প্রায় ৩০০ কোটি টকা ! ঝাৰখণ্ডৰ ধন জব্দক লৈ দিল্লীৰ নিৰ্দেশত অসমত প্ৰতিবাদ

ঝাৰখণ্ডৰ কংগ্ৰেছ সাংসদ ধীৰাজ চাহুৰ ঘৰত প্ৰায় ৩০০ কোটি টকা উদ্ধাৰ হোৱাক লৈ ঝাৰখণ্ডতে নহয়, অসমতো হৈছে উত্তাল প্রতিবাদ।

বিজেপিৰ উদ্যোগত ৰাজ্যৰ জিলাই হৈছে উত্তাল প্ৰতিবাদ। বিজেপিৰ নেতা-কৰ্মীয়ে ইয়াৰে প্ৰতিবাদত শনিবাৰে কংগ্ৰেছ সাংসদ ধীৰাজ চাহু, ৰাহুল গান্ধীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

ঠায়ে ঠায়ে ধীৰাজ চাহুৰ বিৰুদ্ধে বিজেপিৰ উদ্যোগত সমদল উলিওৱা হয়। বিধায়ক মানৱ ডেকাৰ নেতৃত্বত লখিমপুৰত উলিওৱা হয় বিশাল সমদল।

প্ৰতিবাদকাৰীসকলে ৰাহুল গান্ধীৰ দুৰ্নীতি নচলিব, ধীৰাজ চাক গ্ৰেপ্তাৰ কৰক, কংগ্ৰেছ হায় হায়, ৰাহুল গান্ধী হায় হায় আদি শ্লোগান দি লখিমপুৰৰ আকাশ বতাহ কঁপাই তোলে।

প্রতিবাদী কাৰ্যসূচীত ভাগ লৈ বিধায়ক মানৱ ডেকাই কয়—স্বাধীন ভাৰতৰ এইটো বৃহত্তম কেলেংকাৰী। ৰাইজৰ ধন কংগ্ৰেছে লুটি পুতি খোৱাৰ এয়া জলন্ত উদাহৰণ।

কংগ্ৰেছ সাংসদ ধীৰাজ চাহুৰ লুণ্ঠনৰ কথাই দেশৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। দেশৰ জনতা ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ’ব লাগে।

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপৰ্টাৰ :

ঝাৰখণ্ডৰ কংগ্ৰেছ সাংসদ ধীৰাজ চাহুৰ ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত ৩০০ কোটি জব্দ হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে দেশজুৰি বিজেপিৰ কর্মকর্তাসকল প্রতিবাদ মুখৰ হৈ পৰে।

সাংসদ জনৰ বিৰুদ্ধে আয়কৰ বিভাগে তালাচী চলোৱা অভিযানৰ ফটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছ’চিয়েল মাধ্যমত শ্বেয়াৰ কৰি মন্তব্য কৰাৰ পাছতে দেশৰ বিভিন্ন প্ৰান্তত বিজেপি কৰ্মী সকলে ধীৰাজ চাহুৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে।

নগাঁৱতো বিজেপি কর্মীসকলে সাংসদজনৰ লগতে কংগ্ৰেছ আৰু ইণ্ডিয়া মিত্ৰজোঁটৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। নগাঁও জিলা বিজেপিৰ উদ্যোগত নগাঁও চহৰৰ নগাঁও কলেজ চাৰিআলিত বিজেপিৰ শতাধিক কর্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

‘আমাৰ অসম’ৰ বঙাইগাঁৱৰ প্ৰতিনিধিঃ ঝাৰখণ্ডত কংগ্ৰেছ দলৰ সাংসদ ধীৰাজ চাহুৰ ঘৰত এক অভিযানত ৩০০ কোটি টকা উদ্ধাৰ হয়।

সৰ্বসাধাৰণৰ টকা আত্মসাৎ কৰা কংগ্ৰেছ দল আৰু ইণ্ডিয়া জোঁট বন্ধনৰ বিৰুদ্ধে ভাৰতীয় জনতা পার্টি বঙাইগাঁও জিলা কাৰ্যালয়ৰ সন্মুখত এক প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

এই কাৰ্যসূচীত উপস্থিত আছিল বিজেপি দলৰ বঙাইগাঁও জিলা সভাপতি উজ্জ্বল কান্তি ৰয়, জিলা সাধাৰণ সম্পাদকদ্বয় দেৱজিৎ বোস, জ্যোতিৰ্ময় সৰকাৰ, বঙাইগাঁও পৌৰসভাৰ সভাপতি সুবোধ দাসৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন স্তৰৰ কার্যকৰ্তা সকল।

‘আমাৰ অসম’ৰ বজালীৰ প্ৰতিবেদক :

বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই কত মনে মনে লাইব্রেরী গুলি আছে, টকাৰ লাইব্ৰেৰী ক’ত ক’ত খুলিছে তেওঁ।

ভবেশ কলিতাৰ অঙহী বঙহী সংগীবৃন্দই ক’ত ক’ত টকাৰ লাইব্ৰেৰী খুলিছে সময় আহিব দিয়ক তাৰ হিচাব নিকাচ নিশ্চয় হ’ব।

ছয় বছৰ আগত ভৱেশ কলিতা আৰু সংগীবৃন্দৰ অবস্থা আৰু আজিৰ অবস্থা ভালদৰে ৰাইজে চাই লওক। কেন্দ্ৰ ৰাজ্যত চৰকাৰ বিজেপিৰ ।

যদি কাৰোবাৰ টকা বনোৱা মেচিন থকা কথা ভৱেশ কলিতাই জানে তেন্তে কিয় ব্যৱস্থা লোৱা নাই। আমি জনাত পাপ কৰা আৰু পাপ দেখা একে অপৰাধী ভৱেশ কলিতাই যদি পাপ দেখি মনে মনে আছে তেওঁক গ্রেপ্তাৰ কৰিব লাগে। ভৱেশ কলিতাই আম্বানি, আদানীৰ ঘৰত যাওক তাতে দমে দমে নহয় মহা দমে টকা দেখা পাব।

‘আমাৰ অসমৰ’কমলাবাৰীৰ প্ৰতিবেদক :

ঝাৰখণ্ডত কংগ্ৰেছ দলৰ এজন সাংসদৰ ঘৰত এক অভিযানত ৩০০ কোটি টকা উদ্ধাৰৰ পিছত সমগ্ৰ দেশতে তীব্র প্রতিবাদ সাব্যস্ত কৰিছে।

প্ৰতিবাদত অংশ গ্রহণ মাজুলীৰ বিধায়ক ভুৱন গামৰ লগতে অংশ গ্রহণ মাজুলী জিলা বিজেপিৰ সভাপতি বীৰেণ শ‍ইকীয়াকে ধৰি বহু নেতা কর্মী। 

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।