দূৰদৰ্শন ৰচনা || television essay in assamese

দূৰদৰ্শন ৰচনা

আৰম্ভণি :

ঘৰতে বহি দেশ-বিদেশৰ খা-খবৰ, কথা-বতৰা, ঘটনাৱলী শুনাৰ লগতে সেইবােৰ ছবিৰ সহায়ত জীৱন্তভাৱে যি যন্ত্রটিৰ সহায়ত দেখিব পৰা গৈছে সেই যন্ত্রটিৰ নামেই হৈছে দূৰদৰ্শন বা টেলিভিছন যন্ত্র। ই আধুনিক যুগৰ এটি নৱতম আৱিষ্কাৰ। মহাকাব্য মহা ভাৰতত বর্ণিতবিখ্যাত চৰিত্ৰ সঞ্জয়েও ঘৰতে বহিয়েই এক আচৰিত শক্তি দূৰদৃষ্টিৰ সহায়ত কুৰুক্ষেত্ৰ ৰণৰ বিৱৰণ বৃদ্ধ ধৃতৰাষ্ট্ৰক দি থাকিব পাৰিছিল। বিজ্ঞানৰ। অভূতপূর্ব আৱিষ্কাৰসমূহে আৰু বিজুলী শক্তিৰ আৱিষ্কাৰসমূহে দূৰদৰ্শনৰ ক্ষেত্ৰত প্রকৃত পদক্ষেপ ল’বলৈ সুবিধা কৰি দিয়ে।

দূৰদৰ্শনৰ কলা-কৌশলঃ

যিবােৰ বৈজ্ঞানিক সূত্র বা কৌশল প্রয়ােগ কৰি এই বিস্ময়কৰ পদ্ধতিটো আৱিষ্কাৰ কৰা হৈছে সি অত্যন্ত জটিল।

মুঠতে ৰেডিঅ’ আৰু চলচ্চিত্ৰৰ যুটীয়া, সংযােগত এই দূৰদৰ্শনৰ কৌশলৰ উদ্ভাৱন কৰিব পাৰি; কিন্তু ৰেডিঅ’ আৰু চলচ্চিত্ৰৰ পদ্ধতিৰ দৰে ঠিক একে নহয়।

বিভিন্ন সময়ত বিভিন্ন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰা ৰেডিঅ’ শব্দ প্রেৰণ ব্যৱস্থা, ‘ফট’ ইলেকট্রিক এফেক্ট আদিৰ সহায়ত টেলিভিছন বা দূৰদৰ্শন আৱিষ্কাৰ কৰাটো সম্ভৱ হৈ উঠিছে।

আৱিষ্কাৰ আৰু প্ৰচলন :

১৯২৫-১৯২৬ চনত ইংলেণ্ডৰ বিখ্যাত বিজ্ঞানী জন লগি বেয়ার্ডে (John Logic Baird) দূৰদৰ্শন আৱিষ্কাৰ কৰিছিল যদিও পিছত ৱেইলাৰ কেপলাৰ আদি বিজ্ঞানীসকলেও ইয়াৰ কৌশল তথা পদ্ধতিত উল্লেখযােগ্য বৰঙণি আগবঢ়ায়।

১৯৩৬ চনত ইংলেণ্ডত পােন প্রথম বৃটিছ ব্রডকাষ্টিং কপােৰেশ্বনে টেলিভিছনযােগে প্ৰচাৰ কাৰ্যৰ ব্যৱস্থা কৰে। ১৯৫৩ চনত ৰঙীন টেলিভিছন প্ৰৱর্তন হয়।

১৯৫৯ চনৰ ১৫ ছেপ্টেম্বৰৰ পৰা ভাৰতৰ দিল্লীৰ আকাশবাণী কেন্দ্ৰত দূৰদৰ্শন স্থাপিত হয়, আৰু ১৯৬৫ চনৰ ১৫ আগষ্টৰ পৰা প্ৰচাৰ কার্য চলায়।

পােন প্রথমে আকাশবাণীৰ লগত ই সংলগ্ন আছিল যদিও ১৯৭৬ চনৰ ১ এপ্রিলৰ পৰা ইয়াক সুকীয়াকৈ প্ৰচাৰৰ ব্যৱস্থা কৰা হয়। ভাৰতৰ অন্যান্য ঠাইৰ লগতে অসমতাে বর্তমান ইয়াৰ বহুল প্রয়ােগ হৈছে। অসমত একাধিক প্রচাৰ কেন্দ্র স্থাপিত হৈছে।

