নতুন বছৰত ৪০ লাখ হিতাধিকাৰীক দিয়া হ’ব ৰেছন কাৰ্ড

মোহনবাৰীত মন্ত্ৰী ৰঞ্জিত দাসৰ ঘোষণা

ডিব্ৰুগড়ত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এক অনুষ্ঠানত অংশ লয়।

লাহোৱাল উন্নয়ন খণ্ডৰ অন্তৰ্গত মোহনবাৰী গাঁও পঞ্চায়তৰ সমীপত অনুষ্ঠিত হোৱা “বিকশিত ভাৰত সংকল্প যাত্রা’ শীর্ষক কার্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।

ৰাইজক উদ্দেশ্যি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে নতুন বছৰত ৰাজ্যত ৪০ লাখ নতুন হিতাধিকাৰীক চৰকাৰে ৰেছন কাৰ্ড প্ৰদান কৰিব।

সমান্তৰালকৈ ডিব্ৰুগড়ত এক লাখ ৭৫ হাজাৰ আৰু লাহোৱালত ২৩ হাজাৰ নতুন বেছন কার্ড প্ৰদান কৰিব বুলি মন্ত্ৰী দাসে প্রকাশ কৰে।

এই অনুষ্ঠানত বিধায়ক বিনোদ হাজৰিকা, অসম পর্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাকে ধৰি লাহোৱাল সমষ্টিৰ পঞ্চায়ত প্রতিনিধিসকলে অংশগ্ৰহণ কৰে।

কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে ৰাইজৰ সৈতে ভাৰত সংকল্প যাত্ৰা আধাৰত নির্মিত এখন তথ্যচিত্রও প্রদর্শন কৰে। ইয়াৰ পাছতেই মন্ত্রীসহিতে উপস্থিতসকলে সংকল্প পাঠ গ্রহণ কৰে।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।