ইণ্টাৰনেটৰ তিতা-মিঠা lesson 9 class 10 assamese Online textbook

ইণ্টাৰনেটৰ তিতা-মিঠা lesson 9 class 10 assamese Online textbook

ড° প্রণয়ী দত্ত

কুঁৱলীৰ আজি উলাহতে হিয়া নধৰা হৈছে। দেউতাকে তাইক এটা কম্পিউটাৰ উপহাৰ দিব। এইবাৰ নৱম শ্রেণীৰ পৰা দশম শ্রেণীলৈ প্রথম হৈ উত্তীৰ্ণ হৈছে বাবে। তাইৰ বাবে তাতােকৈও হেঁপাহৰ বতবাটো হ’ল—কম্পিউটাৰটোত হেনাে ইণ্টাৰনেটো সংযােগ কৰি দিব ! দেউতাকে মাকক কোৱা।

তাই শুনিছে—তাইৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাবিত হয়, এই আশাৰে তেওঁ এই বিশেষ উপহাৰ দিয়াৰ সিদ্ধান্ত লৈছে।
কম্পিউটাৰ সম্বন্ধে তাইৰ কিছু ব্যৱহাৰিক জ্ঞান আছে, স্কুলতাে ব্যৱহাৰ কৰিছে, কিন্তু ইণ্টাৰনেট সম্বন্ধে তাইৰ ডান একেবাৰে সীমিত বুলিয়েই ক’ব পাৰি।

তাই মাত্র জানে যে ‘Interconnection of Networks’-এই শব্দকেইটাৰ প্রথম অংশ সংযােজন ঘটি ‘Internet’ শব্দৰ। সৃষ্টি হৈছে।

ইয়াক চমুকৈ Net (নেট) বুলিও কোৱা হয়। ই হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা। অর্থাৎ কম্পিউটাৰ নেটৱৰ্কৰে এক নেটৱৰ্ক।

সহজভাৱে বুজিবলৈ হ’লে এখন নেটৱৰ্কত যদি কেইবাহাজাৰ কম্পিউটাৰ আছে, তেন্তে এনে হাজাৰ হাজাৰ বিভিন্ন প্রকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই হৈছে ইন্টারনেট।

দেউতাকে কম্পিউটাৰ উপহাৰস্বৰূপে দিব বুলি শুনাৰ পিছৰ পৰাই কুঁৱলীয়ে ইন্টাৰনেট সম্বন্ধে সম্যকভাৱে পঢ়া-শুনা কৰি ইয়াক ব্যৱহাৰ কৰাৰ নিয়ম আৰু কৌশলবোেৰ শিকি ল’লে।

এতিয়া মাত্র ইণ্টাৰনেট সংলগ্ন কম্পিউটাৰে তাইৰ পঢ়া কোঠালি কেতিয়া শুৱনি কৰেহি তাৰে সপােন দেখাত তাই ব্যস্ত।

যথাসময়ত কুঁৱলীৰ সপােনে বাস্তৱ ৰূপ পালে। ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ তাই উদগ্রীব হৈ পৰিল। তাইৰ ভাৱনাৰ সাগৰখনত বহুতাে নজনা কথা আছে।

কম্পিউটাৰটো একান্ত নিজৰ সম্পত্তি হিচাপে পােৱাৰ পাছত তাইৰ মনটো যেন থৌকি-বার্থেী হ ল।

কোনটো নজনা কথা আগতে কম্পিউটাৰক সুধিব। ঠিক যেন জোনাক নিশা আকাশৰ তৰা গণি আইতাকৰ কোলাত মূৰ থৈ শুনা সেই সাধু কথাটি—এজনী ৰাজকুমাৰীৰ এখন যাদু থকা আইনা আছিল। যিকোনো প্রশ্ন কৰিলেই নিমিষতে উত্তৰ পােৱা যায়।

