বহুতে ৰক্তহীনতাক সাধাৰণ সমস্যা বুলি ধাৰণা কৰে যদিও ৰক্তহীনতাৰ বাবে আন জটিল ৰোগো হ’ব পাৰে।
কিয়নো, বক্তহীনতা মাৰাত্মক পৰ্যায়ত উপনীত নোহোৱালৈকে বিশেষ ক্ষতিকাৰক কোনো সমস্যাই দেখা নিদিয়ে। কিন্তু ইয়াৰ অৱহেলাৰ পৰিণতি হ’ব পাবে হিতে বিপৰীত।
সেয়ে প্রথমৰ পৰাই ৰক্তহীনতাৰ ক্ষেত্ৰত গুৰুত্ব দি চিকিৎসা কৰা উচিত।
এগৰাকী পূর্ণবয়স্ক মহিলাৰ তেজত সাধাৰণতে হিমগ্লাবিন থাকে ১২.১ গ্ৰামৰ পৰা ১৫.১ গ্রাম।
পুৰুষৰ তেজত থাকে ১৩.৮ৰ পৰা ১৭.২ গ্রাম আৰু শিশুৰ তেজত ১১ৰ পৰা ১৬ গ্রাম হিমগ্লাবিন থকাটো স্বাভাবিক।
কাৰোবাৰ তেজত হিমগ্লনিৰ পৰিমাণ কমি গ’লেই তেওঁ ৰক্তহীনতাত আক্ৰান্ত হোৱা বুলি সাধাৰণতে মানি লোৱা হয়।
মূলতঃ শৰীৰত আইৰণৰ অভাৱ হ’লে এই সমস্যা বৃদ্ধি পায়। সেয়ে, ৰক্তহীনতাৰ সমস্যা দূৰ কৰিবলৈ শৰীৰত নিয়মীয়াকৈ আইৰণৰ পৰিমাণ বা আইৰণৰ ভাৰসাম্য সঠিককৈ ৰখা উচিত। ইয়াৰ বাবে পৰ্যাপ্ত পৰিমাণে আইৰণসমৃদ্ধ খাদ্য খোৱা দৰকাৰ।
কিছুমান সহজলভ্য খাদ্য। সম্ভাৱে ৰক্তহীনতাৰ পৰা আপোনাক ৰক্ষা কৰিব পাৰে। উল্লেখ কৰা হ’ল এনে কেইটামান খাদ্য –
চীনা বাদাম :
ৰক্তহীনতাৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে প্রতিদিনে চীনা বাদাম খোৱাটো জৰুৰী। চীনা বাদামত থকা আইৰণে ৰক্তহীনতাৰ সমস্যা দূৰ করে।
কণী :
প্রতিদিনে এটাকৈ কণী খোৱাৰ অভ্যাস কৰিলে শৰীৰত আইৰণৰ অভাৱ দূৰ হয় বা ৰক্তহীনতাৰ সমস্যাৰ পৰা দূৰৈত থাকিব পাৰি। কণীৰ দৰে সহজলভ্য, পুষ্টিকৰ খাদ্য প্রতিদিনে খাদ্য তালিকাত ৰখাটো জৰুৰী।
খেজুৰ :
খেজুৰত প্ৰচুৰ পৰিমাণে থাকে আইৰণ, সেয়ে নিয়মিত খাদ্য তালিকাত খেজুৰ ৰাখিলে ৰক্তহীনতাৰ সমস্যা দূৰ কৰাত সহজ হয়।
বিলাহী :
বিলাহীৰ দৰে সহজলভ্য পাচলিবিধে ৰক্তহীনতা দূৰ কৰাত | সহায় কৰে। বিলাহীত থকা আইৰণ, ভিটামিন ‘চি’ আৰু লাইক পেনে ৰক্তহীনতাসহ অন্যান্য ৰোগৰ পৰা সুৰক্ষিত কৰে।
মৌ :
মৌ এবিধ উচ্চ ঔষধিসম্পন্ন ভেষজ। মৌ ৰক্তহীনতা দূৰ কৰাত অত্যন্ত কার্যকৰী। চেনিৰ পৰিবর্তে খাদ্যৰ লগত মৌ খোৱা অভ্যাস কৰিলে চেনিৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰাও বাচিব পাৰি।