পাৰস্যত এভুমুকি lesson 12 class 10 assamese Online textbook

পাৰস্যত এভুমুকি lesson 12 class 10 assamese Online textbook

ৰথীন্দ্রনাথ গোস্বামী

পাৰস্য উপসাগৰত অৱস্থিত আমাৰ ৰিগটোৰ পৰা আহি বৰ নগৰী বুশ্বেৰত অৱতৰণ কৰোঁতে প্রায় দুই বাজিছিল। হেলিকপ্টাৰৰ দুৱাৰ খােলাৰ লগে লগে ভমককৈ এছাটি গৰম বতাহ সােমাই আহিল।

বুজিবলৈ বাকী নাথাকিল যে বুশ্বেৰৰ তাপমাত্রা চল্লিছ ডিগ্রী ছেণ্টিগ্রেডৰ ওপৰত আছে।

এই প্রচণ্ড গৰমত নৱেৰ ওচৰত ৰৈ থাকিব নােৱাৰি। নিজ নিজ বেগ চমজি লৈ আমি তিনিজন— মই, মেহদি আৰু ঘাছেম বিমান বন্দৰৰ মূল ভৱনটোৰফালে আগবাঢ়িলোঁ।

বুশ্বেৰৰ বিমান বন্দৰটো বেছি ব্যস্ত নহয়। অৱশ্যে ইয়াৰ এটা বিশেষ গুৰুত্ব আছে।

ই ইৰাণৰ এটা সামৰিক ঘাটি। তাতে বুশ্বেৰত এটা নিউক্লীয় ৰিয়েক্টৰ আছে বুলিও শুনিছোঁ।

মেহদি আৰু ঘাছেম দুয়ােজন ইৰাণী যুৱক, থাকে তৈলনগৰী আহৱাজত; বুশ্বেৰৰ পৰা প্ৰায় দুঘণ্টা দুৰৈত ইৰাক সীমান্তৰ ফালে। তেওঁলােকৰ বাবে এই যাত্রা হঠাতে হােৱা।

ৰুটিন মতে তেওঁলােক দুদিন পাছতহে আহিলহেঁতেন। কিন্তু হঠাতে এটা বিশেষ আলােচনাৰ বাবে মই টেহৰাণলৈ যাব লগা হােৱাত হেলিকপ্টাৰ মাতিব লগা হ’ল।

তেওঁলােকৰ কাম প্রায় সম্পূর্ণ হৈছিল, সেয়ে তেওঁলােককো ওলাবলৈ কলোঁ। দুয়াে ‘জিঅ’লগ নামৰ ইটালিয়ান কোম্পানিটোৰ মাডলগাৰ।
তেলৰ বাবে চলােৱা খনন কার্যত ‘মাডলগিং’ আহিলাসমূহৰ গুৰুত্বপূর্ণ ভূমিকা আছে।

এইবােৰৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যই এখন নতুন তৈলক্ষেত্র আৱিষ্কাৰত আৰু কোনাে বিপজ্জনক পৰিস্থিতি নােহােৱাকৈ খনন চলােৱাত সহায় কৰিব পাৰে।

ভূতত্ববিদৰ বাবে ই এবিধ গুৰুত্বপূৰ্ণ সঁজুলি। মাডলগিং ইউনিটটোৰ পৰা প্ৰেৰণ কৰা তথ্য দেখিয়েই আমি বহুতাে সিদ্ধান্তত উপনীত হ’ব পাৰোঁ, খননত হ’ব পৰা সম্ভাব্য বিপদ সম্পর্কে ভৱিষ্যতবাণী কৰিব পাৰোঁ, আটাইতকৈ ডাঙৰ কথা সেই সৰু গৱেষণাগাৰটোত বহিয়েই পােন প্রথমে মই জানিবলৈ পাওঁ তেল পামনে নাপাম।

বিমানবন্দৰৰ আগমন ভৱনলৈ সােমাই যাওঁতে জানিব পাৰিলোঁ যে মেহদিহঁতৰ বাবে গাড়ী আs ৰৈ আছে।

মই আশা কৰা মতে মােৰ সহকর্মী ভেংকি (ভেংকটৰমণী) ৰৈ আছিল। তেওঁ বুশ্বেৰত থাকে ইয়াৰপৰ তেওঁ বিগলৈ যাব লগা হেলিকপ্টাৰ আৰু সামগ্রী যােগানকাৰী জাহাজৰ তদাৰক ক ভেংকিয়ে মােক জনালে যে অলপ সময় আমি বিমান বন্দৰতে ৰৈ আবুজাৰৰ অপেক্ষা কৰিম।

আবুজার আমাৰ ট্ৰেভেল এজেন্ট। তেওঁ গৈছে মােৰ টেহৰাণ যাত্ৰাৰ টিকট কিনিবলৈ। বিমানৰ বাবে দহঘণ্টামান সময় আছে।

বিমান বন্দৰটোত মই, আবুজাৰৰ সহযােগী হুছেইন আৰু নিৰাপত্তা ৰক্ষী কেইজনৰ বাড়ে কোনাে মানুহ নাই।

ভেংকিয়ে নিৰাপত্তাৰক্ষী কেইজনৰ সৈতে কথা-বতৰা আৰম্ভ কৰিলে। হুছেইনে ফার্চীৰ পৰা ইংৰাজীলৈ আৰু ইংৰাজীৰ পৰা ফার্চীলৈ অনুবাদ কৰি বাৰ্তালাপত সহায় কৰিলে।

মােৰ এই কমদিনৰ অভিজ্ঞতাৰ পৰা এটা কথা বুজিব পাৰিছোঁ যে ইৰাণীসকল যথেষ্ট নম্ৰ। তেওঁলােকে সুন্দৰ সম্ভাষণেৰে বাৰ্তালাপ কৰে, উচ্চস্বৰত কথা নকয় আৰু কথা বতৰাত বিনয়ী স্বভাৱৰ প্ৰতিফলন, ঘটে।

তেওঁলােকে যে এটা ঐতিহ্যময় সভ্যতাৰ শিখা কঢ়িয়াই আনিছে তাৰ পৰিচয় পােৱা যায় তেওঁলােকৰ আচাৰ-ব্যৱহাৰ, বার্তালাপ আদিত।

এঘণ্টামানৰ পাছত ফোঁপাই জোপাই আবুজাৰ ওলালহি। নিৰাপত্তাৰক্ষী কেইজনৰ পৰা বিদায় লৈ আমি দুয়াে আবুজাৰৰ পিক আপ ভেনখনত উঠিলোঁ।

তেনেতে ভেংকিয়ে ক’লে-“থীন, এয়া আমাৰ “আগা আবুজাৰ”। ভেংকিয়ে দুই এটা ফার্চীশব্দ ক’বলৈ শিকিছে।

আগা’ শব্দটো শ্ৰীযুতৰ সমার্থক সন্মানীয় শব্দ। গাড়ীৰ খিৰিকী বন্ধ কৰি আবুজাৰে এয়াৰ কণ্ডিশ্যনাৰ চলাই দিলে।

এখন অচিনাকি চহৰৰ মাজেদি যাত্রা কৰোঁতে মই অজান পুলক অনুভৱ কৰিলোঁ। তেল অন্বেষণ মােৰ বৃত্তি নােহােৱা হ’লে আন বহুতৰে দৰে বুশ্বেৰ চহৰ মােৰ বাবে অপৰিচিত হৈয়ে থাকিলহেঁতেন।

বুশ্বেৰ চহৰৰ কোনােবা এঠাইত পাৰমাণৱিক গৱেষণা চলি আছে।

আমাৰ ডাটা ইঞ্জিনিয়াৰ জাভাদেও মােক কৈছিল যে বুশ্বেৰত এটা ৰিয়েক্টৰ আছে। সেয়ে যেতিয়াই মই হেলিকপ্টাৰেৰে বুশ্বেৰলৈ অহা যােৱা কৰোঁ প্রতিবাৰতে গােলাকৃতিৰ স্থাপত্যটোৱে মােক কৌতুহলী কৰি তােলে।

তাৰ মানে তাতেই চলি আছে পাৰমাণৱিক গৱেষণা। এটা কথা ঠিক যে ইৰাণৰ পাৰমাণৱিক কার্যসূচীৰ মূল কেন্দ্র হৈছে। উত্তৰ দিশত অৱস্থিত নাটাঞ্জৰ ভূগৰ্ভত থকা প্রকল্প।

বুশ্বেৰ সৰু চহৰ। কিন্তু ৰাস্তা, চহৰৰ পৰিকল্পনা দেখিলে কোনেও নক’ব ই এখন সৰু চহৰ। চাৰিটা লেনৰ ৰাস্তা, মাজত ডিভাইডাৰ যথেষ্ট চাফা।

নগৰ পৰিকল্পনাই যে বুৰে চহৰখনত গুৰুত্ব লাভ কৰিছে সেয়া মই আকাশমার্গৰ পৰাই বুজিব পাৰিছিলোঁ। প্ৰতিটো ঘৰ দেৱালেৰে ঘেৰা।