ইন্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা WWW নাে কি শুনিবলৈ তাই গুঞ্জলত সন্ধান কৰিলে। লগে লগে ভণ্ডৰ আহিল—১৯৮৯ চনত চুইজাৰলেণ্ডন জেনেভ্রাত অবস্থিত পদার্থকণিৰ তারিক আৰু ব্যৱহাৰি গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় আৰু অতি উচ্চমাণ পৃথিবীবিত SIZET (European organisation of Nuclear Research) 7 (CERN)বাইড় ৱেব নিটোল বীজ লুলিত হৈছিল।

পৃথিব্রীজৰি শিৰেতি ‘ছে থাকা লাখ জাখ কম্পিউটাৰত মত থকা পৰম্পৰ সংলগ্ন বিভিন্ন তখ-িপাতিৰ সামূহিক ভাঙাৰ হৈছে বেৰ।

এই ৱেল বর্তমান অতি সুপ্রিয়। এই ক্রনপ্রিয়তাৰ মূল কাৰণ– www-ত তথ্যােব পাঠ. তাহিক ভিডি’ এর অডিও মাধ্যমত থাকে আৰু সেইবােৰ সহজে ৱেবৰ পৰা আহৰণ কৰিব পাৰি।

ইটাৰনেটত্ব সমনই ব্যবহৃত হৈ থকা বিছুমান শব্দ যেনে যে পেত্র (Web Page), ৱেবচাইট (website), হমপেজ, (lone page), রাজাৰ (Browse) আদিৰ বিষয়ে তাই পলকতে ইণ্টাৰনেটৰ পৰা আয়ত্ত কৰিলে।

তাই নিশ্চিত হল যে বিজ্ঞান, কলা বা আন যিকোনাে ক্ষেত্ৰৰে আমি যি কথা জানিব বিচাৰোঁ, কম্পিউটাৰত টাইপ কৰি দিলেই হল।

ইণ্টাৰনেটৰ পৰা নিমিষতে সেই শব্দটোৰ পৃষ্ঠাজুৰি থকা বিৱৰণ চকুৰ আগত আহি পৰিব। এক কথাত ক’বলৈ গ’লে সমগ্র বিশ্ব ব্রহ্মাণ্ডখনেই যেন ইণ্টাৰনেটত পুঞ্জীভূত হৈ পৰিছে।

কুঁৱলীৰ অন্তৰংগ বান্ধবী শ্বেৰণ বর্তমান দেউতাকৰ চাকৰিসূত্রে মস্কোলৈ পঢ়িবলৈ গৈছে। সেয়ে কুঁৱলীয়ে ভাবিলে, তাইলৈকে ই-মেইলৰ শুভাৰম্ভ কৰা যাওক।

ভবামতে কাম— নিমিতে শ্বেৰণৰ পৰা সঁহাৰিও, পালে—য়ত আছে বন্ধত মাক-দেউতাকৰ সৈতে ফুৰিবলৈ যােৱা ছেইণ্ট পিটাছবাৰ্গৰ বহুতাে ৰঙীন ফটোৰ সৈতে তাইৰ অভিজ্ঞতা বর্ণনা।

এই বিৱৰণে কুঁৱলীক বাৰুকৈয়ে মােহিত কৰিলে। তাই উপলব্ধি কৰিলে—ই মেইলৰ যােগেদি দেখােন বন্ধু-বান্ধৱীৰ পৰা তেওঁলােকৰ দেশ ভ্ৰমণৰ চাক্ষুস অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰ এক ৰােমাঞ্চকৰ সােৱাদ লাভ কৰিব পাৰি।

সেয়ে তাই শ্বেৰণৰ যােগেদি পৃথিৱীৰ বিভিন্ন দেশত থকা শ্বেৰণৰ বন্ধু-বান্ধবীসকললৈ ই-মেইল দিয়। আৰম্ভ কৰিলে।

ই-মেইলৰ সােৱাদত কুঁৱলী ইমান অভিভূত হ’ল যে ভিডিঅ’ কলিঙৰ সােৱাদ লাবলৈ তাই উদগ্রীৱ হৈ পৰিল। সঁচাকৈয়ে ভিডিঅ’ কলিং উপভােগ কৰি তাইৰ এনে অনুভৱ হ’ল যেন মুখামুখিকৈ বহিহে কাৰােবাৰ লগত কথা পাতি আছে।

