তন পৰিৱেশনৰ সাদৃশ্য দেখা যায়।

জিকিৰবোৰ এনেদৰে হাত চাপৰি মাৰি গোৱা হয় তাৰ নিদৰ্শন নাম কীৰ্তনৰ প্ৰভাৱৰ পৰা গ্ৰহণ কৰা যেন অনুমান হয়। জিকিৰতো ঠায়ে ঠায়ে কালিকা আৰু নামৰ মহিমা ঘোষিত হৈছে।

(ত) জিকিৰত নামৰ গুৰুত্ব কেনেধৰণৰ?
উত্তৰ :- মহাপুৰুষীয়া ধৰ্মত নামৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে। জিকিৰতো নামৰ গুৰুত্ব মনকৰিবলগীয়া।

জীৱৰ সাৰথি নাম ঐ আল্লা
জীৱৰ সাৰথি নাম
সদ গুৰুক ভেটিবা আল্লাক চিনিবা
তেহে পাবা ভকতিৰ থান। ইত্যাদি।।

প্ৰসংগ সংগতি বাখ্যা কৰা।

(ক) দেও মাৰি পাৰ লৈ জীৱই আছে চাই। চোৱা চোৱা জীৱসকল ভেলৰে বিলাই।। [HSLC,16]
উত্তৰ :- উদ্ধৃত কবিতাফাঁকি অমৰ পাঠ্যপুথিৰ অন্তিৰগত অজান ফকিৰ বিৰচিত ‘জিকিৰ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। আত্মা অবিনশ্বৰ।

জীৱৰ কৰ্মবন্ধনৰ অন্ত পৰিলেই আত্মাই দেহ ত্যাগ কৰি আঁতৰি যায়। তেতিয়া আৰু দেহৰ সৈতে তাৰ কোনো সম্পৰ্ক নাথাকে। দেহ তেতিয়া নীৰ্জিৱ, ভেলত পৰিণত হয়।

জীয়াই থাকোঁতে মানুহে যি দেহক লৈ অহংকাৰ কৰে, গৰ্ব কৰে, সেয়া যে সন্তেকীয়া, তেতিয়াহে উপলব্ধি কৰিবলৈ সক্ষম হয়। মানুহে জিৰ্ণ বস্তু ত্যাগ কৰি নতুন বস্তু পৰিধান কৰাৰ দৰেই জীৱয়ো পুৰণি দেহ ত্যাগ কৰি নতুন দেহ ধাৰণ কৰে। এইয়ে জগতৰ চিৰন্তন ৰীতি।

মৃত্ৰুৰ পাছত দেহৰ কোনো গুৰুত্ব নাথাকে, বিলাই বিপতিৰো সীমা নাথাকে। কবিয়ে জীৱসমূহৰ মিত্ৰুৰ পিছত ভেলৰ বিলাই বিপত্তি সম্পৰ্কে সচেতন কৰি দি মানুহক দেহৰ বিষয় লৈ অহংকাৰ নকৰিব কাৰণে সতৰ্ক কৰি দিছে।

(খ) চিন্তা হেৰা মন মোৰ আল্লাৰে নামত ভজো হেৰা মনবোৰ গুৰুৰে পাৱত।।
উত্তৰ :- উদ্ধৃত কবিতাফাঁকি অমৰ পাঠ্যপুথিৰ অন্তিৰগত অজান ফকিৰ বিৰচিত ‘জিকিৰ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

আজান ফকিৰে অসমত নৱ বৈষ্ণৱ ভক্তি ধৰ্মৰ প্ৰভাৱৰ পৰা আঁতৰি থকা লোকসকলক ইছলাম ধৰ্মৰ অধীনলৈ আনিবৰ কাৰণে হিন্দু ধৰ্মৰ থলুৱা আচাৰ নীতিৰ সৈতে ইছলাম ধৰ্মৰ কিছুমান নীতি নিয়মৰ সংযোজন ঘটাই জিকিৰ নামৰ এক শ্ৰেণীৰ আধ্যাত্মিক নীতিৰ সূচনা কৰিছিল।