প্রৱেশদ্বাৰত এখন মজবুত লােহাৰ গেট। আৱাসিক অঞ্চলৰ ঘৰবােৰ দুই বা তিনিমহলীয়া। খুব বেছি ভিৰ নাই।

ভেংকিয়ে ক’লে—“এয়া আমি চহৰৰ সম্রান্ত এলেকা নুৰ হুছেইন টিত প্ৰৱেশ কৰিছে আৰু এই টিতে মি. ভেংকটৰমণী থাকে।” ভেংকিৰ কথা কোৱাৰ ষ্টাইল দেখি আবুজাৰে হাঁহিলে।

আমাক নমাই থৈ আবুজাৰ গ’লগৈ। যাওঁতে তেওঁ কৈ গ’ল ৰাতি আপােনাক এয়াৰ পৰ্টত থৈ
আহিম।”
“খেলে মামনুন”—ভেংকিয়ে ক’লে।

ময়াে ক’লাে-মেৰচি’। ফার্চ। ভাষাত মামনুন, খেলে মামনুন, মেৰচি আদি শব্দেৰে ধন্যবাদ জ্ঞাপন কৰা হয়।
ভেংকিৰ ঘৰৰ সন্মুখত ৰৈ ভিতৰফালে চাবলৈ চেষ্টা কৰিলোঁ, একো দেখা নাপালোঁ। গেটখনত কোনােধৰণৰ বিন্ধা এটাও নাই।

জেপৰপৰা চাবি উলিয়াই তেওঁ গেট খুলিলে। ওপৰ মহলাত থকা তেওঁৰ ঘৰৰ ভিতৰত সােমাই তেওঁ লৰালৰিকৈ এয়াৰ কণ্ডিশ্যনাৰ অন কৰি দিলে।

এছিৰ ঠাণ্ডাৰতাহ পাইহে ভাল লাগিল, আৰামী ছফাত বহি গাটো এৰি দিলাে।

ইতিমধ্যে ভেংকি ব্যস্ত হৈ পৰিল দুপৰীয়াৰ খাদ্য প্রস্তুত কৰাত। আবেলি আমি খােজ কাঢ়ি ওলাই গ’লাে। চহৰখনৰ উপৰিও মােৰ অন্য এক আকর্ষণ হ’ল ইৰাণৰ মানুহবোেৰ।

ইৰাণীসকলৰ চেহেৰা যথেষ্ট ধুনীয়া, সাজ পােছাক আধুনিক। চহৰ ভ্ৰমণ কৰোঁতে বহুতাে ইৰাণী মহিলা দেখিবলৈ পালোঁ। মন কৰিলোঁ যে সকলােৱে বােখা নিপিন্ধে।

আধাতকৈ বেছিয়ে বিশেষকৈ যুৱতীবােৰে টি ছার্ট, জিনছ, কেডছ আদি পিন্ধিছে, মাথােন একোখন স্কার্ফেৰে মূৰটো ঢাকি লৈছে। ভেংকিয়ে মােক ক’লে সেইখনৰ নাম হিজাব।

চহৰখন সৰু যদিও গাড়ী যথেষ্ট, নহ’ব কিয়। চাৰি টকীয়া পেট্রল পালে কোনেনাে গাড়ী নচলাব! আমেৰিকাৰ দৰে ইয়াতাে গাড়ীৰ চালকজন বাওঁফালে বহি গাড়ী চলায়, যিটো আমাৰ নিয়মৰ সম্পূর্ণ ওলােটা।

খােজ কাঢ়ি কাঢ়ি আমি চহৰখনৰ মূল স্থানৰ মাজেদি পাক মাৰিলোঁ। আজি শুক্রবাৰ, সেয়ে আমাৰ দেশৰ দেওবাৰৰ দৰে পৰিৱেশ।

তাৰ মাজতাে দুই এখন দৈনন্দিন প্রয়ােজনীয় দোকান খােলা আছিল। ফলমূলৰ দোকানত দেখিলোঁ ৰঙা চেৰিৰপৰা আৰম্ভ কৰি তৰমুজলৈকে বিভিন্ন ফলমূল সজাই থােৱা

পাহই ভাল লাগল, আৰাম ছফাত বাই গাটো এৰি দিলো। ইতিমধ্যে ভেংকি ব্যস্ত হৈ পৰিল দুপৰীয়াৰ খাদ্য প্রস্তুত কৰাত।

আবেলি আমি খােজ কাঢ়ি ওলাই গ’লাে। চহৰখনৰ উপৰিও মােৰ অন্য এক আকর্ষণ হ’ল ইৰাণৰ মানুহবোেৰ।

ইৰাণীসকলৰ চেহেৰা যথেষ্ট ধুনীয়া, সাজ পােছাক আধুনিক। চহৰ ভ্ৰমণ কৰোঁতে বহুতাে ইৰাণী মহিলা দেখিবলৈ পালোঁ। মন কৰিলোঁ যে সকলােৱে বােখা নিপিন্ধে।

আধাতকৈ বেছিয়ে বিশেষকৈ যুৱতীবােৰে টি ছার্ট, জিনছ, কেডছ আদি পিন্ধিছে, মাথােন একোখন স্কার্ফেৰে মূৰটো ঢাকি লৈছে। ভেংকিয়ে মােক ক’লে সেইখনৰ নাম হিজাব।

চহৰখন সৰু যদিও গাড়ী যথেষ্ট, নহ’ব কিয়। চাৰি টকীয়া পেট্রল পালে কোনেনাে গাড়ী নচলাব! আমেৰিকাৰ দৰে ইয়াতাে গাড়ীৰ চালকজন বাওঁফালে বহি গাড়ী চলায়, যিটো আমাৰ নিয়মৰ সম্পূর্ণ ওলােটা।

খােজ কাঢ়ি কাঢ়ি আমি চহৰখনৰ মূল স্থানৰ মাজেদি পাক মাৰিলোঁ। আজি শুক্রবাৰ, সেয়ে আমাৰ দেশৰ দেওবাৰৰ দৰে পৰিৱেশ।

তাৰ মাজতাে দুই এখন দৈনন্দিন প্রয়ােজনীয় দোকান ভােলা আছিল। ফলমূলৰ দোকানত দেখিলোঁ ৰঙা চেৰিৰপৰা আৰম্ভ কৰি তৰমূজলৈকে বিভিন্ন ফলমূল সজাই থােৱা আছে। এঠাইত দেখিলোঁ এজন মানুহে ডেৰফুটমান দীঘল এখন ৰুটী কঢ়িয়াই লৈ গৈছে।

মই ৰুটীখনৰ আকৃতি দেখি আচৰিত হােৱা বুলি জানি ভেংকিয়ে মােক বুজাই দিলে যে এয়া মেছিনত তৈয়াৰী ৰুটী বা নুন (হিন্দীত নান)।

আমাৰ দেশত যিদৰে ব্রেড বা পাউৰুটী বিক্রী হয় সেইদৰে ইয়াত এই নুন অতি জনপ্রিয়। এইবােৰ সাধাৰণতে ঘৰত তৈয়াৰ নকৰে, মানুহে দোকানৰ পৰা কিনি খায়।
এইবােৰ শুকান আৰু লেকেটা। নিশ্চয় তেওঁলােকৰ খােৱাৰ বিশেষ নিয়ম আছে। মই মন কৰিছিলোঁ আমাৰ লগৰ ইৰাণী কর্মচাৰী কেইজনেও যথেষ্ট শুকানকৈ আহাৰ খায়।

বহুত ঠাইত পদপথত সেউজীয়া ৰঙৰ বাকচ এবিধ দেখিলোঁ, ভেংকিয়ে ক’লে সেইবােৰ দানপার। চৰকাৰী পৃষ্ঠপােষকতাত এইবােৰ স্থাপন কৰা হৈছে।

বুশ্বেৰৰ খেজুৰ বিখ্যাত। মিঠা আৰু সতেজ। পকা খেজুৰৰপৰা যিদৰে ৰস ওলায়, নাজানিলে ধাৰণা হ’ব যেন কোনােবাই ৰস ঢালি আনিছে।

সেইদিনা, মােৰ ইৰাণী বন্ধু আহমেদে আহৱাজৰপৰা মােৰ বাবে খেজুৰৰ পৰঠা (নুন কুমাই) লৈ আহিছিল। মাজত খেজুৰ সুমুৱাই তৈয়াৰ কৰা এবিধ বিশেষ ৰুটী।

এনেকুৱা এখন কুমাই খালে ভাত খােৱাৰ দৰে হয়।

দোকানৰ ছাইনব’ৰ্ডবােৰ ফাৰ্চী ভাষাত লিখা। বহুতাে ঠাইত চকলেটৰ দোকান দেখিলোঁ। অনুমান কৰিবলৈ টান নহ’ল যে ইয়াত চকলেট জনপ্রিয়।

নানা তৰহৰ চকলেটেৰে দোকান ভর্তি হৈ আছে। এঠাইত দেখিলোঁ ছাইবাৰ কাফেত বহি বহুত যুৱতীয়ে ইন্টাৰনেট ছাৰ্কিং কৰিছে।