ইণ্টাৰনেটে কুঁৱলীৰ মন-মগজু সম্পূর্ণ অধিকাৰ কৰি ৰাখিবলৈ ধৰিলে। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও শিকিল’লে। তদুপৰি সপ্তাহৰ নিৰ্ধাৰিত কেইটামান দিনত তাই পঢ়া সমাপ্ত কৰি অলপ

মনােৰঞ্জনৰাে আমেজ লয়। নীতিশিক্ষা থকা পুৰণি চিনেমা, সুগায়ক-গায়িকাৰ মন-প্রাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা-ধুলাও উপভােগ কৰি তাই মনটো প্রকৃতি কৰি ৰাখে।

কুঁৱলীৰ মাক-দেউতাকে সিদ্ধান্ত ল’লে— পূজাৰ বন্ধত সপৰিয়ালে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যাব। কেনেকৈ যাৰ, ক’ত থাকিব, কি কি স্থান দর্শন কৰিব তাকে গুণা-থা কৰি মাকৰ চিন্তাৰ পাৰাপাৰ নাই।

দেউতাকেতাে খােলাখুলিকৈ কৈয়ে পেলালে—অফিচৰ এশ এটা কামৰ হেঁচাত টিকট কটা, হােটেল ঠিক কৰা, কোন কোন স্থানলৈ যাব এইবােৰ ভাবিবলৈ তেওঁৰ সময় নাই।

কুঁৱলীয়ে হাঁহি হাঁহি মাক-দেউতাকৰ সমস্যাৰ নিমিষতে সমাধানৰ পথ প্রশস্ত কৰিলে— ‘তােমালােকে একো চিন্তা কৰিব নালাগে।

এই সমস্ত দায়িত্ব মােৰ, কম্পিউটাৰটো এনেয়ে সজাবলৈ থৈছে নেকি?’ ইণ্টাৰনেটতে কুঁৱলীয়ে টিকট কাটিলে, বিচাৰি বিচাৰি দামে-কামে সামঞ্জস্য থকা পছৰ হােটেলে বন্দবস্ত কৰিলে, আনকি থাকিবলগীয়া হােটেলৰ কোঠালি আৰু চৌপাশৰ ফটোও মাকক দেখুৱালে।

লগতে হােটেলৰ কোঠাৰ অগ্রিম ভাৰাও ই-বেংকিঙৰ যােগেদি জমা দিলে। ভ্ৰমণৰ উপযোগী হােৱাকৈ আটাইৰে বাবে প্রয়ােজনীয় সাজ-পােছাক আৰু অন্যান্য লাগতিয়াল সামগ্রীও নেটৰ যােগেদিয়েই, অর্থাৎ ই-কমার্চৰ সুবিধা ক্ৰয় কৰিলে, সময় আৰু কষ্ট কিমান যে লাঘব হল!

ভ্ৰমণৰ প্রস্তুতি পূর্ণগতিত আগবাঢ়ি থাকোতেই হঠাৎ এদিন ঘটিল নহয় অঘটনটো—হােটেলৰ পৰা কিবা চিঠি-পত্ৰ আহিছে নেকি বুজ ল’বলৈ কুঁৱলীয়ে কম্পিউটাৰটো অন কৰিলে। পিছে কার্যক্ষম কৰিব নােৱাৰিলে অর্থাৎ ভাইৰাচ সােমাল।

