ভূটান-ভাৰতৰ সীমাত ৰঙাচীনৰ সেনা ছাউনী নিৰ্মাণ

শিলিগুৰি পালেহি চীন

ভাৰত-চীন-ভূটানৰ সীমাত অৱস্থিত ডোকলামক লৈ ভাৰতীয় সেনাবাহিনী আৰু চীনৰ পিএলএৰ উত্তেজনাপূর্ণ মুখামুখি অৱস্থানৰ ঘটনাৰ ৬ বছৰ পাছত ৰঙাচীনে পুনৰ ভূটানৰ এটা অংশত সেনাৰ শিবিৰ আৰু গাঁও নিৰ্মাণ কৰিছে, য’ৰ পৰা ভাৰতৰ শিলিগুৰিৰ দূৰত্ব নিচেই কম।

ভাৰতৰ মূল অংশৰ সৈতে আগ্রাসী। ভূটানৰ জাকালুং উপত্যকাত চীনৰ নিৰ্মাণ উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগ ৰক্ষাকাৰী এই শিলিগুৰি দেশৰ বাবে কৰিড ৰণকৌশলগত দিশত অতি স্পৰ্শকাতৰ হোৱাৰ বাবেই চীনৰ এই আগ্রাসী নির্মাণে নতুন দিল্লীক উদ্বিগ্ন কৰি তুলিছে।

বাংলাত ‘বাঘে কান্ধৰ ওপৰত নিশ্বাস পেলোৱা’ বুলি ক’লে যি পৰিস্থিতি বুজোৱা হয়, এতিয়া চীনে ভূটানৰ জাকালুং উপত্যকাত দ্ৰুতগতিত সেনাৰ ছাউনী আৰু গাঁও নিৰ্মাণ সম্পন্ন কৰাটো ভাৰতৰ বাবে চীনা ড্রেগন দেশৰ সীমান্তত উপস্থিত হোৱাৰ দৰে কথা।

কিয়নো ঠেক শিলিগুৰি কৰিডৰে ভাৰতৰ বৰ্হিঅংশৰ সৈতে অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সংযোগ কৰি ৰাখিছে। ইয়াৰে অৰুণাচল প্ৰদেশৰ বৃহৎ ভূমিখণ্ডৰ ওপৰত চীনে অহৰহ দাবী জানাই আছে।

তেনে পৰিস্থিতিত শিলিগুৰি কৰিডৰৰ নিচেই কাষৰীয়া ভূটানৰ জাকালুং উপত্যকাত চীনা সেনাই আন্তঃগাঁথনি নিৰ্মাণ কৰি সেনাৰ শিবিৰ আৰু গাঁওৰূপী চোৰাংচোৱাৰ বসতি স্থাপন কৰাটো নতুন দিল্লীৰ বাবে গভীৰ উদ্বিগ্নতাৰ বিষয় হৈ পৰিছে।

কিয়নো যুদ্ধকালীন পৰিস্থিতিত এই শিলিগুৰি কৰিডৰ দখল কৰাৰ বাবে চীনে নিজৰ ৰণকৌশলগত স্থিতি মজবুত কৰি পেলাইছে ভূটানৰ জাকালুং উপত্যকাত এই নির্মাণ সম্পন্ন কৰি।

অৰুণাচল প্ৰদেশৰ নাতিদূৰৈত চীনে বিগত কেইবাবছৰ ধৰি সেনাৰ শিবিৰ আৰু অত্যাধুনিক গাঁও নিৰ্মাণ কৰি সেই শিবিৰ আৰু গাঁৱলৈ সুচল পথ যোগাযোগ সম্পূৰ্ণ কৰি তুলিছে। পিছে সেই নিৰ্মাণ চীনৰ নিজৰ ভূখণ্ডত ।

ইয়াৰ বিপৰীতে জাকালুং উপত্যকা হৈছে ভূটানৰ ভূখণ্ড আৰু ইয়াত চীনে বাধাহীনভাৱে এই নির্মাণ সম্পূর্ণ কৰিছে।

এফালে ভূটানৰ সৈতে চীনৰ বিবদমান সীমান্তক লৈ বিগত কেইদিনত দ্বিপাক্ষিক আলোচনা চলি আছে আৰু তাৰ পূর্বেই প্রতিবেশী শক্তিশালী দেশখনে ভূটানত নিৰ্মাণ সম্পূৰ্ণ কৰিছে।

