জ্যোতিমণি শইকীয়া
মুকলি পথাৰখনৰ
সোণোৱালী ধানবোৰ
পূৰমুৱা বতাহ জাকত
হাউলি পৰিছিল,
আঘোণৰ পথাৰত
ধানগছ কটা দাৱনীৰ বুকুত
সোণোৱালী সপোন জাগিছিল,
পিতাইৰ কান্ধত
জাতি বাঁহৰ বিৰিয়াত
ধানৰ ডাঙৰীৰ ভাব,
জিৰিক্ জিবিক্ ডাঙৰীৰ নাচোনত
পিতায়ে পাহৰিছিল
তেজ বিৰিঙা কান্ধৰ যন্ত্ৰণা,
কলাফুলৰ বিষ বেদনা….
ঘন কুঁৱলী ফালি
পুৱাই ওলাই অহা
সেন্দূৰ যেন ৰঙা বেলিৰ
ৰ’দ-কাঁচলিৰ মিঠা উম ল’বলৈ
পিতাইৰ আহৰি নাছিল!
পথাৰৰ ভালপোৱাই
পকা ধাননিত মুখ গোজে,
ৰবাব টেঙা গোন্ধোৱা পথাৰেদি
ৰ’দ এচেৰেঙা নামি আহে,
শীতে বাট ভেটা জোনাকত
মৰণাত ওখোন মৰা
পিতাইৰ ছাঁ দীঘল হৈ পৰে…..
এতিয়া ছবিখন ধূসৰ,
স্মৃতিৰ জোলোঙাইদি
সৰকি অহা জোনাকে
পানীচাঙত সোঁৱৰণীৰ সন্ধান কৰে…. ।