ভাইৰাচ শব্দটো শুনিয়েই ভায়েক নিয়ৰে আকৌ অসুখৰ ভাইৰাচ বুলিয়েই ভাবি ল’লে। সেয়েহে কুঁৱলীয়ে তাৰ আগত সৰু সুৰা বক্তৃতা এটাই দিব লগা হল–‘বুজিছ নিয়ৰ, Virus ৰ সম্পূৰ্ণ ৰূপ হৈছে ‘Vital information resources under seize’.
ই হৈছে এক ধ্বংসাত্মক অভিপ্রায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰেম। ই নিজকে কম্পিউটাৰত থকা সুস্থ প্রগ্রেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবােৰত বিজুতি ঘটাব পাৰে, তাকো আকৌ মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে বা অনুমতি নােলােৱাকৈ।

নিয়ৰ কথাখিনি বুজাই কুঁৱলী ততাতৈয়াকৈ বিশ্ববিদ্যালয়ত পদার্থবিজ্ঞান বিভাগত’ গৱেষণা কৰি থকা শ্বাবানা বাইদেউৰ ওচৰ পালেগৈ।

বাইদেৱে এণ্টিভাইৰাচ চফটৱেৰ এটা কুঁৱলীৰ কম্পিউটাৰটোতে অন্তর্ভুক্ত কৰি বিপদমুক্ত কৰিলে।

ধীৰে ধীৰে কুঁৱলীয়ে নেটৰ ৰঙীন জগতখনৰ ভিতলৈ সােমাই পৰিল। তাই যেন কম্পিউটাৰটোৰ লগত আঠা লাগিহে ধৰিলে।

স্কুললৈ সাজ হােৱাৰ আগলৈকে আৰু স্কুলৰ পৰা আহিয়েই মুখ-হাত ধুই নাকে-মুখে কিবা অকণ গুজিয়েই ইণ্টাৰনেট খুলি লয়।

মাজতে মাত্র স্কুলৰ পৰা কৰিবলৈ দিয়া ‘গৃহকর্মখিনি কৰি লৈ পুনব বাতিৰ আহাৰ’ গ্ৰহণ কৰাৰ আগলৈকে বা কেতিয়াবা তাৰ পিছতাে তাই ইণ্টাৰনেটক লৈয়ে ব্যস্ত।

মাকৰ হাক-বচনলৈ তাই কাণষাবেই নকৰা হ’ল। তাইৰ বান্ধৱী এজনীৰ ইণ্টাৰনেট সংলগ্ন মােবাইলে আছে। গতিকে স্কুলতাে এতিয়া সময়-সুবিধা বুজি নেটৰ সােৱাদ ল’বলৈ কৃপণালি নকৰে।

বান্ধৱীজনীয়ে ম’বাইলত ফেচবুক, রাটছএপ আদিও ব্যৱহাৰ কৰে। বান্ধৱীজনীলৈ ৱাটছএপৰ জৰিয়তে অহা বিভিন্ন ধৰণৰ মেচেজবােৰৰ মাজতে সিহঁত ব্যস্ত হৈ থাকে।

বান্ধৱীজনীয়ে হেনে স্কুললৈ আহোঁতে-যাওঁতে গাড়ীতাে ম’বাইল ব্যৱহাৰ কৰে। আনকি ফুৰিবলৈ গ’লেও বা সম্বন্ধীয় লােক বা আলহী-অতিথিৰ সন্মুখতে বিবাহ-উৎসৱ-অনুষ্ঠানৰ সকলাে ঠাইতে হাতত ম’বাইল লৈ ইণ্টাৰনেটতে ব্যস্ত হৈ থাকে।

চৌপাশৰ পৰিৱেশলৈ কোনাে ক্ষেপেই নাই। মাজে মাজে কাণত হেডফোন লগাই গান বা চিনেমাৰ ৰঙীন পৃথিৱীত মচণ্ডল হৈ থাকে।

এটা কথাই কুঁৱলীৰ মনত শংকাৰ সৃষ্টি কৰিলে। তাইৰ বান্ধৱীজনীৰ ভায়েক পলে হেনাে ইমানকৈ ইণ্টাৰনেটত গেম খেলিবলৈ আৰম্ভ কৰিছে যে তাৰ পঢ়া-শুনাৰ প্রতি মনােযােগ একেবাৰে কমি আহিছে। সুবিধা পালেই স্কুল খটি কৰি দিনৰ দিনটো মােবাইল গেম খেলাত ব্যক্ত হৈ থাকে।

