মহুৱা বৰ্খাস্ত, আহি আছে চিবিআয়ো

মহুৱা বৰ্খাস্ত, আহি আছে চিবিআয়ো

তৃণমূল কংগ্ৰেছৰ অগ্নিবর্ষী সাংসদ মহুৱা মৈত্ৰক ‘কেছ ফৰ কুৱেৰী’ অর্থাৎ অর্থব বিনিময়ত সংসদত প্রশ্ন উত্থাপন কৰাৰ অভিযোগত লোকসভাৰ সাংসদ পদৰ পৰা বৰ্খাস্ত কৰা হৈছে।

লোকসভাত গ্ৰহণ কৰা এই সিদ্ধান্তৰ পাছতেই সদনৰ বাহিৰলৈ ওলাই আহি উগ্ৰমূৰ্তি ধাৰণ কৰে তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুৱা মৈত্রই। তেওঁ কয় – মোক সম্পূর্ণ বিধি উলংঘা কৰি বৰ্খাস্ত কৰা হৈছে। বস্ত্ৰহৰণৰ পৰ্ব শেষ হ’ল। 

এতিয়া কুৰুক্ষেত্ৰ আৰম্ভ হ’ব। উল্লেখ্য, সাংসদ মহুৱা মৈত্ৰই মুম্বাইৰ ব্যৱসায়ী দৰ্শন হীৰানন্দানিৰ পৰা ২ কোটি নগদ টকা, মূল্যবান উপহাৰ লোৱাৰ উপৰি লোকসভাৰ ৱেবছাইটৰ লগ-ইন-আইডি আৰু পাছৱৰ্ড ব্যৱসায়ীজনক ব্যৱহাৰ কৰিবলৈ দিয়াৰ অভিযোগ উত্থাপিত হৈছিল।

ইয়াৰে ২ কোটি টকা লোৱাৰ অভিযোগ প্রমাণিত হোৱা নাছিল। আনহাতে দৰ্শন হীৰানন্দানিক লোকসভাৰ ৱেবছাইটৰ আইডি আৰু পাছৱৰ্ড দিয়া বুলি স্বীকাৰ কৰিছিল তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীয়ে।

তেওঁ দাবী কৰা অনুসৰি লোকসভাৰ ৱেবছাইটত ব্যৱসায়ী দর্শন হীৰানন্দানিৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ দ্বাৰা সংসদত প্রশ্ন ‘টাইপ’ কৰাৰ বাবেহে তেওঁ আইডি আৰু পাছৱৰ্ড দিছিল। তেতিয়াও ‘অ’টিপি’ তেওঁৰ মোবাইললৈ আহিছিল।

অর্থাৎ ইচ্ছা কৰিলেই কোনেও তেওঁৰ লোকসভাৰ সাংসদে লাভ কৰা ৱেবছাইটৰ ‘প্ৰৱেশৰ সুবিধা লাভ কৰা নাছিল। তদুপৰি দৰ্শন হীৰানন্দানিয়ে তেওঁক এখন বিদেশী ব্ৰেণ্ডৰ স্কার্ফ জন্মদিনত আৰু ডুবাইৰ ডিউটি ফ্ৰি দোকানৰ পৰা নগন্য সংখ্যক প্রসাধন সামগ্ৰী দিয়া বুলিও মহুৱা মৈত্ৰই স্বীকাৰ কৰিছিল।

বন্ধুত্বৰ খাতিৰতে তেওঁক সেই সামান্য উপহাৰ দিছিল, যি উপহাৰৰ সৈতে লোকসভাৰ প্ৰশ্নৰ কোনো সম্পর্ক নাছিল। এই সন্দৰ্ভত লোকসভাৰ এথিক্স কমিটীয়ে অভিযোগকাৰী, অভিযুক্তৰ সাক্ষ্য গ্রহণ কৰাৰ পাছত মহুৱা মৈত্রক লোকসভাৰ গোপনীয়তা ভংগ আৰু দেশৰ নিৰাপত্তাৰ সৈতে আপোচ কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰি বৰ্খাস্ত পৰামৰ্শ আগবঢ়াইছিল।

আজি শুকুৰবাৰে লোকসভাৰ ৱেবছাইটৰ লগ ইন আইডিৰ পাছৱৰ্ড এজন ব্যৱসায়ীক ব্যৱহাৰৰ বাবে দিয়াৰ বাবে যি লোকসভাৰ নিৰাপত্তা ভংগৰ অভিযোগ উঠিছে, মহুৱাৰ মতে তাৰ কোনো বিধিয়েই নাই। সেই আইডি আৰু পাছৱৰ্ড আনৰ সৈতে ‘শ্বেয়াৰ’ কৰিব পৰা-নোৱাৰা সন্দৰ্ভত কোনো লিখিত বিধি লোকসভাত নথকা বুলি মহুৱা মৈত্ৰই দাবী কৰে।