এই গীতবোৰত দেহবিচাৰৰ গীত, টোকাৰী গীত, চিয়া গীত আদিৰ দৰেই মনৰ নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। মানৱজীৱন মনৰ দ্বাৰা নিয়ন্ত্ৰিত। সেয়ে মনটোক আল্লাৰ চিন্তা কৰিব বাবে আহ্বান জনোৱা হৈছে। ভাৰতীয় আধ্যাত্মিকতাত গুৰুৰ স্থান অতি উচ্চ।

দেহবিচাৰৰ গীত, টোকাৰী গীত, চৰ্যা গীত প্ৰভৃতিত থকাৰ দৰেই জিকিৰতো গুৰুৰ পাৱত মনটো ভিজাবৰ কাৰণে কোৱা হৈছে। ভাৰতীয় লোকজীৱনত গুৰুৰ প্ৰভাৱ অসীম। গুৰুৰ অবিহনে জ্ঞান, জ্ঞানৰ অবিহনে ভক্তি আৰু মুক্তি মাৰ্গ অগ্ৰসৰ হ’বলৈ ভক্তিৰ আশ্ৰয় গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়।

উদ্ধত জিকিৰটিত মনৰ ওপৰত দিয়া গুৰুত্ব মন কৰিবলগীয়া। মনেই মানুহৰ সুখ দুখ একমাত্ৰ কৰুণ। সেয়ে সাংসাৰিক সুখৰ বাবে আল্লাৰ নাম লোৱা উচিত।

(গ) ৰহমৰ গীৰিহঁত তুমি আল্লা চাহাব ঐ যদি কৰা দৰিয়াৰ পাৰ।
উত্তৰ :- উদ্ধৃত কবিতাফাঁকি অমৰ পাঠ্যপুথিৰ অন্তিৰগত অজান ফকিৰ বিৰচিত ‘জিকিৰ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। অসমৰ সংস্কৃতিক জীৱনত জিকিৰ গীতসমূহৰ যথেষ্ট গুৰুত্ব আছে। আজান পীৰ বা শ্বাহ মিলানৰ নামত গীতসমূহ প্ৰচলিত। হিন্দু আৰু ইছলাম উভয় সম্প্ৰদায়ৰ লোকৰ মাজতেই জিকিৰসমূহে গুৰুত্ব লাভ কৰিছে। গীতসমূহ শঙ্কৰদেৱৰ নৱ বৈষ্ণৱ ভক্তি ধৰ্মৰ প্ৰভাৱৰ পৰা মুক্ত নহয়।

ইয়াত বৈষ্ণৱ সাহিত্যৰ লগতে লোকগীতৰ বিশেষকৈ, দেহবিচাৰৰ গীত, টোকাৰী গীত, চিয়া গীত আদিৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা যায়। আল্লা হৈছে দয়া বা কৰুণাৰ প্ৰতিমূৰ্তি। তেওঁৰ প্ৰতি থকা ভক্তিৰ যোগেদিহে জীৱই সংসাৰ সাগৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰে। মানৱৰ সংসাৰ যাত্ৰা অতি কষ্টকৰ।

ৰোগ, শোক, জৰা, বৰ্ধক্য, আপায় আমঙ্গলে মানৱৰ পাৰ্থিৱ জীৱন জুৰুলা কৰি ৰাখে। এই জীৱনত সুখ শান্তিৰ বাবে একমাত্ৰ আল্লাৰ কৰুণা বা দয়াৰ প্ৰয়োজন।
তাৰ বাহিৰে জীৱই কেতিয়াও মুক্তি লাভ কৰিব নোৱাৰে। জীৱৰ সংসাৰ সাগৰৰ পৰা পৰিত্ৰাণ লাভৰ একমাত্ৰ উপায় হৈছে হৰিভকতি, যাক ইছলাম ধৰ্মত আল্লাৰ দোৱা বুলি কোৱা হৈছে। এই জগতৰ একমাত্ৰ গৰাকী হৈছে আল্লা। গতিকে তেওঁৰ কৰুণা লাভৰ কাৰণে ভক্তি কৰা একান্ত বাঞ্ছনীয়।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।