পঢ়া-শুনাত সৰুতে বেচ নাম কৰা পলে হেনাে এইবাৰ দুয়াহিলি পৰীক্ষাত কেইবাটাও বিষয়ত বেয়া কৰিছে। কুঁৱলীৰ মনটো বিষাদগ্রস্ত হল।

লাহে লাহে কুঁৱলীৰ ধাৰণা হৈছে তায়াে যেন পৰিয়াল, আপােনজন, ওচৰ-চুবুৰীয়া মানুহ সকলােৰে পৰা ক্ৰমাৎ আঁতৰি আহিছে। সিদিনা পৰিয়ালসহ অতুল মামা আহোঁতে তাই দেখােন মাতৰ দিবলৈকে নগ’ল।

ওচৰৰে বিয়া-বাৰুলৈ যােৱাৰ নামেই নল’লে। ৰাস্তা-ঘাটে দেখােন সমনীয়া আৰু বয়ােজ্যেষ্ঠজনৰ প্রতি সামান্য সৌজন্যবােধ দেখুৱাবলৈকো পাহৰি গ’ল। কল্পনাৰ ৰঙীন তথা অবাস্তৱ জগতখনতহে অবিৰাম উটি-ভাহি ফুৰা হ’ল।

তাই দেখেন দৈনন্দিন জীৱনৰ আৱশ্যকীয় সকলাে দিশতে সম্পূর্ণ আনমনা হৈ পৰিল। ঘৰুৱা কাম-বন তথা অন্যান্য দায়িত্বৰ প্রতি উদাসীন হৈ কেৱল মাথোঁ কম্পিউটাৰটোৰ সন্মুখতে বহি থকা হল। এলাহ ভাবে ক্রমে বেছি হ’বলৈ ধৰিলে।

মূৰটোও অনবৰতে বিষাই থকা হ’ল। ইয়ে তাইৰ পঢ়া-শুনাতাে ব্যাঘাত জন্মালে। বাহিৰা কিতাপ-পত্ৰ, আলােচনী, বাতৰিকাকতৰ লগত সম্বন্ধই নােহােৱা হৈ পৰিল। নেটত পােৱা কিছুমান তথ্যত বিসংগতিও ধৰা পেলে স্কুল শিক্ষকশিক্ষয়িত্ৰীয়ে।

তদুপৰি ছচিয়েল মিডিয়াত প্রচাৰিত কিছুমান খবৰে উৰাবাতৰিৰ ৰূপ লৈ সমাজখনৰ ক্ষতি কৰাৰ কথাও স্কুলৰ ময়ূৰী বাইদেৱে সিদিনা সিহঁতক বুজাই দিলে।

কথাবােৰ ভাবি-গুণি কুঁৱলীৰ মনটো ভাৰাক্ৰান্ত হৈ পৰিল। দিনকদিনে বাঢ়ি অহা ইণ্টাৰনেটৰ প্রতি আসক্তি তথা মনৰ পৰিৱর্তনবােৰৰ কথা কবলৈ তাই শ্বাবানা বাইদেউৰ ওচৰলৈ ঢাপলি মেলিলে।

শ্বারানা বাইদেৱে তাইৰ কথাবােৰ মনােযােগ শুনি মিঠা হাঁহি এটাৰে তাইক ক’বলৈ ধৰিলে– এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্বব্রহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে। সূর্য সর্বশক্তিৰ আধাৰ।

সূর্যৰ তাপ-লােহ নথকা হ’লে এই ধৰাত জীৱ আৰু উদ্ভিদকুলৰ জানাে অস্তিত্ব থাকিলেহেঁতেন। ইয়াৰ বিপৰীত ছবিখন আকৌ এনে–সূৰ্য্যৰ উৎকট তাপত হকালি আমি দেখােন বাটলৈ ওলাব নােৱাৰো, ঠায়ে ঠায়ে মানুহ তথা জীৱ-ৰ লগতে চলতিকাও মৃত্যুমুখত পৰে।