ঘৰলৈ ঘূৰি আহি ভেংকি ব্যস্ত হৈ পৰিল নিশাৰ আহাৰ তৈয়াৰ কৰাত। তেওঁ সুন্দৰ ৰছম ৰান্ধিব পাৰে। কেতিয়াও সপােনতাে নভবা এখন অচিন নগৰীত বহি আমি দুয়াে ভাৰতীয়ই দক্ষিণ ভাৰতীয় আহাৰ অতি তৃপ্তিৰে খালোঁ।

দহ বজাৰ লগে লগে আমি গেটৰ ওচৰলৈ ওলাই গ’লাে। আবুজাৰে গাড়ী পঠাই দিছে মােক বিমান বন্দৰত নমাই থৈ আহিবৰ বাবে।

খন্তেক পাছতে আবুজাৰ আহি ওলালহি; তেওঁ মটৰ ছাইকেলত আহিছে। তেৱো বিমান বন্দৰলৈ যাব মােক বিদায় জনাবৰ বাবে। মই গাড়ীত আৰু আবুজাৰৰ সৈতে ভেংকি মটৰ চাইকেলত।

প্রায় এঘণ্টা পলমকৈ বিমানে যাত্ৰা আৰম্ভ কৰিলে। দুঘণ্টাৰ পাছতে মই টেহৰাণত অৱতৰণ কৰিম। ইৰাণ বুলিলে মােৰ মনলৈ কিছুমান ছবি ভাঁহি আহে।

সৰুকালত পাঠ্যপুথি বা আনবােৰ কিতাপত অতীজৰেপৰা পাৰস্যৰ সৈতে আমাৰ দেশৰ বাণিজ্যিক সম্পর্ক থকাৰ বিষয়ে পঢ়িবলৈ পাইছিলোঁ।

সেইবােৰে মােৰ মানসপটত নাও বাই অহা কিছুমান সদাগৰৰ ছবিৰ সৃষ্টি কৰিছিল।

পাৰস্যৰ এটা কথাই মােক সদাই আকর্ষণ কৰিছিল। সেয়া হ’ল অসমীয়া ভাষাত ব্যৱহাৰ হােৱা ফার্সী ভাষাৰ শব্দবােৰ।

কেইবা শতিকা ধৰি কিছুমান ব্যক্তিয়ে সুদূৰ পাৰস্যৰ পাৰৰ পৰা আনি ভাৰতৰ উত্তৰ পূবৰ দিশত এই শব্দবােৰ বিলাই দিছিল।

আমি নজনাকৈয়ে এই শব্দবােৰে আমাৰ ভাষা চহকী কৰি আহিছে। এতিয়া কেঁচী, দোৱাত, চিয়াঁহী, চিচা-এইবােৰ শব্দ আমাৰ বাবে হাড়ে হিমজুৱে অসমীয়া শব্দ।

ইৰাণ মানৱসভ্যতাৰ প্রাচীন ইতিহাসৰধ্বজাবাহক। প্রত্নতাত্ত্বিক, ঐতিহাসিক, সাংস্কৃতিক আৰুকীর্তিস্তম্ভ যােগেদি ইৰাণৰ প্রাচীন সভ্যতা আজিও সজীৱ হৈ আছে।

প্রায় চাৰি হাজাৰ বছৰ পূর্বে ইৰাণলৈ আর্যগােষ্ঠীৰ লােকসকল আহি বসবাস কৰিবলৈ লৈছিল। খ্রীষ্টপূর্ব ছয় শতিকামান পূর্বে বিখ্যাত ৰজা ছাইৰাছে উত্তৰ ইৰাণৰ ‘মেডেছ’সকলক পৰাস্ত কৰি ইৰাণবাসীক একগােট কৰিছিল।

খ্রীষ্টপূর্ব ৫২৯ ত ছাইৰাছৰ মৃত্যু হােৱাত নতুন ৰজা দৰিয়াছে সাম্রাজ্য প্রসাৰৰ প্রয়াস কৰিছিল। পৰৱৰ্তী কালত (চতুর্থ শতিকাত) আলেকজেণ্ডাৰৰ আগমনে ছাইৰাজৰ পাৰ্ছেপলিছ (Persepolis) সাম্রাজ্যৰ পতন ঘটাইছিল।

খ্রীষ্টপূর্ব দ্বিতীয় শতিকালৈকে চলা গ্রীক শাসনৰ পাছত পার্থিয়ানসকলে ইৰাণৰ শাসনভাৰ লৈছিল।

তেওঁলােকৰ শাসন কালত জোৰাষ্ট্রিয়ান ধর্মই ৰাজধর্ম হিচাপে স্বীকৃতি লাভ কৰিছিল। ৩৫০ বছৰীয়া পার্থিয়ান শাসনৰ পাছত ছাজানিদসকলে চাৰিটা শতিকা ইৰাণ শাসন কৰিছিল।

তাৰ পাছতে আৰৱসকলৰ আগমনে ইৰাণৰ ইতিহাস সলনি কৰি দিছিল। আৰৱসকলে ইৰাণলৈ ইছলাম ধৰ্মৰ আগমন ঘটাইছিল আৰু কিছুকাল পাছত ইছলামক ইৰাণৰ মুখ্য ধর্ম হিচাপে স্বীকৃতি দিয়া হৈছিল।

কেইবাশতিকা জুৰি চলা আৰব শাসনৰ পৰৱৰ্তী কালত বহুতাে বিদেশী শক্তিৰ আক্ৰমণত ইৰাণ বিধ্বস্ত হৈ পৰিল।

ছাফাভিদ বংশৰ শাসন কালত ইৰাণে পূৰ্বৰ খ্যাতি কিছু পৰিমাণে ঘূৰাই পাবলৈ সক্ষম হৈছিল। স্থাপত্যৰ প্ৰতি শাহ আব্বাছ (প্রথম) ৰ বিশেষ অনুৰাগ আছিল।

তেওঁৰ দিনত ইছলাম ধৰ্মৰ ছিয়া সম্প্রদায়ে ৰাজধৰ্মৰ খিতাপ লাভ কৰিছিল। পৰৱর্তীকালত আফগানসকলৰ আক্ৰমণৰ বাবে ছাফাভিদ ৰাজত্বৰ পতন ঘটে।

ইৰাণৰ শাসকসকলৰ কথা আলােচনা কৰিলে মনলৈ ভাঁহি অহা শাসকজন হ’ল নাদিৰ শ্বহ। তেওঁ বেছিদিন ৰাজত্ব কৰা নাছিল (১৭৩৭-৪৭)।

কিন্তু তেওঁৰ ৰাজত্বই আমাৰ দেশত বিভীষিকাৰ সৃষ্টি কৰিছিল। তেওঁ আফগানিস্তানৰ পাছত ভাৰত আক্ৰমণ কৰিছিল আৰু মােগল সম্রাট মহম্মদ শাহক পৰাস্ত কৰি (১৭৩৯) এটা বিশাল ৰাজভঁৰাল লুট কৰিছিল।

তেওঁ বহুতাে নাগৰিকক হত্যা কৰিছিল আৰু কহিনুৰ হীৰা, মুকুট আদিৰ উপৰিও হাতী, ঘোঁৰা, উট লৈ গৈছিল।

ভাৰতবৰ্ষৰ পৰা তেওঁ ইমানবােৰ -সম্পত্তি লুট কৰি নিছিল যে পৰৱর্তী তিনিবছৰে তেওঁ দেশবাসীৰপৰা কোনাে কৰ সংগ্ৰহ কৰা নাছিল।

নাদিৰ শ্বাহৰ পিছত ইৰাণৰ দুটা শাসক বংশৰ মাজত সংঘাত হয় আৰু ১৭৯০ খ্রীষ্টাব্দত কাজাৰ বংশ জয়ী হয় আৰু তেওঁলােকে প্রথম বিশ্বযুদ্ধলৈকে ৰাজত্ব কৰে।

কেইবা শতিকা জুৰি আৰৱ ৰাজত্বৰ অধীন হােৱাৰ বাবে ইৰাণৰ সম্পর্ক আন দেশৰ সৈতে নােহােৱাৰ দৰে হৈছিল।

প্রথম বিশ্বযুদ্ধৰ পাছত ৰেজাশ্বহ পাহ্রাভিয়ে ইৰাণৰ শাসনভাৰ হাতত ল’লে আৰু তেতিয়াৰে পৰা আধুনিকীকৰণৰ প্ৰচেষ্টাই গতিশীলতা লাভ কৰে।

১৯৪১ চনত ছােভিয়েট ৰাছিয়া আৰু ইংলেণ্ড ইৰাণৰ আভ্যন্তৰীণ বিষয়ৰ সৈতে জড়িত হৈ পৰিছিল। আৰাছ নদীৰ উত্তৰত থকা সকলাে অঞ্চল ছােভিয়েট ৰাছিয়াই দখল কৰিছিল।

