পুথিভঁৰাল ৰচনা class 10 || library essay in assamese

পুথিভঁৰাল অসমীয়া ৰচনা class 10 assamese

আৰম্ভণি :

পুথিভঁৰাল মানেই সাধাৰণ অৰ্থত পুথি জমা কৰি ৰখা ঠাই বিশেষ। কিন্তু প্রকৃত অর্থত যি ঠাইত অধ্যয়নৰ বাবে কিতাপ-পত্ৰ আদি সংগ্রহ কৰি সংৰক্ষিতভারে জমা কৰি ৰখা হয় তাকেই পুথিভঁৰাল আখ্যা দিয়া হয়।

পুথিভঁৰালক গ্রন্থাগাৰ, পাঠাগাৰ, গ্রন্থালয়, পুস্তকালয় আৰু ইংৰাজীত লাইব্রেৰী আদিও বােলা হয়। পুথিভঁৰালত সকলাে ভাষাৰে সকলাে বিষয়েবে পুথি সংগৃহীত হ’ব পাৰে।

তাৰােপৰি ইয়াত সম্ভৱপৰ বিভিন্ন ভাষাৰ আলােচনী, বাতৰিকাকত আদিও অধ্যয়নৰ বাৰে ৰখা হয়।

প্রাচীন কালত কাগজ আৰু ছপাযন্ত্র আরিঙ্কত নােহােৱাৰ সময়ত পুথিভঁৰাল স্থাপন সম্ভৱ নাছিল। অৱশ্যে সাঁচিপাত, গছৰ পাত আদিত হাতেৰে লিখা দুই চাৰিখন গ্রই নিজাববীয়াকৈ সঞ্চিত আৰু সংৰক্ষিত কৰা হৈছিল।

খষ্টীয় প্রথম শতিকাতে ৰােমত প্রথম পুথিভঁৰাল প্রতিষ্ঠিত হােৱা বুলি জনা যায়। তাৰ পিছত কাগজ তৈয়াৰ হােৱাত আৰু ছপাযন্ত্র ওলােৱাত পুথিভঁৰালসমূহ স্থাপিত হ’বলৈ ধৰে।

পুথিভঁৰালৰ প্ৰকাৰ :

গঠন আৰু ব্যৱহাৰ অনুযায়ী পুথিভঁৰালক প্রধানকৈ দুই প্রকাৰত ভাগ কৰিব পাৰি —(ক) ৰাজহুৱা পুথিভঁৰাল আৰু (খ) ব্যক্তিগত বা ঘৰুৱা পুথিভঁৰাল।

(ক) ৰাজহুৱা পুথিভঁৰালঃ

এই পুথিভঁৰাল সমূহীয়াকৈ ৰাইজৰ দ্বাৰা অথবা অনুষ্ঠান প্রতিষ্ঠান, চৰকাৰ আদিয়ে ৰাইজৰ ব্যৱহাৰৰ বাবে প্রতিষ্ঠা কৰে।
বাজহুৱা পুথিভঁৰালকো এনেদৰে ভাগ কৰিব পাৰি –

(১) গাঁৱলীয়া পুথিভঁৰাল : এই পুথিভঁৰাল গাঁও তথা অঞ্চলৰ ৰাইজে অথবা সংঘ আদিয়ে আঞ্চলিক ৰাইজে ব্যৱহাৰ কৰিব পৰাকৈ দান-বৰঙণি তুলি, নাইবা চৰকাৰী আর্থিক সাহায্যত প্রতিষ্ঠা কৰে।

(২) মহকুমা, জিলা আৰু ৰাজ্যিক পুথিভঁৰাল : একোটা মহকুমাৰ সদৰ ঠাইত মহকুমা, জিলাৰ সদৰ ঠাইত জিলা আৰু ৰাজ্যৰ সদৰ ঠাইত ৰাজ্যিক পুথিভঁৰাল স্থাপন কৰে সম্পূর্ণ চৰকাৰী পৃষ্ঠপােষকতাত! এইবােৰ পৰিচালিত হয় চৰকাৰী কৰ্মচাৰীৰ দ্বাৰাই।

সকলাে ৰাইজেই নির্দিষ্ট নিয়ম-নীতিৰ মাজেৰে ইয়াৰ কিতাপ পঢ়াৰ সুবিধা লাভ কৰে।

(৩) বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় পুথিভঁৰাল : সংশ্লিষ্ট অনুষ্ঠানসমূহত এই পুথিভঁৰালসমূহ স্থাপিত হয়।

এনে পুথিভঁৰাল শিক্ষানুষ্ঠানৰ এটি অতি প্রয়ােজনীয় অংগ। এই পুথিভঁৰালৰ পৰা কেৱল সেই অনুষ্ঠানৰ লগত জড়িত ছাত্র-ছাত্রী, শিক্ষককর্মচাৰীয়েহে কিতাপ পঢ়াৰ সুবিধা লাভ কৰিব পাৰে। চৰকাৰী অনুদান আৰু বিভাগীয় অনুষ্ঠানৰ সহযােগত এই পুথিভঁৰালসমূহ গঢ় লৈ উঠে।

(৪) চলন্ত পুথিভঁৰালঃ এই পৃথিভঁৰাল চৰকাৰী সাহায্যতেই হওক বা নিজস্বভাৱেই হওক কোনো এক অনুষ্ঠানে যান-বাহনত এক ধৰণেৰে সংগ্ৰহ আৰু সংৰক্ষিত কৰি বিভিন্ন ঠাইত ঘূৰি ৰাইজক পুথি অধ্যয়নৰ সা-সুবিধা দিয়ে।