কিন্তু সেইবুলি আমি জানাে. সূৰ শক্তিক উপেক্ষা কৰিব লাগে? উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আমি সামর্থ্য অনুসৰি যথােচিত ব্যৱস্থা গ্ৰহণ কৰিলেই হ’ল। একেদৰে এটাৰনােটিনাে মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে।

মিঠা সুবিধাসমূহে মানব সভ্যতাক উন্নতিন লাত ত্বড়িৎ গতিৰে আগবঢ়াই নি উন্নতিৰ সােপান ৰচিব পাৰিব। অবশ্যে এই সীমাহীন সুবিধাসমূহৰ তুলনাত বেয়া দিশবােৰ নিষ্প্রভ কৰি তুলিব লাগিব।

এই লক্ষ্যত পূর্ণমাত্রাই সফলতা তেতিয়াহে লাভ কৰিব পৰা যাব, যেতিয়া সেই বেয়া দিশ তথা কু-
ব্যবহাৰৰ পৰা আঁতৰি থাকিবলৈ সকলােৰে দৃঢ়প্রতিজ্ঞা হ’ব।

আৰু এটা গুৰুত্বপুর্ণ বিষয় এয়ে যে ফেচবুক, বাটচএপ আদি চ ‘চিয়েল মিডিয়াৰ শতমনিত নতুন প্রজন্ম সােমাই পৰিছে।

ইয়াৰ ফলত তেওঁলােকে কিতাপৰ জগতখনৰ পৰা আতৰি অহাই নহয়, খেলা-ধূলাৰ ফালেও সম্পূর্ণ পিঠি দিছে। তােমালােকে এটা কথা সদায় মনত ৰাখিবা যে মােবাইল থকা ৱাটছএপ, টুইটাৰ, ইউ টিউব, ফেচবুক আদিৰ দ্বাৰা বহুতো মিছা বাতৰিও প্ৰচাৰ হয়।

এনে আনজনলৈ প্ৰেৰণ কৰা কিছুমান ভুরা বাতৰিয়ে সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰাৰ উদাহৰণ আছে।

গতিকে কিবা এটা পালেই সেয়া বিশ্বাসযােগ্যতা প্রমাণ নােহােৱাকৈ যাবে-তাৰে মােবাইললৈ পঠিয়াই নিদিবা। এই দিশত পূবামাত্রাই সচেতন হ’ব। অনুশোচনা ভৰা তথা আত্ম উপলব্ধি ভৰা মন লৈ কুঁৱলী শ্বাৱানা বাইদেউৰ ঘৰৰপৰা উভতি আহিলে।

বাটে বাটে তাই ভাবি আহিলে এতিয়াৰে পৰা ইণ্টাৰনেটৰ সুবিধা তাই পঢ়া-শুনা, খেলা-ধুলা তথা মাক-দেউতাকে ন্যক্ত কৰা সকলাে ধৰণৰ দায়িত্ব সামৰিহে গ্ৰহণ কৰিব। মাক-দেউতাকে অনুমতি নিদিয়া কোনাে ধৰণৰ কার্যক্রম ইণ্টাৰনেটত আৰু উপভােগ নকৰে।

তদুপৰি ইণ্টাৰনেটৰ ব্যৱহাৰে যাতে সমনীয়া তথা বয়ােজ্যেষ্ঠজনৰ প্ৰতি থকা দায়িত্ববােধ তিলমানাে হ্রাস নকৰে তাৰ প্রতি সচেতন হ’বলৈও তাই দৃঢ়প্রতিজ্ঞ হ’ল।

কুঁৱলীৰ দৃঢ় বিশ্বাস, এই প্রতিজ্ঞাসমূহ আখৰে আখৰে পালন কৰিলে তাইৰ জ্ঞানৰ পৰিধিয়ে আকাশ চুব। লগতে সমাজৰ প্রতিও তাইৰ দায়বদ্ধতা অক্ষুন্ন থাকিব।

