ধৰ ঝাড়ু ধৰ ভাই lesson 14 class 10 assamese Online textbook

ধৰ ঝাড়ু ধৰ ভাই lesson 14 class 10 assamese Online textbook

অম্বিকাগিৰী ৰায়চৌধুৰী

ধৰ ঝাড়ু ধৰ ভাই!
আৰু চাবৰ সময় নাই
চাই থাকোতে মুখত কেৱল
ভৰিল কাজল-ছই।
সাতাম পুৰুষৰ আহা!
সােণৰ চোতাল ঘৰ
কত যুগৰ ভূহুৰ পৰি
আছে যে পােত খাই।
কৰিলিত ইমান দিনে
পৰ গােলামি হীনে-ঘিণে— |
পূজা দিলি পৰ চৰণত
জীৱন ঢালি ধাৰে-ঋণে –
হ’ল এৱে তােৰ সময় হ’বৰ।
জাতিৰ ঝাড়ুদাৰ যে ভাই।
হিংসা-দ্বেষ, ভেদাভেদ,
ঘুণা-ঘণি স্বার্থ ভেমৰ
কত যে কি মলি-মামৰ
ভৰি জাতিৰ জীৱন যায়,
ধৰ ঝাড়ু ধৰ ভাই
বীৰ-বেশেৰে ধৰ ঝাড়ু ধৰ
জাতিৰ জীৱন কৰ মনােহৰ |
সাৰি-পুছি চুকে-কোণে
যত যি আছে জাহি-জাবৰ
নহ’লে যে বিশ্ব-সভাত
নহ’ব তােৰ বহাৰ ঠাই।

কবি-পৰিচয়

অম্বিকাগিৰী ৰায় চৌধুৰীৰ ১৮৮৫ চনত বৰপেটাত জন্ম হয়। তেওঁৰ পিতৃৰনাম কৃষ্ণৰাম ৰায়চৌধুৰী। বৰপেটাত শিক্ষা আৰম্ভ কৰি গুৱাহাটীৰ সােণাৰাম হাইস্কুলত থার্ড ক্লাছ পর্যন্ত পঢ়ে।

তেওঁৰ গােটেই জীৱনটো ঘটনাবহুল। দেশ স্বাধীনতা উদ্ধাৰ আৰু সমৃদ্ধিৰ কাৰণে তেওঁ সন্ত্রাসবাদী দল, অসহযােগ আন্দোলন, অসম সংৰক্ষিণী আন্দোলন আদিত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিছিল।

এইবােৰ কাৰণত তেওঁ কেইবাবাৰাে কাৰাবৰণ কৰিব লগা হৈছিল। ১৯২১ চনত ৰায়চৌধুৰীদেৱক সশ্রম কাৰাদণ্ড বিহা হৈছিল।

জেলৰ পায়খানা সাৰি চাফাই কৰা কাম তেওঁক দিয়া হৈছিল। এই কাম কৰোঁতে তেওঁ বাঢ়নী চলােৱাৰ লগে লগে এই ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটি ৰচনা কৰি গাই গৈছিল।

নানা ঘাত-প্রতিঘাতৰ মাজতাে তেওঁ সাহিত্য চর্চা কৰিবলৈ এৰা নাছিল।

১৯৫০ চনৰ অসম সাহিত্য সভাৰ মাৰ্ঘেৰিটা অধিৱেশনৰ তেওঁ সভাপতি আছিল। ১৯৬৭ চনত গুৱাহাটীত এইজনা বিপ্লৱী কবিৰ মৃত্যু হয়।

তেওঁক ‘অসম কেশৰী’ আখ্যা দিয়া হৈছিল। ৰায়চৌধুৰীদেৱৰ ৰচনাসমূহ হ’ল – ‘বীণা’, ‘তুমি’, ‘আহুতি’, অনুভুতি, ডেকা-ডেকেৰীৰ বেদ, বন্দো কি ছন্দেৰে’, ‘স্থাপন কৰ’, ‘জয়দ্রথ বধ’, ‘বেদনাৰ উল্কা’, ‘দেশেই ভগৱান ইত্যাদি।

