মহাকাশত চোৰাংচোৱাগিৰি কৰিব ভাৰতে, প্ৰেৰণ কৰিব ৫০টা গুপ্তচৰ

নতুন দিল্লী, ২৯ ডিচেম্বৰ স্থল সম্পৰ্কীয় চোৰাংচোৱা তথ্য সংগ্ৰহৰ বাবে ভাৰতে অহা পাঁচ বছৰত এটা অচল উপগ্রহ প্ৰেৰণ কৰিব।

ইছৰোৰ মূৰব্বী ড° এছ সোমনাথে এই কথা প্রকাশ কৰিছে।

তেওঁ লগতে জনায় যে এই উপগ্রহসমূহৰ জৰিয়তে শত্রুৰ গতিবিধি পর্যবেক্ষণ কৰা হ’ব।

উল্লেখ্য যে আই আই টি মুম্বাইৰ বিজ্ঞান আৰু প্ৰযুক্তি সম্পর্কে অনুষ্ঠিত এক সন্মিলনত দিয়া ভাষণ প্ৰসংগত সোমনাথে মহাকাশলৈ গুপ্তচৰ উপগ্ৰহ প্ৰেৰণৰ বিষয়টো উল্লেখ কৰে।

এই উপগ্রহসমূহ বিভিন্ন উচ্চতাত স্থাপন কৰা হ’ব যাতে বিভিন্ন স্তৰৰ পৰা ভূপৃষ্ঠৰ চোৰাংচোৱা তথ্য সংগ্ৰহ কৰিব পৰা যায়। তদুপৰি এই ব্যৱস্থাৰে সীমান্তত অনুপ্রবেশ বন্ধ কৰিব পৰাৰ লগতে সেনা বাহিনীৰ গতিবিধিও পর্যবেক্ষণ কৰিব পৰা হ’ব।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।