এই অনাবিল অভিজ্ঞতা থকা উপলব্ধি সকলাে বন্ধুবান্ধৱীক জনাবলৈ তাই উদগ্রীর হৈ পৰিল। সেয়ে ইণ্টাৰনেট সংলগ্ন কম্পিউটাৰ উপহাৰ পােৱাৰ দিন ধৰি হােৱা তাইৰ অভিজ্ঞতাসমূহ পুংখানুপুংখৰূপে বর্ণনা কৰি কুঁৱলীয়ে সকলো বন্ধু-বান্ধৱীলৈ ই-মেইল কৰিলে। এটা অতি আশাভৰা মন।

তাই আশা কৰিলে—তাইৰ চিনাকি-অচিনাকি সকলােৱে এহাতে ইণ্টাৰনেটৰ শেৱালি সুরাসেৰে মন-প্রাণ পুলকিত কৰক আৰু আনহাতে ইণ্টাৰনেটৰ কু-প্রভাৱৰ কেঁকোৰা পাৰ পৰা মুক্ত হৈ থাকক।

লেখক-পৰিচয়

ড° প্রণয়ী দত্ত : ড° প্রণয়ী দত্ত বর্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইলেকট্রনিক আৰু কম্পিনিকেশন টেকনলজী বিভাগৰ অধ্যাপিকা।

শৈশৱৰে পৰা মেধাৰ পৰিচয় দিয়া প্রণয়ী দত্তই ১৯৭০ চনত গুৱাহাটীৰ তাৰিণী চৌধুৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত দ্বিতীয় স্থান অধিকাৰ কৰি উত্তীৰ্ণ হৈছিল।

১৯৭৩ চনত পদার্থবিজ্ঞানত অনাচসহ কটন কলেজৰ পৰা প্রথম শ্রেণী তৃতীয় হৈ বি. এচ. চি. আৰু ১৯৭৫ চনত কটন কলেজৰ পৰাই প্রথম শ্রেণীর দ্বিতীয় স্থান অধিকাৰ কৰি এম, এচ, চি ডিগ্রী লাভ কৰে।

প্রথমে গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয় আৰু পৰৱৰ্তী সময়ত কটন কলেজত প্রবক্তা হিচাপে কার্যনির্বাহ কৰি ১৯৭৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদার্থবিজ্ঞান বিভাগত যােগদান কৰে।

১৯৮৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰফেচাৰ কিশােৰী মােহন পাঠকৰ অধীনত ‘মহাজাগতিক ৰশ্মিৰ ৰেডিঅ’ বিকিৰণ’ বিষয়ত গৱেষণা কৰি পি, এইচ. ডি. ডিগ্রী লাভ কৰে।

২০০২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইলেকট্রনিক এণ্ড কম্পিউকিশ্বন টেকনলজী বিভাগত মুৰব্বী অধ্যাপিকা হিচাপে যােগদান কৰি ২০১৩ চনলৈ সেই পদতে কার্যনির্বাহ কৰে।

ড° দত্তৰ বহুসংখ্যক গৱেষণাপত্র ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন আলােচনীত প্রকাশ পাইছে। কানাডা, অষ্ট্রেলিয়া, দক্ষিণ আফ্রিকা, জাপান, ৰাছিয়া আৰু চীন দেশত অনুষ্ঠিত কেইবাখনাে আন্তঃৰাষ্ট্ৰীয় সন্মিলনত তেওঁ অংশ গ্রহণ কৰিছে।

পাঠবােধ

পৃথিৱীৰ সকলাে বস্তুৰে ভাল-বেয়া দুটা দিশ থকাৰ দৰে বিজ্ঞানৰ চমৎকাৰী অৱদান ইণ্টাৰনেটৰৰ ভাল-বেয়া দুয়ােটা দিশ আছে।