একো ঠাইত এসপ্তাহৰ পৰা শাহ পর্যন্ত থাকি এনে সুবিধা আগবঢ়ায়। তাৰ পিছত আন ঠাইলৈ গৈ সেই একে ধৰণেৰে বাইজলৈ সেবা আগবঢ়ায়।

(খ) ব্যক্তিগত ৰা ঘৰুৱা পুথিভঁৰাল :

এই পুথিভঁৰাল কোনাে ব্যক্তিয়ে কেৱল নিজৰ গৰণে অথবা নিজ পৰিয়ালৰ কাৰণে ঘৰতে স্থাপন কৰে। ৰাইজে ইয়াৰ পৰা কিতাপ-পত্ৰ ঢৰ সুবিধা পাব নােৱাৰে। সম্পূর্ণভাৱে নিজস্ব ধন খৰচ কৰি ইয়াক পতা হয়।

পুথিভঁৰাল পৰিচালনা : পুথিভঁৰালত পুথি সজোৱা, সংৰক্ষণ কৰা আৰু পঢ়ৱৈ সমাজক বিতৰণ কৰা আদি অনেক জানিবলগীয়া নিয়ম নীতি আছে।

এইবােৰ নাজানিলে হাজাৰ হাজাৰ পুথিৰ মাজৰ পৰা লাগ বুলিলেই লগা কিতাপখন মিনিটতে বাছি উলিযাব নােৱাৰিব; বয়স, শিক্ষা অনুপাতে পুথি পঢ়ুৱৈক দিব নােৱাৰির। আনকি সঠিকভাৱে সজাই সংৰক্ষিতও কৰিব নাজানিব।

এই উদ্দেশ্যেই বিশ্ববিদ্যালয়ত পুথিভঁৰাল বিজ্ঞান (Library Science) নামৰ এটি বিষয়ৰ শিক্ষণ দিয়া হয়। এই বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীধাৰী লােককহে মহাবিদ্যালয়, বিশ্ববিদ্যালয়, মহকুমা, জিলা আৰু ৰাজ্যিক পুথিভঁৰালসমূহত পৰিচালক হিচাপে নিযুক্তি দিয়া হয়।

উচ্চ আৰু উচ্চতৰ বিদ্যালয়সমূহৰৰ অনেকত প্রশিক্ষণপ্রাপ্ত লাইব্রেৰীয়ান আছে। বাকীবােৰ পুথিভঁৰাল অভিজ্ঞ ব্যক্তিৰ দ্বাৰা চলােৱা হয়।

পুথিসমূহ প্রতিজন পাঠকে বহীত নাম লিখি পঢ়াৰ সুবিধা থাকিলে পুথিভঁৰালতে এঘণ্টা, দুঘণ্টা পঢ়ি পুনৰ ফিৰাই দি দিয়ে। ঘৰলৈ নিব বিচাৰিলে চহী কৰি নি এসপ্তাহৰ ভিতৰত ঘূৰাই দিব লাগে।

পুথিভঁৰালৰ উপকাৰিতা : পুথিভঁৰাল স্থাপিত হয় একমাত্র অধ্যয়নৰ উদ্দেশ্যেই। জগতত অনেক মনীষী আছে, সাহিত্যিক আছে তেওঁলােকৰ ৰচিত সকলােবােৰ অথবা সকলােবােৰ নহ’লেও মনে বিচাৰ পুথিসমূহ নিজে কিনি পঢ়াটো কাৰাে পক্ষেই সম্ভৱ। নহয়।

পুথিভঁৰালত যথাসম্ভৱ ভালেমান পুথি সংগ্রহ আৰু সংৰক্ষিত কৰা হয়। পঢ়ুৱৈ সমাজে এই পুথিসমূহ এপইচাও খৰচ নকৰাকৈ পঢ়াৰ সুবিধা পায়। ইয়ে মানুহক পুথি অধ্যয়নৰ অভ্যাস গঢ়ি তােলে। ইয়াৰ ফলত নানা জ্ঞান আহৰণ কৰিব পৰা যায়।

পুথিভঁৰালৰ আন এটা ডাঙৰ উপকাৰ হ’ল দুখীয়া মেধাবী ছাত্র-ছাত্রীয়ে ইয়াৰ পৰা পাঠ্যক্রম অন্তর্গত বিষয়ৰ পুথি নির্দিষ্ট সময়ৰ বাবে নি পঢ়াৰ সুবিধা পায়।

আনহাতে গৱেষণাৰত ছাত্র-ছাত্রীয়েও কেৱল উপযুক্ত পুথিভঁৰালক নিৰ্ভৰ কৰিয়েই গৱেষণাত সুফল লাভ কৰিব পাৰে।

মুঠতে ছাত্র-ছাত্রীকে ভিতৰ কৰি গৱেষক পণ্ডিতসকলৰ বাবেও, লগতে অন্যান্য অধ্যয়নপ্রেমী লােকৰ বাবেও অতি আপুৰুগীয়া অনুষ্ঠান।

সামৰণি :

একোখন ভাল পুথি পঢ়া মানে একোজন ভাল মানুহৰ লগত কথা পতা। গতিকে পুথিভঁৰালৰ এই সকলাে সুবিধা সকলােৱে গ্ৰহণ কৰি নিজৰ জ্ঞানৰ ভাণ্ডাৰ পূৰ কৰিব লাগে।

পুথি অধ্যয়নৰ পৰা জ্ঞান লাভ হােৱাৰ উপৰিও পৰম আনন্দ লাভ কৰিব পাৰি। জ্ঞানী আৰু পণ্ডিত লােকৰ জিৰণিৰ সময় পুথি অধ্যয়ন।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।