জিকিৰ lesson 2 class 10 Assamese Online textbook

জিকিৰ lesson 2 class 10 Assamese Online textbook

আজান ফকিৰ

ঘােষা :

ৰহমৰ গিৰিহঁত, তুমি আল্লা চাহাব ঐ
যদি কৰা দৰিয়াৰ পাৰ।।
চিন্তা হেৰা মােৰ মন আল্লাৰ নামত।
ভজো হেৰা মােৰ মন গুৰুৰে পাৰত ||
পানী মৰে পিয়াহত অগ্নি মৰে জাৰত।
খােদা ৰছুল লুকাই আছে মােমিনৰ আঁৰত।।
খােদা ৰছুল লুকাই আছে নকৰা বিচাৰ।
মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঞ্চাৰ।।
মক্কাৰ দুৱৰত চাহাব জীৱই মাৰে তালি।
যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি।।
মক্কাৰ দুৱাৰত চাহাৰ তিবেণীৰ ঘাট।
বেহাব নােৱাৰে তাত মায়াই ভেটে বাট।।
আচমানৰ কুটুব তৰা আদিমৰ জাত।
সজাত মইনা আছে ঘনে লগায় মাত।।
সজাৰ মইনাটিৰ অনেক যুগুতি।
দেও মাৰি পাৰ হ’লে এৰিলে পীৰিতি।।
দেও মাৰি পাৰ হৈ জীৱই আছে চাই।
চোৱা চোৱা জীৱসকল ভেলৰে বিলাই।।

কবি পৰিচয়

ইছলাম ধর্ম প্রচাৰ কৰিবলৈ বিদেশৰ পৰা অসমলৈ অহা ইছলাম ধৰ্মৰসকলৰ ভিতৰত আজান ফকীৰ অন্যতম। তেওঁ অসমলৈ আহে, কোনাে মতে আৰৰ দেশৰ পৰা আৰু কোনো মতে আজমীৰৰ পৰা। আজান ফকিবৰ অসম আগমনৰ সময় সম্পর্কে নানান তথ্য পােৱা যায়। আনুমানিক খ্রীষ্টীয় সপ্তদশ শতিকাৰ মাজ ভাগত গদাধৰ সিংহৰ শাসন কালত অসমলৈ অহা আজান ফকিৰে কম সময়ৰ ভিতৰতে অসমীয়া মাত-কথা সুন্দৰকৈ শিকি, জিকিৰ আৰু জাৰী গীত ৰচনা কৰে। তেওঁৰ আচল নাম হজৰত শাহ মিলন। জনশ্রুতি মতে আজান ফকিবেই পােনপ্ৰথম অসমত ‘আজান’ (আহান) দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকিৰ হয়।

‘আজান ফকিৰ জীৱন বৰ সংঘাতপূর্ণ আছিল। অসমলৈ আহি তেওঁ বিভিন্ন শাস্তিৰৰ সন্মুখীন হ’ব লগা হৈছিল। পিচত আহােম ৰজা গদাধৰ সিংহই তেওঁৰ মাহাত্ম্য বুজি পাই দিখৌমুখৰ সৰাগুৰি ঢাপৰিত মাটি বাৰী দি মছজিদ সজাই দিয়ে আৰু তাতে আজান ফকিৰে কুৰি ভকতৰ সৈতে ধর্ম চর্চা আৰম্ভ কৰে। তাতেই চাহাবৰ মৃত্যু হয়।

পাঠবােধ

অসমৰ বৈষ্ণৱ ধৰ্মৰ লগত আজান ফকিৰ চাহাবৰ প্রবর্তিত পন্থাৰ বহুতাে সাদৃশ্য দেখা যায়। অনেক জিকিৰত বৈষ্ণর সাহিত্য আৰু লােকগীতৰ প্রতিধ্বনি শুনা যায়।

এই গীতটিৰ ভাববস্তুৰ জৰিয়তে ধর্মবর্ণ নির্বিশেষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সমন্বয়ৰ ভাৰ গঢ়ি তুলিব পৰা যাব বুলি আশা কৰিয়েই গীতটি ইয়াত সন্নিবিষ্ট কৰা হৈছে। গীতটিৰ জৰিয়তে আল্লাৰ মাহাত্ম্যও প্রকাশ কৰা হৈছে। এই জগতত আমি মানুহবােৰ আচলতে কোন, আমাৰ স্থিতি কি, আমি কি কৰা উচিত, প্ৰকাৰন্তৰে তাকে ক’বলৈ বিচৰা হৈছে।