পাঠবােধ

ঝাডুৰে সাৰি-পুছিঘৰ-দুৱাৰ চিকুণাই তােলাৰ দৰে আমাৰ মাজত থকা মলিস্বৰূপ পৰস্পৰ ভেদাভেদ, হিংসা-বিদ্বেষ, ঘৃণা আদি নাইকিয়া কৰি সকলােৱে একগােট হৈ দেশখনৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনি বিশ্বৰ দৰবাৰত এখন উচ্চ স্থান অধিকাৰ কৰিবলৈ কবিয়ে সকলােকে আহ্বান জনাইছে।
কবিতাটি দেশ পৰাধীন হৈ থকা সময়ত কবিয়ে আন্দোলন কৰি সশ্রম কাৰাদণ্ড খাটি পায়খানা চাফা কৰি থকা সময়ত ৰচনা কৰা।

শব্দার্থ

কাজল-ছাই – কলংক, পৰাধীনতা, কালিমা
সােণৰ চোতাল- সােণ অতি মূল্যবান বস্তু। সােণৰ দৰেই মূল্যবান চোতাল এখন – যি ঐতিহাৰে ভৰপূৰ।
যুগৰ ভূহুৰ – সময়ৰ তৰপে তৰপে গােট খাই থকা ভেৰণি। অর্থাৎ বহুদিন ধৰি গােট খাই থকা জাবৰ-জোথৰ, মলি ইত্যাদি, পৰাধীনতাৰ কালিমা।
গােলামি – অধীনত থকা। আনৰ তলত থকা – য’ত নিজৰ কোনাে ধৰণৰ স্বাধীনতা নাথাকে।
সাতাম পুৰুষীয়া – সুপ্রাচীন, বহু পুৰুষৰ পৰা চলি অহা।
হিংসা-দ্বেষ -পৰস্পৰৰ প্রতি হিংসা ভাব, খিয়লা-খিয়লি।
চুকে-কোণে – অতি ভিতৰুৱা ঠাইত; সকলাে ঠাইতে।

প্রশ্নাবলী

ভাব-বিষয়ক

১। অতি চমকৈ উত্তৰ দিয়া
(ক) অম্বিকাগিৰী ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল?
(খ) সাতামপুৰুষীয়া ‘সােণৰ চোতাল-ঘৰ’ কিহেৰে পােত খাই আছে বুলি কবিয়ে কৈছে?
(গ) জাতিৰ জীৱন মনােহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে?
(ঘ) কবিয়ে চাই থাকোতে থাকোতে মুখ কিহেৰে ভৰি পৰিল বুলিছে?

২। হ’ল এৱে তােৰ সময় হ’বৰ।
জাতিৰ ঝাডদাৰ যে ভাই।’ – ইয়াত কবিয়ে কি কাৰণে ‘জাতিৰ ঝাড়ুদাৰ’ হােৱাৰ সময় হ’লহি বুলি সকীয়াই দিছে? ৩। নহ’লে যে বিশ্ব সভাত নহ’ব তােৰ বহাৰ ঠাই। – বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নির্দেশ দিছে? ৪। “ধৰ ঝাড়ু ধৰ ভাই’ – কবিতাটিৰ মূলভাৱ লিখা।

৫। ব্যাখ্যা কৰা

(ক) হিংসা-দ্বেষৰ, ভেদাভেদ,
ঘৃণা-ঘৃণি স্বার্থ ভেমৰ
কত যে কি মলি-মামৰ
ভৰি জাতিৰ জীৱন যায়।
(খ) ধৰ ঝাড়ু ধৰ ভাই। আৰু চাবৰ সময় নাই চাই থাকোতে মুখত কেৱল
ভৰিল কাজল-ছাই।
৬। “ধৰ ঝাড়ু ধৰ ভাই’ – কবিতাটোৰ মাজেৰ কবি ৰায়চৌধুৰীদেৱৰ স্বদেশপ্রেমৰ ভাব কিদৰে | প্রকাশ পাইছে লিখা।

ভাষাবিষয়ক

১। তলত দিয়া যুৰীয়া শব্দবােৰেৰে একোটিকৈ বাক্য ৰচনা কৰা :
(ক) হীনে-ঘিণে (খ) ধাৰে-ঋণে (গ) ঘৃণা-ঘৃণি
(ঘ) জাহি-জাবৰ (ঙ) সাৰি-পুছি (চ) মলি-মামৰ
২। তলৰ শব্দবােৰত মূর্ধন্য ‘ণ’ হােৱাৰ কাৰণ দর্শোৱা ।
(ক) সােণ (খ) ঘৃণা (গ) ঋণ।
৩। বিপৰীত শব্দ লিখা :
(ক) ঘৃণা (খ) স্বার্থ (গ) জীৱন (ঘ) বীৰ।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।