১৫ ফেব্ৰুৱাৰীৰ পৰা চিবিএছইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা

১৫ ফেব্ৰুৱাৰীৰ পৰা চিবিএছইৰ পৰীক্ষা

অৱশেষত ঘোষণা হ’ল কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সময়সূচী প্ৰকাশ কৰা হৈছে।

মঙলবাৰে চি বি এছ ইয়ে প্ৰকাশ কৰা সময়সূচী অনুসৰি ২০২৪ বৰ্ষৰ দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৩ মাৰ্চলৈ অনুষ্ঠিত হ’ব।

আনহাতে দ্বাদশ শ্ৰেণীৰ ব’ৰ্ডৰ পৰীক্ষা ১৫ ফেব্ৰুৱাৰীত আৰম্ভ হৈ ২ এপ্ৰিলত অন্ত পৰিব।

দশম শ্ৰেণীৰ পৰীক্ষা পুৱা ১০ বজাৰ পৰা দিনৰ ১২ বজালৈ অনুষ্ঠিত হ’ব।

সময়সূচী অনুসৰি দশম শ্ৰেণীৰ বাংলা, অসমীয়া আদি ভাষা বিষয়ক পৰীক্ষা অনুষ্ঠিত হ’ব ২০ ফেব্ৰুৱাৰীত।

২১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব হিন্দী পৰীক্ষা। একেদৰে ২৬ ফেব্ৰুৱাৰীত ইংৰাজী, ২ মাৰ্চত বিজ্ঞান আৰু ১১ মাৰ্চত গণিতৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

আনহাতে দ্বাদশ শ্রেণীর বিজ্ঞান শাখাব পৰীক্ষাসূচী অনুসৰি ২২ ফেব্ৰুৱাৰীত ইংৰাজী, ২৭ ফেব্রুৱাৰীত ৰসায়ন বিজ্ঞান, ৪ মাৰ্চত পদার্থ বিজ্ঞান, ৯ মাৰ্চত গণিতৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

আনহাতে বাণিজ্য শাখাৰ পৰীক্ষাসূচী অনুসৰি ২২ মাৰ্চত ইংৰাজী, ৯ মাৰ্চত গণিত, ১৮ মার্চত অর্থনীতি, ২৩ মার্চত একাউন্টটেন্সি আৰু ২৭ মাৰ্চত বিজনেছ ষ্টাডিজৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

একেদৰে কলা শাখাত ১৯ ফেব্ৰুৱাৰীত ঐচ্ছিক বিষয়, ২২ ফেব্ৰুৱাৰীত ঐচ্ছিক ইংৰাজী, ২৯ ফেব্ৰুৱাৰী ভূগোল, ১৪ মাৰ্চত স্থানীয় ভাষা, ১৮ মার্চত অর্থনীতি, ২২ মাৰ্চত ৰাজনীতি বিজ্ঞান আৰু ১ এপ্ৰিলত সমাজ তত্বৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

উল্লেখ্য মুঠ ৫৫ দিন ধৰি চলিব দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। অৱশ্যে এইবাৰৰ পৰা চি বি এছ ই পৰীক্ষাত ডিভিজন আৰু ডিষ্টিংশনৰ ব্যৱস্থা নাথাকিব।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।