ইণ্টাৰনেটৰ বহুল প্রসাৰ তথা উপযােগিতাই মানুহৰ শ্ৰম লাঘৱ কৰি থাকতে বিভিন্ন বতৰা দিবলৈ সক্ষম হৈছে কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ নজনাৰ বাবে বহুলােক বিশেষকৈ ছাত্রসমাজ বিভিন্ন ক্ষতিৰ মুখামুখি হৈছে।
ইণ্টাৰনেটৰ তিতা-মিঠা’ কাহিনীটোৰ মুখ্য চৰিত্ৰ কুঁৱলীকো তাইৰ দেউতাকে জ্ঞানৰ পৰিধি অসীমলৈ বিস্তাৰিত হােৱাৰ আশাৰে ইণ্টাৰনেট সংযুক্ত কম্পিউটাৰ কিনি দিছে।

অধ্যয়নশীল কুঁৱলীয়ে ইণ্টাৰনেটৰ উপযােগিতা বিভিন্ন ধৰণে গ্ৰহণ কৰিছে। কিন্তু ক্ৰমাৎ ইণ্টাৰনেটৰ প্রতি বাঢ়ি অহা আসক্তিয়ে তাইক পৰিয়ালৰ সৈতে বিচ্ছিন্ন কৰিছে।

সুস্থ সামাজিক আচৰণ তথা দায়িত্ববােধ পাহৰাই পেলাইছে আৰু তাইক অসুস্থ আৰু কর্মবিমুখাে কৰি তুলিছে। অৱশ্যে ইণ্টাৰনেটৰ এই ক্ষতিকাৰক দিশবােৰ উপলব্ধি কৰি কুঁৱলীয়ে ‘আত্মসংশােধন কৰিছে আৰু ইণ্টাৰনেটৰ সু-প্ৰয়ােগ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে।

কাহিনীটোৰ জৰিয়তে লেখিকাই ইণ্টাৰনেটৰ সীমাহীন ভাল দিশবােৰৰ সমান্তৰালকৈ ইয়াৰ কুব্যৱহাৰৰ দিশটোকো উনুকিয়াই ছাত্রসমাজক সচেতন কৰাৰ প্ৰয়াস কৰিছে।

শব্দার্থ আৰু টোকা

অগ্রিম : আগেয়ে দিয়া বা দিব লগা।
অনাবিল : নির্মল, মলিহীন।
আভা : পােহৰ, দীপ্তি।
উৰাবাতৰি : গুজব।
কদাচিত : কেতিয়াবা।
চিৰযুগমীয়া : চিৰস্থায়ী।
তড়িং : বিজুলী।
পৰিধি : সীমা।

প্রশ্নাবলী

ভাব-বিষয়ক ?

১। চমুকৈ উত্তৰ লিখা ?

(ক) দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল?
(খ) ইণ্টাৰনেট কি?
(গ) কুঁৱলীয়ে প্রথমে কালৈ ই-মেইল কৰিছিল?
(ঘ) পূজাৰ বন্ধত কুঁৱলীহঁতে ক’লৈ যােৱাৰ সিদ্ধান্ত লৈছিল?
(ঙ) ভাইৰাচ কি? ২। WWW বা রেব কি?

৩। কুঁৱলীয়ে ই-মেইলর জৰিয়তে বান্ধবীসকলৰ প্রৱা কি কি কথা হানিব পাৰিলে ?
৪। ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে?
৫। ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে?
৬। ইণ্টাৰনেটৰাে মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে।” কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা।
৭। ইন্টাৰনেটৰ তিতা-মিঠা’ গল্পটোৰ নামকৰণৰ সার্থকতা বিচাৰ কৰা।
৮। ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা।

ভাষা-বিষয়ক

৯। বাক্য ৰচনা কৰা ।
চিনাকি-অচিনাকি, অলীক-সপােন, নাকে-মুখে, পৰীক্ষা-নিৰীক্ষা।
১o। অর্থ লিখা (অভিধান চাই) :
ক্ষতি, বিজুতি, গুণাগঁথা, উদাস, পুঞ্জীভূত।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।