ইৰাণৰ তৈলক্ষেত্ৰৰ ব্যৱসায়িক স্বত্ত্ব ইংলেণ্ডে লাভ কৰিছিল। প্ৰকৃততে ইৰাণৰ শাসনতন্ত্র শক্তিহীন হৈ পৰিছিল।

খ্রীষ্টীয় ১৯৭৯ চনৰ বিখ্যাত ধর্মীয় বিপ্লৱৰ ফলস্বৰূপে পহিলা এপ্রিলৰপৰা ইৰাণে ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে। বিপ্লৱৰ নেতা ইমাম আয়াতুল্লা খােমােনি এই গণতন্ত্র প্রতিষ্ঠাপক।

ধর্মীয় বিপ্লৱে দেশখনৰ আভ্যন্তৰীণ ব্যৱস্থাত আমূল পৰিৱৰ্তন আনি দিলে। শ্বাহৰ শাসন কালত যিখন দেশৰ আদৱ কায়দা পশ্চিমীয়া দেশৰ দৰে হৈ পৰিছিল, হঠাতে সেইখন দেশৰ সম্বন্ধ বহুতৰে সতে ছেদ হ’ল।

আমেৰিকা তেওঁলােকৰ শত্ৰুৰ দৰে হৈ পৰিল। আগবঢ়া দেশবােৰৰ সৈতে বৈদেশিক নীতিগত পার্থক্যৰ বাবে ইৰাণৰ ব্যৱসায় বাণিজ্য হ্রাস পালে।

তেনে সময়তে ইৰাকৰ সৈতে হােৱা দীঘলীয়া যুদ্ধত দুয়ােখন দেশৰে প্ৰচুৰ ক্ষতি হ’ল। এই সময়ত এবছৰ জুৰি আমেৰিকাৰ নৌসেনাৰ সৈতেও যুদ্ধ হ’ল।

এনেবােৰ কাৰণত দেশখন বহুত পিছুৱাই গ’ল। প্রচুৰ তৈলভাণ্ডাৰ থকা স্বত্বেও দেশখনে সম্পদসমূহ সঠিকভাৱেআহৰণ কৰিনিজৰবিকাশতব্যৱহাৰৰকৰিব নােৱাৰিলে।বঞ্চ পাৰমাণৱিকগৱেষণাবিষয়টোৱেহে গুৰুত্ব পাবলৈ ধৰিলে।

যেতিয়া আছেমান এয়াৰলাইনছৰ সৰু বিমানখনত মই ডুবাইৰ পৰা বুশ্বেৰ অভিমুখে যাত্রা কৰিছিলো। তেতিয়া মােৰ বাবে এই যাত্রাৰ মুখ্য আকর্ষণ আছিল জাগ্রোস পর্বতমালা।

মােৰ মনৰ টাইম মেছিনে মােক লৈ গৈছিল এটা ভূতাত্ত্বিক যুগলৈ, পৃথিৱীৰ ইতিহাসৰ এনে এটা ক্ষণলৈ যেতিয়া আৰৱ প্লেট আৰু ইউৰেছিয়া প্লেট সংঘাত আৰম্ভ হৈছিল আৰু তাৰ ফলস্বৰূপে সাগৰৰ বুকুৰ পৰা জাগ্ৰত হৈ উঠিছিল জাগ্রোস পর্বত। জাগ্ৰছ আৰু হিমালয়ৰ জন্ম কাহিনী একে।

এই জাগ্রোসৰ দক্ষিণ-পশ্চিম দিশত সঞ্চিত হৈ আছে বিৰাট তেল আৰু গেছৰ ভাণ্ডাৰ। ভূতত্ত্বৰ আশীর্বাদ পুষ্ট পাৰস্য উপসাগৰীয় অঞ্চলত ডেৰশতকৈও অধিক তৈলক্ষেত্র আছে; আৰু এই অঞ্চলৰ ওপৰতে বিশ্বৰ বহুতাে দেশ নির্ভশীল।

কোনাে ধৰণৰ সংকট, উত্তেজনা বা আন কাৰণত তেলৰ মূল্য বৃদ্ধিয়ে আনবােৰ দেশৰ অৰ্থনীতিত প্রচুৰ আঘাত হানে।

ফ্রান্সৰ টুটেল’ কোম্পানিৰ এখন ভাৰতীয়া বিমানৰ কেইটামান ছিট আমাৰ বাবে সংৰক্ষিত। এইখন বিমানত ছিটনম্বৰ নাই, যেয়ে যেনেকৈ পাৰে বহিলেই হ’ল।

মই সোঁহাতৰ খিৰিকিৰ কাষৰ ছিটটো লওঁ, যাতে দুঘণ্টাৰ এই যাত্ৰাত মই জাগ্রোসৰ মনােৰম দৃশ্য উপভােগ কৰি যাব পাৰোঁ। আমাৰ বিমান পাৰস্য উপসাগৰৰ তট ৰেখাইদি আৰু জাগ্রোসৰ ওপৰেদি যাত্রা কৰে।

বুশ্বেৰ চহৰ পাৰস্যৰ আনটো দিশত অৱস্থিত। সেয়ে আমাৰ এই যাত্ৰাত উপসাগৰখন আৰু জাগ্ৰছৰ মনােম দৃশ্যলানি দেখিবলৈ পাওঁ।

জাগ্লোস পর্বত শৃংখলা ইৰাণৰ উত্তৰ পশ্চিমৰ পৰা দক্ষিণ পূবলৈকে বিয়পি আছে। ইয়াৰ সবােচ্চ শৃংগৰ উচ্চতা প্রায় ৪৫০০ মিটাৰ।

জাগ্ৰছৰ উপৰিও দেশখনত আৰু কেইবাটাও পর্বত শৃংখলা আছে।

তেল অন্বেষণৰ দায়িত্বত ইৰাণলৈ অহাৰ পাছৰে পৰা কিছুমান শব্দ, কিছুমান ঠাইৰ নাম মােৰ তেনেই চিনাকি হৈ পৰিছে।

কাৰােবাক লগ পালেই প্রথমে জানিবলৈ চেষ্টা কৰোঁ তেওঁ কোনলানি পাহাৰৰ ওচৰত থাকে, জাগ্রোসৰ এই পাৰে নে সিপাৰে ইত্যাদি।

আনহাতে চিৰাজ; আহৱাজ, ইছফাহান, নাটাঞ্জ, মাছাদ, য়াজ, টাবৰিজ, হামাদান, কামান, আৰডাবিল আদি ঠাইৰনামবােৰ চিনাকি হৈ পৰিছে।

তাতােকৈও আদৰৰ হৈ পৰিছে কেইটমান ফার্চী শব্দ-খেলে মামনুন, মেৰচি, ছালামক, ছব্বাখেৰ ইত্যাদি। এই শব্দবােৰে মােক যথেষ্ট সহায় কৰিছে ইৰাণীসকলৰ সৈতে বন্ধুত্ব গঢ়াত।

টেহৰাণত বিমান বন্দৰ দুটা মেহৰাবাদ এয়াৰপৰ্ট আৰু খােমেনি ইন্টাৰনেশ্যনেল এয়াৰ পৰ্ট। আমাৰ বিমানে মেহৰাবাদত অৱতৰণ কৰিলে।

এই বিমান বন্দৰটো চহৰত, আনহাতে খােমেনি বিমান বন্দৰটো চহৰৰপৰা দূৰত।

ইৰাণৰ কান্ট্রি মেনেজাৰ শ্ৰীপি.কে বার্মাই মােক ফোনযােগে নির্দেশনা দি ৰাখিছিল— কত টেক্সি ল’ব লাগিব, কি ক’ব লাগিব, কোনখন হােটেললৈ যাব লাগিব ইত্যাদি।

তেওঁ মােক কৈছিল—“ড্রাইভাৰক ক’ব, হােমা হােটেল, নজডিকে বানক স্কোৱাৰ,” আমাৰ ৰিগত থকা সহকর্মী এজনে ফার্সী ভাষাত হােটেলৰ সম্পূর্ণ ঠিকনা লিখি দিলে, ড্রাইভাৰে ইংৰাজী বুজি নাপালে সেই কাগজখন দেখুৱাই দিলেই হ’ব।

বিমানখন মেহৰাবাদ বিমান বন্দৰত অৱতৰণ কৰোঁতে ৰাতিপুৱা তিনি বাজিবৰ হৈছিল। কনভয়ৰ বেল্টৰপৰা বেগটো সংগ্রহ কৰি মই টেক্সি কাউন্টাৰৰ ফালে গ’লোঁ।

ইমান দেৰিকৈ টেহৰাণ পামহি বাবে বার্মাজীয়ে কৈছিল—ইয়েল্ল’কেব’ত আহিব, ভাৰা বেছি ল’ব কিন্তু সুৰক্ষাৰ সমস্যা নাই। বিছ। হাজাৰ ৰিয়াল দি ইয়েল্ল’কেব’ৰ কুপন ললোঁ।
বাহিৰলৈ ওলাই আহোঁতে মােৰ কুপনখন দেখা পাই এজন ড্রাইভাৰে ইয়েল্ল’কেব’ লাইনটো দেখুৱাই দিলে। কুপনখন বুথটোত দিয়াৰ লগে লগে এজনে সুধিলে “কলৈ যাব?