শব্দার্থ আৰু টোকা

  • আচমন – আকাশ।
  • আদম – আদি মানব, আল্লাৰ সৃষ্ট প্রথম মানুহ।
  • কুটুৱ – ধ্ৰুৱ নক্ষত্র।
  • তিৰবেণী – ত্রিবেণী। গংগা, যমুনা আৰু সৰস্বৰ্তীৰ সংগম স্কুল, পবিত্র ঠাই।
  • দৰিয়া – সাগৰ; নদী।
  • বেহাৰ – বেপাৰ কৰিব।
  • মােমিন – বিশ্বাসী, মুছলমান।
  • ৰচুল – দেৱদূত, ঈশ্বৰ প্ৰেৰিত পুৰুষ, আল্লাৰ দূত।
  • ৰহম – দয়া।
  • বান্দা – ভৃত্য।
  • সঞ্চাৰ – তলা; সঁচাৰ।
  • জিকিৰ – জিকিৰসমূহ সাৱলীল অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্মৰ তত্ত্ব, আদর্শ আৰু আচাৰনীতিৰ মৌলিক ভাব-চিন্তা প্রকাশক কিছু সংখ্যক ভক্তিমূলক গীত। অসমীয়া থলুৱা ভাষাৰ লগতে আৰবী-পাচী মূলৰ শব্দও জিকিৰত অন্তর্ভুক্ত হৈছে। আজান পীৰে এই জিকিৰসমূহ ৰচনা কৰিছিল বুলি জনা যায়। জিকিৰ শব্দটো আৰবী ‘জিক’ শব্দৰ অসমীয়া ৰূপ। ইয়াৰ অর্থ হ’ল ঘনে ঘনে উচ্চাৰণ কৰা। আল্লাৰ নাম বাৰম্বাৰ উচ্চাৰণ কৰি উপাসনাত আত্মনিয়ােগ কৰাটো ইছলাম ধৰ্মৰ এক প্রচলিত নীতি। যিবােৰ গীতত সঘনে পৰম কৰুণাময় আল্লাৰ প্রতি আনুগত্য প্রকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহাে প্রকাশ কৰা হৈছে—তাকে জিকিৰ বােলে। জিকিসমূহত ইছলাম ধৰ্মৰ মূল ভাবাদর্শ, কলিমাৰ মহত্ত্ব, ইহকাল আৰু পৰকালৰ কৰণীয় কর্তব্য, মানৱ জীৱনৰ ক্ষণস্থায়িত্ব, ব্যৱহাৰিক জীৱনৰ নানান উপাদেয় কথা ইত্যাদি প্রকাশ কৰা হৈছে। জিকিৰৰ দৰে জাৰী গীতসমূহাে অসমীয়া ইছলাম সমাজত বহুলভাবে প্রচলিত। আজান ফকিৰ ৰচিত ‘জিকিৰ আৰু জাৰী’ গীতসমূহত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ পৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰে। উজনি অসমত প্রচলিত বিভিন্ন লােকগীত যেনে–“টোকাৰী গীত’, ‘দেহবিচাৰৰ গীত ইত্যাদিৰ সুৰৰ সৈতে ‘জিকিৰ আৰু জাৰী’ গীতৰ সুৰৰ সাদৃশ্য মন কৰিবলগীয়া। অসমীয়া গীতি-সাহিত্যৰ ইতিহাসত ‘জিকিৰ আৰু জাৰী’ গীতসমূহ হ’ল নজহানপমা এক অমূল্য সম্পদ।

প্রশ্নাবলী

ভাব-বিষয়ক

১। চমু উত্তৰ দিয়া
(ক) জিকিৰৰ ৰচক কোন?
(খ) জিকিৰবােবক কিহৰ লগত তুলনা কৰিব পাৰি?
(গ) “জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে?

২। তলৰ শব্দবােৰৰ অৰ্থ লিখা ?
ৰছুল, মােমিন, ৰহম, কুটুব, বান্দা।
৩। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।
যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি।। – উল্লিখিত কবিতাফাকিৰ অন্তর্নিহিত ভাৱটি বিশ্লেষণ কৰা।

৪। ব্যাখ্যা কৰা ।

(ক) পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত।
খােদা ৰছুল লুকাই আছে, মােমিনৰ আঁৰত।।

(খ) মক্কাৰ দুৱাৰত চাহাব তিবেণীৰ ঘাট।
বেহাব নােৱাৰে তাত মায়াই ভেটে বাট।।

(গ) সজাৰ মইনাটিৰ অনেক যুগুতি।
দেও মাৰি পাৰ হ’লে এৰিলে পীৰিতি৷৷

ভাষা-বিষয়ক

১। সমার্থক শব্দ লিখা ?
চিন্তে, ঘাট, পীৰিতি, আচমান, দৰিয়া, পিয়াহ, বাট, ভেল।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।