দৃশ্যান্তৰ lesson 5 class 10 assamese Online textbook

দৃশ্যান্তৰ lesson 5 class 10 assamese Online textbook

হৰেকৃষ্ণ ডেকা

পঁচিশ বছৰৰ আগতে
এই ঠাইতেই এজনক লগ পাইছিলো।
আলি-কেঁকুৰিটো আছিল কেঁচা।
সময়টো আছিল গধূলি।
তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল
নিজৰ ঘৰৰ পদূলি। এটা পঁজাঘৰ।
আকাশ ধিয়াই কেইজোপামান কাকিনী তামােল।
ঘৰৰ দাঁতিত আগলি বাঁহৰ
নমিত নমস্কাৰ।
পূর্ণ জোনৰ লণ্ঠনৰ পােহৰতাে।
কুকুৰীকণা মানুহজনে নিজৰ ঘৰ বিচাৰি পােৱা নাছিল।
ওচৰত সহায় সাৰথি কেও নাছিল।
মই যেতিয়া হাতত ধৰি তেওঁক
আগুৱাই দিছিলোঁ, কৈছিল,
বৰ শান্তিত আছে।
এই পঁজাটিত।
আজি এই ঠাইতেই লগ পালোঁ আৰু এজনক।
বৃদ্ধ নুজ দেহ। বয়সৰ চিন নােহােৱা হ’লে মুখত পঁচিশ বছৰ আগৰ সাইলাখ সাচ।
সাতমহলীয়া ঘৰৰ বাহিৰত তেওঁ ৰৈ আছিল।
ওচৰে-পাজৰে আন ফোটাও অট্টালিকা।
এটাতক আনটোৰ ৰূপ চৰা।
সন্ধ্যা ভগৰি বহুত পাহতাে মানুহ পিয়াপি দি ফুৰিছিল।
চশমাৰ তলেৰে সন্দেহেবে চাই তেওঁ মােক সুধিলে,
হেৰা অচিনাকি মানুহজন, মােক কি লাগেহে ইয়াত?
ভাৰাঘৰ কিাৰি আহিছা।
এই কুবেৰৰ মহলাত। ক’ত পাবা আৰু পালেও
কি শান্তিত থাকিবা ইয়াত। মৰিলে দাহ কৰিবলৈও
এজন মানুহ নাই। যখৰ পােৱালিহঁতে কাক কোনে চায়!
এই বুলি কৈ তেওঁ সাতমহলীয়া ঘৰৰ ভিতৰলৈ
সােমাই গ’ল। এই কংক্রীটৰ হাবিখনত তেওঁক
বিচাৰি নাপালোঁ আৰু।
বৰ অশান্তিৰে উভতি আহিলো।

কবি-পৰিচয়

হৰেকৃষ্ণ ডেকা – জন্ম ১৯৪৩ চনত । লৰালিটো তিনিচুকীয়াত কটায়। ১৯৫৯ চনত মেট্রিক পৰীক্ষাত উত্তীৰ্ণ হৈ টন কলেজত পঢ়িবলৈ লয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৫ চনত ইংৰাজী বিষয়ত এম,এ,পাচ কৰে। গুৱাহাটীৰ কমার্চ কলেজ অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰা ডেকাদেরে পাছত ভাৰতীয় আৰক্ষী সেৱাত যােগদান কৰি আৰক্ষী সঞ্চালক হিচাবে অৱসৰ লয়।

হৰেকৃষ্ণ ডেকা The Sentinel’ কাকত আৰু গৰীয়সী’ আলোচনীৰো সম্পাদক আছিল। তেওঁ ৰাতিৰ শােভাযাত্রা’, ‘আন এজন’, ‘sca-Scarc’ আদি কবিতাৰ পুথি, গগ আৰু কল্প’, ‘মধুসুদনৰ দলং’, ‘বদীয়াৰ, “মৃত্যুদণ্ড আদি গল্পৰ পুথি ৰচনা কৰিছিল। তেওঁৰ একমাত্র উপন্যাস হল ‘আগন্তুক’। ইয়াৰ বাহিৰেও তেওঁ কেইবাখনাে পুথি অসমীয়া ভাষালৈ অনুবাদ কৰিছে। তেওঁ ১৯৮৭ চনত সাহিত্য অকাডেমী বঁটা, ১৯৯৬ চনত ‘কথা বঁটা’ আৰু ২০১০ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে।

পাঠবােধ

কবি হৰেকৃষ্ণ ডেকাৰ ‘দৃশ্যান্তৰ’ কবিতাটোত সামাজিক জীৱনৰ ৰূপ প্রতিফলিত হৈছে। কবিয়ে লগ পােৱা ব্যক্তি এজনৰ প্রসংগেৰে তেওঁ উন্মােচন কৰিছে নগৰীয়া জীৱনৰ শূন্যতা আৰু অপ্রাপ্তি।