‘হােটেল হােমানজডিকে বানক স্কোৱাৰ লগে লগে এজন টেক্সি ড্রাইভাৰে মােক আগবঢ়াই লৈ গ’ল। ৰাস্তাইদি গৈ থাকোতে অনুভৱ কৰিলাে, যথেষ্ট আৰামদায়ক গাড়ী।

মৃদু, শীতল বতাহে মােক টেহৰাণলৈ আদৰণি জনালে। ছটা লেনৰ সুন্দৰ ৰাস্তা। মন কৰিলো দিল্লীৰ দৰে যথেষ্ট মুকলি অঞ্চল আছে।

বিজুলীবাতিয়ে আলিবাট পােহৰাই ৰাখিছে। প্রথম দর্শনত মােৰ ধাৰণা হ’ল যে টেহৰাণ এখন পৰিকল্পিত চহৰ।

হােটেলৰ দুৱাৰমুখত গাড়ী ৰ’লহি। ‘কিমান হ’ল?’ ড্রাইভাৰক ইংৰাজীতে সুধিলোঁ। ড্রাইভাৰে মিটাৰটোলৈ আঙুলিয়াই দেখুৱালে। পঞ্চাছ হাজাৰ ৰিয়াল দি তেওঁক বিদায় দিলোঁ।

মােৰ বাবে ৰুম বুক হৈয়ে আছিল বাবে বেছি পৰ ৰ’ব লগা নহ’ল। যথেষ্ট সুবিধা থকা ৰুম। ডুবাইৰ দৰে ইয়াতাে ৰূমৰ ভিতৰত পশ্চিমে দিশৰ নির্দেশনা দিয়া আছে।

নামাজৰ বাবে দলিচা এখনাে পাৰি থােৱা আছে।

লৰালৰিকৈ মই শুবলৈ সাজু হলো। বেছি সময় শুবলৈ নাপাম, ৰাতিপুৱা আলােচনাৰ বাবে যাব লাগিব ছাগৈ। সেই সময়তে দিনত টেহৰাণখন দেখিম।

পুৱাৰ টেহৰাণ উপভােগ কৰিবৰ বাবে পর্দাখন টানি দিলোঁ। চহৰৰ কাষতে ওখ পাহাৰ, সুৰুযৰ চুমাত সেইবােৰ জিলিকি উঠিছে।

অতদিনে ইৰাণ বুলিলে মৰুভূমিৰ ধাৰণাটো প্ৰকট হৈ উঠিছিল। পাছত জানিব পাৰিছিলোঁ যে টেহণক বহুতে পেৰিছৰ লগত তুলনা কৰে।

ওখ ওখ পর্বতেৰে পৰিবেষ্টিত হােৱা বাবে টেহৰাণখন অতি সুন্দৰ। গ্রীষ্মৰ দুটা মাহৰ বাহিৰে বাকী সময়ছােৱাত ইয়াৰ জলবায়ু অতি

আৰাম দায়ক। শীতকালত ইয়াত বৰফ পৰে। টেহণক এই সুন্দৰ জলবায়ু প্ৰদান কৰিছে এলব্রজ পর্বত ৰাশিয়ে। মহানগৰীখনৰ বাবে খােৱাপানী আহে পৰ্বতৰ ওপৰৰ হিমপ্রবাহৰপৰা।

পুৱাৰ আহাৰৰ বাবে হােটেলৰ পুলচাইড ৰেষ্টোৰালৈ গ’লোঁ। চেৰিৰ ৰস, সিজোৱা কাঠফুলা, (বুতাম আকৃতিৰ) আৰু কেইবিধমান বিশেষ খাদ্য লৈ টেবুলত বহোঁতে আমাৰ কোম্পানিৰ জেনেৰেল মেনেজাৰজন আহি উপস্থিত হ’ল। আমি একেলগে বহি জলপান খালো।

সেই সুযােগতে মই তেওঁক খনন সম্পর্কীয় সকলাে তথ্য আৰু গুৰুত্বপূর্ণ বিষয় অৱগত কৰিলোঁ। লগতে মই মত প্রকাশ কৰিলাে যে এই খননত যে তেল আহৰণ কৰিব পৰা যাব তাক লৈ মই সম্পূর্ণ আশাবাদী।

জলপানৰ পাছত আমি অলপ পৰ হােটেল লাউঞ্জতে বহিলোঁ। অলপ পাছত আমাৰ কান্ট্রি মেনেজাৰ পি. কে. বার্মা আহি উপস্থিত হ’ল।

বার্মাজীৰ সৈতে আমি প্রথমে ইৰাণৰ চৰকাৰী তেল কোম্পানীৰ (N.I.0.C) কার্যালয়লৈ গলাে। আমি কোম্পানীটোৰ তেল অন্বেষণৰ এগৰাকী মুখ্য বিষয়াক লগ কৰিবলৈ আহিছোঁ।

গেটত বার্মাজীয়ে ফাৰ্চীভাষাত কথা পাতিলে।

তাৰ পাছত ক’লে যে আমি আগা আফজাদেক লগ কৰিবলৈ আহিছোঁ। আগতে অনুমতি নল’লে প্ৰৱেশৰ অনুমতি পােৱা কঠিন।

তাতে কাইলৈ খােমেনিৰ মৃত্যু দিৱস। সমগ্ৰ ইৰাণ বন্ধ থাকিব।

অলপ পাছত আমাৰ অনুমতি আহিল। বার্মাজীয়ে আমাক বাট দেখুৱাই চতুর্থ মহলাত থকা আগা আফজাদেৰ অফিছটোলৈ লৈ গ’ল।

তেওঁৰ বিষয়ে বহুদিন ধৰি শুনি আছিলোঁ। মানুহজনক লগ। পাই মই আনন্দিত হলাে। অত্যন্ত বিনয়ী, কোমল মিত আৰু সৌজন্যতাপূর্ণ ব্যৱহাৰ।

তেওঁ বেচ ধীৰে সুস্থিৰে কথা কয়। ইৰাণৰ তৈল অন্বেষণৰ প্ৰতিটো বিষয় এইজন ব্যক্তিৰ নখ দর্পণত।

আফজাদেৰ কোঠালিৰ বাহিৰে-ভিতৰে বিভিন্ন শিলৰ নমুনা সজাই থােৱা আছে। ইৰাণৰ ভূস্তৰৰ বিভিন্ন যুগৰ বিভিন্ন শিলাত তেল আৰু গেছ পােৱা যায়।

পাৰস্য উপসাগৰ আৰু তাৰ উত্তৰ পশ্চিম আহৱাজৰ ওচৰে পাজৰে বহুতাে তৈলক্ষেত্র আছে আৰু আনহাতে ইৰাণত কেইবাখনাে গেছ উৎপাদনকাৰী তৈলক্ষেত্র আছে।

দুই এটা ব্যতিক্রম বাদ দি ভাৰতৰ প্ৰায়বােৰ তৈলক্ষেত্র নৱজীৱি মহাকল্পৰ শিলাস্তৰত অৱস্থিত। কিন্তু পাৰস্য উপসাগৰীয় এলেকাত মধ্যজীৱী মহাকল্পৰ শিলাত্তৰত বৃহৎ পৰিমাণৰ তৈল সম্পদ মজুত আছে।

আমি চাহ খাই থাকোতে অন্য বিভাগসমূহৰ বিষয়াসকল আহিল। খননৰ অভিজ্ঞতা আৰু আহৰণ কৰা তথ্যৰ ভিত্তিতে তেল উৎপাদনৰ বাবে পৰীক্ষা চলােৱা হ’ব।

তাৰবাবে এই আলােচনা। মােৰ লগত থকা পর্টেবল হার্ডডিস্কত সকলাে তথ্য লৈ আহিছোঁ। যাকে প্রয়ােজন হৈছে দেখুৱাইছে।

আলােচনা সম্পূর্ণ হােৱাৰ পাছত আমি ‘স্লামবার্জাৰনামৰ বহুৰাষ্ট্ৰীয় কোম্পানীটোৰ অফিছলৈ আহিলোঁ।

এইটো এনে এটা কোম্পানি যাৰ কার্যালয় নাজিৰাৰ পৰা নাইজেৰিয়ালৈকে, দুলীয়াজানৰ পৰা ডুবাইলৈকে, টেহৰাণৰপৰা টেক্সাছলৈকে পৃথিৱীৰ সকলাে তৈলক্ষেত্ৰৰ ওচৰে পাজৰে আছেই। এক অর্থত তৈল

উদ্যোগৰ সৈতে এই কোম্পানি অতি ঘনিষ্ঠভাৱে জড়িত। তৈল উদ্যোগৰ বিকাশত এই কোম্পানি গুৰুত্বপূৰ্ণ বৰঙণি আছে।

আনহাতে স্লামবার্জাৰৰ প্রতিযােগী কোম্পানি ‘হেলিবার্টন’ বা ‘বেকাৰ’ মূলত আমেৰিকান কোম্পানি হােৱা বাবে ইৰাণত কাম কৰিব নােৱাৰে।

আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি আৰু তৈল উদ্যোগৰ কি এক গভীৰ সম্পর্ক আছে সেয়া নাজানিলে অনুমান কৰা টান।

‘স্লামবার্জাৰৰ অফিছৰ পৰা বিদায় লৈ আমি আমাৰ ইৰাণ কার্যালয়লৈ আহিলোঁ। আমি সকলােৱে বহি আলােচনা কৰিলাে।

আমাৰ আলােচনাত অংশ ল’লেহি ট্রোল নামৰ কোম্পানিটোৰ সঞ্চালক এম, এফ আলাবিয়ে। আলাবিৰ বয়স সত্তৰৰ ওপৰত। যথেষ্ট লাহে ধীৰে কথা কয়।

অলপ পৰ কথা পতাৰ পাছত জানিব পাৰিলোঁ যে ইৰাণৰ তৈল উদ্যোগ আৰু এই অঞ্চলৰ ভূতত্ত্বৰ বিষয়ে তেওঁৰ বিস্তৃত জ্ঞান আছে।

এনে ধৰণৰ অভিজ্ঞ ভূতত্ববিদৰ সৈতে কাম কৰিবলৈ পােৱাটো সৌভাগ্যৰ বিষয়। আলােচনা কৰি থাকোতে সন্ধিয়া হ’ল।

অফিছৰপৰা ওলাই দেখিলোঁ ৰাস্তাত মানুহ নাই বুলিলেই হয়। কেৱল দুই এখন গাড়ীহে অহা যােৱা কৰি আছে।

টেহৰাণত বহুতাে দর্শনীয় স্থল আছে। ইয়াত বহুতাে সংগ্ৰহালয় (কার্পেট, অলঙ্কাৰ, মুদ্রা) আৰু পুৰণি অট্টালিকা আছে।

আমি আজাদী স্কোৱাৰ দৰ্শন কৰিছাে। ৪৫ মিটাৰ উচ্চতাৰ এই স্মাৰকটোত এটা সংগ্রাহালয় আছে। খােমেনিৰ মৃত্যু দিৱসত ধর্মীয় নেতাসকলে ইয়াৰপৰা ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব।

নিশাৰ আহাৰৰ বাবে বিখ্যাত তাজমহল হােটেললৈ গলো। তাৰ বেছমেণ্টত থকা ৰেস্তোৰাখনত ভাৰতীয় খাদ্য পােৱা যায়।

খােজ কাঢ়িয়েই আমি হােটেলৰ ফালে আহিলোঁ। সুযােগ বুজি আমি এখন উদ্যানৰ মাজেদি চর্টকাট ললো। নিশা দহবজাতে উদ্যানত মানুহ ভৰি আছিল।

বার্মাজীৰ পৰা জানিব পাৰিলোঁ যে ইয়াৰ প্ৰায়বোেৰ মানুহ পার্কলৈ আহে, ই ৰুটিনৰ দৰে।

হােটেলৰ ওচৰ পাওঁতে মােক ভাগৰে জুমুৰি দি ধৰিলে। বসন্তৰ মনােৰম দিনৰ আৰম্ভণিতে ইৰাণীসকলে তেওঁলােকৰ নৱবৰ্ষ ন’ ৰােজ (নতুন দিন) উদযাপন কৰে।

দুসপ্তাহ জুৰি উদ্যাপন কৰা এই উৎসৱ আৰম্ভ হয় বসন্তৰ প্রথম দিনত, যেতিয়া সুর্যই বিযুৱ ৰেখা অতিক্রম কৰে (মার্চ মাহৰ ২০-২২ তাৰিখৰ ভিতৰত)।

ভেংকিয়ে মােক কোৱামতে সেই সময়ত বুশ্বেৰৰ হােটেলৰ কথা বাদেই স্কুল কলেজৰ পৰা আৰম্ভ কৰি চৰকাৰী কার্যালয়লৈকে সকলােতে শিবিৰ স্থাপন কৰা হয়, যাতে ইৰাণীসকলে নৱবর্ষ উদ্যাপন কৰিব পাৰে।

আমাৰ বিহুৰ দৰে এওঁলােকেও নতুন কাপােৰ লয়, পিঠা-পনা খায়। নৱবৰ্ষৰ এই আনন্দোৎসৱত বহুতাে বিষয় সামৰি লােৱা হয়— পৰিৱেশ আৰু নিজকে চাফচিকুণকৈ ৰখা, শত্রুভাব দূৰ কৰি বন্ধুত্ব গঢ়া, অগ্নি শিখা প্রজ্জ্বলন কৰা,

সীমান্ত, নদী বা সাগৰ অভিমুখে যাত্রা ইত্যাদি। উল্লেখযােগ্য যে জোৰাষ্টিয়ান ধর্ম ইৰাণৰ মূল ধর্ম হৈ থকা সময়তে এই উৎসৱৰ বিকাশ ঘটিছিল।

সাধাৰণতে উৎসৱৰ সময়ত যিকোনাে পাৰ্ছি গৃহত টেবুল বা কার্পেটৰ ওপৰত এখন সুন্দৰ কাপােৰ পাৰি সাতবিধ খাদ্য বস্তু সজোৱা হয়।

প্রতিটো বস্তুৰে এটা প্রতীকী অর্থ আছে। বস্তুবােৰ হ’লছবজে (ঘেঁহু বা দাইল-পুনর্জন্মৰ প্ৰতীক), চামানু (ঘেঁহুৰ কঠীয়াৰ পায়সনতুন জীৱনৰ প্রতীক), ছিৰ (আপেল-স্বাস্থ্য আৰু সৌন্দর্যৰ প্রতীক), ছেজেড (বনৰীয়া শুকান জলফাই-প্রেমৰ প্ৰতীক), ছিৰ (নহৰুঔষধ), ছমাক (এবিধ বগৰী-সূর্যোদয়ৰ বৰণ বুজায়) আৰু ছেকেহ (ভিনেগাৰ-বয়স আৰু ধৈৰ্যৰ প্ৰতীক)।

এই সাতবিধ খাদ্যৰ কাষত থাকে পবিত্র কোৰাণ আৰু হাফেজৰ কবিতাপুথি। তদুপৰি নৈবেদ্যত থােৱা আন কেইবিধমান বস্তু হ’ল মুদ্রা (ধনসম্পত্তি), খৰাহি ভর্তি ৰং কৰা কণী (উৰ্বৰতা বা প্রজনন ক্ষমতা), গােলাপজল (যাদুকৰী চাফাই শক্তি), গাখীৰ (শিশুৰ পুষ্টিৰ বাবে), ভেটফুল আদি। এটা পাত্ৰত পানী থৈ তাত এটা সুমথিৰা ওপঙাই থােৱা হয়।

ইয়াৰ অৰ্থ হ’ল যে পৃথিৱী মহাকাশত ওপঙি আছে। আন এটা পানী ভর্তি পাত্ৰত সােণালী মাছ এৰি দিয়া হয়, ই পানী আৰু উৰ্বৰতা সুচায়।

নৈবেদ্যৰ কাষত এখন আইনা থােৱা হয় আৰু এই আইনাৰ দুয়ােকাষে মমবাতি সজোৱা হয়-পৰিয়ালৰ প্রতিটো শিশুৰ বাবে।

তিনি হাজাৰ বছৰীয়া এটা কিংবদন্তি মতে সম্রাট জামছেদে নৱৰৰাজৰ কোনাে এটা পৱিত্ৰ দিনত চেনি আৱিষ্কাৰ কৰিছিল।

সেয়ে এই আৱিষ্কাৰৰ লগত সংগতি ৰাখি পাছিসকলে সাতবিধ মিঠাই প্রস্তুত কৰে। ইংৰাজী কেন্দি শব্দটো হেনাে পাৰ্ছি শব্দ কেন্দৰ পৰা আহিছে, যাৰ অৰ্থ হ’ল চেনি।

বছৰৰ শেষ বুধবাৰে ৰাজহুৱা স্থানত মেজি জ্বলাই আৰু জুইৰ ওপৰেদি পাৰ হৈ তেওঁলােকে চিঞৰি চিঞৰি গায়-মােৰ বেমাৰ লৈ যােৱা আৰু মােক তােমাৰ সুন্দৰৰঙা বৰণ দিয়া।

জুইৰ পােহৰত তেওঁলােকে থাল বাটি বজায় আৰু মানুহৰ ঘৰে ঘৰে গৈ আতিথ্য গ্রহণ কৰে। নৱবৰ্ষৰ আৰম্ভণিতে সকলােৱে পবিত্র কোৰাণ আৰু হাফেজৰ কবিতা পড়ে।

এইদৰে যথেষ্ট ধুমধামেৰে পাৰস্যৰ তীৰৰ এই জনজীৱনে নতুন বছৰক আদৰি লয়।

পর্বত শৃংখলালৈ চালোঁ। ৰ’দৰ পােহৰত চুড়াবােৰ জিলিকি উঠিছে। শীতকাল হােৱা হ’লে বৰফে সাৱটি থাকিলহেঁতেন।

