গ্ৰন্থমেলাৰ আৱশ্যকতা নতুন লিখনি

গ্ৰন্থমেলাত কিতাপৰ বিনিময়, পাঠকে একে ঠাইতে বিচৰা কিতাপ পোৱাৰ সুবিধা লাভ কৰে, পৃথিৱীৰ বিভিন্ন ঠাইত বৃহৎ বৃহৎ গ্ৰন্থমেলা অনুষ্ঠিত হৈ থাকে। বছৰে বছৰে এনেবোৰ মেলা বহে। সেইবোৰত কোটি কোটি টকাৰ গ্ৰন্থ বিক্ৰী হয়।

লখিমী শৰ্মা

গ্ৰন্থ হৈছে মানৱ জীৱনৰ অমূল্য সম্পদ। কিতাপৰ সমান পৰম বন্ধু নাই বোলা হয়। সভ্যতাৰ বিকাশত যুগে যুগে গ্রন্থই গ্রহণ কৰে বৰণীয়া ভূমিকা।

গ্ৰন্থই ৰচনা কৰে মানসিক সেতুবন্ধন। মানুহৰ জীৱনত গ্রন্থই যথেষ্ট প্রভাৱ বিস্তাৰ কৰি থাকে। কিতাপ নথকা ঘৰক খিৰিকীবিহীন কোঠাৰ লগত তুলনা কৰা হয় ।

সেইবাবে গ্ৰন্থৰ মেলা হ’ল জ্ঞান বিস্তাৰৰ মেলা। গ্রন্থমেলা লেখক, পাঠক, প্রকাশকৰ মিলনভূমি। লেখকে কিতাপ লিখি দিয়ে, প্রকাশকে তাক কচিসন্মতভাৱে ধুনীয়াকৈ নির্ভুলভাবে ছপাই-বন্ধাই উলিয়াব লাগে আৰু পাঠকে তাক কিনি পঢ়িব লাগে।

এই তিনিওৰে উপযুক্ত সংযোগ নহ’লে ভাল গ্রন্থ নোলায়। গ্রন্থমেলাই গ্রন্থ চেতনা সৃষ্টি কৰে।

গ্ৰন্থমেলাত কিতাপৰ বিনিময়, পাঠকে একে ঠাইতে বিচৰা কিতাপ পোৱাৰ সুবিধা লাভ কৰে, পৃথিৱীৰ বিভিন্ন ঠাইত বৃহৎ বৃহৎ গ্রন্থমেলা অনুষ্ঠিত হৈ থাকে।

বছৰে বছৰে এনেবোৰ মেলা বহে। সেইবোৰত কোটি কোটি টকাৰ গ্ৰন্থ বিক্ৰী হয়। নেদাৰলেণ্ডত প্ৰতি বছৰে ১ নিযুত গ্রন্থ বিক্ৰী হয় বুলি জনা যায়।

দ্বাদশ বিশ্ব গ্রন্থমেলাত ২০ কোটিৰো অধিক টকাৰ কিতাপ বিক্ৰী হোৱা বুলি প্ৰকাশ পাইছে । আন্তর্জাতিক পৰ্যায়ৰ গ্রন্থমেলা অনুষ্ঠিত হয় মস্কো, কাইৰো, লণ্ডন, ছিংগাপুৰ, মেনিলা, বাহৰেইন আদি ঠাইত।

তৰ উপৰি মেক্সিকো, আংকাৰা, ত্রিনিদাদ আৰু টবেগো, জিম্বাবুৱে, হাভানা, কুৱালালামপুৰ, মৰিছাছ, বেলগ্রেড, খাটুম, ঢাকা আদিতো বিশাল গ্রন্থমেলা হয়।

ভাৰতে সেইবোৰত অংশগ্ৰহণ কৰি আহিছে। গ্রন্থ প্ৰকাশনৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান পঞ্চম। সেইবাবে এই শতিকাৰ তৃতীয় দশকমানৰ পৰাই ভাৰতৰ বিভিন্ন ঠাইত গ্ৰন্থ বিক্ৰীৰ সৰু-বৰ উদ্যোগ গঢ় লৈ উঠিছিল ।

মেলা জাতীয় অনুষ্ঠানতো গ্ৰন্থ বিক্ৰী আৰম্ভ হয়। কোলা, পশ্চিম বংগ, ত্ৰিপুৰা আদিত হোৱা গ্ৰন্থমেলাবোৰে এতিয়াবিশেষ সমাদৰ লাভ কৰিছে।

উত্তৰপূৰ্বাঞ্চলৰ ত্ৰিপুৰা, মেঘালয় আৰু অসমত বছৰি গ্ৰন্থমেলা হয়। জাতীয় গ্রন্থ ন্যাসে গ্ৰন্থৰ প্ৰকাশ আৰু প্ৰসাৰত আদৰণীয় ভূমিকা পালন কৰি আহিছে।

গ্রন্থ বেচা-কিনা বা মুকলি কৰাৰ উপৰি গ্ৰন্থমেলাসমূহত বিভিন্ন আকর্ষণীয় তথা জ্ঞানবর্ধক অনুষ্ঠানৰো আয়োজন কৰা হয়। এইসমূহৰ ভিতৰত সাহিত্যকেন্দ্ৰিক আলোচনা-চক্র, বিতর্ক বা সাহিত্যানুষ্ঠান আদিৰ কথা ক’ব পাৰি।

লগতে কবিতাৰ পাঠক তথা কবিতাপ্রিয় লোকসকলৰ বাবে ৰাজ্যৰ শীৰ্ষ কবিসকলৰ সন্মিলন তথা কবিতা পাঠৰ অনুষ্ঠান আয়োজিত কৰা হৈ আহিছে প্ৰত্যেকবাৰে।

যুৱ লেখকসকলৰ এখন সন্মিলন আয়োজন কৰা হৈছিল, য’ত ৰাজ্যৰ যুৱ লেখক-লেখিকাসকলক আমন্ত্ৰণ কৰা হৈছিল।

এইধৰণৰ অনুষ্ঠানে যুৱ চামক উৎসাহ যোগোৱাৰ লগতে তেওঁলোকক আৰু অধিক আগুৱাই যাবলৈ মনোবল প্ৰদান কৰে।

লগতে গ্রন্থমেলাৰ বাকৰিত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। বিভিন্ন লেখক, গায়ক তথা শিল্পী-সাহিত্যিকৰ সাক্ষাৎকাৰৰ অনুষ্ঠানৰ মাধ্যমেদি তেওঁলোকৰ মনৰ কথা জনাৰ লগতে জীৱন কাহিনী জানি উপকৃত হ’ব পাৰি।

এইধৰণৰ অনুষ্ঠানসমূহে মনবোৰো সজীৱ আৰু জীপাল কৰি তোলে। লগতে গ্রন্থমেলাৰ বাকৰিত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিভিন্ন প্রতিযোগিতাৰ আয়োজন কৰা হয়, যিবোৰে তেওঁলোকৰ বৌদ্ধিক উৎকর্ষ সাধনত সহায় কৰে।

বৰ্তমান যুগত গ্ৰন্থৰ সমাদৰ বঢ়াৰ লগে লগে গ্ৰন্থমেলাৰ আয়োজনো ব্যাপক হাৰত বৃদ্ধি হোৱা দেখা গৈছে।

ফ’নঃ ৮৮১১৯-৩০০৪২

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।