প্রশস্তি lesson 3 class 10 Assamese Online textbook
ৰঘুনাথ চৌধাৰী
উষাৰ কুঙ্কুম ৰাগে ৰঞ্জিলে বসুধা
দশােদিশ উদ্ভাসিত কৰি,
নৱ কিশলয়দলে চামৰ ধুলাই
প্রকৃতিক আনিলে সাদৰি।
কবি চিত্তহাৰী যত ফুল্ল কুসুমৰ
আনন্দত প্রাণ টমমল
মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও
দিছে যাচি প্রেম-পৰিমল।
উঠে তৰু শিৰে শিৰে বন-বিহঙ্গৰ
ছন্দভৰা সুমধুৰ তান—
জল স্থল অন্তৰীক্ষ সকলােতে যেন
দেৱতাৰ মহা অভিযান।
কৰি দীৰ্ণ জৰাজীর্ণ পুঞ্জীভূত ক্লেদ
শেষ হ’ল মহা কালৰাত্রি,
উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র,
উঠা যত মুক্তি পথযাত্রী।
মােহন কীচক বেণু অনাহত ছন্দে
গায় মহামহিমৰ গান
মােহ তন্দ্রালস তেজি উঠা ভক্তবৃন্দ
সুন্দৰৰ কৰা ৰূপধ্যান।
কবি-পৰিচয়
ৰঘুনাথ চৌধাৰী (১৮৭৯-১৯৬৮) : বর্তমান নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ লাউপাৰা গাঁৱত কৰি চৌধাৰীৰ জন্ম। তেওঁৰ পিতৃৰ নাম ভােলানাথ চৌধাৰী। সৰুতেই ভৰিত দুখ পাই চিৰদিনৰ কাৰণে ভৰি ঘূণীয়া হয়। ঘৰুৱা অসুবিধাৰ কাৰণে সম্পর্কীয় ককায়েক এজনে শিশু ৰঘুনাথ চৌধাৰীক গুৱাহাটীলৈ লৈ আহে। ইয়াত তেওঁক বিদ্যালয়ত নামভৰ্তি কৰি দিয়ে। অষ্টম শ্রেণীলৈকে পঢ়ি শিক্ষকৰ কঠোৰ শাসনৰ বাবে তেওঁ বিদ্যালয়লৈ যাবলৈ এৰি দিয়ে।
ঘৰতে সংস্কৃত আৰু বাংলা কাব্য সাহিত্য অধ্যয়ন কৰিবলৈ লয়। পিছত কেইবছৰমান শিক্ষকতা কৰি এৰি পেলায়। শেষত খেতি-বাতি কৰিবলৈ লয় আৰু তাৰ লগে লগে সাহিত্য সেৱাও কৰি থাকে। তেওঁ গুৱাহাটীৰ পৰা প্রকাশিত ‘জোনাকী’ কাকতৰ সহকাৰী সম্পাদক আৰু মইনা’, ‘জয়ন্তী’ আৰু সুৰভি’ নামৰ আলােচনীৰ সম্পাদক আছিল।
চৌধাৰীয়ে ‘জোনাকী’ কাকতেৰে কবিতা লিখিবলৈ আৰম্ভ কৰে আৰু আলােচনী’, ‘বাহী’ আদিততা বহুতাে কবিতা প্রকাশ পায়। প্রথম ভৰত লিখা কবিতাবােৰ ‘সাদৰী’ (১৯১০) পুথিত সন্নিবিষ্ট কৰা হৈছে। ইয়াৰ পিছত ক্রমে ‘কেতেকী’ (১৯১৮), কাৰবালা’ (১৯২৩), দহিকতৰা’ (১৯৩১), নৱমল্লিকা’ (১৯৫৮) আৰু মৰণােত্তৰ কালত ‘মনাই বৰাগী’ (কবিতা) তথা ‘পচতীয়া’ নামে গল্প পুথি প্রকাশ পায়।
চৰাইক বিষয়বস্তু হিচাপে লৈ বহুতাে কবিতা লিখিছিল বাবে তেওঁক ‘বিহগী কবি’ আখ্যা দিয়া হৈছে। তেওঁ ১৯৩৫ চনত তেজপুৰত অনুষ্ঠিত হােৱা ‘অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি আছিল।
পাঠবােধ
প্রশভি কবিতাটোত কবিয়ে প্রকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। প্রশস্তিৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। বেলিৰ পােহৰে পােহৰাই ভােলা পৃথিৱীত গছ-বনে প্রকৃতিক ন সাজেৰে সজাই তুলিছে। চৌদিশে ফুলি থকা ফুলবােৰৰ প্ৰাণ আনন্দেৰে ভৰি পৰিছে। চৰাই-চিৰিকটিৰ গানে যেন সকলােতে দেৱতাৰহে সন্ধান কৰিছে। কবিয়ে অমৃতৰ সন্তান মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। কীচক বেণুৱে বতাহত স্ৰষ্টাৰ গান গাইছে।