কেনেবাকৈ যদি কোনােবা এটা শিখৰৰ পৰা তাৰ সিপাৰৰ কাস্পিয়ান সাগৰৰ দৃশ্য দেখা পালােহেঁতেন। কিমান যে আনন্দ লাগিলহেঁতেন।

পাহাৰৰ সিপাৰৰ সেই নীলিম জলৰাশিৰ তলতে সঞ্চিত হৈ আছে এটা বিশাল তৈল ভাণ্ডাৰ। এই তৈলভাণ্ডাৰক লৈ এটা বিৰাট ভূৰাজনৈতিক পৰিস্থিতিৰ সৃষ্টি হৈছে।

খণ্ডিত ছেভিয়েট ৰাছিয়াৰ স্বাধীন ৰাষ্ট্ৰবােৰ এই তৈল সম্পদ আহৰণৰ প্রচেষ্টা চলাইছে। তেনে এটা সময়তে বহুৰাষ্ট্ৰীয় তেল কোম্পানিবােৰ উপস্থিত হৈছেহি কাস্পিয়ানৰ তটৰেখাত।

সেইবাবে ইৰাণৰ বাবেও ই গুৰুত্বপূৰ্ণ জলৰাশি হৈ পৰিছে।

আজিৰ দিনটো ইৰাণবাসীৰ বাবে আটাইতকৈ গুৰুত্বপূর্ণ দিন। ইমাম আয়াতুল্লা খােমেনিৰ মৃত্যু দিৱস।

সেই উপলক্ষে টেহৰাণত এটা বিৰাট গণ সমাবেশৰ আয়ােজন কৰা হৈছে আৰু সেই ৰাজহুৱা সভালৈ ধর্মীয় নেতাসকলাে আহিব।

ৰাস্তাইদি গৈ থাকোঁতে মন কৰিলোঁ মানুহ নাই, জনশুন্য বুলিয়েই ক’ব পাৰি। যিটো বিল্ডিঙত আমাৰ কার্যালয় অৱস্থিত সেইটোও বন্ধ।

বার্মাজীয়ে নিৰাপত্তাৰ দায়িত্বত থকা মানুহজনক কালিয়েই কৈ থৈছিল। সেই অনুসৰি তেওঁ আমাক প্ৰৱেশদ্বাৰ খুলি দিলে।

ই-মেইল চাই আৰু ফোনযােগে খননস্থলীৰ ৰিপৰ্ট ল’লোঁ। অলপ পাছতে আমাৰ কনছালটেন্ট দুজন আহিল।

তেওঁলােকৰ সৈতে দীঘলীয়া আলােচনাত বহিলোঁ। আলােচনা কৰি থাকোতেই সন্ধিয়া হ’ল।

তাৰ পৰা আমি খােজ কাঢ়ি বার্মাজীৰ ঘৰলৈ গ’লোঁ। অফিছৰ সিপাৰে ভিৰ দেখি বার্মাজীক তাৰ কাৰণ সােধাত কলে-এইখন এখন পার্ক, নাম পার্কই-মিলাড।

এটা কথা মই মন কৰিলোঁ যে এওঁলােকে পার্ক, হােটেল আদিৰ নাম ওলােটাকৈ কয়। যেনে—পার্ক-ই-মিলাড, হােটেল হােমা, আমি কলোহেঁতেন-মিলাড পার্ক, হোেমাহােটেল। ইত্যাদি।

টেহৰাণৰ অন্য এখন জনপ্রিয় স্থান হ’ল বেহেষ্ট-ই-জাহৰা।

টেহণক জানিব বা অনুভৱ কৰিবৰ বাবে হেনাে বজাৰ বা আলিবাটত ঘূৰিব নালাগে। তাতােকৈ বেহেক্ট-ই-জাহৰা ভ্রমণ কৰা উচিত। টেহৰাণৰ এই মুখ্য সমাধিস্থলখন কেইবা কিল’মিটাৰ দীঘল।

হয়তাে ই একমাত্র সমাধি স্থল যত খােৱা বােৱাৰ দোকানৰপৰা খেলপথাৰলৈকে সকলাে আছে।

বেহেষ্ট-ই-জাহৰাৰ প্ৰসংগ আহোঁতে ন’বেল বিজয়ী শ্বিৰীণ ইবাডিলৈ মনত পৰিল। তেওঁৰ পৰিয়ালৰ এজন সদস্যকো ইয়াতে সমাধিস্থ কৰা হৈছিল।

ছাদ্দাম হুছেইন সমর্থিত এটা বিপ্লৱৰ অংশীদাৰ হিচাপে তেওঁ খােমেনিক পদচ্যুত কৰিবলৈ চেষ্টা কৰিছিল। তাৰ বাবে তেওঁক শীতল মস্তিস্কবে হত্যা কৰা হৈছিল।

কঠোৰ পন্থীৰ বিৰুদ্ধে শ্বিৰীণ ইবাডিৰ যি সংগ্রাম সি শলাগিবলগীয়া। তেওঁক বিচাৰপতি হােৱাৰ পৰা বঞ্চিত কৰা হৈছিল আৰু হিজাব পৰিধান কৰিবলৈ জোৰ দিয়া হৈছিল।

তেনে এটা কঠিন পৰিৱেশত তেওঁ এটা অত্যুৎসাহী পদক্ষেপ লৈছিল-মানৱ অধিকাৰ।

তেওঁ সেইবােৰ লােকৰ বাবেযুঁজিছিলয’ত যুৱতীক ধর্ষণ কৰা হৈছিল, শাসন বিৰােধী বুলি যুৱকক শাস্তি দিয়া হৈছিল, পতিয়ে পত্নীক বেয়া ব্যৱহাৰ কৰিছিল।

যেতিয়া তেওঁ বিজয়ৰ মুখ দেখিলে তেতিয়া তেওঁ মানৱ অধিকাৰৰ অগ্রণী ৰণুৱা হিচাপে সমগ্র বিশ্বতে পৰিচিত হৈ পৰিল। তেনে সময়তে তেওঁক ন’বেল বঁটাৰে সন্মানিত কৰা হয়।

সকলােকে চমকিত কৰি ইৰাণীবাসীয়ে তেওঁক টেহৰাণ বিমানবন্দৰত বিপুল আদৰণি জনালে।

বার্মাজীৰ ঘৰত এজন ভাৰতীয় গৱেষকক লগ পালোঁ। তেওঁ টেহৰাণ বিশ্ববিদ্যালয়ত ফাৰ্চীভাষাৰ কোনাে এটা বিষয়ত অধ্যয়ন কৰি আছে।

কথাপাতি থাকোতে সময়বােৰ কেতিয়া পাৰ হ’ল গমকে নাপালাে। বার্মাজীৰ পত্নীয়ে ৰন্ধা খালা অতি তৃপ্তিৰে খালোঁ।

নিশা হােটেললৈ ঘূৰি আহোঁতে আমাৰ বিপৰীত দিশে এটা বিৰাট যানজট দেখিলোঁ। ভাগ্য ভাল আমি অহা পথটোত ইমান ভিৰ নাছিল।
পাছদিনা আবেলি দুই বজাত আমি ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ-খােমেনি ইণ্টাৰনেশ্যনেল বিমান বন্দৰলৈ ওলালোঁ।

ৰাস্তা প্রায় খালি বুলিয়েই ক’ব পাৰি। চহৰৰ পৰা যথেষ্ট দূৰৈত হােৱা সত্ত্বেও আজি আমাক বেছি সময় নালাগিল।

ইৰাণ এয়াৰত আমি ডুবাইলৈ যাম। হাতত থকা এটা টোপােলাৰ বাদে বাকীবােৰ লাগেজত দি আমি আগবাঢ়িলোঁ।

হাতত থকা টোপােলাটোৱে যে এনে তিক্ত অভিজ্ঞতা দিব সেয়া পূর্বে অনুমান কৰিব পৰা নাছিলোঁ। চিকিউৰিটি চেক ইনৰ বাবে সােমাওঁতে টোপােলটো লৈ হুলস্থুল লাগিল‘কি আছে টোপােলাত?’ ‘গ্লাছৰ ফ্রেম’ মই উত্তৰ দিলাে।

লগে লগে হৈ চৈৰ সৃষ্টি হ’ল চিচা, চিচা! পিছত আন এজন নিৰাপত্তাৰক্ষী আহি জনালে যে চিচা নিবলৈ দিব নােৱাৰে।

তেনেতে ইৰাণ এয়াৰৰ এজন কর্মচাৰী আহিল। তেওঁক কথাটো বুজাই ক’লাে। ওচৰতে ওলমাই থােৱা খােমেনিৰ ফটো ফ্রেমটো দেখুৱাই বুজালাে যে এনেধৰণৰ বস্তু।