সেই বিধি নথকা বিষয়ত তেওঁক নিয়ম উলংঘা কৰাৰ অপৰাধত কিদৰে বৰ্খাস্ত কৰিলে বুলিও তেওঁ প্ৰশ্ন কৰে। মহুৱাৰ মতে দুজন ‘ বেচৰকাৰী নাগৰিকৰ (প্রাইভেট চিটিজেন) সাক্ষ্যৰ ওপৰত ভিত্তি কৰি এথিক্স কমিটীয়ে যি প্ৰতিবেদন প্রস্তুত কৰিলে, সেয়া তেওঁক বৰ্খাস্ত কৰাৰ লক্ষ্য সন্মুখত লৈয়েই কৰা হ’ল।

আনহাতে তেওঁলোক তিনিওকে মুখামুখিকৈ এথিক্স কমিটীয়ে প্রশ্ন নকৰিলে। তেনে কৰা হ’লে প্রকৃত সত্য ওলাই আহিলহেঁতেন। তদুপৰি যিজন ব্যৱসায়ীৰ পৰা ধন আৰু উপঢৌকন লোৱা বুলি অভিযোগ উঠিছিল, সেই দর্শন হীৰানন্দানিৰ সাক্ষ্য এথিক্স কমিটীয়ে গ্ৰহণ নকৰিলে।

ইয়াৰ বিপৰীতে তেওঁৰ পৰা দাবী-ধমকি দি মহুৱা মৈত্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সত্য বুলি কেইখনমান পত্ৰহে অনা হ’ল। তেওঁ কয় —— মোৰ মুখ বন্ধ কৰিবলৈ চৰম অন্যায় কৰা হ’ল। মোৰ বয়স এতিয়া ৪৯ বছৰ। অহা ৩০ বছৰ মই সংসদৰ বাহিৰে ভিতৰে যুঁজিম।’

সাংসদ পদ খাৰিজ হোৱাৰ লগে লগে মহুৱা মৈত্ৰৰ ওপৰত চি বি আই জপিয়াই পৰিব বুলি স্বয়ং বিতাড়িত সাংসদগৰাকীয়েই মুকলিকৈ আশংকা প্রকাশ কৰিছে। উল্লেখ্য, যোৱা ২৬ নৱেম্বৰত চি বি আয়ে লোকপালৰ পৰামৰ্শৰ ভিত্তিত লোকসভাৰ গোপনীয়তা ভংগ আৰু দেশৰ নিৰাপত্তাৰ সৈতে আপোচ কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰি বৰ্খাস্ত কৰাৰ পৰামৰ্শ আগবঢ়াইছিল।

আজি শুকুৰবাৰে লোকসভাত এথিক্স কমিটীৰ প্ৰতিবেদনক লৈ আলোচনা হয়। আৰু কমিটীয়ে আগবঢ়োৱা বৰ্খাস্তৰ পৰামৰ্শ ধ্বনিভোটত গৃহীত হয়। লোকসভাৰ অধ্যক্ষ ওম বিলাই এই সন্দৰ্ভত ঘোষণা কৰি কয়—‘সদনে কমিটীয়ে আগবঢ়োৱা সিদ্ধান্ত গ্ৰহণ কৰিছে।

কমিটীৰ মতে সাংসদ মহুৱা মৈত্ৰৰ কাৰ্যকাল অনৈতিক আৰু অশালীন। সেয়ে তেওঁ সাংসদ হিচাপে কাৰ্য নির্বাহ কৰাৰ বাবে উপযুক্ত নহয়। উল্লেখ্য, এথিক্স কমিটীয়ে মহুৱা মৈত্ৰৰ সন্দৰ্ভত প্ৰস্তুত কৰা ৫০০ পৃষ্ঠাৰ প্ৰতিবেদন সংসদত বিস্তৃতভাৱে আলোচনা কৰা নহ’ল।

আনকি অভিযুক্ত সাংসদগৰাকীক আত্মপক্ষ সমর্থনৰো সুযোগ দিয়া নহ’ল। সদনত এই সন্দৰ্ভত নিচেই কম সময়ৰ বাবে আলোচনা হয় আৰু তৃণমূল কংগ্ৰেছ তথা আন বিৰোধী দলে অভিযোগ সন্দৰ্ভত বিস্তৃত আলোচনাৰ দাবী কৰাৰ লগতে অভিযুক্তক বক্তব্য প্ৰদানৰ সুযোগ দিব লাগে বুলিও দাবী কৰে।

পিছে অধ্যক্ষ ওম বিৰলাই ২০০৫ চনত ১০জন সাংসদক বৰ্খাস্ত কৰাৰ উদাহৰণ দাঙি ধৰি সেই দাবী নাকচ কৰে। স্মর্তব্য, ২০০৫ চনত নগদ ধনৰ বিনিময়ত সংসদত প্রশ্ন কৰাৰ অভিযোগত যি ১০ জন সাংসদক বৰ্খাস্ত কৰা হৈছিল, তাৰে ৬ জন আছিল বিজেপিৰ সাংসদ।

