অথলে গ’ল ৰিচা ঘোষৰ ৯৬ ৰানৰ ইনিংছ

অষ্ট্ৰেলিয়া মহিলা দলৰ হাতত দ্বিতীয় এদিনীয়াতো পৰাস্ত ভাৰত

মুম্বাই, ৩০ ডিচেম্বৰ

ৰিচা ঘোষৰ ৯৬ ৰান আৰু স্মৃতি মান্ধানা, জেমিমা ৰড়িগজৰ মূল্যবান বৰঙণি সত্ত্বেও অষ্ট্ৰেলিয়াৰ মহিলা ক্রিকেট দলৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়াত ভাৰতীয় মহিলা দলটো পৰাস্ত হয় তিনি ৰানত।

শনিবাৰৰ খেলখনত ভাৰতক জয়ৰ বাবে প্ৰয়োজন আছিল ২৫৯ রান। কিন্তু দলটোৱে ৫০ অভাৰত আঠটা উইকেট হেৰুৱাই ২৫৫ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। এইদৰে তিনিখন খেলৰ শৃংখলাটোত অষ্ট্ৰেলিয়াই ২-০ ব অপ্ৰতিৰোধ্য অগ্রগতি লাভ কৰে।

ভাৰতীয় ইনিংছত ৰিচাই ৯৬ ৰানৰ ইনিংছটোৰ বাবে খেলিছিল ১১৭টা বল, য’ত আছিল ১৩টা ‘চাৰি’।

আনহাতে, মান্ধানাই ৩৮টা বলত এটা ‘ছিক্স’, তিনিটা ‘চাৰি’ৰে ৩৪ আৰু জেমিমাই ৫৫টা বলত তিনিটা ‘চাৰি’ৰে ৪৪ ৰান সংগ্ৰহ কৰে।

য়াষ্টিকা ভাটিয়া আৰু দিপ্তী শৰ্মাৰ বেটৰ পৰা আহে ক্ৰমে ১৪ আৰু ২৪ (অপঃ) ৰান। অষ্ট্ৰেলিয়াৰ আনাবেল ছাডাৰলেণ্ডে ৪৭ ৰানত তিনিটা, জর্জিয়া ৱাহোমে ৩৯ ৰানত দুটা আৰু এথলে গার্ডনাৰ, কিম গাৰ্থ, আলানা কিঙে এটাকৈ উইকেট লাভ কৰে।

ইয়াৰ আগেয়ে প্রথমে বেট ধৰি ফয়েবে লিটচফিল্ড (৬৩) আৰু এলিছ পেৰিৰ (৫০) অর্ধশতকৰ সহায়ত অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত অভাৰত আঠটা উইকেটৰ বিনিময়ত ২৫৮ ৰান সংগ্ৰহ কৰিছিল।

লিটচফিল্ডৰ ১৮ টা বলৰ ইনিংছত আছিল ছটা চাৰি পেৰীৰ ৪৭ বলৰ ইনিংছত আছিল পাঁচটা চাৰি আৰু এটা ছয়। টাহলিয়া মেকগ্রাথৰ বেট পৰা আহে ২৪ ৰান। ২৩ ৰান কৰে আনাবেল ছাড়াবলেণ্ডে।

আলানা কিং ২৮ ৰানত অপৰাজিত হৈ থাকে। ভাৰতৰ হৈ দীপ্তি শৰ্মাই পাঁচটাকৈ উইকেট হস্তগত কৰাৰ লগতে এটাকৈ উইকেট লাভ কৰে পূজা ৱষ্ট্ৰাকৰ, শ্রেয়ংকা পাটিল আৰু স্নেহ ৰানাই।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।