আৰেছা বেগম
পুৰণি নতুন হ’ল দিনবোৰ সলনি হ’ল গোলোকীকৰণৰ সুবিধাৰে
প্ৰযুক্তিৰ কৃতিম ব্যৱস্থাৰে
সকলোবোৰ সলনি হ’ল।
মনবোৰ ঠেক হ’ল চিন্তাবোৰ বহল ন’হল
এনেকৈয়ে পাৰ হ’ল পুৰণি দিবোৰ তুঁহ জুই উমাই উমাই
জ্বলি শেষ হ’ল,
মানুহৰ মাতবোৰো
সৰু হ’ল
চেতনাৰ আচলখন
চুটি হৈ গ’ল
ঠান্দাত ঢাকিবলৈ নোজোৰা হ’ল।
মাটিৰ মানুহৰ মৃত্যু নাই
তেজেও বিচাৰে আলিংগন
নতুন বছৰত
মাটি পানী একাকাৰ কৰি
মানবীয় প্ৰেমেৰে
আকো আহা তেজহীন, বর্ণহীন ছবিখন।