ৰাজনৈতিক বিশ্লেষক আৰু সমবিদৰ ধাৰণা, চীনৰ এই নির্মাণত ভূটানৰ নীৰৱ সন্মতি আছে। হয়তো শেহতীয়াকৈ পাহাৰী দেশখন চীনৰ অধিক কাষ চাপি গৈছে।

ভাৰত আৰু চীন দুয়োখন দেশ ভূটানৰ সীমান্তৰ প্রতিবেশী হ’লেও সম্প্রতি চীনৰ শক্তিৰ ওপৰত ভূটান নত হৈছে বুলি এটা ধাৰণাৰ উদ্ভৱ হৈছে।

এসময়ত নতুন দিল্লীৰ অধিক কাষৰ ক্ষুদ্র পাহাৰীয়া দেশখন এতিয়া বেইজিঙৰ অধিক কাষ চাপি যোৱাটো স্বাভাৱিকতে নতুন দিল্লীৰ বাবে উদ্বেগৰ কথা।

মাথোঁ ৩৮,০০০ বর্গ কিলোমিটাৰ মাটিকালিৰ ভূটানক ৰণকৌশলগত ক্ষেত্ৰত চীনে বশ কৰি লোৱা বুলিও ধাৰণা কৰা হৈছে।

চৰ্চা অনুসৰি চীন-ভূটানৰ সীমা সমস্যাক লৈ হোৱা আলোচনা কেৱল প্ৰদৰ্শনহে আৰু দেশখনৰ নীৰৱ, গোপন অনুমতিতে চীনে ভাৰতৰ তেনেই কাষত এই নির্মাণ সম্পূৰ্ণ কৰিছে।

২০২১ চনত জাকালুং উপত্যকাত যিবোৰ অংশ খালী আছিল, এতিয়া সেই স্থান কেইবামহলীয়া অট্টালিকাৰে ভৰি পৰিছে। উপগ্রহ ছবিত সেই নির্মাণ স্পষ্টভাৱে দেখা যায় আৰু সেয়া চীনৰ সেনাৰ শিবিৰ তথা গাঁও হিচাপেও চিহ্নিত কৰিব পৰা যায়।

তাৎপর্যপূর্ণ এয়াই যে অঞ্চলটো কেৱল শিলিগুৰিৰ সমীপতে নহয়, অৰুণাচল প্ৰদেশৰ সীমাৰ পৰাও ওচৰত ।

অলপতে ভূটানৰ প্ৰধানমন্ত্ৰী লোটে শ্বেৰিঙে চীনৰ সৈতে ভূমি আদান-প্ৰদানৰ ইংগিত দিছিল, ‘দ্য হিন্দু’ সংবাদপত্ৰৰ সৈতে হোৱা সাক্ষাৎকাৰত ।

অৱশ্যে তেওঁ জাকালুং উপত্যকাৰ নাম উল্লেখ কৰা নাছিল।

অলপতে ভূটানৰ বৈদেশিক মন্ত্রী তাণ্ডি ড’ৰজিয়ে বেইজিং ভ্ৰমণ কৰিছিল। এই প্ৰতিটো পদক্ষেপেই দিল্লীৰ বাবে সুখপ্রদ নহয়।

উল্লেখ্য, ২০১৭ চনৰ ১৬ জুনৰ পৰা ২৮ আগষ্টলৈ চীনৰ ডোকলামত ভাৰতীয় আৰু চীনৰ সেনাই মুখামুখি অৱস্থান কৰি এখন অনাকাংক্ষিত যুদ্ধৰ আশংকাৰ সৃষ্টি কৰিছিল।

চীনে ভাৰতৰ সীমান্তৱৰ্তী স্থান ভূটানৰ ডোকলামত পথ নিৰ্মাণ কৰোঁতে ২৭০ ভাৰতীয় সেনাই ‘জুনিপাৰ’ নামৰ অভিযান চলাই দুখন বুলডজাৰ লৈ সেই নিৰ্মাণকাৰ্যত বাধা দিছিল।

ফলত উভয় দেশে ডোকলামত সেনাৰ সমাৱেশ ঘটাইছিল আৰু দুয়ো দেশৰ সেনাই দুমাহ ১২ দিন মুখামুখি অৱস্থান কৰি উত্তেজনাৰ সৃষ্টি কৰিছিল।

ডোকলাম ভাৰতৰ তেনেই সীমান্তৱৰ্তী, কিন্তু জাকালুং কেইকিলোমিটাৰমান আঁতৰত। সেয়ে ভাৰতে জাকালুঙত ডোকলামসদৃশ পদক্ষেপ ল’ব পৰা নাই। কিন্তু উদ্বেগ বাঢ়ি আছে।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।