আজি সংসদত অধ্যক্ষ ওম বিৰলাই সেই উদাহৰণ দাঙি ধৰি বিৰোধীৰ দাবী নাকচ কৰাত তৃণমূলকে ধৰি বিৰোধী দলৰ সাংসদে সংসদ ত্যাগ কৰে। ফলত সংখ্যাগৰিষ্ঠ শাসনাধিষ্ঠিত দলৰ সদস্যৰ ধ্বনিভোট বিনাবাধাই গৃহীত হয়।

সদনৰ ভিতৰত আত্মপক্ষ সমর্থনৰ সুযোগ নাপালেও বৰ্খাস্ত হোৱাৰ পাছত বাহিৰলৈ ওলাই আহিয়েই বিস্ফোৰক চি বি আই জপিয়াই পৰিব বুলি স্বয়ং বিতাড়িত সাংসদগৰাকীয়েই মুকলিকৈ আশংকা প্রকাশ কৰিছে। উল্লেখ্য, যোৱা ২৬ নৱেম্বৰত চি বি আয়ে লোকপালৰ পৰামৰ্শৰ ভিত্তিত মহুৱা মৈত্ৰৰ ২ কোটি টকা উৎকোচ লোৱাৰ অভিযোগৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।

বিজেপিৰ সাংসদ নিশিকান্ত ডুবে আৰু অধিবক্তা জয় অনন্ত ডেহাদ্রায়ে লোকপালত মহুৱাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছিল। জনপ্ৰতিনিধিৰ দুৰ্নীতিৰ অভিযোগৰ তদন্ত কৰা লোকপালে মহুৱাৰ অভিযোগ চিবিআইৰ দ্বাৰা তদন্ত কৰিব লাগে বুলি কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ ওপৰত অৰ্পণ কৰিছিল।

লোকপালৰ পৰামৰ্শৰ ভিত্তিত গোচৰ তৰা চিবিআয়ে মহুৱা মৈত্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

ধাৰণা কৰা হৈছে, এতিয়া চি বি আয়ে মহুৱা মৈত্রক এই গোচৰত অচিৰেই জেৰা আৰম্ভ কৰিব। সাংসদ হিচাপে থকা বিশেষাধিকাৰ আজিৰ পৰা লুপ্ত হোৱাত এতিয়া মহুৱা মৈত্রক চিবিআয়ে চৰম হাৰাশাস্তি কৰাৰ সুযোগ লাভ কৰিছে।

যোৱা ১৫ অক্টোবৰত বিজেপিৰ ঝাৰখণ্ডৰ গোড্ডাৰ সাংসদ নিশিকান্ত ডুবেই মহুৱা মৈত্ৰৰ বিৰুদ্ধে ‘কেছ ফ ৱেৰি’ৰ অভিযোগ উত্থাপন কৰিছিল।

একেই অভিযোগ উত্থাপন কৰিছিল জয় অনন্ত ডেহাদ্ৰাই নামৰ এজন অধিবক্তাই। জয় অনন্ত কিছুদিন আগলৈকে মহুৱা মৈত্ৰৰ সংগী আছিল। পাছত দুয়োৰে সম্পৰ্কত ফাঁট মেলে। নিশিকান্ত ডুবেৰ অভিযোগৰ ভিত্তিত লোকসভাৰ অধ্যক্ষই তদন্তৰ দায়িত্ব এথিক্স কমিটীক অৰ্পণ কৰে।

অভিযোগ মতে ব্যৱসায়িক প্রতিদ্বন্দ্বিতাৰ বাবে আদানি গোষ্ঠীৰ বিৰুদ্ধে দৰ্শন হীৰানন্দানিয়ে কেতবোৰ প্ৰশ্ন কৰিছিল, যি প্রশ্ন তেওঁ মহুৱা মৈত্ৰৰ হৈ লোকসভাৰ ৱেবছাইটত লিখি দিছিল।

আদানি গোষ্ঠীৰ সৈতে প্ৰধানমন্ত্রী মোদীৰ নাম জড়িত কৰি মহুৰা মৈত্ৰই দৰ্শন হীৰানন্দানিৰ সৈতে লগ লাগি প্রধানমন্ত্ৰীৰ মৰ্যাদা লোপ কৰাৰ চেষ্টা চলাইছিল বুলি অভিযোগ উঠিছিল। এথিক্স কমিটীয়ে নিশিকান্ত ডুবে, জয় অনন্ত আৰু মহুৱাৰ পৃথকে সাক্ষ্য লৈ ৫০০ পৃষ্ঠাৰ প্ৰতিবেদন প্রস্তুত কৰি তেওঁক বৰ্খাস্তৰ পৰামৰ্শ আগবঢ়ায়।

এথিক্স কমিটীৰ মতে, সাংসদ হিচাপে বিধিভংগ কৰি মহুৱা মৈত্ৰই দেশৰ নিৰাপত্তাৰ সৈতে আপোচ কৰিছে। 

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।