স্বাগতম নৱবৰ্ষ | অসমীয়া কবিতা 2024

জয়া শ‍ইকীয়া

পল-অণুপল কৰি ক্ষিপ্ৰ গতিৰে
দিনবোৰ যায় যেন বাগৰি
সময়বোৰ যেন বোৱঁতী সুতি
ৰ’বলৈ সময়েই নাই কাহানিও,
সপ্তাহ, মাহ, দিন অতিক্রমি
বছৰটোৱে অন্তিমত ভৰি দি
এটা বছৰে যেন বাগৰ সলায়
মেলানি মাগে ক্ষণবোৰ গণি গণি,
স্বাগতম তোমাক নৱবৰ্ষ, স্বাগতম তোমাক
বছৰৰ অন্তিম ক্ষশত উলহ-মালহেৰে
সকলোৱেই যেন পুৰণিক বিদায় দি
নতুন বছৰটিক আদৰিবলৈ কৰে পূৰ্ণ প্ৰস্তুতি।
পুৰণি বছৰটিৰ বেয়াখিনিক পাহৰি
নতুন মনেৰে,নতুন সংকল্পৰে
নৱবৰ্ষক জনাওঁ আমি আদৰণি,
স্বাগতম তোমাক নৱবৰ্ষ, স্বাগতম তোমাক
নৱবৰ্ষৰ প্ৰতিটো দিনেই আমাৰ বাবে
হৈ পৰক সুখৰ আৰু আনন্দৰ,
উন্নতিৰ বাটত যেন নতুন জখলা বগাব পাৰোঁ
এই কামনাৰেই স্বাগতম নৱবৰ্ষ,
তোমাক স্বাগতম।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।