হিকটি আহিলে এইখিনি কৰক

কোনো খাদ্যবস্তু খোৱাৰ সময়ত হঠাৎ হিকটি আহিলে সমস্যাৰ সৃষ্টি হয়। কেতিয়াবা খৰখেদাকৈ খাদ্য গ্রহণ কৰিলে এনে সমস্যা হয়। কেতিয়াবা খাদ্য গ্ৰহণৰ সময়ত কাহ অথবা হাচি আহিলেও হিকটি আহিব পাৰে। এইদৰে হিকটি আহিলে কেইটামান ঘৰুৱা উপায়ৰ জৰিয়তে তৎকালে সুফল পাব পাৰি।

  • হিকটি আহিলে নাক বন্ধ কৰি দীঘলীয়াকৈ উশাহ লৈ থাকিব লাগে। যিমান সময় পৰা যায় সিমান সময় এইদৰে দীঘলীয়াকৈ উশাহ লৈ থাকিলে তাৎক্ষণিকভাৱে হিকটিৰ পৰা ৰক্ষা পাব পাৰি ।
  • কাণ দুখন আঙুলিৰে হেঁচি ৰাখি কিছু সময় থাকিলেও হিকটিৰ পৰা ৰক্ষা পাব পাৰি।
  • হি কটি আহিলে এক চামুচ মাখন বা চেনি তাৎক্ষণিকভাৱে খালে হিকটি কমি যায়।
  • হিকটি অহাৰ সময়ত এটুকুৰা নেমু মুখত ল’লেও এই সমস্যা দূৰ হয়।
  • হিকটি অহাৰ সময়ত মুখত এটুকুৰা বৰফ ল’লেও কিছু সময়ৰ পাছতেই হিকটিৰ পৰা ৰক্ষা পাব পাৰি।
  • একেৰাহে হিকটি আহি থাকিলে জিভাখন যিমান পাৰে। বাহিৰলৈ উলিয়াই দিব লাগে। এনে কৰিলে নাকৰ ফুটা দুটা স্বযন্ত্ৰৰ লগত সংলগ্ন অংশটো খোল খাই যায়। ইয়াৰ ফলত হিকটি বন্ধ হয়।
  • দুটামান জালুক, আধা চামুচ চেনি চোবাই খালেও হিকটি বন্ধ হয়।
0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।