কবিয়ে ভক্তবৃন্দ মােহ তন্দ্রা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে। প্ৰকৃতিৰ সন্মােহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে। প্রকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সােমাই আছে। এক আধ্যাত্মিক সুৰে কবিতাটোক গভীৰ অনুভূতিৰ বাঙ্ক কৰি তুলিছে। সৃষ্টিকর্তাৰ সন্ধানে কবিতাটোক ৰহস্যবাদী ধাৰাৰ ওচৰ চপাই নিছে।
শব্দার্থ আৰু টোকা
- অন্তৰীক্ষ – আকাশ; যাক পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা যায়।
- ঊষা – সূর্য।
- ঋত্বিক – ঋতুযাজক, পুৰােহিত।
- কালৰাত্রি – আন্ধাৰ ৰাতি।
- কিশলয় -কুঁহিপাত, গজালি, koh।
- কীচক – বেণু কীচক বাহ, সেই বাহৰ বাদ্যৰ শব্দ।
- কুমকুম – প্রসাধন সামগ্রী বিশেষ।
- কুসুম – ফুল।
- ক্লেদ – গেলা মলযুক্ত পানী।
- চামৰ – চোৱৰ, কুঁৱৰী পহুৰ নেজৰ মুঠা।
- চিত্তহাৰী – মন-প্রাণ হৰি নিয়া।
- তন্দ্রালস – শ্রান্ত ক্লান্ত, টোপনি যােৱা অৱস্থা।
- তেজী – ত্যাগ কৰি।
- তান – সুৰ, ৰাগ।
- দীর্ণ – ভাগি-ছিগি যােৱা, বিদাৰিত।
- পৰিমল – সুগন্ধ।
- পুঞ্জীভূত – সঞ্চিত।
- ফুল্ল – ফুলি উঠা, পাহি মেলা ফুল।
- বসুধা – পৃথিৱী; বসুমতী।
- বিহঙ্গ – চৰাই; পক্ষী।
- মহামহিম – অতিশয় গৌৰৱান্বিত, বৰ মান্য, খ্যাতিমন্ত।
- ৰঞ্জিলে – ৰঙীণ কৰিলে, পােহৰ কৰিলে।
প্রশ্নাৱলী
ভাব-বিষয়ক
১। অতি চমু উত্তৰ দিয়া :
(ক) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়?
(খ) ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম লিখা।
(গ) প্রকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে?
(ঘ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম পৰিমল যা বুলি কবিয়ে কৈছে?
(ঙ) জল, স্থল আৰু ক’ত দেৱতাৰ মহা অভিযান চলিছে?
(চ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে?
২। কবিতাটোত কবিয়ে প্রকৃতিৰ কি কি বস্তু টানি আনিছে লিখা।
৩। কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে?
৪। কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা।
৫। প্রশস্তি’ কবিতাটোৰ মূলভাৱ লিখা।
৬। উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র,
উঠা যত মুক্তি পথযাত্রী। – কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা।
৭। সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা।
৮। ব্যাখ্যা কৰা।
(ক) উঠে তৰু শিৰে শিবে বন বিহঙ্গ
ছন্দভৰা সুমধুৰ তান, জল স্থল অন্তৰীক্ষ সকলােতে যেন।
দেৱতাৰ মহা অভিযান।
(খ) কৰি দীৰ্ণ জৰাজীর্ণ পুঞ্জীভূত ক্লেদ
শেষ হ’ল মহা কালৰাত্রি, উঠা হে ঋত্বিক ধ্যানী অমৃতব পুত্র
উঠা যত মুক্তি পথযাত্রী।
(গ) মােহন কীচক বেণু অনাহত ছন্দে
গায় মহামহিমৰ গান, মােহ তন্দ্রালস তেজি উঠা ভক্তবৃন্দ।
সুন্দৰৰ কৰা ৰূপধ্যান।
ভাষাবিষয়ক
১। অর্থ লিখা
কিশলয়, চিত্তহাৰী, অন্তৰীক্ষ, তন্দ্রালস।
২। বাক্য ৰচনা কৰা
দশােদিশ, উপেক্ষিত, জৰাজীর্ণ, অমৃত, মােহ।
৩। সমার্থক শব্দ লিখা ?
তৰু, মুক্তি, সুমধুৰ, অভিযান, ধ্যানী।