তেওঁৰ হাতত বিশেষ উপায় নাছিল। নহ’লে বিমান পলম হৈ যাব। অলপ চিন্তা কৰি তেওঁ ক’লে—“লৈ যাওক। আমি স্বস্তিৰ নিশ্বাস পেলালোঁ। আধা ঘণ্টা সময় এটা যুগৰ দৰে হৈ পৰিছিল।

মানুহজনৰ প্রতি কৃতজ্ঞ হৈ ধন্যবাদ জনালাে—“খেলে মামনুন।” “খায়েছ মিক’ নাম”—তেওঁ উত্তৰ দিলে। বিদায় টেহৰাণ।

লেখক-পৰিচয়

ৰথীন্দ্রনাথ গােস্বামী (১৯৬৭) : বিজ্ঞান সাহিত্য, কল্প বিজ্ঞান, ভ্রমণ কাহিনী, শিশু-সাহিত্যকে আদিকৰি বিবিধ প্রবন্ধেৰে অসমীয়া সাহিত্যলৈ অৱদান যােগােৱা ৰথীন্দ্রনাথ গােস্বামীৰ জন্ম হয় যােৰহাটত।

পিতৃ সাহিত্যাচার্য যতীন্দ্রনাথ গােস্বামী।

কটন কলেজৰ পৰা ১৯৮৭ চনত ভূতত্ত্ব বিষয়ত প্রথম শ্রেণীৰ প্রথম স্থানেৰে স্নাতক ডিগ্ৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৯১ চনত প্রথম শ্রেণীৰ স্নাতকোত্তৰ ডিগ্রী লাভ কৰে।

১৯৯২ চনত অসম প্রশাসনিক সেৱাৰ বিষয়া হিচাপে যােগদান কৰে যদিও পৰৱর্তী কালত এই পদৰ পৰা ইস্তফা দি তেল আৰু প্রাকৃতিক গেছ নিগমৰ ভূতত্ত্ববিদ হিচাপে যােগদান কৰে।

গােস্বামীদেৱৰ উল্লেখযােগ্য গ্রন্থসমূহ হ’ল, শিশু সাহিত্য ও ‘বিদেশী বন্ধুৰ দেশত’, ‘কিংকিনীৰ বিদ্রোহ, চিচিং’, ‘বিজ্ঞানে আনিব জোৱাৰ’, ‘অংক জংক পংক’, ‘ৰথীন মামাৰ অংকৰ মজা’, ভ্রমণ কাহিনী ‘মহাসমুদ্রৰ সিপাৰে’, ‘সমুদ্রিকা’, মুম্বাই-সাগৰসীমনাত ৰৈ’, হৃদয় শিখৰৰপ্ৰতিধ্বনি’, ‘ঈশ্বৰৰউপত্যকাত’ চুটিগল্প-সংকলন ও সংগ্রাম। ‘মহাসমুদ্ৰৰ সিপাৰে’, গ্রন্থৰ বাবে গােস্বামীদেৱে হেমবৰুৱা সোঁৱৰণী বঁটা লাভ কৰে।

পাঠবােধ

পাঠটিৰ জৰিয়তে লেখকে ইৰাণৰ ৰাজনীতি, ভূগােল, অর্থনীতি আৰু সংস্কৃতিৰ বিষয়ে পাঠকক এক আভাস দিবলৈ বিচাৰিছে।

ইৰাণৰ ৰাজনৈতিক ইতিহাসৰ কথা চমুকৈ উল্লেখ কৰাৰ লগতে ইৰাণৰ মানুহৰ ব্যক্তিত্ব, খাদ্যাভ্যাস, সাজ-পাৰ আদি নানা দিশৰ নানান তথ্য পাঠটিত আকর্ষণীয়কৈ উপস্থাপন কৰা হৈছে।

শব্দার্থ আৰু টোকা

ক্রয় – কিনা।
খিতাপ – সম্মান।
গােলাকৃতি – ঘূৰণীয়া আকৃতি।
চিচা – আইনা।
তটৰেখা – সাগৰ বা হ্রদৰ বৃহৎ জলভাগৰ কাষত থকা স্থলভাগ।
নীলিম – নীলা।
পহিলা – প্রথম।
প্রচণ্ড – প্রবল ভয় নগাঁ।
ভূতত্ত্ব – পৃথিৱীৰ অভ্যন্তৰ, পৃথিৱী পৃষ্ঠৰ শিলাখণ্ড, জীৱাশ্ম আদিৰ বিষয়ে অধ্যয়ন কৰা শাস্ত্র।
লেকেটা – সহজে ছিগি ভাগি নােযােৱা, লিকটা।
সংকট – প্রতিকূল অৱস্থা, বিপদ।
সেৰেঙা – মাজত বেছি ব্যৱধান থকা, পাতল।
হিজাব – মুছলমান মহিলাই মূৰ ঢাকি লােৱা কাপােৰ।

প্রশ্নাবলী

ভাব-বিষয়ক

১। চমুকৈ উত্তৰ দিয়া ।

(ক) লেখকে উল্লেখ কৰা মতে তেওঁলােকৰ ৰিগটো ক’ত অৱস্থিত ?
(খ) বুশ্বেৰ কি?
(গ) বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল?
(ঘ) বুশ্বেৰ বিমান বন্দৰটোক কিয় গুৰুত্বপূৰ্ণ বুলিছে?
(ঙ) লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে?
(চ) মেহদি আৰু ঘাছেম কোন?
(ছ) মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানিটোৰ নাম কি?
(জ) ভেংকি ক’ত থাকে?
(ঝ) ভেংকিয়ে কি কৰে?
(ঞ) আবুজাৰ কোন?
(ট) ‘আগা’ শব্দৰ অর্থ কি?
(ঠ) ইৰাণে কেতিয়া ইছলামিক গণতন্ত্র হিছাপে স্বীকৃতি লাভ কৰে?
(ড) ইৰাণৰ ইছলামিক গণতন্ত্র প্রতিষ্ঠাতা কোন?
(ঢ) ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতুহল বৃদ্ধি কৰিছিল?
(ণ) ইৰাণৰ ৰাজধানীৰ নাম কি?
(ত) টেহৰাণত বিমান বন্দৰ কেইটা?
(থ) লেখক থকা টেহৰাণৰ হােটেলখনৰ নাম কি?
(দ) ভাৰতৰ প্রায়বােৰ তৈলক্ষেত্র কেনেকুৱা শিলাস্তৰত অৱস্থিত?
(ধ) স্লামবার্জাৰ’ কি?
(ন) ইৰাণীসকলে নৱবৰ্ষক কি বােলে?
(প) বেহেক্ট-ই-জাহৰা কি?
(ফ) শ্বিৰীন ইবাডি কোন?
(ব) চেনি কোনে আৱিষ্কাৰ কৰিছিল ?
(ভ) লেখক ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল?
(ম) ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি?
(য) কেন্দ’ৰ অর্থ কি?

২। তেলৰ বাবে চলােৱা খনন কার্যত ‘মাডলগিং’ আহিলাসমূহৰ ভুমিকা কি ?
৩। বুশ্বেৰ চহৰৰ এটা বিৱৰণ দিয়া।
৪। ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা।
৫। ইৰাণৰ ভূতত্ত্বৰ বিষয়ে লিখা।
৬। জাগ্লোস পর্বতমালাৰ বিষয়ে তােমাৰ পাঠ্য পুথিৰ সহায়ত লিখা।
৭। ইৰাণৰ কেইখনমান ঠাইৰ নাম লিখা।
৮। টেহৰাণৰ বিমান বন্দৰ কেইটা কি কি আৰু কোন কোন স্থানত?
৯। টেহৰাণৰ প্রাকৃতিক অৱস্থা কেনেকুৱা লিখা।
১০। স্লমবার্জাৰ কোম্পানিৰ কার্যালয় ক’ত ক’ত আছে?
১১। ইৰাণীসকলৰ নৱবর্ষ উৎসৱৰ বিৱৰণ দিয়া।
১২। বেহেক্ট-ই-জাহাৰাৰ লগত টেহৰাণবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা।
১৩।শ্বিৰীণ ইবাডি কোন? তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা।

ভাষা বিষয়ক

১। তলত দিয়া শব্দকেইটা কি ভাষাৰ লিখা :
কেঁচি, দোৱাত, চিয়াঁহী, চিচা, কেন্দি।
২। তলত দিয়া শব্দকেইটাৰ অৰ্থ লিখা :
খেলে মামনুন, মিৰচ্ িছালাম।
৩। তলত দিয়া শব্দকেইটাৰ প্ৰতীক অর্থ কি?
চবজে, ছামানু, ছিব, জেনেজেভ, ছি, ছমাক ছেৰকেহ।
৪। তলত দিয়া শব্দকেইটাত ‘য আৰু ‘ণ’ কিয় প্রয়ােগ হৈছে লিখা :
সম্ভাষণ, অন্বেষণ, গৱেষণা, অৱতৰণ।
৫। তলৰ শব্দকেইটাত কি প্রত্যয় প্রয়ােগ হৈছে লিখা :
ইৰাণী, আবাসিক, বাণিজ্যিক, শেহতীয়া, সােণালী, খৰচী।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।