আজিৰ পৰা দ্বিতীয় টেষ্ট, টীম ইণ্ডিয়াৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান

চেঞ্চুৰিয়নৰ প্ৰথম টেষ্টত শোচনীয় পৰাজয়ৰ পাছত কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া দ্বিতীয় তথা অন্তিম টেষ্টত পূৰ্বৰ ভুলৰ শুধৰণিৰে শৃংখলাত সমতা স্থাপন কৰাৰ লগতে বিশ্ব টেষ্ট চেম্পিয়নশিপৰ পইণ্ট তালিকাত নিজৰ স্থান উত্তৰণৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব টীম ইণ্ডিয়া ।

বর্তমান টেষ্ট চেম্পিয়নশিপ ২০২০-২৫ ছীজনৰ পইণ্ট তালিকাত দক্ষিণ আফ্রিকা আছে শীৰ্ষস্থানত। তাৰ বিপৰীতে ভাৰত আছে ষষ্ঠ স্থানত।

প্রথম টেষ্টৰ প্রথম ইনিংছত লোকেশ ৰাহুল আৰু দ্বিতীয় ইনিংছত বিৰাট কোহলিক বাদ দি টীম ইণ্ডিয়াৰ কোনো এজন বেটাৰ চেঞ্চুৰিয়নৰ অতিৰিক্ত বাউন্সৰ সন্মুখীন হ’ব পৰা নাছিল।

ভাৰতৰ শীৰ্ষৰ তিনিজন বেটাৰ যশস্বী জয়ছোৱাল, শুভমন গীল আৰু শ্রেয়স আয়াৰৰ নিৰাশাজনক প্ৰদৰ্শনে চিন্তাত ৰাখিছে টীম মেনেজমেণ্টক। অৱশ্যে অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাৰ প্ৰত্যাৱৰ্তনে ভাৰতৰ মিডল অৰ্ডাৰক কিছু শক্তি দিয়াৰ সম্ভাৱনা আছে।

অধিনায়ক ৰোহিত শৰ্মাৰ বাবেও দ্বিতীয় টেষ্টখন এক ডাঙৰ প্ৰত্যাহ্বান হ’ব। বিগত ছসপ্তাহ তেওঁৰ বাবে বৰ ভাল নাছিল। চেঞ্চুৰিয়নৰ প্ৰথম টেষ্টৰ তৃতীয় দিনতে ভাৰত পৰাস্ত হৈছিল এক ইনিংছ আৰু ৩২ ৰানত।

প্রথম টেষ্টৰ দুয়োটা ইনিংছতে তেওঁ ব্যৰ্থ হৈছিল। ভাৰতীয় অধিনায়কজনৰ লক্ষ্য হ’ব দ্বিতীয় টেস্ট জয়েৰে নতুন বছৰ আৰম্ভ কৰা।

যদি কেপ টাউনত ভাৰত জয়ী হয় তেন্তে মহেন্দ্র সিং ধোনিৰ পাছত দক্ষিণ আফ্ৰিকাত টেষ্ট শৃংখলা ড্র ৰখা দ্বিতীয়জন ভাৰতীয় অধিনায়কত পৰিণত হ’ব ৰোহিত শর্মা। কেপ টাউনৰ নিউলেণ্ডছ ক্রিকেট গ্রাউণ্ডৰ পিটচ পেচ বলাৰৰ সহায়ক পোৱাৰ সম্ভাবনা আছে।

তেনে পিটচত স্পিনাৰে বিশেষ সহায় নাপাব। তেনে স্থিতিত জাদেজাক মূল একাদশত ৰখা হ’লে ৰবিচন্দ্রন অশ্বিনক ৰখাৰ কোনো অর্থ নাথাকিব। বলিঙত শার্দুল ঠাকুৰ আৰু প্ৰসিদ্ধ কৃষ্ণঙ্ক দক্ষিণ আফ্ৰিকাৰ বেটাৰৰ সন্মুখত একেবাৰে নিষ্প্রভ দেখা গৈছে।

সেইবাবে দ্বিতীয় টেষ্টত তেওঁলোকৰ স্থানত মুকেশ কুমাৰ আৰু আৱেশ খানক মূল একাদশত ৰখাৰ কথা ভাবিব পাৰে টীম মেনেজমেন্টে।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।