টকা গণি গণি অচল হ’ল ৪০টা মেচিন

নোটবন্দীৰ বিৰোধিতা কৰিছিল কংগ্ৰেছৰ ধনকুবেৰ সাংসদ ধীৰাজে

সাংসদ ধীৰাজৰ টকা গণি শেষ কৰিব পৰা নাই আঢ়ৈকুৰি বিষয়াই ‘আমাৰ অসম’ৰ বিশেষ প্রতিবেদন, ১০ ডিচেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আচম্বিতে সিদ্ধান্ত লৈ দেশৰ পৰা নিশাটোৰ ভিতৰতে ১০০০ টকীয়া নোট বিলোপ কৰি গ্ৰহণ কৰা বিমুদ্ৰাকৰণৰ পদক্ষেপে দেশবাসীক না না আহুকালত পেলাইছিল।

মোদীৰ সেই সিদ্ধান্তৰ প্ৰবল বিৰোধিতা কৰা ঝাৰখণ্ডৰ কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ ঘৰত এতিয়া ইমানেই নগদ টকা ওলাইছে যে, যোৱা ৩দিন ধৰি তেওঁৰ ক’লাধন গণিবলৈ ব্যৱহাৰ কৰা ৪০টা ডাঙৰ টকা গণা মেচিন বিকল হৈ পৰিছে।

2022 চনৰ ১২ আগষ্টত কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদজনে টুইটাৰত (এতিয়াৰ এক্স) লিখিছিল — বিমুদ্ৰাকৰণৰ পাছতো ইমান ক’লা টকাৰ বাহাৰ দেখি আৰু দুৰ্নীতি দেখি মোৰ অন্তৰত দুখ লাগিছে।

মই নাজানো, ক’ব পৰা মানুহে ইমান ক’লা ধন গোটায়। যদি দুর্নীতি আৰু ক’লাধন শেষ কৰিব পাৰে, কংগ্ৰেছেহে পাৰিব।

প্ৰথমে তেওঁৰ ঘৰলৈ আয়কৰ বিভাগৰ বিষয়াই বেংক বিষয়াসহ ২০টা টকা গণা সৰু-বৰ মেচিন আনিছিল। কিন্তু পর্বতসম টকা নিৰৱচ্ছিন্নভাবে শুকুৰবাৰৰ গণোতে গণোতে সেই মেচিনকেইটা বিকল হৈ পৰে।

ফলত বেংকৰ পৰা পুনৰ অধিক মেচিন লৈ আহে আয়কৰ বিভাগে। দেওবাৰলৈকে কংগ্ৰেছ সাংসদজনৰ ঘৰত লাইব্রেৰীৰ দৰে আলমাৰীত ৰখা ধন লিখি শেষ কৰিব পৰা নাই।

এতিয়ালৈকে ব্যৱহাৰ কৰা ৪০টা ডাঙৰ টকা গণা মেচিন বিকল হৈ পৰা বুলি আয়কর বিভাগে জনাইছে। বিগত তিনিদিনত একেৰাহে গণি গণি এতিয়ালৈকে ৩১৮ কোটি নগদ ধন ওলাইছে।

সেয়া আছিল ১৭৬টা বিশাল আকাৰৰ বেগত। আলমাৰীত কিতাপৰ দৰে সজাই থোৱা টকা গণিবলৈ আয়কৰ বিভাগে অধিক মেচিন আৰু বেংকৰ কৰ্মী আনিছে।

এই পর্যন্ত মুঠ ৫০ জন বেংককর্মীক টকা গণাৰ কামত নিয়োজিত কৰা হৈছে। কোৱা হৈছে, এয়াই দেশৰ সৰ্ববৃহৎ নগদ ধন ধৰা পৰাৰ ঘটনা ইয়াৰ পূৰ্বে কানপুৰত সর্বাধিক ২৫৭ কোটি ক’লা ধন উদ্ধাৰ হৈছিল । 

এই বিশাল পৰিমাণৰ নগদ ধন এনেদৰে কিয় ঘৰত জমা বাখিছিল। আৰু এই ধনৰ উৎস কি, সেই সন্দৰ্ভত এতিয়াও মুখ খোলা নাই কংগ্ৰেছ সাংসদ ধীৰাজ চাহরে। এজন স্বাধীনতা সংগ্রামীৰ পুত্ৰ ধীৰাজ চাহু কংগ্ৰেছৰ দুবাৰৰ সাংসদ।

২০১৮ চনত ৰাজ্যসভাৰ সাংসদ প্রার্থী হিচাপে দাখিল কৰা শপতনামাত তেওঁ ৩৪কোটি টকা পৰিমাণৰ সম্পত্তিৰ মালিক বুলি জনাইছিল, যাৰ ডেৰ কোটি টকাৰ ৪খন গাড়ীও আছে।

যোৱা ৬ডিচেম্বৰত ওড়িশাৰ বৌধ ডিষ্টিলাৰিজ প্রাইভেট লিমিটেড আৰু তাৰ সৈতে জড়িত আন সংস্থাত আয়কৰ বিভাগে তালাচী চলাওতে সাংসদ ধীৰাজ চাহুৰ সংযোগ ধৰা পৰে।

তাৰে বলদেব চাছ ইনফ্রা প্রাইভেট লিমিটেডৰ সৈতে ধীৰাজ চা প্রত্যক্ষ যোগাযোগ থকাত তেওঁৰ বাসগৃহ আৰু অন্যান্য স্থানত আয়কর বিভাগে তালাচী চলায়।

তেতিয়াই কংগ্ৰেছ সাংসদজনৰ ঘৰত এই বিশাল নগদ ধনৰ সন্ধান পায় আয়কর বিভাগে।

সাংসদ ধীৰাজ চা ঘৰত শুকুৰবাৰে তালাচী আৰম্ভ হয় আৰু তেতিয়াৰ পৰা দেওবাৰৰ নিশা পর্যন্ত টকা গণনা অব্যাহত আছে।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।