কেঁচা আলি-কেঁকুৰিৰ পৰা কংক্রীটৰ হাবিলৈকে বিবিধ চিত্ৰকল্পৰ মাজেৰে কবিয়ে আধুনিক মানুহৰ নিঃসংগতা আৰু চহৰীয়া জীৱনৰ যান্ত্রিকতাক প্রতিফলিত কৰিছে। কবিৰ কেইবাটাও কবিতাত গ্রাম্য জীৱনৰ অকপট ৰূপ প্ৰকাশ পােৱাৰ দৰে চহৰীয়া জীৱনৰ ৰুক্ষতাৰাে ৰূপায়ণ ঘটিছে।

দৃশ্যান্তৰ নামটোতেই লুকাই আছে আমাৰ সমাজ জীৱনৰ পৰিৱৰ্তিত সত্য। দুটা ভিন্ন অভিজ্ঞতাৰ মাজেৰে কবিয়ে কবিতাটোত ভাব আৰু ভাষাৰ অনুপম সামঞ্জস্য ৰাখিবলৈ সমৰ্থ হৈছে। দৃশ্যান্তৰ কবিতাটো আমাৰ সমাজ-জীৱনৰে এক আলেখ্য। ‘দৃশ্যান্তৰ কবিতাটোত প্ৰকাশ পােৱা অভিব্যক্তিক আধুনিক কবিতাৰ বিদ্যায়তনিক আলােচনাত ‘মহানগৰ চেতনা’ বুলি কোৱা হয়।

শব্দার্থ আৰু টোকা

  • কাকিনী তামােল – বৰ ওখ তামােল।
  • কুকুৰীকণা – গধুলি বা ৰাতি নেদেখা মানুহ।
  • কুবেৰ – যক্ষৰ অধিপতি; ধনৰ অধিপতি দেৱতা।
  • দাহ – পােৰণি; পােৰা কার্য; দহন; শােক, সন্তাপ।
  • দৃশ্যান্তৰ – ভিন্ন বা অন্য দৃশ্য।
  • nyunzyo – কুঁজা।
  • পিয়াপি দি – এটা এটা হৈ চাৰিওফালে।
  • যখ – পুতি থােৱা ধন-সােণ ৰখি থাকে বুলি ভবা অপদেৱতা; অতিশয় কৃপণ লােক।

প্রশ্নাৱলী

ভাব বিষয়ক

১। চমু উত্তৰ দিয়া ।
(ক) কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল?
(খ) মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পােৱা নাছিল?
(গ) মানুহজনে নিজৰ ঘৰৰ পদূলি ক’ত বিচাৰিছিল?
(ঘ) মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগিত আছিল?
(ঙ) কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল?
২। সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ স’তে কি কি কথা পাতিছিল তােমাৰ নিজৰ কথাৰে লিখা।
৩। “দৃশ্যান্তৰ কবিতাটোৰ মূলভাৱ লিখা।
৪। “বৰ শান্তিত আছে
এই পঁজাটিত।”
– কোনে, কিয় এইদৰে কৈছিল? কথাষাৰৰ অন্তর্নিহিত ভাৱ মােকলাই লিখা।
৫। হেৰা অচিনাকি মানুহজন, তােমাক কি লাগেহে ইয়াত ?’কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা।
৬। দৃশ্যান্তৰ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তােমাৰ ভাষাৰে বুজাই লিখা।
৭। দৃশ্যান্তৰ কবিতাটোৰ কবিগৰাকীৰ এটা চমু পৰিচয় দিয়া।

৮। ব্যাখ্যা কৰা

(ক) মৰিলে দাহ কৰিবলৈও
এজন মানুহ নাই।
(খ) ‘যখৰ পােৱালিহঁতে কাক কোনে চায়।
(গ) এই কংক্রীটৰ হাবিখনত তেওঁক
বিচাৰি নাপালোঁ আৰু।

ভাষাবিষয়ক

১। বিপৰীত শব্দ লিখা ?
কেঁচা, গধূলি, পােহৰ, শান্তি, ৰূপ।

২। এটাকৈ সমার্থক শব্দ লিখা ?
জোন, ঘৰ, চৰা, দাহ, উভতি।

৩। নঞর্থক শব্দ গঠন কৰা
শান্তি, চিনাকি, সহায়।

৪। ‘নমস্কাৰ শব্দটো সন্ধি ভাঙিলে এনে হ’ব—
নমঃ + কাৰ। – এইদৰে আন চাৰিটা শব্দ লিখি সন্ধি ভাঙা।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।