বর্তমান কৃত্রিম উপগ্রহক দূৰদৰ্শনৰ প্ৰচাৰকার্যত ব্যৱহৃত হােৱাৰ ফলত পৃথিৱীৰ বিভিন্ন ঠাইত ঘটা দৃশ্যাবলী বিভিন্ন ঠাইৰ মানুহে লগে লগেই দেখিবলৈ পােৱাৰ সুবিধা হৈছে।

শিক্ষাৰ মাধ্যম আৰু সমাজ :

সমাজে দূৰদৰ্শনৰ এটি অত্যাধুনিক যন্ত্রৰ দ্বাৰা পৃথিৱীৰ সকলাে কথা, কার্য, ঘটনাৱলী ঘৰতে বহি দেখা আৰু শুনাৰ সুবিধা পাইছে যদিও ইয়াৰ ভাল আৰু বেয়া দুটা প্রভাৱ আছে। –

ভাল প্ৰভাৱ :

দূৰদৰ্শনৰ জৰিয়তে মানুহে সংগীত, নৃত্য, নাটক, চলচ্চিত্র, খেলা-ধূলা আদি উপভােগ কৰি জ্ঞান আহৰণ কৰাৰ উপৰিও আনন্দ লভিব পাৰিছে। দেশ-বিদেশৰ বাতৰি পােৱাৰ লগতে বহুক্ষেত্ৰত সেইবােৰৰ দৃশ্যও দেখা যায়। ইয়াৰ ।

যােগে প্রচাৰিত শিক্ষামূলক অনুষ্ঠানসমূহে ছাত্র-ছাত্রী আৰু সমাজৰ সকলাে শ্ৰেণীৰ লােককে উপকৃত কৰিছে। মানুহৰ জ্ঞান বৃদ্ধি হৈছে।

কৃত্রিম উপগ্রহ, অসংখ্য প্ৰচাৰ কেন্দ্ৰ, তাৰ সংযােগ আদিৰ উপৰিও দ্রুতগতিৰে পৰিবহণ কৰিব পৰা ভিডিঅ’, টেপৰ সুবিধাই পৃথিৱীৰ বিভিন্ন পৰিৱেশৰ লগত পৰিচয় কৰাই দিছে।

বহুধন ভাঙি অথবা ধবন ভাঙি গৈ উপভােগ কৰাৰ সম্ভৱ নথকা অৱস্থাৰ দূৰদূবণিৰ খেল আৰু দৃশ্যসমূহ ঘৰত বহিয়েই উপভােগ কৰা সুবিধা হৈছে।

আনকি সমুদ্র গর্ভত, মহাকাশত আৰু অন্যান্য দুর্গম অঞ্চলত অনুসন্ধান বা গৱেষণা কার্য চলাবলৈও দূৰদৰ্শনক শক্তিশালী আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে। সেইবােৰ জীৱন্ত দৃশ্যও আমি দেখি অনেক নজনা কথা জানিব পাৰিছোঁ।

বেয়া প্ৰভাৱ :

দূৰদৰ্শনে মানৱ সমাজত বেয়া প্রভাৱে পেলাইছে। বিভিন্ন কোম্পানী। বা সংস্থাই নিজৰ অধিক প্রচাৰৰ অৰ্থে মানুহৰ মন আকর্যণ কৰিবলৈ জনপ্রিয় কৰিবলৈ অনেক অশ্লীল আৰু বিকৃত দৃশ্য প্রচাৰ কৰে। এইবােৰ সৰু-ডাঙৰ সকলােৰে কাৰণে অতি ক্ষতিকাৰক।

সৰু ল’ৰা-ছােৱালী, ছাত্র-ছাত্রী দূৰদৰ্শনৰ প্রতি অধিক আকর্ষিত হােৱাৰ কাৰণে সিহঁতৰ অনেকে বিপথগামী হৈছে। ডাঙৰৰ কাৰ্যসূচীতাে সৰু ল’ৰা-ছােৱালীয়ে ভাগ লয়। সময়-অসময় নামানি পঢ়াৰ সময়তাে পঢ়া-শুনা বাদ দি দূৰদৰ্শন উপভােগ কৰি থাকে।

আনকি স’ততে দূৰদৰ্শন উপভােগ কৰা লােকব চকুৰাে ক্ষতি হয় বুলি বিশেষজ্ঞসকলে মত পােযণ কৰিছে।

সামৰণি :

কর্তৃপক্ষই সুপৰিকল্পিত কাৰ্যসূচী প্রস্তুত কৰি, সংযত আৰু নির্ধাৰিতভাৱে | দূৰদৰ্শন উপভােগৰ ব্যৱস্থা কৰিলে, নিজ ল’ৰা-ছােৱালীক নির্দিষ্ট সময়তহে দূৰদৰ্শন উপভােগ কৰিব দিলে ইয়াৰ পৰা সুফল লাভ কৰিব পৰা যাব।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।