ফিৰ আয়েগা মোদী ! প্ৰচাৰৰ বাবে বিজেপিৰ নতুন শ্ল’গান

নতুন দিল্লী, ২৯ ডিচেম্বৰ : ২৪ৰ নির্বাচনক লৈ শাসক-বিৰোধী সকলোবোৰ দলেই ককালত টঙালি বান্ধিছে।

গেৰুৱা দল বিজেপিয়ে ইতিমধ্যেই নির্বাচনী প্ৰচাৰ আৰম্ভ কৰিলেই। ইয়াৰ বাবে দলটোৱে লৈছে নতুন শ্ল’গান।

এইবাৰ বিজেপিৰ কর্মী-সমর্থকসকলে পূৰ্বৰ দৰে অৱ কি বাৰ মোদী চৰকাৰ’ বুলি শ্ল’গান নিদিব। ইয়াৰ সলনি প্ৰচাৰ সভাসমূহৰ শ’গান হ’ব ‘ফি আয়েগা মোদী’।

ইতিমধ্যেই দলটোৱে এই শ্ল’গানৰ আনুষ্ঠানিক প্ৰচাৰ আৰম্ভ কৰিছে।

‘ফিৰ আয়েগা মোদী’ শ্ল’গানেৰেই পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচনত নির্বাচনী যুঁজত অৱতীৰ্ণ হয় দলটোৱে।

উল্লেখ্য যে নৰেন্দ্ৰ মোদী যে পুনৰ প্ৰধানমন্ত্ৰী হ’ব সেই বার্তা সাধাৰণ ভোটাৰসকলৰ মাজত প্ৰচাৰ কৰাৰ বাবেই বিজেপিয়ে ‘ফিৰ আয়েগা মোদী’ বুলি শ্ল’গানটো ৰচনা কৰে।

ইতিমধ্যে সামাজিক মাধ্যমত দলটোৱে এই শ’গানটো প্ৰচাৰ আৰম্ভ কৰি দিছে।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।